ফ্লিপকাৰ্টত অসমীয়া ভাষা সংযোজন | flipkart assamese language.

উওৰ-পূৰ্বাঞ্চল: সুখবৰ   ভাৰতৰ  আগশাৰী অনলাইন  ব্যৱসায়িক প্ৰতিষ্ঠান ফ্লিপকাৰ্টত আজিৰে পৰা অন্তভূৰ্ক্ত কৰা হৈছে অসমীয়া ভাষা। 

Googly Assam, uttarpurbanchal

ইংৰাজী, হিন্দী, বাংলা, তামিল, তেলেগু ভাষাৰ পিছত এইবাৰ নতুনকৈ প্ৰথমতে অন্তৰ্ভুক্ত কৰা হৈছে অসমীয়া ভাষাক। ইয়াৰ দ্বাৰা অসমীয়া গ্ৰাহকে সুবিধা অনুযায়ী নিজৰ ভাষাৰ অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ দ্বাৰা কিনা বেচা কৰিব পাৰিব।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে  মাইক্রচফ্ট অনুবাদত অসমীয়া ভাষাৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত এইবাৰ ফ্লিপকাৰ্টত অসমীয়া ভাষাৰ অন্তৰ্ভুক্ত হোৱাৰ খবৰ পাই অসমীয়া ভাষা প্ৰেমি সকলে আনন্দ প্ৰকাশ কৰিছে। লগতে বিশ্ব ব্যাপি গোগলত অতি শীঘ্ৰে ভাৰতৰ হিন্দী, বাংলা, তামিল, তেলেগু, গুজৰাটী,  ভাষাৰ দৰে অসমীয়া ভাষাৰো সংস্কৰণৰ তথা অসমীয়া ভাষাটো অন্তৰ্ভুক্ত হোৱাটো বিচাৰো ।

অৱশ্যে  বিগত বৰ্ষৰ তুলনাত বৰ্তমানে অসমীয়া ভাষাটো বিভিন্ন প্ৰতিষ্ঠান লগতে সমাজিক মাধ্যম তথা কম্পিউটাৰ জগত খনত বিকাশ লাভ কৰা পৰিলক্ষিত হৈছে । 

তলত কেইটামান অসমীয়া শব্দ বিভিন্ন দিয়া হ'ল।

 আগৰ দিনত ৰজা, মন্ত্ৰী আদি ডাঙৰ মানুহক আঁ‌ৰ দিয়া বা তেওঁলোক ৰাজভৱনৰ পৰা বাহিৰলৈ ওলাই যাওঁ‌তে মূৰৰ ওপৰত ধৰা ডাঙৰ ছাতিটোক 'আৰোৱাণ' বোলা হয় । 'হেমকোষ' আৰু 'ব্যৱহাৰিক অসমীয়া অভিধান'ত বানানটো 'আৰোৱান' বুলিহে আছে । অন্য ভালেকেইখন অভিধানত (যেনে-- চন্দ্ৰকান্ত অভিধান, শৰাইঘাট অভিধান, আধুনিক অসমীয়া অভিধান, আধুনিক অসমীয়া শব্দকোষ আদিত) 'আৰোৱাণ' বুলিহে আছে । এই আৰোৱাণ ধৰা মানুহজনকেই 'আৰোৱাণধৰা' বা 'আৰণধৰা' বোলা হৈছে । 'আৰোৱান'ত 'ন' ব্যৱহাৰ কৰিছে যদিও ব্যৱহাৰিক অসমীয়া অভিধানতো 'আৰণধৰা' বুলিয়েই আছে, অৰ্থাৎ 'ণ' ব্যৱহাৰ কৰিছে । কিন্তু শৰাইঘাট অভিধানত আছে 'আৰন্ধৰা' বুলিহে ! এতিয়া চাওক--


 (১) হেমকোষ : আৰণা-ধৰা, আৰোৱান্-ধৰা (উল্লেখযোগ্য যে হেমকোষৰ বাদে ক'তোৱেই 'আৰণা-ধৰা'-টো নাই ! )

 (২) শৰাইঘাট অভিধান : আৰন্ধৰা

 (৩) ব্যৱহাৰিক অসমীয়া অভিধান : আৰণধৰা, আৰোৱানধৰা

 (৪) বাকী গোটেইকেইখন অভিধানতে 'আৰণধৰা' আৰু 'আৰোৱাণধৰা' বুলিহে আছে ।


     ইমান পাৰ্থক্য !


     আৰোৱান্ নে আৰোৱাণ ?

হেমকোষে ইয়াৰ মূল হিচাপে অসমীয়া 'আঁ‌ৰ' শব্দটো দেখুৱাইছে, যিটোৱে 'আৱৰণ' অৰ্থ প্ৰকাশ কৰিছে । অসমীয়া শব্দ হিচাপে ইয়াত ণত্ববিধি নামানিলেও একো অসুবিধা নাই বুলি মানি আমি বাৰু দুয়োটা শব্দকে ( 'আৰোৱান' আৰু 'আৰোৱাণ' ) শুদ্ধ বুলি ধৰি ল'লোঁ‌ । সংস্কৃততো এনেকুৱা কিছুমান শব্দৰ উদাহৰণ আছে, যিবিলাকত 'ন' আৰু 'ণ' দুয়োটাকে গ্ৰহণ কৰিছে । কিন্তু আৰণা-ধৰা ? হেমকোষৰ এইটোক মানিব পাৰিনে ? ইয়াত 'আৰণা' বুলি কিন্তু কোনো শব্দই সন্নিৱিষ্ট কৰা নাই । তেনেহ'লে আৰণা-ধৰা ?  উল্লিখিত প্ৰায় প্ৰতিখন অভিধানতেই আৰণ = আৰোৱাণ / আৰোৱান । কিন্তু একমাত্ৰ হেমকোষতহে 'আৰণ' শব্দৰ এই অৰ্থ পোৱা যায়-- শিক্ষক, কথাকলিৰ গুৰু ইত্যাদি । নিশ্চিত যে হেমকোষত এই অৰ্থত এইটো (আৰণ) নতুন সংযোজন, যিটো অন্য কোনো এখন অভিধানতেই নাই ! অসমত কথাকলিৰ গুৰু 'আৰণ'তকৈ আমাৰ ৰজা-মন্ত্ৰী বা ডা-ডাঙৰীয়াসকলৰ আৰণ বহু পুৰণি। সেয়ে, মোৰ বোধেৰে 'আৰণা-ধৰা'তকৈ 'আৰণধৰা'-হে বেছি গ্ৰহণযোগ্য । আপোনালোকে বা কি কয় ? 

আনহাতে শৰাইঘাট অভিধানত 'আৰন্ধৰা' বুলিহে আছে ! এতিয়া কি কৰা যায় ! 'আৰন্ধৰা' বুলি লিখিম নে 'আৰণধৰা' বুলি লিখিম ? এইটোৱেও বৰ অসুবিধাত পেলাইছে । এই উপাধিৰ বেছিভাগ লোকেই আৰন্ধৰা বুলি লিখে যেনহে লাগে । যি আৰণ ধৰে তেৱেঁ‌ই আৰণধৰা । ব্যুৎপত্তিগত দিশত বেছিভাগ অভিধানতে থকা 'আৰণধৰা'-টোকে শুদ্ধ যেন লাগে । কিন্তু যিসকলে আৰন্ধৰা বুলি লিখি আহিছে তেওঁলোকে সেইবুলিয়েই লিখিব আৰু সেইটোও আমি ভুল বুলিব নোৱাৰোঁ‌ । নৰানি, তৰানি, চুৰুনী আদি যদি অসমীয়াত (ণত্ববিধি নমনাকৈয়ে) শুদ্ধ হ'ব পাৰে (এই সন্দৰ্ভত আমি ইয়াতে বহলাই লিখিছিলোঁ ), তেনেহ'লে 'আৰন্ধৰা'-টোকো আমি শুদ্ধ বুলিয়েই গ্ৰহণ কৰিব পাৰোঁ‌ । শেষত এইটোৱেই কওঁ যে 'আৰন্ধৰা' আৰু 'আৰণধৰা'-- এই দুয়োটাকে শুদ্ধ বুলি ( মুক্ত বিকল্প হিচাপে) গ্ৰহণ কৰাটোৱেই উচিত। এইটো মোৰ ব্যক্তিগত মতহে, ভুলো হ'ব পাৰে । কোনোবাই সঠিক যুক্তিৰে বুজাই দিলে আমাৰ মত সলনি কৰিব নোৱৰাৰ কোনো কথাই নাই । বিষয়টো আপোনালোকেও ভাবকচোন । বিজ্ঞসকলৰ মতামত প্ৰাৰ্থনীয় । 

[ সংযোজন : 'হাজৰিকা' আৰু 'হাজৰিকীয়া' দুয়োটাই শুদ্ধ আৰু আভিধানিক শব্দ, কিন্তু 'হাজৰীকা' নহয় । সেইদৰে আৰন্ধৰা আৰু আৰণধৰা দুয়োটাই শুদ্ধ, 'আৰণা-ধৰা'-হে শুদ্ধ নহয় । ]

নৰানি/ নৰাণি, চুৰুনী/ চুৰুণী আদিৰ কথা 


     মই ভাবোঁ‌ যে নৰানি, চপৰানি ভুল নহয় । এই 'মই ভাবোঁ‌' কথাষাৰ আজি এই কাৰণেই ব্যৱহাৰ কৰিছোঁ‌ যে এই কথাটোক লৈ অভিধানৰ মাজতে অমিল দেখা যায়। যুক্তি দুয়োফালেই আছে । ৰোহিণী ভূঞাদেৱে সত্যনাথ বৰাদেৱৰ 'বহল ব্যাকৰণ'-ত নৰানি (নৰা + অনি), চপৰানি (চপৰা + অনি) আছে বুলি কৈছে যদিও মোৰ হাতত থকাখনত 'নৰাণি', 'চপৰাণি' বুলিহে আছে । আনহাতে হেমকোষ, চন্দ্ৰকান্ত অভিধানকে মুখ্য কৰি বেছিভাগ অভিধানতে 'নৰাণি' বুলিহে আছে; কিন্তু ড° বসন্ত কুমাৰ গোস্বামীৰ 'ব্যৱহাৰিক অসমীয়া অভিধান'-ত 'নৰানি' 'চপৰানি' বুলিহে আছে। অভিধানৰ মাজত থকা অমিলতকৈও এই ক্ষেত্ৰত ব্যাকৰণ আৰু অভিধানৰ মাজতহে বেছি অমিল বা মতভেদ পৰিলক্ষিত হয় । উদাহৰণস্বৰূপে চুৰুনী, কমাৰনী, কুমাৰনী, বৰানী আদি শব্দবোৰ ব্যাকৰণত এইৰূপেই আছে, কিন্তু অভিধানত চুৰুণী, কুমাৰণী আদি ৰূপেহে আছে । সত্যনাথ বৰাৰ 'বহল ব্যাকৰণ' আৰু ডঃ গোলোকচন্দ্ৰ গোস্বামীৰ 'অসমীয়া ব্যাকৰণ  প্ৰৱেশ'-তো চুৰুনী, কুমাৰনী, কমাৰনী, চাকৰনী আদি ৰূপেহে আছে।


       আনকি ডঃ গোস্বামীদেৱে এই বুলিও স্পষ্ট কৰি দিছে-- "মনত ৰাখিবা : আমাৰ অসমীয়া ঘৰুৱা শব্দবোৰৰ ক্ষেত্ৰত একেটা শব্দৰে কেতিয়াবা দন্ত্য ন আৰু মূৰ্ধন্য ণ দুয়োটাকে যদি বেলেগ বেলেগ অভিধানত পোৱা, তেনেহ'লে তোমালোকে কেৱল দন্ত্য ন-ৰে লিখিবাহঁ‌ক, তেতিয়াও ভুল নহয় ।" ইয়াৰ পৰা বুজিব পাৰি যে অভিধানৰ (আৰু ব্যাকৰণৰ) মাজত থকা বিসংগতি বা মতভেদ তেখেতৰ চকুত নপৰাকৈ থকা নাছিল । তেখেতেতো অসমীয়া স্ত্ৰীলিঙ্গবাচক -অনী, -উনী বা -নী প্ৰত্যয়ৰ দন্ত্য ন  "কেতিয়াও  মূৰ্ধন্য ণ নহয়" বুলি কৈছে ।  ডঃ ৰমেশ পাঠকেও এইবুলি কৈছে-- "অসমীয়া স্ত্ৰী-প্ৰত্যয় 'নী' 'ৰ'ৰ পাছত থাকিলেও মূৰ্ধন্য নহয় । যেনে--- বৰানী, কমাৰনী, কুমাৰনী, বৰুৱানী, চাকৰনী, চুৰুনী ইত্যাদি ।" অৱশ্যে ব্যাকৰণবিদসকলে ণত্ববিধিত এইটোও কৈছে--"সংস্কৃতৰ অনুকৰণতে ৰ আৰু ষ-ৰ পাছত থকা ভালেমান অসমীয়া শব্দতো মূৰ্ধন্য ণ ব্যৱহৃত হয় । যেনে-- খাৰণি, বিৰিণা, কেৰাণী, ৰহণ ইত্যাদি ।" সেইদৰে অসমীয়া ধাতুৰ পিচত লগা 'অন' প্ৰত্যয়ৰ দন্ত্য ন, ৰ-ৰ পিচত থাকিলে মূৰ্ধন্য ণ হয় । যেনে-- উৰণ, বুৰণ, মাৰণ, মৰণ, ঘূৰণ, ঘূৰণীয়া, ধৰফৰণি ইত্যাদি । লক্ষণীয় যে ইয়াত 'ধাতুৰ পিচতহে' প্ৰত্যয় যোগ হৈছে । কিন্তু ব্যাকৰণে আমাক খৰানকা, মৰনৈ, হৰিনাথ, ত্ৰিনয়ন আদি শব্দবোৰো সোঁ‌ৱৰাই দিয়ে, যিবিলাকত উচিতৰূপেই দন্ত্য ন হৈছে (ৰ-থকা সত্ত্বেও ইয়াৰ পিচত ণ নহ'ল) । ব্যাকৰণবিদ ভগৱান মৰলেও কৈছে-- "ঋ, ৰ, ষ-ৰ পিছত থাকিলে আৰু স্বৰবৰ্ণ, ক বৰ্গ, হ আদিৰ বাধা থাকিলে দন্ত্য ন মূৰ্ধন্য হোৱা নিয়ম অসমীয়া স্ত্ৰী প্ৰত্যয়ৰ 'ন'-ত নাখাটে, অৰ্থাৎ দন্ত্য ন মূৰ্ধন্য ণ নহয়।"


      ময়ো বৈয়াকৰণসকলৰ মতকে গ্ৰহণযোগ্য বুলি ভাবিছোঁ‌ । সংস্কৃত বা তৎসম শব্দৰ ক্ষেত্ৰতহে ণত্ববিধিৰ এই কথাটো প্ৰযোজ্য । আমাৰ নিভাঁজ অসমীয়া শব্দবোৰৰ ক্ষেত্ৰত ৰ-ৰ পিচত থাকিলেও দন্ত্য ন মূৰ্ধন্য নহয় । নৰানি, চপৰানিও তেনেকুৱা শব্দই । ব্যাকৰণ আৰু অভিধানৰ এই বৈষম্যই পাঠকক বিভ্ৰান্ত কৰাটো নিতান্ত স্বাভাৱিক । ভূঞাদেৱক ( Rohini Kr Bhuyan ) ধন্যবাদ যে তেখেতে বিষয়টো খুঁ‌চৰি দিলে। ভূঞাদেৱৰ হাতত থকা 'বহল ব্যাকৰণ'-ত যিদৰে আছে আমিও সেইটোকে শুদ্ধ বুলি গ্ৰহণ কৰিছোঁ‌ ।


(অনুৰোধ : পিচত, পাছত, পিছত আদিৰ কথা নুসুধিলে ভাল পাম; এই সন্দৰ্ভত আগেয়ে বহুবাৰ কৈছোঁ‌ ।)


Previous Post Next Post