বৃহত্তৰ অসমৰ সাংস্কৃতিক-ধৰ্মীয় ইতিহাসত বটদ্ৰৱা বা বৰদোৱাৰ স্থান।
গুৰুজনাৰ দ্বাৰা প্রতিষ্ঠিত বটদ্ৰৱা থান বা সত্ৰৰ মাহাত্ম বিশ্বব্যাপি মানুহে জানে। পর্যটকসকল এই থানলৈ আহে যদিও বাৰমাহেই পর্যটক আৰু ভক্তসকলক এই পৱিত্ৰ ভূমিলৈ আকৰ্ষিত কৰিবলৈ হ'লে পৰ্যটন বিভাগৰ যথেষ্ট কৰিবলগীয়া আছে বুলি আমি অনুভৱ কৰো।
বৰদোৱা থানত পালন কৰা বিভিন্ন উৎসৱ-অনুষ্ঠানসমূহ :
(১) নিত্য প্ৰসংগ ।
২) ভাদ মাহৰ পৰম্পৰাগত অনুষ্ঠান-উৎসৱ। ৩) আনসময়ত উদযাপিত উৎসৱ।
বৰদোৱা থানত পালন কৰা বিভিন্ন উৎসৱ-অনুষ্ঠানসমূহ -
১) নিত্য প্ৰসংগ :
সত্ৰৰ লোকসকলৰ নিত্য কৰণীয় প্ৰসংগকে নিত্য প্ৰসংগ বুলি কোৱা হয়৷ গুৰুজনাৰ দ্বৰে বটদ্ৰৱা থানত তিনি প্রসংগ চলে; এই তিনি প্রসংগ পুৱা, আবেলি আৰু সন্ধ্যা বা নিশাৰ প্ৰসংগ৷ ইয়াৰ পিছৰ চাৰি প্ৰসংগৰ প্ৰত্যেকটো ভাগকে সজাই পৰাই চৈধ্য-প্ৰসংগলৈ বিস্তৃত কৰা হয়৷ সত্ৰৰ প্ৰসংগ বুলিলে চৈধ্য-প্ৰসংগকে বুজায়।
চৈধ্য ভূৱনৰ বন্দ্য স্থান। যাক কৃষ্ণে কৰিলে নিমাণ।।
এই আদর্শক সাৰোগত কৰি চৈধ্য ব্ৰহ্মাণ্ডৰ বন্দ্য স্থানত চৈধ্যটি প্ৰসংগৰ নিয়ম বান্ধিবলৈ বৰদোৱা বা বটদ্ৰৱা থানৰ কীৰ্তনঘৰক মধ্য কৰি কীৰ্তনঘৰৰ চাৰিওফালে থকা ভকতসকলৰ বহাঘৰকহে চাৰিহাটী বুলি কোৱা হয়। ভকতসকল এই বহাতে থাকি থানৰ চৈধ্য প্ৰসংগ নিয়াৰিকৈ চলাই থাকে । চৈধ্য ব্ৰহ্মাণ্ডই যাক আশ্ৰয় কৰি আছে, সেয়াই বিষ্ণুলোক। বিষ্ণুলোকৰ প্ৰতীক হ’ল নামঘৰ বা কীৰ্তন ঘৰ। সেয়ে কীর্তন ঘৰত পৰম্পৰাগতভাৱে চৈধ্য প্ৰসংগৰ প্ৰণালী অবিৰত চলি আহিছে। পূৰ্বতে হাটীবহাত চৈধ্যজন ভকতে চৈধ্য প্ৰসংগ কৰিছিল; কিন্তু বর্তমান ছয়জন ভকতে চৈধ্য প্ৰসংগ কৰে। চৈধ্য প্ৰসংগৰ ভাগসমূহ তলত দিয়া ধৰণৰঃ
(ক) পুৱাৰ প্ৰসংগ :
১) তাল কোবোৱা প্ৰসংগ : এই প্ৰসংগত এটি গীত আৰু চাৰিটি ঘোষা গায়; এই গীত আৰু ঘোষা গাই চাৰিহাটীৰ আগে আগে ফুৰে আৰু যেতিয়া বহাৰ মূৰ পাইহি “ভকত বান্ধৱ হৰিবোল” বুলি তালৰ ঘোষী দিয়ে। তাৰ পৰা আহি কীৰ্তন ঘৰৰ দুৱাৰ মুখত প্ৰসংগ সামৰে৷ ২) মঞ্জীৰা নাম : এটি গীত চাৰিটি ঘোষা আৰু এটি কীর্তন দি নামৰ প্ৰসংগ সামৰাৰ দৰে এই নামৰ সামৰণি মাৰে।
৩) আইসকলৰ পুৱা নাম প্ৰসংগ : পুৱা আঠ বজাৰ পৰা এই প্ৰসংগ আৰম্ভ হয়। এই প্ৰসংগত আইসকলে দিহানাম গায়। সামৰণিত ৰাম ৰাম বুলি তিনিবাৰ হৰিধ্বনি দি এই প্ৰসংগ সামৰে৷
(খ) দেৰপৰীয়া প্ৰসংগ : ১) ঘোষা প্রসংগ : এই প্ৰসংগত ডবা-কাঁহৰ ধ্বনি, গায়ন-বায়নৰ খোল তালেৰে ঘোষা গোৱা হয়। প্রথমে গুৰু – ঘেটা বজাই পাতনি ঠেলা, ৰাগ তালনি আদি বজাই উঠি নির্দিষ্ট ঘোষা গাই হৰিধ্বনি দি এই প্ৰসংগৰ সামৰণি মাৰে।
২) ঘাই প্ৰসংগ : এই প্ৰসংগত নাম গাই পাতি তাল বা ভোৰতাল বজাই চাপৰিৰ সৈতে ঘোষা গায়। সামৰণিত হৰি ধ্বনি কবি মাহ-প্ৰসাদ, ফলাহাৰ বিতৰণ কৰি প্ৰসংগ সামৰে।
৩) প্ৰসংগ বা উপদেশ : দেৰপৰীয়াৰ নাম প্ৰসংগ সামৰাৰ পিছত ভাগৱত, ৰত্নাৱলী বা কীৰ্তনৰ অধ্যায়ৰ শেষৰ ফালে থকা “উপদেশ” পুথি পঢ়া ৰাগত গোৱা হয়৷ কেতিয়াবা কোনো এখন পুথিৰ পৰা একোটা অধ্যায় পাঠ কৰিও সামৰণি মাৰে।
(গ) বিয়লিৰ প্ৰসংগ
১) বিয়লি প্রসংগ : এই প্ৰসংগ দেৰপৰীয়া নাম প্ৰসংগৰ দৰেই কৰা হয়। ২) ঘোষা কীর্তন ঃ ইয়াত ভকতসকলে ঘোষা, কীর্তন দুয়োটা কৰি সামৰণি মাৰে।
৩) আবেলি আই সকলৰ নাম প্ৰসংগ এই প্ৰসংগত আইসকলে প্রথমে ঘোষা গায়, তাৰপিছত কীৰ্তনৰ নাম গায়। মাজে-সময়ে দিহা নামো গায়। সামৰণিত অ' হৰি অ’ ৰাম হৰি ধ্বনিৰে প্ৰসংগ সামৰে৷
(ঘ) সন্ধিয়াৰ প্ৰসংগ
১) তাল কোবোৱা প্ৰসংগ এই প্ৰসংগত পুৱাৰ দৰে তাল কোবোৱা হয় আৰু বেলি অস্ত যোৱাৰ পিছত চাকি-বস্তি জ্বলাই ডবা-কাঁহৰ ধ্বনিৰে প্ৰসংগৰ সামৰণি মাৰে।
২) সন্ধিয়া প্ৰসংগ বা গুণমালা ভটিমা প্রসংগঃ এই প্ৰসংগৰ আৰম্ভণি সন্ধ্যা ডবা কোবোৱাৰ পিছতেই হয়। ইয়াত গুণমালাৰ অধ্যায় শেষ কৰি লীলামালা, উপদেশ, চপয়, দেৱভটিমা, টোটয়, গুৰু ভটিমাৰে গুণ গোৱা কাৰ্য কৰে। অন্তত জয় ধ্বনিৰে এই প্ৰসংগ সামৰে।
ভাদ মাহৰ পৰম্পৰাগত অনুষ্ঠান-উৎসৱ :
নৈমিত্তিক অনুষ্ঠানউৎসৱ প্রত্যেক বছৰে বিশেষ কোনো দিন, নিমিত্ত বা নির্দিষ্ট তিথি-নক্ষত্ৰত এই অনুষ্ঠানসমূহ পালন কৰা হয় কাৰণে এইসমূহক নৈমিত্তিক কৃতা বোলা হয়। নৈমিত্তিক অনুষ্ঠানসমূহ বিশেষকৈ ভাদ মাহতে অনুষ্ঠিত হোৱা দেখা যায়। সেই অনুষ্ঠান কেইটা তলত দিয়া ধৰণৰ —
(ক) শ্রীকৃষ্ণ জন্মাষ্টমী।
(খ) নন্দোৎসৱ: বোকাষাত্রা। (গ) গুৰু কীর্তনঃ শংকৰদেৱৰ তিথি। (ঘ) মাধৱদেৱৰ তিথি।
ভাদ মাহৰ অন্যান্য উৎসৱ হ’লঃ
(ক) নাম সামৰণি উৎসৱ। (খ) হীৰা নাম।
- নৰোৱা সত্র সত্রাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত।