![]() |
এগৰাকী মোহময়ী ত্রিপুৰী ছোৱালী। |
উত্তৰ-পূব ভাৰতৰ ক্ষুদ্রতম ৰাজ্য ত্ৰিপুৰা। ইয়াৰ পূৰ্বতন বা প্রাচীন নাম আছিল তিপেৰা। কেইবাশ বছৰ ধৰি বিভিন্ন ৰজাসকলে ৰাজত্ব কৰিছিল ইয়াত। সুদূৰ অতীতত ত্ৰিপুৰাৰ ৰাজবংশৰ ৰাজধানী আছিল গোমতী নদীৰ পাৰত ৰঙামাটিত। ত্ৰিপুৰা ৰাজবংশৰ ৰজা কৃষ্ণ মাণিক্যৰ ৰাজ্য আক্রমণ কৰে মুছলমান শাসক ছমছে গাজীয়ে। ৰাজ্যচ্যুত ৰজাই আশ্রয় লয় গভীৰ অৰণ্যত। অৱশেষত গাজীৰ মৃত্যুৰ পাছত ১৭৬০ খ্ৰীষ্টাব্দত আগৰতলা নামে এক সৰু জনপদত ৰাজধানী গঢ়ি তোলে কৃষ্ণ মাণিক্যই।
স্বাধীনতাৰ পাছত ১৯৪৯ চনৰ ১৫ অক্টোবৰত ত্ৰিপুৰা সংযুক্ত হয়। ভাৰতৰ লগত। ১৯৫৭ চনৰ পহিলা নৱেম্বৰত কেন্দ্ৰীয় শাসিত আৰু ১৯৭২ চনৰ ২১ জানুৱাৰীত স্বতন্ত্ৰ ৰাজ্যৰ মর্যাদা পায় ত্ৰিপুৰাই। ৰাজ্যৰ উত্তৰ, দক্ষিণ পশ্চিম আৰু দক্ষিণ-পূব দিশ ঘেৰি আছে বাংলাদেশে, উত্তৰ-পূব দিশৰ কিছু অংশ মূল ভাৰত ভূ-খণ্ডৰ অসম আৰু মিজোৰাম ৰাজ্যৰ লগত সংযুক্ত। ৰাজ্যৰ সীমাৰেখা ১০০১ কিলোমিটাৰ। তাৰ মাজত ৮৩৯ কিলোমিটাৰ বাংলাদেশৰ সীমা আৰু মাত্ৰ ১৬২ কিলোমিটাৰ ভাৰতবৰ্ষৰ সীমা।
![]() |
ত্রিপুৰী নিত্য শৈলী |
ত্ৰিপুৰমুঠ আয়তনৰ ৬০ শতাংশই বনভূমি। ইয়াত আছে শাল, চেগুন, গমাৰি, বাঁহ, বেত। ৰাজ্যখনৰ মাজেৰে বৈ গৈছে একাধিক নদী— লংগাই, ডুৰি, ধলাই, মুহুৰি, ফেনী আৰু আছে ত্ৰিপুৰাৰ প্ৰধান আৰু বৃহত্তম নদী গোমতী।
পর্যাপ্ত শিল্প গঢ়ি নুঠাত আজিও ত্ৰিপুৰা মূলতঃ অৰণ্য আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত আছে ৫৮৬ খন চাহ বাগান। ধান ইয়াৰ মুখ্য খেতি। ইয়াৰ হস্তজাত শিল্প পর্যটকসকলৰ বাবে যথেষ্ট আকর্ষণীয়।
ত্ৰিপুৰাৰ প্রাকৃতিক সৌন্দর্য অতুলনীয়। সেউজীয়া অৰণ্য, নদী, পাহাৰ, হ্রদ, ফুল আদিৰে প্ৰকৃতিয়ে তাক যেন নিজ হাতেৰে সজাইছে। এফালে যিদৰে আছে ৰুদ্ৰসাগৰ, ডম্বুৰ হ্ৰদ, জম্পুই পাহাৰ, পিলাক পাথৰ, ঊনকোটি, সেইদৰে আছে আনফালে ত্ৰিপুৰেশ্বৰী মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, নীমহল প্রাসাদ, উজ্জয়ন্ত প্রাসাদ, কুঞ্জবন প্রাসাদ। ইয়াৰ প্ৰধান চাৰিটা পাহাৰ হ’ল জম্পুই শাখানটাং, লংতৰাই আৰু আঠাৰমুড়া। প্রাকৃতিক বৈচিত্র্যৰ লগতে ত্ৰিপুৰাৰ সামাজিক বৈচিত্র্যও ভ্রমণাৰ্থীসকলৰ বাবে অন্যতম আকর্ষণ। ইয়াত আছে বিভিন্ন উপজাতি সম্প্রদায়। তেওঁলোকৰ জীৱন-চৰ্চা, বৈশিষ্ট্য, বৈচিত্র্য ভ্রমণাৰ্থীসকলৰ বাবে এক অনন্য আকর্ষণ। অৱশ্যে ভৌগোলিক অৱস্থানে আজিও পর্যটক-বিমুখ কৰি ৰাখিছে ত্ৰিপুৰাক। প্রায় ১০০০ মিটাৰ উচ্চতাৰ পাহাৰে চাৰিটা উপত্যকাত ভাগ কৰিছে ত্ৰিপুৰাৰ উত্তৰ অংশক আৰু দক্ষিণজুৰি বনাঞ্চল। পাহাৰ আৰু অৰণ্যেৰে আকীর্ণ যাঠি শতাংশ ত্ৰিপুৰাৰ ভূমি। ত্ৰিপুৰাৰ স’তে ৰবীন্দ্ৰ নাথৰ আছিল আত্মিক সম্বন্ধ। তেওঁ বহুবাৰ এই ৰাজ্যলৈ আহিছিল। এই ৰাজ্যৰ অধিকাংশ মানুহেই বঙালী; ইয়াৰোপৰি, ইয়াত বসবাস কৰে ১৯টা উপ-জাতিয়ে। এই উপজাতি-মানুহৰ ষাঠি শতাংশই ত্ৰিপুৰী উপ-জাতিৰ।
ত্ৰিপুৰাত বহুতো উৎসৱ পালিত হয় আৰু প্ৰায় প্ৰতিটো উপজাতিৰ আছে নিজস্ব বিশেষ উৎসৱ। পুহ সংক্রান্তিৰ মেলা হয় গোমতী নদীৰ উৎসস্থলত; বহুতো মানুহ পুণ্যস্নানৰ কাৰণে সমবেত হয় ইয়াত। ৰাজ্যৰ বহুতো মানুহ বৌদ্ধ ধৰ্মাৱলম্বী, সেয়ে ত্ৰিপুৰাত বুদ্ধ পূর্ণিমা মহা ধুমধামেৰেই পালিত হয়। মার্চ-এপ্রিল মাহত ৪-৫টা উপ-জাতিৰ মানুহ একত্রিত হয় গংগা পূজা উপলক্ষে।
প্ৰতিবছৰে এপ্রিল মাহত ঊনকোটি পাহাৰত হয় অশোক অষ্টমীৰ মেলা। ব'হাগৰ ৭ তাৰিখে উপ-জাতি সম্প্রদায়ৰ মানুহে যোগ দিয়ে গৰিয়া পূজাত৷ এই ৰাজ্যৰ মণিপুৰী মানুহবোৰৰ প্রধান উৎসৱ হৈছে ৰাসযাত্রা। পশ্চিমবংগৰ দৰে নহ'লেও ত্ৰিপুৰাত মহা ধুমধামেৰে পালিত হয় দুর্গা পূজাও। দীপাৱলীৰ সময়ত উদয়পুৰৰ ত্ৰিপুৰাসুন্দৰী মন্দিৰত বিৰাট মেলাৰ আয়োজন হয়।
থোৰতে ত্ৰিপুৰা
ৰাজধানী – আগৰ্তলা
আয়তন– ১০,৪৯২ বর্গ কিলোমিটাৰ
জনসংখ্যা— ৩৬৭১০৩২ (২০১১ মতে) পুৰুষ— ১৮৭১৮৬৭ জন আৰু মহিলা– ১৭৯৯১৬৫ গৰাকী
ঘনত্ব – ৩৫০ (প্রতি বর্গ কিলোমিটাৰ)
সাক্ষৰতা– ৮৭.৭৫ শতাংশ
ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা। পৰিচ্ছন্ন সুন্দৰ চহৰ। তিনিওদিশে ঘেৰি আছে সৰু সৰু পাহানে, অন্য দিশে বাংলাদেশৰ সমতল। চহৰখনত দর্শনীয় বস্তুৰ সংখ্যা কম নহয়। আটাইবোৰ ঘূৰি চাবলৈ হ'লে দুদিন সময় লাগি যায়। ১৭৭০ চনত উদয়পুৰৰ পৰা ৰাজধানী স্থানান্তৰিত হয় পুৰণি আগৰতলালৈ। ১৮৫০ চনত মহাৰাজ কৃষ্ণকিশোৰ মাণিক্যই ৰাজধানী বৰ্তমান আগৰতলালৈ
আগৰতলাৰ প্ৰধান আকর্ষণ হ’ল উজ্জয়ন্ত প্রাসাদ। ১৮৬২ চনত প্ৰথম এই প্রাসাদটো নির্মাণ হয়। ১৮৯৮ চনত ভূমিকম্পত প্রাসাদটো ভীষণভাৱে ক্ষতিগ্রস্ত হয়। তাৰ পিছত এই বৰ্তমান সুবিশাল ৰাজপ্রাসাদটো নিৰ্মাণ কৰিছিল মহাৰাজ ৰাধা কিশোৰ মাণিক্যই। প্ৰৱেশ পথৰ দুয়োফালে দুটা বিশাল পুখুৰী, লগতে আছে বাগান, ফুৱাৰা। প্রাসাদত আছে তিনিটা গম্বুজ আকৃতিৰ মিনাৰ মাজৰটো আটাইতকৈ ওখ । উচ্চতা ৮৬ ফুট। চিক্চিকিয়া পাথৰৰ মজিয়া, লগত কাঠৰ চিলিং আৰু নক্সা কৰা দুৱাৰে এই প্রাসাদক কৰি তুলিছে মোহময়। বর্তমান এই প্রাসাদ ত্ৰিপুৰাৰ বিধানসভা ভৱন৷
উজ্জয়ন্ত প্রাসাদৰ উত্তৰে মাত্ৰ ১ কিলোমিটাৰ দূৰত কুঞ্জবন প্রাসাদ, এই প্রাসাদটো ১৯১৭ চনত নিৰ্মাণ কৰিছিল মহাৰাজা বীৰেন্দ্ৰ কিশোৰ মাণিক্যই। চাৰিওপিনে সুন্দৰ বাগান। ১৯২৬ চনত ৰবীন্দ্ৰ নাথ শেষবাৰৰ ত্ৰিপুৰা ভ্ৰমণৰ সময়ত ইয়াতেই থাকিছিল। লিখিছিল কেইবাটাও কবিতা আৰু গান। বৰ্তমান এই প্রাসাদটো ৰাজভৱন। প্রাসাদৰ দক্ষিণৰ এটা অংশ (ৰবীন্দ্ৰ কানন) সৰ্বসাধাৰণ ৰাইজৰ বাবে খোলা।
থোৰতে আগতলা :
উচ্চতা– ১২.৮০ মিটাৰ জনসংখ্যা ১৮9327
তাপমাত্রা— সর্বোচ্চ, সর্বনিম্ন
গ্রীষ্মত— ৩৬ ডিগ্রী, ২০ ডিগ্রী
শীতত— ২৭ ডিগ্রী, ৪ ডিগ্রী
বৃষ্টিপাত— ২৩৪.৪ ছেণ্টিমিটাৰ
ৰবীন্দ্ৰ কাননৰ পৰা অলপ দূৰত বেণুবন বিহাৰ। গেৰুৱা ৰঙৰ সৰু অথচ সুন্দৰ মন্দিৰত আছে বার্মিজ ধাতৱ বৌদ্ধ মূর্তি। বুদ্ধ পূৰ্ণিমাৰ সময়ত ইয়াত অসংখ্য মানুহৰ সমাৱেশ হয়। ১৯৬৮ চনত নিৰ্মাণৰ কাম আৰম্ভ হ'লেও মিউজিয়ামৰ উদ্বোধন হয় ১৯৭০ চনত। ইয়াত আছে ৰাজপৰিয়ালৰ নানান বস্তু, অস্ত্র, পোছাক-পৰিচ্ছদ, ডাঙৰ ডাঙৰ তৈলচিত্র, উপজাতি জীৱনৰ নানান নিদর্শন। খোলা থাকে দহ বজাৰ পৰা সন্ধ্যা পাঁচ বজালৈকে। দেওবাৰে বন্ধ থাকে।
আগৰতলাৰ আটাইতকৈ বিখ্যাত মছজিদ গেদু মিঞাৰ মছজিদ। ইয়াৰ তিনিটা গম্বুজ। মছজিদটোৰ নক্সা-কাৰুকাৰ্য চাবলগীয়া। আগৰতলাৰ অন্য এক আকর্ষণ হ’ল ‘পূর্বাশা'। এইখন এখন কাকশিল্পৰ চৰকাৰী দোকান। ত্ৰিপুৰাৰ বাঁহৰ কামৰ খ্যাতি আছে সমগ্ৰ ভাৰতজুৰি। পূৰ্বাশালৈ গ’লে দেখা যায় তাৰ নানান নিদর্শন। এইবোৰৰ কাৰুকাৰ্য সৌন্দর্য মনোমুগ্ধকৰ। ইয়াৰোপৰি চাব পৰা যায় মহাৰজা বীৰ বিক্ৰম কলেজ, সুকান্ত একাডেমী, লক্ষ্মীনাৰায়ণ মন্দিৰ, দুর্গাবাৰী চাহ বাগান।
আগৰতলাত আছে অসংখ্য মন্দিৰ। ইয়াৰ মাজত অন্যতম প্রধান হ’ল জগন্নাথ মন্দিৰ। মহাৰাজ ৰাধাকিশোৰ মাণিক্যই এই মন্দিৰ স্থাপন কৰিছিল। পিৰামিড আকৃতিৰ এই মন্দিৰৰ গঠনে পৰ্যটকসকলক আকৰ্ষণ কৰে। মন্দিৰৰ পূবফালে আছে সুসজ্জিত নাট্যমন্দিৰ। কৃষ্ণৰ জীৱনৰ নানান আলেখ্য সুন্দৰ মূৰ্তিৰ সহায়ত দেখুওৱা হৈছে। উজ্জয়ন্ত প্রাসাদৰ সৰোবৰৰ পাৰত এই মন্দিৰ। ইয়াৰোপৰি আছে উমা মহেশ্বৰ মন্দিৰ। মন্দিৰৰ দুয়োফালে দুটা মণ্ডপ বৌদ্ধ ৰীতিত বনোৱা, দক্ষিণত লক্ষ্মী নাৰায়ণ মন্দিৰ। ইয়াৰ চূড়া গম্বুজ আকৃতিৰ, ইছলামী স্থাপত্যৰ প্ৰভাৱ আছে ইয়াত আৰু আছে দুৰ্গাবাৰী। দুৰ্গা পূজাৰ সময়ৰ বাদে গোটেই বছৰটোৱেই বন্ধ থাকে এই মন্দিৰ।
আগৰতলাৰ পৰা ১৪ কিলোমিটাৰ দূৰত পুৰণি আগৰতলা। মহাৰাজ কৃষ্ণ মাণিক্যই উদয়পুৰৰ পৰা ৰাজধানী স্থানান্তৰিত কৰে ইয়ালৈ ৷ ইয়াত আছে বিখ্যাত মন্দিৰ চতুৰ্দশ দেৱতাৰ ঘৰ। প্রথমে এই মন্দিৰ আছিল উদয়পুৰত, পিছত লৈ যোৱা হয় আগৰতলালৈ। মন্দিৰৰ কাষতেই আছে পুৰণি ৰাজপ্ৰসাদৰ ভগ্নাৱশেষ। প্রতি বছৰে জুলাই মাহত হোৱা ইয়াৰ খাৰচি মেলা’ বিখ্যাত। এই পূজাৰ মন্ত্ৰ পুৰোহিতৰ বাদে কোনেও নাজানে। পুৰোহিতসকলে বংশ পৰম্পৰাৰে সেই মন্ত্ৰ নিজৰ নিজৰ পৰিয়ালৰ মাজত সীমাৱদ্ধ ৰাখে। এই মন্দিৰত আছে ১৪ গৰাকী দেৱ-দেৱী। কিন্তু কাৰোৱেই সম্পূর্ণ মূর্তি নাই। দেৱ-দেৱীৰ কেৱল মুখবোৰ আছে বেদীৰ ওপৰত, সেইবোৰেই পূজিত হয়।
আগৰতলাৰ পৰা ৫৩ কিলোমিটাৰ দূৰত আছে। ৫.৩৫ বর্গ কিলোমিটাৰ অঞ্চলজুৰি ৰুদ্ৰসাগৰ সৰোবৰ। ইয়াৰ চাৰিওফালে আছে গছ-গছনি, ওখ ওখ টিলা। এই সৰোবৰৰ মাজত আছে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ লেক পেলেচ নীমহল। ভাৰতত আৰু এইধৰণৰ প্রাসাদ আছে ৰাজস্থানৰ উদয়পুৰত পিছোলা লেকৰ মাজত— জগনিবাস প্রাসাদ। নীমহল আছিল ত্ৰিপুৰাৰ ৰজাসকলৰ গ্রীষ্মকালীন প্রাসাদ। চাৰিওপিনে নীলা পানী, মাজত প্রাসাদ। অপৰূপ দৃশ। শীতৰ সময়ত হাজাৰ হাজাৰ চৰাই আহি ভিৰ কৰেহি ৰুদ্ৰ সাগৰত। ১৯৩০ চনত ত্ৰিপুৰাৰ শেষ ৰজা বীৰ বিক্ৰমমাণিক্যৰ আমোলত এইটো নির্মিত। স্থপতি বিখ্যাত মার্টিন বার্ণ কোম্পানী। মোগল আৰু হিন্দু স্থাপত্যৰ আশ্চর্য নিদর্শন এই প্রাসাদ বৰ্তমান ৰাজ্য চৰকাৰৰ অধীনত। এসময়ত সমস্ত প্রাসাদ জুৰি আছিল সুন্দৰ বাগান। বর্তমান আকৌ নতুনকৈ গঢ়ি তোলা হৈছে। প্রাসাদৰ মিনাৰবোৰ গম্বুজ আকাৰৰ। দেখিলে দুৰ্গৰ দৰে লাগে। প্রাসাদৰ দৰবাৰ হল’ জুৰি আছে অতীতৰ ৰাজকীয় মহিমা। প্রাসাদটোৰ মূলতঃ দুটা ভাগ। প্ৰথমটো পশ্চিম ফালে অন্দৰ মহল, পোন্ধৰটা কোঠাবিশিষ্ট এই অংশ ব্যৱহাৰ কৰিছিল ৰাজপৰিয়ালৰ সদস্যসকলে। আৰু আনটো পূব ফালে, যিটো ব্যৱহাৰ কৰিছিল কৰ্মচাৰীসকলে। ইয়াৰ ওৱাচ টাৱাৰৰ পৰা দেখা যায় সমস্ত প্রাসাদটো, ৰুদ্ৰসাগৰৰ নীলা পানী। নীমহলৰ পৰা সূৰ্যাস্তৰ দৃশ্য অতি মনোৰম। ৰাতিবেলিকা পৰিলক্ষিত হয় নীমহলৰ অন্য এক সৌন্দর্য। শীতৰ সময়ত দেখা পোৱা যায় বিভিন্ন চৰাই। বাছ চলাচল কৰে আগৰতলা (বটতলা), উদয়পুৰ (২০ কিলোমিটাৰ), সোনামুড়া (১৫ কিলোমিটাৰ)ৰ পৰা।
ইয়াত থাকিবৰ কাৰণে আছে TTDCৰ Sagarmahal Tourist Lodge, Melaghar, Sonamura.
আগৰতলাৰ ২৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমত বাংলাদেশ সীমান্তৰ সমীপত আছে বিখ্যাত কমলা সাগৰ বা সৰোবৰ, যিটো খনন কৰা হয়। মহাৰাজ ধন মাণিক্যৰ সময়ত। ওচৰতে আছে বিখ্যাত কছবা কালীমন্দিৰ। টিলাৰ ওপৰত আছে এই মন্দিৰ। কালী মন্দিৰ হিচাপে খ্যাত হলেও ইয়াত দেৱী হ’ল দশভুজা দুর্গা। শিৱ থকাৰ কাৰণে দুৰ্গা ইয়াত কালী হিচাপে বিখ্যাত। বাংলাদেশৰ সীমান্ত চুই আছে এই অঞ্চলে। মন্দিৰৰ সন্মুখত বিশাল সৰোবৰ কমলা সাগৰ। শাস্ত, নির্জন পৰিৱেশ। এসময়ত ইয়াত দুর্গ নির্মিত হৈছিল। এই দুৰ্গক কেন্দ্ৰ কৰি চহৰ গঢ়ি উঠিছিল। প্রতি বছৰে ব'হাগ মাহৰ অমাৱস্যাত ইয়াত ডাঙৰকৈ মেলা বহে।
ইয়াত থকাৰ বাবে আছে TTDCৰ Comilla View Tourist Lodge | ত্ৰিপুৰাত আছে কেইবাখনো বন্যপ্রাণী সংৰক্ষণালয় তথা অভয়াৰণ্য। যেনে— তৃষ্ণা অভয়াৰণ্য (১৯৪.৭০ বর্গ কিলোমিটাৰ), ছিপাহিজলা অভয়াৰণ্য (১৮.৫৩ বর্গ কিলোমিটাৰ), গোমতী বন্যপ্রাণী সংৰক্ষণালয় (৩৯০ বৰ্গ কিলোমিটাৰ)। আয়তনত সৰু হ'লেও চিপাহীজলা পৰ্যটকসকলৰ বাবে আটাইতকৈ বেছি আকর্ষণীয়। কোৱা হয়, মহাৰাজ বীৰ বিক্ৰমে এই জলাহভূমি কোনো চিপাহীক উপহাৰ দিছিল। সেই তেতিয়াৰে পৰা নাম হয় চিপাহীজলা। ইয়াত প্রায় ডেৰশ প্রজাতিৰ বন্যপ্রাণী, চৰাইৰ বাদেও আছে প্রায় চাৰে চাৰিশ প্ৰকাৰৰ গছ-গছনি। উৰিষ্যাৰ নন্দন কাননৰ অনুকৰণত ইয়াত নিৰ্মাণ কৰা হৈছে চিৰিয়াখানা, বোটানিকেল গার্ডেন, ডিয়াৰ পাৰ্ক, হ্রদ আদি। ইয়াৰ প্রধান আকর্ষণ হ’ল বিৰল প্ৰজাতিৰ চশমা বান্দৰ; দেখিলে চশমা পিন্ধি থকাৰ নিচিনা লাগে। চিৰিয়াখানাৰ অৰণ্যময় পৰিৱেশত আছে হাতী, সিংহ, বাঘ, চিতা, হৰিণা। লেকৰ আশে-পাশে উৰি ফুৰে অসংখ্য প্রজাতিৰ চৰায়। জংঘলত হাতীৰ পিঠিত উঠি ঘূৰি চোৱাৰ ব্যৱস্থা আছে।
আগৰতলা চহৰৰ পৰা এঘণ্টাৰ বাট, দূৰত্ব ২৮ কিলোমিটাৰ। চৰকাৰী বাছ-টেক্সী চলাচল কৰে। বেচৰকাৰী বাছত বিশালগড়ত উপস্থিত হৈ ৰিক্সাত তিনি কিলোমিটাৰ দূৰৰ চিপাহীজলালৈ যাব পাৰি। থাকিবৰ কাৰণে লেকৰ কাষৰ বন বিভাগৰ কটেজৰ বাদেও বিকল্প ব্যৱস্থা আছে। সেয়া হৈছে— Wildlife warden; Sepahijala I
আগৰতলাৰ পৰা ৪৫ কিলোমিটাৰ উত্তৰে ছিমনাৰ পথত আছে ব্ৰহ্মাকুণ্ড। ভগৱান শিৱৰ মন্দিৰ আছে ইয়াত। এপ্ৰিল আৰু নৱেম্বৰত মহা ধুমধামকৈ উৎসৱ হয়। আগৰতলা ছিমনা বাছ চলাচল হয় ব্রহ্মাকুণ্ড হৈ। পথ গৈছে চাহ বাগিচাৰ মাজেৰে। চৌপাশৰ দৃশ্য অতি মনোৰম। ইয়াত থকাৰ কোনো ব্যৱস্থা নাই। দিনে-পোহৰে চাই ঘূৰি যাব লাগিব আগৰতলালৈ৷ আগতলাৰ পৰা ৩৭ কিলোমিটাৰ পূবত শাস্ত প্ৰকৃতিৰ মাজত বাৰামুড়া ইকো পার্ক। পার্কৰ মাজত আছে জলধাৰা, পানীৰ মাজত সুন্দৰ হাট। বাঁহৰ সাঁকো পাৰ হৈ কুটিৰত বহি সেউজীয়াৰ আঘ্রাণ লোৱাৰ অভিজ্ঞতা অসাধাৰণ। ইয়াৰোপৰি আছে ওৱাছ টাৱাৰ, সৰুবিলাকৰ খেলাৰ ঠাই, বোটিং আৰু ট্রেকিঙৰ সুবিধা।
কেনেকৈ যাব পাৰি?
গুৱাহাটীৰ পৰা আৰু শিলচৰৰ পৰা বিমানযোগে যাব পাৰি। তদুপৰি যাব পাৰি ৰেলেৰে। কলিকতাৰ পৰা ১৭.২৫ বজাত এৰে ১৫৯৫৯ কামৰূপ এক্সপ্ৰেছ আৰু এই ৰেলখন গুৱাহাটী হৈ লামডিঙত উপস্থিত হয় পিছদিনা ২০.০০ বজাত। লামডিঙৰ পৰা ২০.৫৫ বজাত এৰে ১৫৬৯৫ আগতলা এক্সপ্রেছ। ৪১২ কিলোমিটাৰ দূৰৰ আগৰতলাত এইখন গৈ উপস্থিত হয়গৈ পিছদিনা ১২.৩০ বজাত। এই পথেৰে পেছেঞ্জাৰ ৰে'লো আহে শিলচৰ (২৫৭ কিলোমিটাৰ) আৰু ধৰ্মনগৰৰ (১৪১ কিলোমিটাৰ) পৰা। ইয়াৰোপৰি গুৱাহাটীৰ পৰা ৪৪নং ৰাষ্ট্ৰীয় পথেৰে শ্বিলং হৈ আগৰতলালৈ যাব পাৰি।
থকাৰ সুবিধা :
1. Central G/House, Central Road, City Centre, H.G. Basak Road, Madhyapara Lane.
2. Deep G/House, L N Bari Road, 3. Galaxy Inn, Melarmath, Gangail Road.
4. Ginger Hotel, Barjala Mouja, Airport Road, Khejur Bagan;
5. Hotel Amber, Sakuntala Road, SD Barman Sarani;
6. Hotel Haver, H.G. Basak Road; 7. Hotel Madhushree, Masjid Road;
8. Hotel Minakshi, Hawkers Corner Road; 9. Hotel Rajdhani, B.K. Road
10. Hotel Star Golbazar, N.S. Road East. ইত্যাদি।
কনডাকটেড ট্যুৰ— আগৰতলাৰ পৰা পৰ্যটন উন্নয়ন নিগম (TTDC)ৰ ব্যৱস্থাপনাত ঘূৰি চাব পৰা যায় ত্ৰিপুৰাৰ ভ্ৰমণকেন্দ্ৰবোৰ। ৭ ৰাতি ৮ দিনৰ ত্ৰিপুৰা পৰিভ্ৰমণ ট্যুৰত দেখুওৱা হয় আগৰতলা-ধৰ্মনগৰ-ঊনকোটি-জম্পুই পাহাৰ-কমল সাগৰ-চিপাহীজিলা-উদয়পুৰ-নীমহল। খৰচ প্রায় ৬,৫০০ টকাৰ পৰা ১০,০০০ টকা৷
পিলাক
উদয়পুৰৰ পৰা ৬১ কিলোমিটাৰ দূৰত ত্ৰিপুৰাৰ পাহাৰেৰে আগুৰা মনোৰম অঞ্চল হ’ল পিলাক। ইয়াত বৈ গৈছে পাহাৰীয়া নদী পিলাক। চাৰিওফালে মনোৰম দৃশ্য আৰু আছে সুন্দৰ সুন্দৰ শিলৰ মূর্তি আৰু টোকোটা মন্দিৰ, যিটো অষ্টম বা নৱম শতিকাৰ। ইয়াত পোৱা গৈছে বিশাল অৱলোকিতেশ্বৰ আৰু নৰসিংহ মূর্তি। ইয়াৰোপৰি আছে গণেশ, মহিষাসুৰমর্দিনী। ইয়াৰ লগতে আছে আৰু বহুতো দেৱ-দেৱীৰ মূর্তি। এফালে পুৰাতাত্ত্বিক নিদর্শন, আনফালে প্রাকৃতিক সৌন্দর্যই ভ্রমণার্থীসকলৰ বাবে পিলাকক যথেষ্ট আকর্ষণীয় কৰি তুলিছে। বাছ চলাচল কৰে আগৰতলাৰ পৰা উদয়পুৰ হৈ পিলাকলৈ। দূৰত্ব ১১৩ কিলোমিটাৰ।
পিলাকৰ পৰা মাত্র ৬ কিলোমিটাৰ দূৰত্বত কালাচেৰা বা কালাপানিয়া নেচাৰ পার্ক। ২১(একৈশ) হেক্টৰ জেগাক লৈ গঢ়ি উঠা এই পার্কৰ মাজত আছে সেউজীয়া পানীৰ লেক। ইয়াত আছে বোটিং আৰু ট্রেকিঙৰ ব্যৱস্থা।
থকাৰ সুবিধা:
1. TTDCE Pilak Tourist Lodge, Jalabari;
2. Mahamuni Tourist Lodge, Manu Bankul, Subroom;
3. Dakshinayan Tourist Lodge, Subroom আদি।
ডম্বুৰ হ্ৰদ
আগৰতলাৰ পৰা ১১২ কিলোমিটাৰ দূৰত ৪১ বর্গ কিলোমিটাৰ অঞ্চলজুৰি গঢ়ি উঠিছে ডম্বুৰ হ্ৰদ। ইয়াৰ চাৰিওফালে আছে পাহাৰ। হ্ৰদৰ মাজত আছে ৪৮টা সেউজীয়া দ্বীপ। লেকৰ পানীত বোটিঙৰ ব্যৱস্থা আছে। শীতত পৰিভ্ৰমী চৰায়ে ইয়াক কৰি তোলে আৰু মোহময়। ইয়াৰ পৰাই গৈছে গোমতীৰ জলধাৰা। গোমতী নদীত বান্ধ দি সৃষ্টি হৈছে এই হ্রদ। গোমতীৰ এই উৎস ‘তীর্থমুখ’ নামে পৰিচিত। ত্ৰিপুৰাবাসীসকলৰ কাৰণে এইটো পৱিত্ৰ তীৰ্থস্থান। প্রতি বছৰে পুহৰ সংক্ৰান্তিৰ সময়ত মেলা উপলক্ষে বহুতো ধর্মপ্রাণ মানুহৰ সমাগম হয় ইয়ালৈ। গংগাবাহন মকৰে ইয়াত দেখা দিছিল বুলি কথিত আছে। দেৱতামুড়া, পিলাক, ডম্বুৰ দুদিনত চোৱা হৈ যায়। আগতলাৰ পৰা বাছ, টেক্সী চলাচল কৰে উদয়পুৰ, অমপুৰ হৈ। হ্রদত ভ্রমিবৰ বাবে আছে নাও, মটৰবোট। লেকৰ এটা দ্বীপত সৃষ্টি হৈছে কাফেটেৰিয়া।
থকাৰ সুবিধা :
1. TTDCৰ Saima Tourist Lodge, Gandacherra, 2. Jatanbari IB, Amarpur আদি।
দেৱতামুড়া-তৃষ্ণা
আগৰতলাৰ পৰা উদয়পুৰ হৈ আৰু ১২ কিলোমিটাৰ উত্তৰে অমৰপুৰৰ পথত গোমতী নদীৰ পাৰত অৱস্থিত দেৱতামুড়া পাহাৰ। এই পাহাৰৰ গাত অসংখ্য হিন্দু দেৱমূর্তি খোদাই কৰা আছে। পঞ্চদশ বা ষোড়শ শতিকাৰ এই মূৰ্তিবোৰ খুবেই আকর্ষণীয়। কোনে এই নির্জন পাহাৰত মূৰ্তিবোৰ তৈয়াৰ কৰিছিল এই কথা জনা নাযায়। অৱশ্যে অনুমান কৰা যায় যে, কোনো হিন্দু ৰজাই বৌদ্ধ প্ৰভাৱিত এই অঞ্চলত হিন্দু ধৰ্ম প্ৰচাৰৰ কাৰণে এই মূৰ্তিবোৰ তৈয়াৰ কৰিছিল।
১৯৮৮ চনত উদয়পুৰ, সোনামুড়া, বেলোনিয়াৰ মুঠ ২৭টা মৌজা লৈ
মুঠ ১৯৪.৭০ বর্গ কিলোমিটাৰ অঞ্চলজুৰি গঠিত হয় তৃষ্ণা অভয়াৰণ্য। ইয়াৰ
অন্যতম বিশেষত্ব হ’ল বান্দৰৰ বৈচিত্র্য। আছে অসমীয়া বান্দৰ, চশমা বান্দৰ,
লাজুকী বান্দৰ, গুহা বান্দৰ, সোণালী বান্দৰ। ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী
চৰাই দেখিবলৈ পোৱা যায়। আগৰতলাৰ পৰা বেলোনিয়া হৈ তৃষ্ণালৈ যাব
পাৰি৷ দূৰত্ব আগতলাৰ পৰা ৯৫ কিলোমিটাৰ আৰু বেলোনিয়াৰ পৰা ১৫
কিলোমিটাৰ৷
থকাৰ সুবিধা :
1. Vanmahal, Belonia.
2. Forest Cottage, Joychandrapur. 3. PWD Dak Bunglow, Santirbazar.
জম্পুই পাহাৰ
প্রকৃতিপ্রেমিক পর্যটকসকলৰ বাবে ত্ৰিপুৰাৰ অন্যতম প্রধান আকর্ষণ হ’ল জম্পুই পাহাৰ। এই শাৰীৱদ্ধ পাহাৰৰ মাজত আটাইতকৈ ওখ বেটলিং শিৱ শিখৰ৷ ইয়াৰ উচ্চতা ৩২০০ ফুট। ২৭০০ ফুট উচ্চতাত ভাংগমুনত আছে ইডেন ট্যুৰিষ্ট লজ। এই পাহাৰজুৰি আছে সেউজীয়া অৰণ্য, কমলা টেঙাৰ বাগান। দক্ষিণত আছে ভাংগমুন হেলিপেড, পশ্চিমত আছে লুচাই গাঁও। উত্তৰত আছে আটাইতকৈ ওখ শিখৰ বেটলিং শিৱ। ইয়াৰ আবহাৱা অতি মনোৰম। শান্ত, নির্জন পৰিৱেশ। ইয়াৰ পৰা দেখা যায় চট্টগ্রামৰ পাহাৰ, লগতে ত্ৰিপুৰা আৰু মিজোৰামৰ পাহাৰ-উপত্যকাও। ইয়াৰ চৌপাশৰ দৃশ্য অতি সুন্দৰ। ইয়াত লুচাই উপজাতি সম্প্রদায়ে বাস কৰে। ইয়াত আছে ১১ খন লুচাই গাঁও। ইয়াত বসবাস কৰে প্ৰায় আঠ হেজাৰ মানুহে। এই মানুহবোৰ মূলতঃ মিজো উপ-জাতিৰ। এওঁলোক খ্ৰীষ্টান ধৰ্মৰ মানুহ। এওঁলোকৰ সৰহভাগেই লিখা-পঢ়া নাজানে। এওঁলোকৰ বাঁহ নৃত্য বিশেষভাৱে আকর্ষণীয়। লুচাইসকলৰ এই নাচৰ খ্যাতি আছে সমগ্ৰ ত্ৰিপুৰাজুৰি। জম্পুই পাহাৰৰ লগত একাত্ম হৈ আছে লুচাইসকলৰ বৰ্ণময় জীৱন। জম্পুই পাহাৰৰ ইডেনৰ পৰা দেখা পোৱা যায় অপৰূপ সূর্যোদয়। ইয়াৰ সূৰ্যাস্তৰ দৃশ্য দেখাটো এক অবিস্মৰণীয় অভিজ্ঞতা। উৎকৃষ্ট সুমথিৰা আৰু চিৰ বসন্তৰ দেশ এই জম্পুই। চৰকাৰী তৰফৰ পৰা আগ্রহ কম থকাত পর্যটনকেন্দ্র হিচাপে ই তিমান প্ৰচাৰ লাভ কৰা নাই। অৱশ্যে বৰ্তমান প্ৰতি নৱেম্বৰত পৰ্যটন উৎসৱৰ আয়োজন হয়।
কেনেকৈ যাব পাৰি?
ইয়াৰ পৰা পথ গৈছে মিজোৰামৰ আইজললৈ। আগতলাৰ পৰা পোনপটীয়া বাছ পোৱা যায় জম্পুই পাহাৰলৈ, দূৰত্ব ২১৫ কিলোমিটাৰ৷ বাছ পোৱা যায় কৈলাশহৰৰ পৰাও। নগৰৰ পৰাও দিনে দিনে ঘূৰিব পৰা যায়।
থকাৰ সুবিধা - 1. TTDC Eden Tourist Lodge, Bhanghmun;
2. Zadai Tourist Bunglow, Phuldangsai আদি।
ঊনকোটি
ঊনকোটিৰ সঠিক কোনো ইতিহাস জনা নাযায়। তথাপি ই স্থানীয় মানুহৰ বাবে পুণ্যতীর্থ। যিটো পাহাৰত এই মন্দিৰবোৰ আছে তাৰ নাম ৰঘুনন্দন পর্বত। এই পাহাৰক আগুৰি আছে দুটি প্রচলিত কাহিনীয়ে। এদিন শিৱই বাকী দেৱতাসকলক লৈ কাশীলৈ গৈছিল। পথত সন্ধ্যা হৈ আহিল। ক্লান্ত দেৱতাসকল শুই পৰিল। শিৱৰ বাদে ৰাতিপুৱা কাৰো টোপনি নাভাঙিল। শিৱ গুচি গ’ল, বাকীসকল দিনৰ পোহৰত শিল হৈ গ'ল। আনটো হ’ল কালু কমাৰৰ কাহিনী। কালুকমাৰ আছিল শিৱৰ ভক্ত। তেওঁৰ ইচ্ছা আছিল নতুন কাশীধাম গঢ়ি তোলাৰ। এদিন শিৱই তেওঁক সপোনত ক'লে, তুমি যদি একে ৰাতিতে ৰঘুনন্দন পাহাৰত এক কোটি দেৱতাৰ মূৰ্তি তৈয়াৰ কৰিব পাৰা, তেনেহ'লে ৰঘুনন্দন হ’ব দ্বিতীয় কাশীধাম। কালুকমাৰ আছিল ডাঙৰ শিল্পী। মানুহ লৈ আৰম্ভ হৈ গ'ল তেওঁৰ কাম। ৰাতি তেতিয়াও শেষ হোৱা নাছিল। কালুকমাৰে দেখিলে— মাত্র এটা মূর্তিহে বাকী। তেওঁ ভাবিলে, নিজৰ এটা মূর্তি তৈয়াৰ কৰি শেষ মূৰ্তিটোৰ কামত হাত দিব। কিন্তু নিজৰ মূৰ্তি তৈয়াৰ কৰিবলৈ গৈ ৰাতিটো শেষ হৈ গ'ল, এক কোটি মূর্তি আৰু সম্পূৰ্ণ নহ’ল।
পুৰাতত্ত্ব বিভাগৰ মতে এই মূৰ্তিবোৰ অষ্টম আৰু নৱম শতিকাৰ। বহুতৰ মতে, এইবোৰ পাল যুগৰ সময়ত নির্মিত। অধিকাংশ মূর্তিয়েই কিন্তু ভূমিকম্প আৰু প্ৰাকৃতিক কাৰণত ক্ষতিগ্রস্ত হৈছে। ইয়াত এটা কোঠাৰ মাজত আছে ক’লা শিলৰ বিষ্ণুৰ পদচিহ্ন। পাহাৰৰ পৰা নামিছে ঝৰণাধাৰা। সেই পানীত সৃষ্টি হৈছে এটা কুণ্ড। কোনোবাই কয় অষ্টমী কুণ্ড, কোনোবাই কয় সীতা কুণ্ড। ইয়াত বসন্ত কালৰ অশোকাষ্টমীত বিৰাট মেলা বহে। দূৰ-দূৰণিৰ পৰা মানুহ আহে ইয়ালৈ। আহি কুণ্ডৰ পানীত স্নান কৰে।
ইয়াৰোপৰি কৈলাশহৰত থকা সময়ত ঘূৰি চাব পৰা যায় পুৰণি ৰাজবাড়ি, কোৰালেক, লক্ষ্মী নাৰায়ণ মন্দিৰ (ধর্ম নগৰৰ পথেৰে গ'লে ৭ কিলোমিটাৰ), কুমাৰ্ঘাটৰ ভৱতাৰিণী মন্দিৰ বা পেচাৰ থালৰ বুদ্ধ বিহাৰ (কৈলাশহৰৰ পৰা ৩৩ কিলোমিটাৰ)।
কেনেকৈ যাব পাৰি?
আগৰতলাৰ পৰা ঊনকোটিৰ দূৰত্ব ১৭৮ কিলোমিটাৰ। আগতলাৰ পৰা পাঁচ-ছয় ঘণ্টাত নৰ্থ ত্ৰিপুৰাৰ জিলা সদৰ কৈলাশহৰত উপস্থিত হৈ কৈলাশহৰৰ পৰা ধৰ্মনগৰৰ বাছত ৮ কিলোমিটাৰ গৈ ঊনকোটি। ধৰ্মনগৰৰ পৰা ঊনকোটিলৈ ১৯ কিলোমিটাৰ। নিকটতম্ ৰেল ষ্টেচন হ’ল ধর্মনগৰ। থকাৰ সুবিধা—
1. TTDC Unkoti Tourist Lodge, Kailashahar;
2. TTDC Juri Tourist Lodge, Dharmanagar;
3. TTDCT Dhalai T / Lodge, Ambassa আদি।