১》উপন্যাস কাক বোলে? ইয়াৰ উপাদানসমূহ কি কি ?
উত্তৰঃ ইংৰাজী নভেল (Novel) শব্দৰ অসমীয়া প্রতিশব্দ উপন্যাস। ৰোমান ‘নভেলা’ শব্দৰ পৰা ‘নভেল’শব্দৰ উৎপত্তি হয়। উপন্যাস এক কথাশিল্প। জীৱনৰ বৈচিত্র্যপূৰ্ণ ঘটনাসমূহৰ কলাসন্মত গাঁথনিৰে ৰসোত্তীৰ্ণৰূপত জীৱনৰ সমগ্ৰতা প্ৰকাশ কৰিব পৰা কথাশিল্পই হ’ল উপন্যাস। উপন্যাস মানৱ জীৱনৰ সৰ্বাত্মক চিত্ৰণ। ক্লাৰা ৰীড়ৰ মতে, 'The Novel is a picture of real life and manners and of the time in which it is written."
উপন্যাসৰ উপাদান : বিভিন্ন উপাদানৰ সু-সমন্বয়তে উপন্যাস এখনৰ নিৰ্মাণকাৰ্য সম্ভৱ হৈ উঠে। উপন্যাসৰ উপাদানবোৰ হ'ল–১। কাহিনী ২।প্লট ৩। চৰিত্ৰ ৪। সংলাপ ৫। পটভূমি ৬। পৰিবেশ আৰু পৰিস্থিতি ৭। ঔপন্যাসিকৰ জীৱন দৰ্শন। তলত প্ৰতিবিধৰে চমুকৈ আলোচনা কৰা হ'ল।
কাহিনীঃ কাহিনী উপন্যাসৰ মৌলিক উপাদান। উপন্যাসৰ সকলোবোৰ উপাদানৰ স্থিতি আৰু বিকাশৰ আধাৰস্থলী কাহিনী। উপন্যাসৰ কাহিনীৰ দুটা দিশ— এটা বহিৰংগ আৰু আনটো অন্তৰংগ । বহিৰংগ দিশটোক কাহিনী আৰু অন্তৰংগ দিশটোক প্লট বোলা হয়। কাহিনী আৰু প্লটৰ সম্বন্ধ অভিন্ন। এটা আনটোৰ পৰিপূৰক । কাহিনী এটাৰ বাবেই উপন্যাস এখন পঢ়াৰ স্পৃহা জাগে। উপন্যাসৰ কাহিনীয়ে উৎকণ্ঠা বহন কৰি থাকে।
প্লট : কাহিনীৰে ভিতৰুৱা এটা বস্তু হৈছে প্লট। এটা সময়ত কাহিনীকে প্লট বুলি ধৰা হৈছিল। বৰ্তমান সময়ত, কাহিনী আৰু প্লট ভিন্ন অৰ্থত ব্যৱহাৰ কৰা হয়। ই. এম. ষষ্টাৰে কাহিনীতকৈ প্লটৰ ভিন্নতা দেখুৱাই কৈছে যে সময়ৰ অনুক্ৰমত বৰ্ণিত ঘটনাৰ বৃত্তান্তই হ’ল কাহিনী। আনহাতে প্লটটো বহুতো ঘটনাৰ বৃত্তান্তই, বিষ্ণু ইয়াত ঘটনাবোৰৰ কাণ্ড কাৰণতহে গুৰুত্ব দিয়া হয়। প্লটত ঘটনাবোৰ কিয় ঘটিল তাৰ কাৰণহে বিচার্য বিষয় ৷ গুণগত দিশৰ ফালৰ পৰা প্লটক দুইভাগত ভাগ কৰা হয় ।
শিথিল প্লট আৰু সুগঠিত প্লট। যি কাহিনীত এটা কেন্দ্রীয় ভাব লৈ তাৰ লগত সম্পর্কিত বিভিন্ন ঘটনা ধাৰাবাহিকভাৱেসংযোগ কৰা হয়, তেনে কাহিনীয়ে শিথিল প্লট। কিন্তু এনে প্লটত সংযোজিত সকলোবোৰ ঘটনা কেন্দ্ৰীয় ভাবৰ সৈতে সম্পর্কিত নহ'বও পাৰে। অন্যহাতে যিবোৰ প্লটত সংযোজিত আটাইবোৰ ঘটনা কেন্দ্রীয় ভাবটোত সংযুক্ত হৈ থাকে, য’ত অপ্রয়োজনীয়, অতিৰিক্ত ঘটনা একেবাৰে নাথাকে, সেয়াই সুগঠিত প্লট।
ফষ্টাৰে এটা সুন্দৰ উদাহৰণৰ সৈতে কাহিনী আৰু প্লটৰ পাৰ্থক্য দেখুৱাইছে “ৰজাজন মৰিল তাৰ পিছত ৰাণীও মৰিল”—ই এটা কাহিনী। কিন্তু ৰজা মৰিল আৰু সেই বেজাৰতে ৰাণীও মৰিল।”–ই এটা প্লট।
চৰিত্ৰঃ চৰিত্ৰ উপন্যাসৰ অন্যতম উপাদান। শিল্পসন্মতভাৱে সজোৱা কাল্পনিক তথা বাস্তৱ মানৱৰ ভাবমূর্তিয়েই হ’ল উপন্যাসৰ চৰিত্ৰ। অৱশ্যে এই চৰিত্ৰ হ’ব লাগে সদায় প্রত্যয়জনক। উপন্যাসৰ চৰিত্ৰসমূহ মানুহেই যদিও কেতিয়াবা পশু-পক্ষীয়েও সেই স্থান অধিকাৰ কৰা দেখা যায়। উদাহৰণস্বৰূপে লুম্বেৰ দাইৰ 'মন আৰু মন’ উপন্যাসখনৰ কুকুৰটোলৈ আঙুলিয়াই দেখুৱাব পাৰি। প্ৰকৃতি-অনুসৰি উপন্যাসৰ চৰিত্ৰবোৰৰ দুটা ভাগ—
(১) স্থিৰ বা শিথিল বা টাইপ চৰিত্ৰ
(২) গতিশীল বা মুক্তক চৰিত্ৰ।
যিবোৰ চৰিত্ৰ গতানুগতিক, বৈচিত্র্যহীন সেইবোৰেই স্থিৰ বা শিথিল চৰিত্ৰ। এনে চৰিত্ৰই কোনো পৰিস্থিতি সাপেক্ষে কোনে ভূমিকা গ্রহণ কৰিব তাৰ উমান পাঠকে সহজেই পায়।
অন্যহাতে, যিবোৰ চৰিত্ৰ একক, অনন্য সাধাৰণ আৰু বৈশিষ্ট্যপূৰ্ণ, সেইবোৰেই হ’ল মুক্তক চৰিত্ৰ ৷ যিকোনো পৰিস্থিতিতে এই চৰিত্ৰ উটি-ভাহি নাযায় ৷
সংলাপঃ সংলাপ উপন্যাসৰ এটা প্রয়োজনীয় উপাদান। বর্ণনাত্মক সাহিত্য হলেও উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ লগতে উপন্যাস কলাৰ পূৰ্ণতাৰ বাবে সংলাপে যথেষ্ট সহায় কৰে। সংলাপৰ মাজেদি চৰিত্ৰৰ মনৰ ভাব বা ধাৰণাৰ বিনিময় হয়। সংলাপ চৰিত্ৰৰ ভাব প্রকাশ, বৈচিত্র্য বৈশিষ্ট্য প্রকাশৰ লগতে লেখকৰ জীৱনাদর্শ প্ৰকাশৰো মাধ্যম। উপন্যাসৰ সংলাপ নাটকৰ সংলাপৰ দৰে নহয় যদিও মাজে মাজে নাট্যধর্মী সংলাপ প্রয়োগে উপন্যাসৰ ৰমনীয়তা বৃদ্ধি কৰে। উপন্যাসৰ সংলাপ বা ভাষা কাহিনীৰ সৈতে সম্পর্কযুক্ত হ'ব লাগে। সংলাপ পৰিৱেশ নিৰ্ভৰশীল, চৰিত্ৰৰ বৈশিষ্ট্য প্রকাশক আৰু কাহিনীৰ সৈতে খাপ কোৱা হ’ব লাগে। গুণগত বৈশিষ্ট্যৰ ফালৰ পৰা উপন্যাসৰ সংলাপক ছটা ভাগত বিভক্ত কৰা হয়। সেই ভাগবোৰ হ’ল—
ক) কাহিনী প্রকাশক সংলাপ খ) চৰিত্ৰৰ মনোজগত প্রকাশক সংলাপ গ) শ্রেণী চৰিত্ৰ প্ৰকাশক সংলাপ ঘ) লেখকৰ আদৰ্শবাহী সংলাপ ঙ) বুদ্ধিদীপ্ত সংলাপ চ) ত্রুটিপূর্ণ সংলাপ
পটভূমিঃ উপন্যাসৰ কাহিনীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা উপন্যাসৰ আন এটা প্ৰয়োজনীয় উপাদান হ’ল পটভূমি। অৱশ্যে কাহিনীবিহীন উপন্যাসত ই বৃত্তাস্তৰ ৰূপ লয়গৈ । ঘটনা বা বৃত্তাত্তৰ পিছফালে বা পৃষ্ঠভূমিত থকা ঠাই, অঞ্চল আৰু তাৰ পৰিবেশেই হ’ল উপন্যাস এখনৰ পটভূমি।
পৰিবেশ আৰু পৰিস্থিতি: উপন্যাসৰ গুৰুত্বপূৰ্ণ উপাদানসমূহৰ ভিতৰত পৰিবেশ আৰু পৰিস্থিতিৰ ভূমিকাও অন্যতম। সুন্দৰ আৰু সাৰ্থক পৰিবেশ চিত্ৰণেহে উপন্যাসক ৰসোত্তীৰ্ণ কলাৰ শাৰীলৈ নিব পাৰে। কাহিনীৰ প্ৰয়োজন অনুসৰি পৰিবেশো ভিন্ন হয়। উপন্যাসৰ পৰিবেশক চিত্রধর্মী কৰি তুলিবৰ বাবে সংযত আৰু ভাবব্যঞ্জক বৰ্ণনাৰ দৰকাৰ ৷ উপন্যাস যিহেতু বাস্তৱধর্মী সাহিত্য। সেইবাবে ইয়াৰ পৰিবেশ আৰু পৰিস্থিতিও বাস্তৱধৰ্মী হোৱাটো প্ৰয়োজনীয়।
ঔপন্যাসিকৰ জীৱন দৰ্শনঃ ঔপন্যাসিকৰ জীৱন দৰ্শনৰ ভূমিকাও অন্যতম। প্রত্যেক লেখকৰে বিভিন্ন ক্ষেত্ৰত দৃষ্টিকোণ থাকে। উপন্যাস এখনতো ঔপন্যাসিকৰ নিজা দৃষ্টিভংগী বা জীৱন দৰ্শন প্রকাশিত হয়। এই দৃষ্টিভংগী বা দর্শন ঔপন্যাসিকজনে জীৱন সম্পর্কে ধাৰণা কৰা নিজস্ব অভিজ্ঞতা বা কোনো বিশ্বাসযোগ্য আদৰ্শৰ পৰাও আহৰণ কৰিব পাৰে।
২》উপন্যাস আৰু চুটিগল্পৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা৷
উওৰ: সাহিত্যৰ দুটি বিশিষ্ট অংগ হ’ল উপন্যাস আৰু চুটিগল্প। দুয়োবিধ সাহিত্যই কথা সাহিত্য। উভয়ৰে মাজত যথেষ্ট সাদৃশ্যও বিদ্যমান। উভয়ৰে উপাদান, গঠন ইত্যাদিত ভালেমান মিল আছে যদিও পার্থক্যও পৰিলক্ষিত হয়। তলত সেইবোৰ আলোচনা কৰা হ'ল—
৹ উপন্যাসৰ পৰিসৰ বিশাল আনহাতে চুটি গল্পৰ পৰিসৰ ঠেক। উপন্যাসত সম্পূর্ণ জীৱন প্রতিফলিত হয় আনহাত চুটিগল্পত জীৱনৰ এক নির্দিষ্ট মুহূর্ত প্রকাশিত হয়। চুটিগল্পত বিন্দুতে সিন্ধুৰ পৰিচয় পাব লাগে।
৹ উপন্যাস আৰু চুটিগল্পৰ ঘটনাৰ বাছনি, চৰিত্ৰ অংকন পদ্ধতি, লিখাৰ কৌশল পৃথক পৃথক ! উপন্যাস এখন চুটিকৈ লিখিলেই চুটিগল্প নহয় কিম্বা চুটিগল্প এটা দীঘলকৈ লিখিলেই উপন্যাস নহয়।
৹ উপন্যাসৰ ক্ষেত্ৰখন সদায় বহল। ইচ্ছা কৰিলে কোনো এটা ব্যাপক কথাবস্তুক কেন্দ্র কৰি ঔপন্যাসিকে তেওঁৰ গ্ৰন্থ যথেষ্ট দীঘল কৰি পেলাব পাৰে। বাহুল্যলৈ তেওঁৰ ভয় নাই ৷ কোনো সীমাৰেখাৰ বাধাও তেওঁৰ নাই। এই হিচাপে তেওঁ স্বতন্ত্ৰ আৰু মুক্ত। কিন্তু চুটিগল্প হ’ল সুসংগঠিত আর্ট। ইয়াত বিক্ষিপ্ত চিত্ৰ বা চিন্তাধাৰাৰ থল নাই। সেয়ে উপন্যাস বিস্তৃত, চুটিগল্প সংহত।
৹ চুটিগল্প স্বকীয় কিছুমান কলা-কৌশলৰ সমষ্টি। আকস্মিক আৰম্ভণি, নাটকীয় সমাপ্তি, ইংগিতময়তা ইত্যাদি চুটিগল্পৰ কলা-কৌশল উপন্যাসত লক্ষ্য কৰা নাযায়।
৹ উপন্যাসত যেনেকৈ বিভিন্ন উপকাহিনীৰ সহযোগত মূল কাহিনী পৰিবৰ্ধিত হয়, গল্পত তাৰ কাৰণে ঠাই নাই। চুটিগল্প লেখকে সদায় মনত ৰাখিব লাগিব যে বিভিন্ন উপঘটনাৰ আৰু প্ৰাসংগিক বৰ্ণনাৰ কাৰণে ইয়াত পৰিসৰৰ অভাৱ। বর্ণাঢ্য মানৱ জীৱনৰ কোনো এটা মুহূৰ্তৰ কোনো এটা সমস্যাৰ চকামকা আভাস চুটিগল্পৰ বিষয়বস্তু। চ) মানৱ মনৰ আৰু জীৱনৰ জটিলতা আৰু বিচিত্ৰতা উপন্যাসে ভালকৈ চিত্রিত কৰিব পাৰে; কিন্তু চুটিগল্পই নোৱাৰে। উপন্যাসৰ দৰে গল্পত চৰিত্ৰবিলাকক দীঘল সময় আৰু দীঘলীয়া পৰিস্থিতিৰ মাজত অৱতাৰণাঁ কৰিব নোৱাৰি। গতিকে উপন্যাস আৰু চুটিগল্পৰ মাজত ব্যৱধান সুস্পষ্ট। দুয়োবিধ দুটা স্বতন্ত্র শাখা।
৩》চুটিগল্প কাক বোলে ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উওৰ: চুটিগল্প সাহিত্যৰ নৱতম সৃষ্টি। ই এবিধ কাহিনী সাহিত্য। নির্দিষ্ট কোনো এক কেন্দ্রীয় ভাবক বিষয়বস্তু হিচাপে লৈ অর্থাৎ নির্দিষ্ট এক মুহূর্তক প্রধান হিচাপে লৈ স্বকীয় কলা-কৌশলেৰে ৰচিত সাহিত্য 'চুটিগল্প'। সংক্ষিপ্ততা চুটিগল্পৰ অন্যতম বৈশিষ্ট্য যদিও ভাব, পৰিকল্পনা আৰু গঠন পদ্ধতিয়েহে চুটিগল্পক চুটিকৈ ৰাখিব পাৰে। চুটিগল্প নামটো ব্যঞ্জনাধর্মী। ত্রৈলোক্যনাথ গোস্বামীৰ মতে, “চুটিগল্প এক সু-সংগঠিত আর্ট। ইয়াৰ যোগেদি কোনো এক কেন্দ্রীয় ভাব প্রকাশ কৰা হয়। বিক্ষিপ্ত ভাবধাৰাৰ সমাবেশৰ ঠাই চুটি গল্পত নাই ।
৪》চুটিগল্পৰ বৈশিষ্ট্যসমূহঃ
৹ চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু পৰিসমাপ্তি নাটকীয় হ’ব লাগে। আকস্মিকতাই উৎকণ্ঠা সৃষ্টি কৰাৰ লগতে ব্যঞ্জনাৰ সৃষ্টি কৰি পৰিসমাপ্তি মধুৰ কৰি তোলে।
৹ লক্ষ্যৰ একমুখীতা চুটিগল্পৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য। চুটিগল্পত এটা মাত্র বিষয় অৱতাৰণা কৰিব লাগিব ।
৹ ইংগিতধর্মী ভাষা চুটিগল্পৰ এটি অন্যতম বৈশিষ্ট্য। কম পৰিসৰৰ ভিতৰতে চুটিগল্প এটা চয়ন কৰিব লগা হোৱা বাবে ইয়াৰ ভাষা তীর্যক, তীব্ৰ আৰু ইংগীতধর্মী হোৱা প্রয়োজন।
৹ জীৱনৰ খণ্ডাংশহে প্ৰতিফলিত হোৱা চুটিগল্প অতি সূক্ষ্ম শিল্প বুদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে। চুটিগল্পত বিন্দুতে সিন্ধুৰ পৰিচয় পাব লাগে।
৹ চুটিগল্পসমূহত সম্পূর্ণ কাহিনী থাকে যদিও ই সংক্ষিপ্ত আৰু পৰিসৰত ঠেক
৹ চুটিগল্পত ত্রি ঐক্য বিৰাজমান। উদ্দেশ্যৰ ঐক্য, ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্য থকা চুটিগল্পহে উৎকৃষ্ট চুটিগল্পৰ নিদর্শন।
৹ কাব্যধৰ্মীতা আৰু দ্বন্দ্বও চুটিগল্পৰ মনকৰিবলগীয়া বৈশিষ্ট্য।
৹ নাটকীয় আৰম্ভণিৰ সাৰ্থক প্রয়োগ— উৎকষ্ট চুটিগল্পৰ বৈশিষ্ট্য।
৫》চুটিগল্প আৰু সাধুকথাৰ মাজত থকা পাৰ্থক্যবোৰ আলোচনা ।
উওৰ: সাধুকথাসমূহ মূলতঃ শিশু সাহিত্য হলেও সাধুকথাসমূহে ডাঙৰৰো মানসিক উৎকৰ্ষ সাধন কৰাত সহায় কৰে। সাধুকথাসমূহ সহজ-সৰল ভাব প্রকাশক। এই সাধুকথাসমূহৰ পৰাই আধুনিক কালত চুটিগল্পৰ জন্ম। চুটিগল্প আৰু সাধুকথাৰ মাজত থকা পাৰ্থক্যসমূহ তলত আলোচনা কৰা হ'ল :
৹ সাধুকথাসমূহ লোকসাহিত্য। সাধুকথাসমূহ সাধাৰণ গঞা বা লোকজনৰ সৃষ্টি। ইয়াত লেখকৰ নাম নাথাকে৷ আনহাতে চুটিগল্পসমূহ আধুনিক সাহিত্য। ইয়াত লেখকৰ নাম থাকে।
৹ সাধুকথা আৰু চুটিগল্পৰ পাৰ্থক্য গঠনৰ আটিলতাৰ কাৰণে। সাধুকথাৰ কেন্দ্ৰীয় ভাববিহীনতা আৰু সোলোক-ঢোলোক গাঁথনিৰ বিপৰীতে এটা মাত্ৰ কেন্দ্রীয় ভাব আৰু তাৰেই পূৰ্ণ বিকাশৰ বাবে আনবোৰ ঘটনা আৰু প্ৰসংগৰ উল্লেখৰ লগতে আটিল কলাসুলভ গঠনপ্রণালী হ’ল চুটিগল্পৰ বিশেষত্ব ৷
৹ সাধুকথাত প্ৰতিটো সৰু ঘটনা আনটোৰ লগত অনিবার্য কাৰ্যকৰণ সম্পৰ্কেৰে গ্ৰথিত হৈ নাথাকিবও পাৰে। কিন্তু চুটিগল্পত এই কাৰ্যকৰণ সম্পৰ্ক অতি বাঞ্ছিত।
৬》উপন্যাসক কেইভাগত ভগাব পাৰি? আলোচনা কৰা৷ অথবা বিষয়বস্তু অনুসৰি উপন্যাসক কি কি প্ৰকাৰত বিভক্ত কৰিব পাৰি?
উত্তৰঃ উপন্যাস আধুনিক যুগৰ সৃষ্টি। ইউৰোপত উপন্যাসৰ জন্ম হয়। মানৱ সমাজৰ বাস্তৱ জীৱনৰ সম্ভাৱ্য ঘটনা, সম্ভাৱ্য পৰিস্থিতিৰ কল্পনাৰে উপন্যাস ৰচিত হয়। সেয়ে উপন্যাসত চিত্রিত হয় মানুহৰ বাস্তৱ জীৱনৰ এখন প্ৰত্যয়জনক চিত্র। উপন্যাসৰ ৰূপ বা প্ৰকাৰ বিভিন্ন দিশৰ পৰা বিভিন্ন ধৰণে বিভাজন কৰিব পাৰি। আলোচনাৰ সুবিধাৰ কাৰণে উপন্যাসসমূহক এনেদৰে ভগাব পাৰিঃ
৹ ঐতিহাসিক উপন্যাসঃ -ইতিহাস অর্থাৎ বুৰঞ্জীক বিষয়বস্তু হিচাপে লৈ বা চৰিত্ৰ গ্ৰহণ কৰি কল্পনাৰ সহায়ত কলাত্মকভাৱে ৰচনা কৰা উপন্যাসক ঐতিহাসিক উপন্যাস বোলা হয়। যেনে— ৰজনীকান্ত বৰদলৈৰ ‘নিৰ্মল ভকত’ ইত্যাদি।
৹ সামাজিক উপন্যাস: বাস্তৱ সমাজ জীৱনক আৰ্হি হিচাপে লৈ ৰচনা কৰা উপন্যাসেই সামাজিক উপন্যাস। যেনে— বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’।
৹ ৰাজনৈতিক উপন্যাস :-ৰাজনীতিক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা উপন্যাসেই ৰাজনৈতিক উপন্যাস। যেনে-বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ 'ৰাজপথে ৰিঙিয়ায়’।
৹ আঞ্চলিক উপন্যাসঃ- যি উপন্যাসত নির্দিষ্ট এক অঞ্চলক কেন্দ্ৰ কৰি ৰচনা কৰা হয়, তেনে উপন্যাসক আঞ্চলিক উপন্যাস বোলা হয়। যেনে— ফণীশ্বনাথ বেণুৰ ‘মৈলা আচল’।
৭》চুটিগল্পৰ বৈশিষ্ট্যসমূহঃ
৹ চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু পৰিসমাপ্তি নাটকীয় হ’ব লাগে। আকস্মিকতাই উৎসুকতা উৎপন্ন কৰাৰ লগতে ব্যঞ্জনাৰ উৎপন্ন কৰি অৱসান মৌ-সনা কৰি তোলে৷
৹ লক্ষ্যৰ একমুখীতা চুটিগল্পৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য। চুটিগল্পত এটা মাত্র বিষয় অৱতাৰণা কৰিব লাগিব।
৹ ইংগিতধৰ্মী ভাষা চুটিগল্পৰ এটি অন্যতম বৈশিষ্ট্য। কম পৰিসৰৰ ভিতৰতে চুটিগল্প এটা চয়ন কৰিব লগা হোৱা বাবে ইয়াৰ ভাষা তীর্যক, তীব্ৰ আৰু ইংগীতধর্মী হোৱা প্রয়োজন।
৹ জীৱনৰ খণ্ডাংশহে প্রতিফলিত হোৱা চুটিগল্প অতি সূক্ষ্ম শিল্প বুদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে। চুটিগল্পত বিন্দুতে সিন্ধুৰ পৰিচয় পাব লাগে ৷
৹ চুটিগল্পসমূহত সম্পূর্ণ কাহিনী থাকে যদিও ই সংক্ষিপ্ত আৰু পৰিসৰত ঠেক।
৹ চুটিগল্পত ত্ৰি ঐক্য বিৰাজমান। উদ্দেশ্যৰ ঐক্য, ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্য থকা চুটিগল্পহে উৎকৃষ্ট চুটিগল্পৰ নিদৰ্শন ৷
৹ কাব্যধৰ্মীতা আৰু দ্বন্দ্বও চুটিগল্পৰ মনকৰিবলগীয়া বৈশিষ্ট্য।
৹ নাটকীয় আৰম্ভণিৰ সার্থক প্রয়োগ— উৎকৃষ্ট চুটিগল্পৰ বৈশিষ্ট্য।