বৰদোৱা নিকটৱৰ্ত্তী ঐতিহ্যমণ্ডিত কোবাইকটা বেদখল। পাৰ্থ বৰ।


Kubaikata satra

গুৰুজনাৰ উপৰি পুৰুষ বাৰভূঞাঁৰ বসতি স্থল তথা চণ্ডীবৰৰ অধিনত থকা আলিপুখুৰি বা টেম্বুয়ানী (বৰদোৱা) ৰ বৃহত্তৰ অঞ্চলটোৰ  গাতে লাগি থকা  নলচা নামৰ এখন ঐতিহাসিক গাওঁ অৱস্থিত। যি  বৰ্তমান গাঁও খন কোবাইকটা সত্র নামৰে পৰিচিত।  এই নলচা বৰ্তমান কোবাইকটা গাওঁতে দুগৰাকীকৈ মহিয়ষী ব্যক্তিৰ জন্ম হৈছিল বুলি চৰিত্র পুথি সমূহৰ লগতে আধুনিক বুৰঞ্জীবিদ সকলে উল্লেখ কৰিছে।  সেয়া হৈছে মহাপুৰুষ দেৱ দামোদৰ দেৱ আৰু আনগৰাকী কৈৱৰ্ত জাতিৰ গৌৰৱোজ্জ্বল ইতিহাস বহন কৰা জয়ন্তা যাক পিছলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শান্তি তথা সতী ৰাধিকা নামেৰে আখ্যা দিয়ে। অৱশ্যে বিস্তীৰ্ণ নলচা অঞ্চলটোত অৱস্থিত এই বিশেষ সত্র খনৰ  প্ৰতিষ্ঠাক লৈ দুই পক্ষৰ মাজত মতানৈক্য দেখিবলৈ  পোৱা যায়।  এটা পক্ষৰ মতে এইয়া  মহাপুৰুষ দেৱ দামোদৰে প্ৰতিষ্ঠা কৰা সত্র ।  আনফালে অতীজতে সত্র খনিত বাস কৰা কৈৱৰ্ত লোকসকলে সত্র খনি মহিয়ষী সতী ৰাধীকাৰ দ্বাৰা  প্ৰতিষ্ঠা কৰা বুলি বহুদিনৰ পৰা দাবী কৰি আহিছে । বাৰু যি কি নহওঁক এই বিতৰ্ক আমি একাষৰীয়া কৰি এই লেখাৰ  মূলসুঁতিলৈ আহিছো। দুই পক্ষৰ মাজত মতানৈক্য থাকিলেও যিহেতু এই নলচাৰ সত্র ভূমিতে দুগৰাকীকৈ মহিয়ষী ব্যক্তিৰ উদয়ৰে অসমীয়া জাতিয় জীৱনৰ  গৌৰৱোজ্জ্বল ঐতিহ্য বহন কৰি আহিছে সেয়েহে এই লেখাত আমি এই সত্র খনিৰ উজ্জ্বল ভবিষ্যত , বেদখল, সংৰক্ষণ, উন্নয়নৰ দিশ সমূহৰ বিষয়ে হে কব খুজিছো।


এই ভূমিত ১৯৮৩ চনৰ ১২ ফেব্ৰুৱাৰীৰ পূৰ্বতে এখন ঘন খিলঞ্জীয়া কৈৱৰ্ত আৰু ব্ৰাহ্মণ  সম্প্ৰদায়ৰ গাঁও আছিল। কিন্তু বৰ্তমান মহাপুৰুষীয়া নৱ বৈষ্ণৱী ঐতিহ্য বহনকাৰী ভূমি খিনিত ঘন অবৈধ বঙ্গ মূলৰ প্ৰব্ৰজনকাৰীৰ আগ্ৰাসনত।  ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ত একাংশ বঙ্গ মূলৰ প্ৰব্ৰজনকাৰীয়ে খিলঞ্জীয়া লোকসকলৰ ওপৰত কৰা হিংসাত্মক কাৰ্য্য কলাপৰ ফলশ্ৰতিত গুৰুজনাৰ সময়ৰে পৰা ঐতিহ্য বহন কৰি অহা অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৈৱৰ্ত লোকসকল প্ৰাণৰ মমতাত তেওঁলোকৰ উপৰি পুৰুষ সকলে বাস কৰি অহা সত্র ভূমি মৰ্ম বেদনাৰে  চিৰদিনলৈ এৰি মধ্য অসমৰ ভিন্ন ঠাইত বিভাজন হল। অৱশ্যে জন্ম ভেটি হেৰুৱাব লগীয়া জনহে জানে সেই বিষাদ যন্ত্ৰণা,,! 


১৯ চেপ্তেম্বৰ ২০২১ তাৰিখে আমি যেতিয়া তৃতীয় বাৰ ঐতিহাসিক সত্র ভূমি খিনিৰ আলোকচিত্ৰ সংগ্ৰহৰ বাবে গৈছিলো তেতিয়া ঈশ্বৰৰ কৃপাত বঙ্গ মূলৰ প্ৰব্ৰজনকাৰীৰ হিংসাত্মক অত্যাচাৰৰ বলি হৈ ঘৰৰ বাৰী এৰি যোৱা তেনেকুৱা এটা কৈবর্ত সম্প্রদায় পৰিয়ালৰ সৈতে আমাৰ কথা হৈছিল ,,,,,। আমি দেখিবলৈ পাইছিলো পৰিয়ালটোৱে বিষাদ মনেৰে এৰি থৈ যোৱা সত্র খনিত পুনৰ নাতি বোৱাৰীৰ সৈতে দৰ্শন কৰিবলৈ আহিছিল। আমি তেওঁলোকক  সত্র তথা অঞ্চলটোৰ ভৌগলিক ইতিহাস সোধাত পৰিয়ালটোৱে বেজাৰ মনৰে পুৰণিতে বাস কৰা ভেটি সমূহ আঙুলিৰে দেখাই গৈছিল। লগতে কৈ গৈছিল এটাৰ পিছত আনটো বঙ্গ মূলৰ প্ৰব্ৰজনকাৰীয়ে খিলঞ্জীয়া লোকসকলৰ ওপৰত কৰা হিংসাত্মক তেজেদীৰ কথা,,। কি দৰে এগৰাকী গৰ্ভৱতী অৱস্থাত থকা মহিলাই সেই  দুৰ্ভিসহ তাৰণা সহিব নোৱাৰি গুৰুজনাৰ দিনৰে পৰা ঐতিহ্য বহন কৰি অহা ভূমি খিনিত পূৰ্ব পুৰুষে বসতি কৰা ঘৰ বাৰী এৰি প্ৰাণৰ মমতাত  অন্য সুৰক্ষিত অঞ্চললৈ পলাই যাব লগা হৈছিল ।   সকলো কথোপকথন  ৰেকৰ্ড ত লিপিবদ্ধ আছে ।।

যিহেতু শংকৰী ঐতিহ্য বহনকাৰী উক্ত ঐতিহাসিক নলচা বৰ্তমান কোবাইকটা সত্র নামৰে পৰিচিত অঞ্চলটোত ১৯৮৩ চনৰ ১২ ফেব্ৰুৱাৰীৰ পিছৰ পৰা লাহে-লাহে খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ বসতিৰ বিপৰীতে বঙ্গ মূলৰ প্ৰব্ৰজনকাৰী সকলৰ হে বসতি স্থলি হৈ পৰিছিল,,। সেই হেতুকে সেই স্থানত অসমীয়া খিলঞ্জীয়া মূলৰ লোক সকলক লগ পোৱাটো একেবাৰে কঠিন আছিল যদিও পুৰণিতে বাস কৰা লোকসকলে সত্র খন চোৱা চিতাৰ বাবে থান খনৰ কিছু দূৰত্বত এঘৰ অসমীয়া লোকক বসতি কৰিবলৈ সুবিধা কৰি দিছে। কিন্তু পৰিয়ালটোৰ মূৰব্বীৰ পৰা আমি সত্র খনৰ বিশেষ একো তথ্য লাভ কৰিব নোৱাৰাত ৰিক্ত মনৰে ঐতিহাসিক অঞ্চলটোৰ পৰা দুবাৰকৈ ঘূৰি আহিব লগীয়া হৈছিল ।

অসম সত্র মহাসভা লগতে অসমৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় লোকসকলৰ অভিযোগ মতে এই ঐতিহাসিক কুৱাইকটা সত্রৰ ৪৬ বিঘা ভূমিত প্ৰব্ৰজনকাৰীয়ে আগ্ৰাসন কৰি আহিছে। একেদৰে অসমৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া জাতিৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ সত্র সমূহৰ সৰ্বমোঠ ৪ হাজাৰ বিঘা ভূমি প্ৰৱৰজনকাৰীৰ আগ্ৰাসনত আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ ২ য় কাৰ্য্য কালৰ সময়ছোৱাত  এই পৰিত্যক্ত সত্র খনৰ আৰ্থিক উন্নয়নৰ বাবে ৫ লাখ টকাৰ অনুদান আগবঢ়োৱাত সত্র খন পকীকৰণ কৰোৱা হয়। যদিও 
বৰ্তমান একবিংশ শতিকাৰ তৃতীয় ভাগলৈ সত্র খনৰ একো বৰ বিশেষ উন্নয়ন লক্ষ্য কৰিব পৰা নাযায়। একমাত্ৰ বঙ্গ মূলীয় পমুৱা লোক সকলৰ ভোটৰ লালসাত বিগত বৰ্ষৰ চৰকাৰ সমূহে অসমীয়া জাতিয় জীৱনৰ বৰঘৰ  সত্র ভূমি বেদখল , খিলঞ্জীয়া ঐতিহ্য ৰক্ষণাবেক্ষণৰ দৰে গুৰুত্ব পূৰ্ণ বিষয়বোৰ জানিও আওকাণ কৰি আহিছে। ঐতিহাসিক  সত্র খনৰ ভূমি লগতে শংকৰী ঐতিহ্য ৰক্ষাৰ হেতুকে সত্র খন সংৰক্ষণৰ ওপৰিও গুৰুজনাৰ উপজা ভূমি বৰদোৱা ৰ লগতে নিকটৱৰ্ত্তী এই সমূহ অঞ্চলৰ ১৫-১৬-১৭ শ শতিকাৰ  সময়ছোৱাত যাতায়াতৰ বাবে জল পথ হিচাপে ব্যৱহৃত  শান্তিজান (টেম্বুনিয়া জান) আৰু কুঁজী বিলৰ সংৰক্ষণ আৰু বেদখল মুক্ত কৰা। ১৯৮৩ চনৰ পূৰ্বতে  সত্র খনত বাস কৰা খিলঞ্জীয়া লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা। অসমীয়া সমাজ জীৱনত সত্র খনৰ ভূমিকা আৰু ঐতিহ্য বিষয়ে জনমানসত প্ৰচাৰ চলোৱা।  আদি বিভিন্ন দিশ সমূহ বৰ্তমানৰ শাসকীয় গোষ্ঠীটোৱে দৃষ্টিনিক্ষেপ কৰাটো একেবাৰে জৰুৰী। 

বৰদোৱাৰ নিকটৱৰ্ত্তী নলচাৰ এই বিশেষ ঐতিহাসিক ক্ষেত্রখনৰ আবিষ্কাৰ আৰু নামাকৰণৰ বিষয়ে অন্য এটা লেখাত আমাৰ সীমিত জ্ঞানেৰে আলোচনা কৰিম।।
Previous Post Next Post