গ্রাম 'ফোন, চিনেমাট’গ্রাফী, বিজুলী বাতিৰ আৱিষ্কাৰক টমাছ আলভা এডিছন Thomas Alva Edison Assamese.
সাধাৰণৰে দেশ-বিদেশৰ ব্যয়বহুল বিখ্যাত শিক্ষা অনুষ্ঠানত উচ্চ শিক্ষা লাভ কৰা তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তিসকলেহে ভবিষ্যতে মহান কাম কৰিবলৈ সক্ষম বুলি সমাজৰ অধিকাংশ ব্যক্তিয়ে ধাৰণা কৰে। সেইদৰে শিক্ষানুষ্ঠানত প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকার্য হ’ব নোৱৰা ছাত্ৰ-ছাত্ৰীসকলক সমাজত সকলোৱে এলাগী বুলি গণ্য কৰে। কিন্তু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উদ্ভাৱক টমাছ আলভা এডিছন হৈছে আনুষ্ঠানিক শিক্ষাৰ কোনো ডিগ্ৰী বা চাৰ্টিফিকেট নথকা, কেৱল নিজৰ কঠোৰ শ্ৰম, সাধনা আৰু একাগ্ৰতাৰ বলত ১০০০ তকৈ অধিক যন্ত্রপাতি উদ্ভাৱন কৰি বিশ্বৰেকৰ্ড সৃষ্টি কৰা এজন বিৰল প্ৰতিভাসম্পন্ন ব্যক্তি। তদুপৰি সফল ব্যৱসায়ী পিতৃ আৰু শিক্ষয়িত্ৰী মাতৃৰ সন্তানৰূপে জন্মগ্ৰহণ কৰি কোনো আর্থিক অভাৱ অনুভৱ নকৰাকৈ সুখ-সমৃদ্ধিৰ জীৱন লাভ কৰা সত্ত্বেও মাত্র ১২ বছৰ বয়সৰ পৰা ফল-মূল, বাতৰি কাকত আদি বিক্ৰি কৰিছিল। সেইবোৰ কৰিয়ে নিজৰ বৈজ্ঞানিক আৱিষ্কাৰমূলক কার্যকলাপৰ বাবে অর্থ উপার্জনত যি স্বাৱলম্বীপদক্ষেপ লৈছিল, সেয়া সঁচাকৈয়ে আদৰ্শনীয়।
টমাছ আলভা এডিছনৰ জন্ম : ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ’ ৰাজ্যৰ মিলান চহৰত জন্মগ্ৰহণ কৰা টমাছ আলভা এডিছনৰ পিতৃ চেমুৱেল এডিছন আছিল এজন কাঠৰ সফল ব্যৱসায়ী আৰু মাক নেন্সী আছিল এগৰাকী শিক্ষয়িত্ৰী। টমাছৰ সাত বছৰ বয়সত তেওঁলোক মিচিগান ৰাজ্যৰ প'ৰ্ট হুৰন (Port Huron) নামৰ ঠাইলৈ গুছি যায়। পিতৃ-মাতৃৰ কনিষ্ঠ সন্তান টমাছ সৰুৰেপৰা অনুসন্ধিৎসু স্বভাৱৰ আছিল। নতুন কথা এটা জনা আৰু নতুন কাম কৰিবলৈ আগ্ৰহী শিশু টমাছক মাকে ঘৰৰ ওচৰৰ এখন প্রাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল। পঢ়া-শুনাৰ প্ৰতি অমনোযোগী ছাত্ৰ বুলি স্কুল কর্তৃপক্ষই অভিযোগ দিয়াৰ ফলত মাত্র তিনি মাহৰ পাছতে মাকে স্কুল এৰুৱাই আনে আৰু ঘৰতেই ৰাখি নিজৰ তত্ত্বাৱধানত লিখা পঢ়া শিকালে। ইয়াৰ পাছত আৰু কোনোদিনেই টমাছে স্কুল-কলেজত আনুষ্ঠানিক শিক্ষা লাভৰ সুযোগ নাপালে।
টমাছ আলভা এডিছনৰ জীৱিকা : আনুষ্ঠানিক শিক্ষাৰ সুযোগ নাপালে যদিও দেশ-বিদেশৰ মহান বিজ্ঞানীসকলৰ কৰ্মৰাজি অধ্যয়ন কৰি সৰুৰেপৰা টমাছে ভৱিষ্যতৰ মানৱ সমাজলৈ অৰিহণা যোগাব পৰাকৈ নিজকে এজন আৱিষ্কাৰকৰূপে প্রতিষ্ঠিত হ’বলৈ সংকল্প লয়। কিন্তু বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ বাবে প্রয়োজনীয় ধন পিতৃ-মাতৃৰপৰা লোৱাৰ পৰিৱৰ্তে নিজে উপাৰ্জন কৰাৰ উদ্দেশ্যে ১২ বছৰ বয়সতে পোৰ্ট হৰন আৰু ডেট্রইট (Detroit) চহৰৰ মাজত চলাচল কৰা এখন ৰে'লগাড়ীত যাত্ৰীসকলৰ মাজত বাতৰি কাকত আৰু ফল-মূল বিক্ৰি কৰাৰ কাম আৰম্ভ কৰে। এইদৰে ব্যৱসায় কৰি হাতলৈ কিছু পইচা অহাত এটা সৰু পুৰণি ছপাযন্ত্ৰ ক্ৰয় কৰি ১৫ বছৰ বয়সত ‘গ্ৰেণ্ড ট্রাংক হেৰাল্ড' (Grand Trunk Herald) নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰি যথেষ্ট ধন উপাৰ্জন কৰে। আর্থিকভাৱে স্বাৱলম্বতন হোৱাৰ কিছুদিন পাছত পূর্ব পৰিকল্পনা অনুসৰি ৰে'লগাড়ীখনৰ যাত্ৰীৰ মাল-বস্তু ৰখা কোঠাটোৰ এটা চুকত ছপাযন্ত্ৰটোৰ উপৰি এটা সৰু লেবৰেট'ৰি স্থাপনৰ অনুমতি লাভ কৰে। এইদৰে ৰে'লগাড়ীখনেই হৈ পৰে তেওঁৰ উপাৰ্জনৰ উৎসৰ লগতে বৈজ্ঞানিক গৱেষণাৰ কৰ্মস্থলী। কিন্তু কিছুদিন পাছত লেবৰেট'ৰিৰ ৰাসায়নিক পদার্থ থকা দবাটোৰ বয়-বস্তুত দুর্ঘটনাবশতঃ জুই লগাৰ ফলত ৰে'ল কৰ্তৃপক্ষই চিৰদিনৰ বাবে ৰে'লগাড়ীৰ ভিতৰত টমাছৰ সকলো ধৰণৰ জীৱিকা আৰু গৱেষণামূলক কার্যকলাপ বন্ধ কৰি দিয়ে। এদিন টমাছে সৌভাগ্যক্রমে ৰে'লগাড়ীত ফেীৱালাৰ কাম কৰোঁতে ডেট ইট ষ্টেশ্যনত টেলিগ্রাফ অপাৰেটৰ হিচাপে কাম কৰা এজন ব্যক্তিৰ সন্তানক সম্ভাব্য ৰে'ল দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিছিল। এই সহায়ৰ কৃতজ্ঞতাস্বৰূপে সেই ব্যক্তিজনে টমাছক টেলিগ্রাফ শিকাৰ সুযোগ দিছিল। ফলস্বৰূপে বোষ্টন চহৰৰ 'ৱেষ্টার্ন ইউনিয়ন টেলিগ্রাফ’ অফিচত টেলিগ্রাফ বিদ্যা থকাৰ বাবে এটা চাকৰি পায়।
তেতিয়া টমাছৰ বয়স ২১ বছৰ। পুনৰ তেওঁ ভাৰাঘৰটোত এটা লেবৰেট ৰি স্থাপন কৰি আজৰি সময়ত নতুন যন্ত্রপাতি উদ্ভাৱনৰ কামত মনোনিৱেশ কৰে। এই সময়ত তেওঁৰ আৱিষ্কাৰসমূহে জনসমাদৰ লাভ কৰা নাছিল। উন্নত গৱেষণাৰ বাবে প্রয়োজনীয় অধিক ধন আর্জন কৰিবলৈ উচ্চ বেতনৰ চাকৰি বিচাৰি নিউয়ৰ্ক চহৰলৈ যায়। কিছুদিন নিবনুৱাৰূপে আর্থিক অনাটনৰ সৈতে যুঁজ কৰাৰ পাছত এদিন হঠাৎ Gold Indicator Company-ৰ বিকল হৈ পৰা মেচিন এটা মেৰামতি কৰাৰ সুবিধা পায়। কোম্পানীৰ কেইবাজনো ইঞ্জিনীয়াৰে মিলি ভাল কৰিব নোৱৰা মেছিন এটা অকলে কার্যক্ষম কৰি কোম্পানীটোক কেইবা কোটি টকা লোকচানৰপৰা ৰক্ষা কৰিলে। তেতিয়া উচ্চ বিষয়াসকল সন্তুষ্ট হৈ টমাছক মাহে তিনিশ ডলাৰৰ আকর্ষণীয় বেতনৰ এটা চাকৰি দিয়ে। এই দৰমহাৰ অধিকাংশ ধন সঞ্চয় কৰি পুনৰ নতুন লেবৰেট'ৰিৰ প্ৰয়োজনীয় সা-সৰঞ্জাম ক্রয় কৰি Gold Indicator কোম্পানীৰ উপযোগী এক উন্নত যন্ত্ৰ উদ্ভাৱন কৰে। এইবাৰ তেওঁ কোম্পানীৰ চাকৰি ত্যাগ কৰি নতুনকৈ আবিষ্কাৰ কৰা যন্ত্ৰটো তেওঁলোকক বিক্ৰি কৰি ৪০,০০০ ডলাৰৰ বিশাল ধন লাভ কৰিলে। সেই ধনেৰে নিজাকৈ এটা কাৰখানা স্থাপন কৰি তেওঁ উদ্ভাৱন কৰা যন্ত্রসমূহ নিজাকৈ উদ্ভাৱন কৰি বিক্ৰি কৰিবলৈ ধৰে। এইদৰে মাত্র ২২ বছৰ বয়সত টমাছ আলভা এডিছন এজন সফল উদ্যোগী ব্যক্তি হিচাপে পৰিগণিত হয়। ১৮৭৮ চনত নিউ জাৰ্চিৰ ওচৰৰ 'মেনলো পার্ক' নামৰ এখন সৰু চহৰত স্থায়ীভাৱে বাসস্থান। লৈ কেইবাশ শ্রমিক আৰু প্ৰযুক্তিবিদ নিয়োগ কৰি এটা বৃহৎ লেবৰেট'ৰি সংযুক্ত কারখানা স্থাপন কৰে, য'ত জীৱনৰ শেষ বয়সলৈকে নিত্য নতুন সবঞ্জাম উদ্ভাবন আৰু উৎপাদন কৰি “মেনলো পার্ক’ৰ যাদুকৰ নামেৰে বিখ্যাত হৈ পৰে। তেওঁৰ এই উদ্যোগ প্রতিষ্ঠানটো পাছলৈ “জেনেৰেল ইলেকট্রনিক কোম্পানী" নামেৰে বিখ্যাত হৈ পৰে। এডিছনে প্রথম মহাযুদ্ধৰ সময়ত আমেৰিকাৰ নৌবাহিনীৰ সৈনিক পৰামৰ্শদাতা কমিটীৰ মুখ্য কাৰ্যবাহীৰূপে সেৱা আগবঢ়াইছিল।
টমাছ আলভা এডিছনৰ বিবাহ : ১৮৭১ চনৰ ২৫ ডিচেম্বৰত এডিচনে তেওঁৰ লেবৰেট ৰিত সহায়কাৰী ৰূপে কাম কৰা মেৰী ষ্টিলৱেল নামৰ এগৰাকী ১৬ বছৰীয়া যুৱতীক বিয়া কৰায়। ১৮৮৪ চনত প্ৰথমা পত্নী মেৰীৰ অকাল মৃত্যুৰ ২ বছৰৰ পাছত মিনা মিলাৰ নামৰ এগৰাকী ২০ বছৰীয়া যুৱতীক বিয়া কৰায়। টমাছ আৰু মিনা এডিছনৰ তিনিজন সন্তানৰ কনিষ্ঠ সন্তান থিয়ড'ৰ এডিছনে পিতৃৰ দৰেই উদ্ভাৱনমূলক কামত জড়িত হৈ ৪০ টাতকৈও অধিক যন্ত্রপাতি উদ্ভাৱন কৰে।
টমাছ আলভা এডিছনৰ বৈজ্ঞানিক আৱিষ্কাৰসমূহ :
নিজৰ সমগ্ৰ জীৱনত ১০০০ তকৈ অধিক সৰু বৰ যন্ত্রপাতি উদ্ভাৱন কৰি মানৱ জাতিৰ উন্নতিলৈ বিপুল বৰঙনি আগবঢ়োৱা টমাছ আলভা এডিছনৰ কেইটামান উল্লেখযোগ্য আৱিষ্কাৰ হৈছে ইলেকট্রিক বাল্ব, অট'মেটিক প্ৰিণ্টাৰ, ক'পাৰ অক্সাইড বেটেৰী, ম’ভি কেমেৰা, ফন'গ্ৰাফ কেমেৰা ইত্যাদি। ১৮৬৮ চনত আৱিষ্কাৰ কৰা ভোট ৰেকৰ্ড কৰা যন্ত্ৰটোৰ বাবে সৰ্বপ্ৰথম পেটেণ্ট লাভ কৰিছিল। সেইদৰে কাৰ্বন মাইক্ৰ'ফন আৱিষ্কাৰ কৰি আলেকজেণ্ডাৰ গ্ৰাহামবেশে উদ্ভাৱন কৰা টেলিফোন যন্ত্ৰটো অধিক সুবিধাজনক কৰি তোলে। তেনেদৰে চলচ্চিত্ৰ উদ্যোগত সহায়ক হ’ব পৰাকৈ কাইনেট'গ্ৰাফ নামৰ কেমেৰা উদ্ভাবন কৰে। ইমানবোৰ আৱিষ্কাৰৰ মাজত মানৱ জাতিয়ে তেওঁক বিশেষভাৱে মনত ৰাখিছে ইলেকট্ৰ'নিক বাল্ব আৰু বৈদ্যুতিক চাকিৰ আৱিষ্কাৰক হিচাপে।
টমাছ আলভা এডিছনৰ মৃত্যু :
১৯৩১ চনৰ ১৮ অক্টোবৰত ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ এইজন মহান বিজ্ঞানী টমাছ আলভা এডিছনৰ মৃত্যু হয়। মৃত্যুৰ আগমুহূৰ্তৰ তেওঁৰ অস্তিম শ্বাস প্রশ্বাসখিনি টেষ্ট টিউবত সংগ্ৰহ কৰি থোৱা হয়, যিখিনি আজিও ফর্ড মিউজিয়ামত অক্ষত অৱস্থাত আছে।
টমাছ আলভা এডিছনৰ বঁটা আৰু সন্মান :
জীৱিত কালতেই কেইবাটাও বঁটা আৰু সন্মানৰ গৰাকী হোৱা টমাছ আলভা এডিছনে মৃত্যুৰ পাছতো অনেক সমাদৰ লাভ কৰে। এডিছনে পোৱা কেইটামান উল্লেখযোগ্য বঁটা হ’ল : Technical Grammy Award (2010), Grammy Trust ees Award (1977), Congressional Gold Meda (1928), Franklin Medal (1915).
আমেৰিকা যুক্তৰাষ্টত এডিছনৰ নামেৰে কেইবাখনো স্কুল, কলেজ স্থাপন কৰা হয়। তদুপৰি নিউ জাৰ্চি ৰাজ্যৰ এখন মহানগৰৰ নাম এডিছন নামেৰে নামকৰণ কৰা হয়। সেইদৰে নিউ জাৰ্চি, ফ্লৰিডা আৰু অহিঅ’ ৰাজ্যৰ তিনিখন বৃহৎ দলঙৰ নাম এডিছনৰ নামেৰে নামকৰণ কৰা হয়। মহাকাশত আৱিষ্কৃত এটা গ্রহাণুপিণ্ডৰ নাম ‘এডিছনা’ (EDISONA) ৰখা হয়। বাল্যকালত ৰে'লগাড়ীত বাতৰি কাকত আৰু খোৱা বস্তু বিক্ৰি কৰা ‘প'ৰ্ট হুৰন' চহৰৰ ৰেল ষ্টেশ্যনৰ সমীপত কিশোৰ এডিছনৰ এটা মূর্তি স্থাপন কৰা হয়। তদুপৰি এই প'ৰ্ট হুৰন চহৰত বাল্যকাল অতিবাহিত কৰা তেওঁৰ জীৱন যাত্ৰাৰ সৈতে জড়িত অনেক স্মৃতি আৰু সামগ্ৰী সংগ্ৰহ কৰি এটা বৃহৎ সংগ্ৰহালয় স্থাপন কৰা হৈছে। বিশ্ববিখ্যাত IEEE নামৰ আন্তর্জাতিক সংস্থাটোৱে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ইলেকট্ৰিকেল আৰু ইলেকট্ৰ'নিক ইঞ্জিনীয়াৰসকলক ১৯০৯ চনৰপৰা ‘এডিছন বঁটা’ দিবলৈ আৰম্ভ কৰে। ১৯৬০ চনৰপৰা নেডাৰলেণ্ডৰ সংগীত উদ্যোগৰ সৈতে জড়িত শ্রেষ্ঠ ব্যক্তিসকলক "EDISON MUSIC AWARD" দিয়া হয়। ১৯৮৩ চনৰপৰা ১১ ফেব্ৰুৱাৰীৰ দিনটো আমেৰিকাবাসীয়ে প্রত্যেক বছৰে “ৰাষ্ট্ৰীয় উদ্ভাৱক দিৱস” ৰূপে উদযাপন কৰি আহিছে।
: শিক্ষাই মহৎ অন্তৰত লুকাই থকা ধৰ্ম আৰু পূৰ্ণ গুণ বিকাশ কৰে।
: প্ৰতিভাৰ নিৰানব্বৈ ভাগেই হ’ল অধ্যৱসায়।
—টমাছ আলভা এডিচন