ছক্ৰেটিছ ৰ জীৱনী SOCRATES Assamese.

 ছক্ৰেটিছ কোন ? ছক্ৰেটিছৰ জীৱনী  SOCRATES 

জন্ম : বিশ্ববিখ্যাত দার্শনিক ছক্ৰেটিছৰ জন্ম হৈছিল খ্ৰীষ্টপূর্ব ৪৬৯ত গ্ৰীচৰ এথেন্স চহৰত। এটা সম্ভ্রান্ত পৰিয়ালত জন্মগ্রহণ কৰা ছক্ৰেটিছৰ পিতৃৰ নাম ছক্ষোনাইছাৰ আৰু মাকৰ নাম ক্ষীণাৰিট। পিতাক এজন মূর্তি গঢ়া ভাস্কৰ আৰু মাক এগৰাকী ধাত্রী আছিল। ছক্ৰেটিছেও ডেকা বয়সত পিতাকৰ বৃত্তিটোকে গ্ৰহণ কৰিছিল যদিও পাছলৈ এই বৃত্তি এৰি নিজা দার্শনিক মতবাদ গঢ়ি তোলাৰ চিন্তাত ব্ৰতী হৈছিল। বাল্যকালত ছক্ৰেটিছে প্রডিকাছ আৰু জামন নামক দুজন ঘৰুৱা শিক্ষকৰ ওচৰত শিক্ষাগ্ৰহণ কৰিছিল। কিন্তু দৰ্শন-সম্পৰ্কীয় জ্ঞানৰ বাবে তেওঁ কোনো বিদ্যালয় বা দার্শনিকৰ ওচৰত জ্ঞান লোৱা নাছিল। আর্জিত শিক্ষা, নিজা জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁ নিজস্ব এটা দৰ্শন গঢ়ি তুলিছিল।

ছক্ৰেটিছৰ জীৱনধাৰণ পদ্ধতি আছিল অতি সাধাৰণ। সাধাৰণ কাপোৰ আৰু শুদা ভৰিৰেই তেওঁ চলা-ফুৰা কৰিছিল। দেখিবলৈ চাপৰ, তপা, ডাঙৰ ওঁঠ, বহল মুখমণ্ডল আৰু চেপেটা নাকেৰে ছক্ৰেটিছ এজন আপচু লোক আছিল। কিন্তু তেওঁৰ আকর্ষণীয় ব্যক্তিত্ব, স্পষ্টবাদিতা আৰু মহানুভবতাই তেওঁক বিশ্বৰ বিখ্যাত দার্শনিকসকলৰ সৈতে একে শাৰীতে বহুৱাইছিল। ছক্ৰেটিছ অতি তীক্ষ্ণ বুদ্ধিৰ আৰু সাহসী লোক আছিল। ছক্ৰেটিছৰ পত্নীৰ নাম আছিল জান্তিপ। আর্থিক দুৰৱস্থাৰ বাবে ঘৰ চলোৱাৰ ক্ষেত্ৰত ছক্ৰেটিছে প্ৰায়ে পত্নীৰপৰা গালি খাব লগা হৈছিল যদিও নিজৰ কৰ্ম আৰু চিন্তাধাৰাৰপৰা বিচলিত নহৈছিল।

ছক্ৰেটিছ এজন তীক্ষ্ণ সমালোচক আছিল। যিকোনো এটা কথাৰ সিদ্ধান্ত লোৱাৰ আগতেই তেওঁ গোটেইবোৰ বিচাৰ-বিশ্লেষণ কৰি লৈছিল। খুব যুক্তিবাদী হোৱা বাবে ছক্ৰেটিছে যুক্তি নথকা আৰু ন্যায় নথকা কোনো কথাকেই মানি নলৈছিল। ছক্ৰেটিছৰ সমসাময়িক দার্শনিকসকলৰ ৰচনাত স্থান পোৱা বিশ্বব্রহ্মাণ্ডৰ মূল, চূড়ান্ত বাস্তৱ, প্রকৃতি আদি কঠিন বিষয়বোৰে তেওঁৰ চিন্তা-চৰ্চাত স্থান পোৱা নাছিল। মানুহৰ দৈনন্দিন সমস্যা, হা-হুমুনিয়াহ, সুখ দুখ, আশা-আকাংক্ষা আদিয়েহে তেওঁৰ চিন্তা-চৰ্চাত স্থান পাইছিল আৰু তেওঁক চিন্তান্বিত কৰি তুলিছিল।

ছক্ৰেটিছৰ দার্শনিক চিন্তাৰ মূল বৈশিষ্ট্য আছিল বিষয়টোৰ সম্পৰ্কত কাৰোবাক প্রশ্ন কৰি তাৰপৰা পোৱা উত্তৰৰপৰা জ্ঞান আহৰণ কৰা। উত্তৰটোক পুংখানুপুংখভাৱে চালি-জাৰি চাই এটা সিদ্ধান্তত উপনীত হ’ব পৰাটোৱেই ছক্ৰেটিছৰ মূল উদ্দেশ্য। ইয়াক ছক্ৰেটিক বা বিচাৰবাদ পদ্ধতি বোলা হয়। এই পদ্ধতিটোৰ বিষয়ে প্লেটোৱে তেওঁৰ Republic গ্ৰন্থত সুন্দৰকৈ উপস্থাপন কৰিছে। ছক্ৰেটিক পদ্ধতিৰ মতে, সকলো ধৰণৰ উদাহৰণ, ঘটনা, উপলক্ষ্য বা বিৱৰণে সাধাৰণ অৰ্থত বুজোৱা সকলোবোৰ অৱস্থাকে একেটা সংজ্ঞাতে প্ৰকাশ কৰি সামৰি ল'ব পৰা হ'ব লাগে। ছক্ৰেটিছৰ এই পদ্ধতিক লৈয়ে প্লেটোৱে ন্যায় আৰু আদৰ্শৰাষ্ট্ৰৰ ভেটি গঢ়িবলৈ বিচাৰিছিল।

ছক্ৰেটিছৰ কথাবোৰ বৰ আচৰিত ধৰণৰ আছিল। কিন্তু কথাবোৰৰ ব্যাখ্যা বুজি পালে তেওঁৰ প্ৰতিটো কথাৰ আঁৰত ঐশ্বৰিক সত্যনিষ্ঠা, যুক্তিগত বিচাৰ আৰু নীতিগত তথ্য পোৱা যায়। ছক্ৰেটিছে যিকোনো কথাৰ সন্মুখীন হ'লেই তাক আঁতি-গুৰি মাৰি ব্যাখ্যা কৰিছিল। ছক্ৰেটিছৰ এটা বিশ্বাস আছিল যে তেওঁৰ সকলো কাম এক অলৌকিক শক্তিয়ে পৰিচালিত কৰে, যাক তেওঁ ‘জেমন’ বুলি কৈছিল। এই শক্তিয়েই তেওঁৰ কাৰ্যাৱলীৰ ভাল বা বেয়া ফলৰ আগজাননী দিয়ে বুলিও ভাবি লৈছিল। ছক্ৰেটিছ আছিল অতি মৰমিয়াল আৰু মানবীয় মূল্যবোধ থকা অনুভূতিপ্ৰৱণ লোক। তেওঁৰ দার্শনিক চিন্তাধাৰাক নিজৰ পৰিবাৰ, ল'ৰা-ছোৱালী আৰু পৰিয়ালৰ লোকে কোনো গুৰুত্ব দিয়া নাছিল। ইয়াৰ কাৰণ আছিল তেওঁৰ দৰিদ্ৰতা। ঘৰৰ বা পৰিয়ালৰ লোকে গুৰুত্ব নিদিয়া ছক্ৰেটিছক তেওঁৰ শুভাকাংক্ষী ছাত্ৰ-ছাত্ৰীয়ে পিছ এৰা নাছিল। তেওঁলোকে ছক্ৰেটিছক সদায় শ্রদ্ধা কৰিছিল। তাৰ কাৰণ ছক্ৰেটিছে মানৱীয় মূল্যবোধক বেছি গুৰুত্ব দিছিল। ছক্ৰেটিছৰ প্ৰচুৰ জ্ঞান আছিল যদিও তেওঁ কোনোদিনেই নিজকে জ্ঞানী বুলি নাভাবিছিল। তেওঁ নিজকে এজন ন শিকাৰু বুলিহে ভাবিছিল।

ছক্ৰেটিছে তেওঁৰ ছাত্ৰসকলক বিভিন্ন বিষয়ত আহি পৰা সমস্যাবোৰ সমাধান কৰি দিয়াতকৈ সেই সম্পর্কত বিভিন্ন প্রশ্ন সুধি তেওঁলোকক চিন্তা কৰিবলৈ বাধ্য কৰিছিল। বয়স বেছি হৈ অহাৰ লগে লগে ছক্ৰেটিছৰ পাণ্ডিত্যৰ জনপ্রিয়তা বৃদ্ধিহে পাইছিল। সকলোলোকৰ ঘৰৰ দুৱাৰ ছক্ৰেটিছৰ বাবে খোলা আছিল। এনে এক সময় সমাগত হৈছিল যে ছক্ৰেটিছক আদৰ-অভ্যর্থনা কৰিবলৈ পোৱাটো এটা সন্মানজনক কাম বুলি ভবা হৈছিল। পাছৰ ফালে এনেকুৱা হৈছিল ছাত্ৰসকলৰ মাজত এটা গোট গঠন কৰা হৈছিল যি প্রতিমুহূর্ততে ছক্ৰেটিছক অনুসৰণ কৰি আছিল। প্লেটো এই ছাত্ৰগোটৰ সদস্য আছিল। ছক্ৰেটিছে উচ্চাৰণ কৰা প্ৰতিটো শব্দ প্লেটোৱে সংৰক্ষণ কৰি থৈছিল আৰু সেইবোৰ তেওঁ Republicত হুবহু প্ৰকাশ কৰিছিল। ছক্ৰেটিছ এক ঈশ্বৰবাদত বিশ্বাসী আছিল। কোনোবাই ভাল পাওক বুলিয়েই তেওঁ নিজৰ মত আৰু বিশ্বাস সলনি কৰা নাছিল। ছক্ৰেটিছৰ মতে, ৰাজ্য শাসনৰ বাবে ব্যক্তিজন অভিজ্ঞ আৰু অত্যন্ত বুদ্ধিমান হ'বই লাগিব বুলি কোনো কথা নাই, কিন্তু মানুহজন গুণী, জ্ঞানী আৰু ন্যায়পৰায়ণ হোৱা উচিত।

ছক্ৰেটিছে সত্তৰ বছৰ বয়সত ভৰি দিয়াৰ বছৰতে তেওঁক তিনিটা অভিযোগত অভিযুক্ত কৰা হৈছিল। প্ৰথমতে, ছক্ৰেটিছে ৰাজকীয়ভাৱে পূজা অৰ্চনা কৰা দেৱতাসকলক স্বীকাৰ কৰা নাছিল। দ্বিতীয়তে, তেওঁৰ নিজা বিশ্বাসমতে, এক ঈশ্বৰৰ ওচৰতহে নিজক অৰ্পণ কৰিছিল। তৃতীয়তে, তেওঁ এথেন্সৰ যুৱকসকলক দূষিত আৰু দুৰ্নীতিপৰায়ণ কৰি তুলিছিল। ছক্ৰেটিছৰ বিৰুদ্ধে এই অভিযোগকেইটা আনিছিল মেলিটাছ, লীকন আৰু এনীটাছে। এই তিনিওজনৰ ছক্ৰেটিছৰ লগত ব্যক্তিগত শত্রুতা নাছিল যদিও কিছুমান প্রভাৱশালী লোকৰ বাবেহে যে এই অভিযোগ আনিছিল সেইয়া পাছত প্রমাণিত হৈছিল। ব্যক্তিগত আক্ৰোশৰ বাবেই ছক্ৰেটিছৰ অতি বিশ্বাসী আৰু প্রিয় ছাত্র অলচি বাইডছে তেওঁক বিশ্বাসঘাতকতা আৰু বিৰুদ্ধাচৰণ কৰি এথেন্সবাসীৰ ওচৰত হেয় কৰি তুলিছিল। ছক্ৰেটিছে তেওঁৰ দার্শনিক তত্ত্ব তথা চিন্তাধাৰাবোৰ মুখেৰে কৈহে গৈছিল, পাছত তেওঁৰ শিষ্য প্লেটো আৰু জেনোফোনে সেইবোৰ লিখিত ৰূপত প্ৰকাশ কৰে।

প্রজাতন্ত্র শাসনত বহিয়েই এনীটাছে প্রথমেই ছক্ৰেটিছৰ বিচাৰৰ কাম হাতত লৈছিল। সেই সময়ত বিচাৰৰ কাঠগড়াত থিয় হৈ আচামীয়ে চকুপানী টুকি বিচাৰকৰপৰা শাস্তি নাপাবলৈ চেষ্টা কৰিছিল। কিন্তু ছক্ৰেটিছে এনে আচৰণ নকৰিলে। তেওঁৰ মতে, তেওঁ নির্দোষী। সেয়ে তেওঁ কোনো অনুনয়-বিনয় নকৰে। ইফালে ছক্ৰেটিছক তেওঁৰ বন্ধুবোৰে কাৰাগাৰৰপৰা পলাই যাবলৈ কৈছিল যদিও সেয়াও তেওঁ নকৰিলে। বিচাৰত ছক্ৰেটিছক ৰাজদ্রোহী হিচাপে দণ্ডিত কৰা হ’ল আৰু মৃত্যুদণ্ড দিয়া হ'ল। খ্রীষ্টপূর্ব ৩৯৯ত ৭০ বছৰীয়া শিক্ষক ছক্ৰেটিছে ‘হেমলক’ নামৰ বিষপান কৰি মৃত্যুবৰণ কৰে।

܀ মানুহ এদিন মৰিবই, দোষ কৰি মৰাতকৈ বিনাদোষে মৰাই ভাল।

܀ কিতাপ পঢ়ি নিজৰ উন্নতি কৰিবলৈ চেষ্টা কৰিবা। আনৰ কঠোৰ পৰিশ্ৰমৰ ফল তুমি বিনা পৰিশ্ৰমে পাবা।

܀ জ্ঞান হৈছে স্বৰ্গীয় বস্তু। জ্ঞানেই পূণ্য। জ্ঞান নাথাকিলে মানুহ সুখী হ'ব নোৱাৰে।

܀ প্রথমে নিজক বুজি লোৱা, তেতিয়াহে আনক বুজিব পাৰিবা।

܀ ধন হেৰালে একোৱেই নেহেৰায়। স্বাস্থ্য হেৰালে সম্পদ হেৰায়। কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়েই হেৰায়।

 ܀ আনৰ কিতাপ পঢ়ি নিজৰ স্বভাৱ-চৰিত্ৰ উন্নতি কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া আনৰ কঠিন পৰিশ্ৰমৰ ফল তুমি নিজে একো পৰিশ্ৰম নকৰাকৈয়ে পাবা।

* আটাইতকৈ সুখী মানুহ সেইজন, যিজনে অতি কম বস্তুক লৈয়ে সন্তুষ্ট হৈ থাকিব পাৰে।   - চক্ৰেটিছ

Previous Post Next Post