ভক্তি আন্দোলন আৰু শংকৰদেৱ প্ৰচাৰিত ধৰ্মৰ দার্শনিক ভিত্তি। Sankardev Study and Research.


ভক্তি আন্দোলন ভাৰতবৰ্ষৰ ধৰ্মীয় আৰু সামাজিক বুৰঞ্জীত এক উল্লেখযোগ্য ঘটনা। এই ভক্তি আন্দোলন এক সংস্কাৰমুখী আন্দোলন। অতি প্রাচীন কালৰে পৰা ভাৰতবৰ্ষত ভক্তিৰ ধাৰা প্ৰৱাহিত হৈ আছিল। 'ভক্তিৰ বীজ বেদত নিহিত আছিল যদিও বেদ প্রধানকৈ কর্মকাণ্ডীয় শাস্ত্ৰহে।' যি কৃষ্ণ বা নাৰায়ণ বা বিষ্ণু ভাৰতৰ ভক্তি আন্দোলনৰ ঘাই উপাস্য দেৱতা, সেই কৃষ্ণ বা নাৰায়ণ যে বেদতেই অন্তর্হিত হৈ আছিল, সেই কথা ঘোষণাই ভক্তি আন্দোলনৰ লগত থকা বেদৰ তাত্ত্বিক সম্পৰ্কৰ ইংগিত প্ৰদান কৰি থৈছে। বেদত বহু দেৱতাৰ নাম থাকিলেও এইবিলাকৰ কোনো ভৌতিক স্থিতি নাই। এই সকলোবিলাকে এক ঈশ্বৰৰ কথাকেই কৈছে। ভক্তি শব্দৰ সাধাৰণ অর্থ সেৱা বা শ্রদ্ধা বা আসক্তি। ভক্তি পদৰ মূল ‘ভজ' ধাতু যাৰ অৰ্থ 'সেৱা কৰা'। শাণ্ডিল্যৰ ভক্তি সূত্র মতে সা (ভক্তি) পৰাণুৰাক্তিৰীশ্বৰে। অৰ্থাৎ ঈশ্বৰৰ প্ৰতি পৰম অনুৰাগেই ভক্তি। আকৌ নাৰদীয় ভক্তি সূত্রমতে ‘সাতু আস্মিন পৰম প্ৰেমৰূপা।' অর্থাৎ ভক্তি আন নহয় এক ঈশ্বৰত হৃদয় বিগলিত কৰা প্রেম। প্রেম শব্দই অনুৰক্তিয়েই নহয় আৰু বিশেষ অৰ্থ সূচিত কৰিছে। এই প্রেম পৰম প্রেম বা পৰাণুৰক্তি চিত্তৰ বৃত্তি। চিত্তৰ যোগেদি পৰম প্রেম লাভ কৰি ভগৱানৰ স্বৰূপ উপলব্ধি কৰি, এক ঈশ্বৰত হৃদয় হৈ প্ৰেমৰসত নিমজ্জিত হোৱা অৱস্থাক ভক্তিৰস বুলি কোৱা যায়। এই ভক্তিতত্ত্ব শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ কেন্দ্ৰবিন্দু। আন্দোলন শব্দৰ সাধাৰণ অৰ্থ হৈছে সঞ্চালনা বা হেন্দোলনি। অন্য অর্থত আন্দোলন শব্দই কোনো বিষয়লৈ বাৰে বাৰে কৰা চৰ্চা বা আলোচনা, বাদানুবাদ বুজায়।
গতিকে এই অৰ্থসমূহৰ পৰা দেখা গ'ল ভক্তি আন্দোলন মানে এক ঈশ্বৰৰ প্ৰতি পৰম প্ৰেমত নিমজ্জিত হ'বলৈ কৰা চৰ্চা বা আলোচনা। কিন্তু এই ভক্তি আন্দোলনৰ অন্য দিশ হৈছে যে, বিশেষকৈ মধ্যযুগত ভাৰতবৰ্ষত ধর্মীয় সংস্কাৰৰ বাবে এক দীঘলীয়া সংস্কাৰমুখী আন্দোলন হৈছিল। শংকৰদেৱৰ ভক্তি আন্দোলন এই ভক্তি আন্দোলনৰে অংশ যদিও তেৰাৰ ভক্তি আন্দোলনৰ স্বৰূপ আৰু দৰ্শন ভাৰতবৰ্ষৰ নৱ বৈষ্ণৱ আন্দোলনৰ পৰা বহুক্ষেত্ৰত পৃথক আৰু অনন্য। ভক্তি আন্দোলনৰ সৰ্বভাৰতীয় প্রেক্ষাপটঃ

ভক্তি আন্দোলন এটা সৰ্বভাৰতীয় ব্যাপাৰ অথচ ইয়াৰ প্ৰকাশ আঞ্চলিক খ্ৰীষ্টীয় পঞ্চম শতিকাতে দাক্ষিণাত্যৰ তামিল প্ৰদেশৰ আলোৱাৰসকলৰ মাজত ভক্তি আন্দোলনৰ সূত্রপাত ঘটে। পৰৱৰ্তী কালত সমগ্ৰ ভাৰতবৰ্ষতে ই বিস্তৃতি লাভ কৰে। কিন্তু ভক্তি আন্দোলনে তোলা হেন্দোলনিৰ পৃষ্ঠভূমি বিচাৰিব লাগিলে আমি কেবা শতিকা পিছলৈ ঘূৰি চাবলগীয়া হয়। কাৰণ, কোনো কাৰ্যই একে বাৰতে সংঘটিত হ'ব নোৱাৰে। পৰ্যানুক্ৰমেহে ক্রমবিকাশ লাভ কৰি এটা নিৰ্দিষ্ট আৰু জনমানসত নিজৰ স্থিতি প্রতিপন্ন কৰিব পৰা অৱস্থাত উপনীত হয়গৈ। ভক্তি আন্দোলনৰ ক্ষেত্ৰতো এইষাৰ কথা প্রযোজ্য। ভক্তি আন্দোলন বা ভক্তিধৰ্মৰ ফলশ্ৰুতি হিচাপে বিকাশ লাভ কৰিছে বৈষ্ণৱ ধর্মই। বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা বিষ্ণু বৈদিক দেৱতা। ঋগবেদত বিষ্ণু আদিত্যসকলৰ এজন সূর্যদেৱ। শতপথ ব্রাহ্মণত বিষ্ণুৱেই দেৱশ্রেষ্ঠ। পিছলৈ বিষ্ণুৱেই সাত্বতসকলৰ বাসুদেৱ, পাঞ্চৰাত্ৰসকলৰ নাৰায়ণ আৰু আভীৰসকলৰ গোপালকৃষ্ণৰ লগত অভেদ হৈ শ্রেষ্ঠ দেৱতাৰূপে পৰিগণিত হয়।

ঐতিহাসিকভাৱে বৈষ্ণৱ ধৰ্ম অতীজৰে পৰা ভাৰতত প্ৰচলিত আছিল যদিও গুপ্তযুগ পর্যন্তই ৰাজকীয় ধৰ্ম হৈ উঠা নাছিল, গুপ্তসকলেই বিশেষকৈ সমুদ্রগুপ্ত (৩৩৫-৩৭৫ খৃঃ) ভাৰতৰ প্ৰথম ৰজা যিয়ে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। গুপ্ত ৰাজত্বৰ সমসাময়িকভাৱে বৈষ্ণৱ জাগৰণ বা ভক্তি আন্দোলনক ‘খ্ৰীষ্টীয় সপ্তম দশম শতাব্দীত তামিল দেশৰ আলৱাৰ ভক্তসকলে অধিক জনপ্ৰিয় কৰি তোলে। 'আলৱাৰ' শব্দৰ অৰ্থ হ'ল 'ভক্তি জ্ঞান সমুদ্রত বুৰ গৈ থকা ব্যক্তি।' ষষ্ঠ শতিকাৰ শেষভাগত পল্লৱ ৰাজবংশৰ উত্থানৰ সময়তে আলোৱাৰসকলে বিষ্ণু আৰু শিৱৰ মাধ্যমেৰে ভক্তিমাৰ্গৰ প্ৰচাৰ আৰম্ভ কৰে। অৱশ্যে আলোৱাৰসকলৰ আবিৰ্ভাৱ এক আকস্মিক ঘটনা নহয়, ই এক ঐতিহাসিক আৰু মনস্তাত্বিক পৰিণাম হিচাপেই গণ্য কৰিব পাৰি। ধৰ্মীয় ৰূপ মত দ্বন্দ্বৰ মাজত মানুহক আধ্যাত্মিক চেতনাৰ এক পৰিশীলিত ৰূপ দিয়াত আলোৱাৰসকলেই প্রথম পদক্ষেপ আগবঢ়াইছিল। বাৰজন প্রধান আলোৱাৰৰ ভিতৰত চণ্ডাল, শুদ্ৰ আৰু স্ত্রীও আছিল আৰু তেওঁবিলাকৰ প্ৰকৃত সময়কাল ষষ্ঠৰ পৰা দশম শতিকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। এই আলোৱাৰ সম্প্ৰদায়ৰ পৰৱৰ্তী সময়ত সমগ্ৰ উত্তৰ আৰু দক্ষিণ ভাৰতত ভক্তি আন্দোলনে প্রসাব লাভ কৰিছিল। দক্ষিণ ভাৰতৰ এই আলোৱাৰসকলে যি নৱবৈষ্ণৱ জাগৰণৰ সূত্ৰপাত ঘটাইছিল পৰৱৰ্তী সময়ত তাৰ নেতৃত্ব দিছিল একোজন বৈষ্ণবাচাৰ্যই। এইসকলৰ ভিতৰত আলোৱাৰসকলৰ গীত গদৰ সংগ্ৰহ 'নালায়িৰ দিব্য প্ৰৱন্ধম'ৰ লেখক (সংগ্রাহক) নাথমুনীয়েই অগ্রণী।' আলোৱাৰসকলৰ আন্দোলনক নৱবৈষ্ণৱ আন্দোলন বুলি কোৱা হয় কাৰণ ইয়াৰ আগলৈকে বৈষ্ণৱপছ মন্দিৰকেন্দ্ৰিক গোড়া ভাৱৰ কর্মকাণ্ড বহুল আছিল। তদুপৰি ভগৱানৰ পূজাৰ অধিকাৰ কোৱল এক বৰ্ণ পুৰুষসকলৰহে আছিল। শুদ্ৰ আৰু নাৰীৰ স্থান নিম্নখাপৰ আছিল। কিন্তু আলোৱাৰসকলে প্রচলিত জাতি-বিভেদৰ অন্তঃ সাৰশূন্যতা উদঙাই দেখুৱাইছিল। এইদৰে আলোৱাৰসকলে ভক্তি আন্দোলনৰ প্ৰথম বুনিয়াদ গঢ়ি তোলে।

আলোৱাৰসকলৰ সমসাময়িকভাৱে অষ্টম শতিকাত কোলাৰ ব্ৰাহ্মাণ আদি গুরু শংকৰাচাৰ্যই অদ্বৈতবাদী দর্শনেৰে বৈষ্ণৱ ভক্তি আন্দোলনক সুকীয়া মাত্রা প্রদান কৰে। কিন্তু একাদশ শতিকাত আবির্ভূত ৰামানুজে শংকৰাচাৰ্যই অদ্বৈতবাদী দর্শনেৰে বৈষ্ণৱ ভক্তি আন্দোলনক সুকীয়া মাত্ৰা প্ৰদান কৰে। কিন্তু একাদশ শতিকাত আবির্ভূত ৰামানুজে শংকৰাচাৰ্যৰ অদ্বৈত আৰু মায়াবাদক অস্বীকাৰ কৰে আৰু ভগৱানৰ প্ৰয়োজনীয়তাৰ বাণী প্ৰচাৰ কৰে। দ্বৈতবাদক ভিত্তি কৰি কৰ্ণাটকত 'দাসকূট' নামে ভক্তি আন্দোলন গঢ়ি উঠে। এই আন্দোলনৰ গুৰি ধৰে শ্ৰীপাদৰায় আৰু তেওঁৰ পুত্ৰ ব্যাসৰায়ে। সমান্তৰালভাৱে মহাৰাষ্ট্ৰত সন্ত জ্ঞানেশ্বৰে ভক্তি আন্দোলনৰ গুৰিবঠা ধৰে আৰু পৰৱৰ্তী সময়ত ৰামানন্দই ভক্তি ধৰ্মৰ সোঁত উত্তৰ ভাৰতলৈ বোৱাই আনে। তেওঁৰ প্ৰধান শিষ্য কৰীৰে একেশ্বৰবাদী ধাৰণা বিয়পাই দিয়ে। উত্তৰ ভাৰতত ভক্তিধৰ্মক প্ৰসাৰিত কৰে বল্লভাচার্য, ধর্মদাস, মলুকদাস, শ্ৰণীদাস, দাদুদয়াল, সুৰদাস, তুলসীদাস, মীৰাবাঈ আদিয়ে। কথিত আছে ৰামানন্দই দক্ষিণৰ দ্ৰাবিড় দেশৰ পৰা ভক্তি পন্থ আনি উত্তৰ ভাৰতত স্থাপন কৰেহি। এই প্ৰসংগতে এটা প্রাচীন হিন্দী বচন আছে:

 ভক্তি দ্রাবিড় উপজী

লায়া ৰামানন্দ।

কবীৰণে প্ৰকট কিয়ো

সপ্ত দ্বীপ নৌখও৷৷

অর্থাৎ ভক্তি দ্রাবিড় দেশত ওপজে, ৰামানন্দই লৈ আহে আৰু কৰীৰে সপ্তদ্বীপ আৰুনৱখণ্ড পৃথিৱীত প্রকট কৰি দিয়ে। ষোড়শ শতাব্দীৰ আদিভাগত বল্লভাচাৰ্যই শুদ্ধাদ্বৈত দার্শনিক সিদ্ধান্ত আৰু ভক্তি ধৰ্মৰ পুষ্টিমাৰ্গ মথুৰা বৃন্দাবন অঞ্চলত আৰু পিছত গুজৰাট আদি অঞ্চলত প্ৰচাৰ কৰে।" বংগদেশত চৈতন্যদেৱ, উৰিষ্যাত চৈতন্যদেৱৰ শিষ্য ৰসিকানন্দই বৈষ্ণৱ আন্দোলনক প্ৰসাৰিত কৰে। ভাৰতৰ পূব প্ৰান্তত অসম ৰাজ্যত ভক্তিধৰ্মৰ প্ৰৱেশ ঘটে পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জৰিয়তে। শংকৰদেৱে সৰ্বভাৰতীয় প্ৰেক্ষাপটত ভক্তি আন্দোলনৰ স্বৰূপ অধ্যয়ন কৰি তাৰ সাৰ অংশ লৈ পূৰ্বৰে পৰা অসমত প্ৰৱাহিত হৈ থকা বৈষ্ণৱ ধৰ্মৰ ক্ষীণ সুঁতিটোত গভীৰত্ব প্ৰদান কৰি নব্য আদর্শ-দৰ্শন, নব্য মূল্যবোধ তথা ধ্যান-ধাৰণাক সংস্থাপিত কৰে আৰু তেৰাৰ প্রজ্ঞা, সাধনা আৰু সমাজ চেতনাৰ অপূৰ্ব সমাহাৰত অসমত বৈষ্ণৱ ভক্তি জাগৰণৰ সৃষ্টি কৰে। এই বৈষ্ণর ভক্তি জাগৰণেই কালক্ৰমত নৱবৈষ্ণৱ আন্দোলন হিচাপে পৰিচিতি লাভ কৰে। মহাপুৰুষজনাই সৰ্বভাৰততে বিস্তৃত ভক্তি আন্দোলনক অসমৰ সমাজ জীৱনৰ লগত খাব খোৱাকৈ সজাই পৰাই লৈছিল আৰু তাৰ আদৰ্শ-দৰ্শন জনসাধাৰণৰ মাজত বিলাই দিছিল।

লক্ষণীয় যে অতি প্রাচীন কালৰে পৰা অসমত শৈৱ, শাক্ত আৰু বৈষ্ণৱ ধৰ্ম সমান্তৰালভাৱে প্ৰচলিত হৈ থকাৰ কথা জনা যায়। এই ক্ষেত্ৰত বিভিন্ন শিলালিপি, তামৰফলি, স্থাপত্য-ভাস্কৰ্য আদি ইয়াৰ উৎকৃষ্ট নিদৰ্শন। দ্বাদশ শতিকাৰ ৰজা ধৰ্মপালৰ পুষ্পভদ্রা তাম্ৰশাসন আৰু পঞ্চদশ শতিকাৰ আদি ভাগৰ স্বধয়াপুৰীৰ (উত্তৰ লক্ষীমপুৰ) ৰজা সত্যনাৰায়ণ লক্ষ্মীনাৰায়ণৰ তাম্রশাসনত বৈষ্ণৱ ধৰ্মৰ অস্তিত্ব ভালকৈ অনুমান কৰিব পাৰি। প্ৰাচীন কামৰূপত প্ৰচলিত বিষ্ণুপূজাৰ লগত তন্ত্র-মন্ত্ৰও জড়িত হৈ আছিল। অৱশ্যে প্রাচীন কামৰূপত শৈৱ আৰু শাক্ত ধৰ্মৰ প্ৰাৱল্য অধিক আছিল। কিন্তু বৈষ্ণৱ ধৰ্মৰ ক্ষীণ সুঁতি এটিও প্রৱাহিত হৈ আছিল। শংকৰদেৱৰ পূৰ্বৰ কবিসকলৰ ৰচনাতো বৈষ্ণৱ প্ৰভাৱ সুস্পষ্ট। প্ৰাক্‌ংকৰী যুগৰ কবি হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলি আদিৰ ৰচনাত বিষ্ণুক শ্রেষ্ঠ দেৱতা হিচাপে প্ৰতিপন্ন কৰাৰ প্ৰয়াস দেখা যায়। সেইদৰে ভাগৱত চৰ্চাৰ কথাও পোৱা যায়। কিন্তু প্ৰাক্-শংকৰী যুগৰ বৈষ্ণৱ ধৰ্মৰ ধাৰাই জনসাধাৰণক প্লাৱিত কৰা নাছিল আৰু তান্ত্ৰিক বৈষ্ণৱমাৰ্গ জনসাধাৰণৰ উপযোগীও নাছিল।

ভাৰতৰ প্ৰাচীনতম গ্ৰন্থ ঋকবেদত কোৱা হৈছে ‘একংসদ বিপ্লাঃ বহুধা বদন্তি' অর্থাৎ সত্য বস্তু একেটাই, জ্ঞানীসকলেহে তাক ভিন ভিন নাম দি মাতে। ঋকবেদৰ পুৰুষ সূক্তৰ বিৰাট পুৰুষৰ কল্পনাতেই গঢ় লোৱা একেশ্বৰবাদৰ ধাৰণাটোৱে বৈদিক কালৰে পৰা ভাগৱত গীতৰ সময়লৈকে ভাৰতীয় চিন্তাৰ ঘাই সুঁতি ৰূপে প্ৰৱাহিত হৈ আছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন ভাৱৰ সংমিশ্রণ, নতুন নতুন ধর্মমতৰ আৱিৰ্ভাৱ এই একেশ্বৰবাদ সনাতন সত্য ‘ছিন্না ভৈৰিব স্বন্দ্বীতং শাৰদং চন্দ্ৰমণ্ডলম্'— ডোখৰা ডুখুৰি ডাৱৰে ঢাকি যোৱা শাৰদীয় জোনৰ দৰে 'দৃশ্যমানম দৃশ্যঞ্চ’ অর্থাৎ দেখা-নেদেখা হৈ পৰিছিল। স্বয়ং বিৰাট পুৰুষ বুলি নিজে পৰিচয় দিয়া গীতাৰ শ্ৰীকৃষ্ণক স্বয়ং ভগৱান বুলি স্বীকাৰ কৰি, বেদৰ একেশ্বৰবাদ আৰ্য সত্যক মহাপুৰুষে আকৌ প্ৰতিষ্ঠা কৰে। নানা ধর্মমত, নানা দেৱ দেৱীৰ নামত সংঘটিত অনেক ব্যয়বহুল আচাৰ-ব্যৱহাৰ আৰু ক্ৰিয়া-কাণ্ডই সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছিল। সমাজ জীৱনৰ এনে এক জটিল সন্ধিক্ষণত ভাৰতবৰ্ষৰ অন্যান্য বৈষ্ণৱাচাৰ্যসকলৰ দৰেই অসমাকাশত আবিৰ্ভাৱ হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। মহাপুৰুষজনাৰ আৱিৰ্ভাৱৰ সময়ছোৱাত অসমৰ ধৰ্মীয় পৰিৱেশ কদৰ্য হৈ আছিল।

ই দেশত পূর্বকালে নাছিলে ভকতি।

নানা ধর্ম কর্ম লোকে কৰিল সম্প্ৰতি।।

নানা দেৱ পূজয় কৰয় বলিদান।

হংস ছাগ পাৰ কাটে অসংখ্য প্রমাণ।।

তপ-জপ-যজ্ঞ দান তীর্থ স্নান কৰে।

ঘোৰ নৰকত পৰি পৰি সবে মৰে।।

খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ সমসাময়িক কালছোৱাত অসমবাসী অনৈতিকতা, অন্ধবিশ্বাস, কু-সংস্কাৰ, ধৰ্মীয় গোড়ামি আৰু মানৱতাবোধৰ অৱমূল্যায়নৰ দৰে অন্ধকাৰ খাৱৈত কবকাই আছিল। প্রচণ্ড বর্ণবাদ, গোষ্ঠীবাদ, জড়পূজা, ব্যক্তিপূজা, চুৰি ডকাইতি, নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, নৰবলি, ৰজাঘৰীয়া অত্যাচাৰ, নাৰী ধৰ্ষণ, যুদ্ধ-বিগ্রহ আদিয়ে চৰম পৰ্যায়ত উপনীত হৈছিল। কিন্তু মহাপুৰুষজনাই তেওঁৰ ছকুৰি বছৰীয়া জীৱনটোৰ (১৪৪৯-১৫৬৮) মাজৰে সচেতনতা, শুদ্ধ বৌদ্ধিক চিন্তা-চৰ্চা, সাম্য-মৈত্রী-ভাতৃত্বভাৱৰ প্ৰয়োগেৰে, কঠোৰ পৰিশ্ৰম তথা ত্যাগৰ মাজেৰে অপৰাধবিহীন, সু-শৃংখল এক সবল সমৃদ্ধিশালী জাতি তথা সমাজ গঠনত নিজকে আত্মনিয়োগ কৰিছিল। শংকৰদেৱে জনসাধাৰণে হৃদয়ংগম কৰিব পৰাকৈ নিজৰ বৈষ্ণৱ ধৰ্মীয় মত তেওঁলোকৰ আগত দাঙি ধৰিছিল। ইয়াৰ বাবে অতি সূক্ষ্মভাৱে পূৰ্বসূৰীসকলৰ দৰ্শন পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰি, দুবাৰ তীৰ্থ ভ্ৰমণৰ অভিজ্ঞতা সঞ্চয় কৰি, বিভিন্ন ধর্মানুৰাগী সম্তসকলৰ সংস্পৰ্শলৈ আহি নিজস্ব শাস্ত্ৰ জ্ঞানৰ সংমিশ্রণ ঘটনাই জনসাধাৰণৰ বাবে সহজ-সৰল আৰু আচৰণীয় ভক্তি
পস্থা নিৰ্মাণ কৰিছিল—

নালাগে ভক্তিত দৈব দ্বিজ ঋষি হুইবে
নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে।। 
জপ-তপ যজ্ঞ জ্ঞান সবে বিড়ম্বণ
কেৱল ভক্তিত তুষ্ট হোস্তে নাৰায়ণ।।

আকৌ ভক্তিৰো ন-বিধ ভাগৰ ভিতৰত শ্ৰৱণ কীৰ্তনৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰিছে– 

জ্ঞানত কৰ্মত কৰি
ভকতিসে মহাশ্রেষ্ঠ
ভকতি মধ্যত শ্রেষ্ঠ দুই
শ্ৰৱণ-কীৰ্তন ইটো

আক ধৰিলেক যিটো

বিধিৰ কিংকৰ সিটো নুই ।

শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ মূল কথাখিনি এনেধৰণৰঃ (১) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত ধৰ্মৰ নাম ‘এক শৰণ নাম ধৰ্ম”। এই ধর্ম কৃষ্ণ ভক্তি আধাৰিত ভাগৱত পুৰাণ আৰু গীতা এই ভক্তিমাৰ্গৰ প্ৰধান শাস্ত্ৰ।

শাস্ত্ৰৰ উত্তম      গীতা ভাগৱত

           ধৰ্মৰ উত্তম নাম।

দেৱৰ উত্তম         দৈৱকী নন্দন

          চৰণে কৰো প্ৰণাম ।।

(২) শ্ৰৱণ-কীৰ্তনৰ জৰিয়তে ভগৱানৰ উপাসনাত গুৰুত্ব আৰোপ। (৩) নানা দেৱ-দেৱীৰ ঠাইত অব্যভিচাৰী ভক্তিৰদ্বাৰা বিষ্ণু বা কৃষ্ণত আশ্রয় গ্রহণ। গতিকে এই ধৰ্মত উপাস্যদের একমাত্র কৃষ্ণ। তদুপৰি কোনো যুগলমূৰ্তিৰ উপাসনাও

(৪) শংকৰদেৱৰ ধৰ্ম ব্যৱস্থা আছিল সম্পূৰ্ণৰূপে অনাড়ম্বৰ। যাগ-যজ্ঞ, তপস্যা, ব্রত, হোম আদি কষ্টসাধ্য, ব্যয়বহুল ক্রিয়া কাণ্ডৰ পৰিৱৰ্তে ‘কৃষ্ণ’ নাম শ্ৰৱণ-কীর্তনেই এই ধৰ্মৰ আচৰণীয় পন্থা।

ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। 

(৫) গুৰু আৰু সৎ সংগৰ শ্ৰেয়স্কৰ প্ৰভাৱ।

(৬) অহিংসা, প্রেম, দয়া আদি মানৱীয় প্রমুল্যযুক্ত সৎ প্রবৃত্তিসমূহৰ কৰ্ষণৰ ওপৰত গুৰুত্ব প্রদান। (৭) ভক্তিমার্গত ব্ৰাহ্মাণ-চণ্ডাল আদি জাত-বিচাৰৰ অসাৰ্থতা আৰু জাতি-ধর্ম-বর্ণ নিৰ্বিশেষে ভক্তিৰ ক্ষেত্ৰত সম অধিকাৰ।

ব্ৰাহ্মণ চণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত দৃষ্টি সমতুল।।

 (৮) এই ধৰ্মত নাম, দেৱ, গুৰু, ভকত এই চাৰিতত্ত্বই প্রধান তত্ত্ব। শংকৰদেৱৰ ধৰ্মৰ এই সহজ-সৰল কথাবোৰ জনসাধাৰণৰ আগত দাঙি ধৰিবলৈ তেওঁ সাহিত্যক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ বিমান সৌধৰ নিদৰ্শন হ’ল— হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, কীর্তন, ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম (আদি), একাদশ, দ্বাদশ, স্কন্ধৰ অনুবাদ, অজামিলোপাখ্যান, বলিছলন, নিমিনৱসিদ্ধ সংবাদ, অনাদি পাতন, ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ, গুণমালা, উত্তৰাকাণ্ড ৰামায়ণ, অমৃত মথন, গজেন্দ্ৰ মোক্ষণ, কুৰুক্ষেত্র, ছয়খন অংকীয়া নাট ক্রমে পত্নীপ্রসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয় আৰু বৰগীতসমূহ। এই ক্ষেত্ৰত বাণীকান্ত কাকতি দেৱৰ এষাৰ মন্তব্য প্রণিধানযোগ্য— “সাহিত্যৰ ওপৰত প্রতিষ্ঠিত হ'ব নোৱাৰিলে কোনো আন্দোলনেই যুগমীয়াকৈ তিষ্ঠিব নোৱাৰে আৰু গীতেই আন্দোলনৰ সহায়কাৰী সাহিত্যৰ প্ৰধান অংগ। নাট-পদ আদিতকৈ গীতবোৰে শংকৰদেৱৰ বৈষ্ণর আন্দোলনক বিপুলভাৱে সহায় কৰিছিল। পাখিলগা কাঁড়ৰ দৰে শংকৰ আৰু মাধৱৰ গীতবোৰ উৰি ফুৰি য'তে পৰিছিল ত’তে নৱ আধ্যাত্মিক ভাৱৰ গুটি সিঁচিছিল।” অৱশ্যে মহাপুৰুষজনাৰ সাহিত্য সৃষ্টিৰ উদ্দেশ্য অকল ধৰ্ম প্ৰচাৰতে সীমাবদ্ধ নাছিল। সাহিত্যৰ মাজেদি প্ৰতিফলিত দৰ্শনে মানুহৰ মানসিক উৎকর্ষ সাধন, ভ্রাতৃত্ববোধৰ বিকাশ সাধন, সামাজিক বৈষম্য দূৰীকৰণৰ জৰিয়তে এটা সুস্থ-সবল অসমীয়া জাতি গঢ়াৰ পথ প্রশস্ত কৰি তুলিছিল। ইয়াৰোপৰি সকলো কাম একেখন চোতালতে গণতান্ত্রিক প্ৰক্ৰিয়াৰে সম্পাদন কৰিবলৈ উদ্বাৱন কৰিছিল নামঘৰৰ। এই সমূহীয়া কৰ্ম-সংস্কৃতিৰ ভিতৰত সামূহিকভাৱে হৰিনাম কীৰ্তন কৰা, গীত-মাত-ভাওনা আদি পৰিৱেশন কৰা, মিলিজুলি একতাৰে কৰ্ম সম্পাদন কৰা আদিয়ে প্রধান।

শ্ৰীমন্ত শংকৰদেৱে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, ৰীতি-নীতি, ধৰ্মীয় মনোভাৱ, জাতি তথা সামাজিক উন্নতিৰ শিখৰত আৰোহণ কৰাবলৈ সমাজ-সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশত নিজৰ বৰঙণি যোগাইছিল। নিজে গীত-মাত, ঘোষা-পদ ৰচনা কৰি গাই-বাই অসমীয়া সমাজত সংস্কৃতিৰ বৰঘৰ শুৱনি কৰিছিল। লগতে ঢালি দিছিল নৃত্য-গীত, ভাওনা ভংগীৰ স্বৰ্গীয় মাধুৰী, যাৰ মোহিনী বাণে সকলোকে ধৰাশয়ী কৰিছিল। বিপুল বৈষ্ণৱ সাহিত্যৰাজি, খোল, তাল, দবা, কাঁহ, শংখ, মৃদংগৰ সৃষ্টি, নাট, সূত্ৰধাৰ, নটুৱা নৃত্য, মুদ্ৰাভংগী আদিয়েই ইয়াৰ জ্বলন্ত উদাহৰণ।

অসমীয়া সমাজৰ আদিৰে পৰা প্ৰচলিত লোককলা ‘বয়নশিল্প’য়ো গুৰুজনাৰ পূণ্য পৰশতে বিশেষ, মর্যাদা লভিছিল। সেইদৰে বাৰ বছৰীয়া তীৰ্থ ভ্ৰমণৰ জৰিয়তে আধ্যাত্মিক জ্ঞান লভি ‘কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱাল, অচম, মুলুক, ৰজক, তুৰক, কুৰাচ, ম্লেচ, চণ্ডাল'ক সহজ-সৰল ভাগৱতী ধৰ্মৰ একেডাল ডোলেৰে বান্ধি জাতীয় একতাৰ ভেঁটি সুদৃঢ় কৰিছিল। নিজ দেশ কাল-পাত্ৰৰ উপযোগীকৈ ভাগৱত শাস্ত্ৰক আধাৰ স্বৰূপে লৈ নাম, দেৱ, গুৰু, ভকত বৈষ্ণৱ ধৰ্মৰ এই চাৰিখুঁটি মাৰি ‘এক দেৱ এক সেৱ এক বিনে নাই কেৱ’ নৱ বৈষ্ণৱ ধৰ্মীয় দর্শনেৰে কৃষ্ণৰ মাহাত্ম্য প্ৰচাৰ কৰি অসমৰ ধৰ্মীয় জগতৰ লগতে সাহিত্য-সংস্কৃতিতো এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। ধৰ্ম প্ৰচাৰৰ অন্যতম বাহনস্বৰূপে বিবিধ শ্ৰেণীৰ সাহিত্য, নামঘৰ, সত্ৰ আদি তেওঁৰ আপুৰুগীয়া অৱদানসমূহে অসমীয়া ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ চৌদিশ সমৃদ্ধ কৰি তুলিছিল।মধ্যযুগৰ ভাৰতবৰ্ষৰ সমাজ-সংস্কৃতিত আলোড়নৰ সৃষ্টি কৰা বৈষ্ণৱ ভক্তি আন্দোলনৰ প্ৰভাৱ মহাপুৰুষজনাৰ ভক্তি আন্দোলনত স্পষ্টৰূপত প্ৰতিফলিত হৈছিল। কিন্তু সূক্ষ্মৰূপত বিচাৰ কৰিলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ভক্তি আন্দোলনক সুদৃঢ় ৰূপ দিয়া অন্যান্য বৈষ্ণৱ ধৰ্মাচাৰ্যসকলৰ দৰ্শন, উপাসনা পদ্ধতি আদিৰ সৈতে শংকৰদেৱৰ অনেক ক্ষেত্ৰত পার্থক্য সূচিত হয়। ইছমাইল হোছেইনদেৱে এক প্ৰাসংগিক আৰু অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল এইদৰে— “শংকৰদেৱৰ দৰ্শন বৈষ্ণৱ দৰ্শন নহয়; একশৰণ দর্শনহে। সেয়ে শংকৰদেৱৰ ধৰ্মৰ নাম বৈষ্ণৱ ধৰ্গ বা নৱ বৈষ্ণবধর্ম নহয়; ই হ'ল ভাগৱতকেন্দ্ৰিক একশৰণ ধৰ্মহে। এই অৰ্থত শংকৰদেৱৰ অনুগামীসকলক বৈষ্ণৱ বুলি নকয়, কাৰণ বৈষ্ণৱসকলে বেদ আৰু শ্ৰুতি মানে; কিন্তু শংকৰীসকলে শৰণ ভজনতহে গুৰুত্ব দিয়ে। এওঁলোকৰ ধৰ্ম সাধনাত ভক্তিবাদে গুৰুত্ব পায়। শংকৰদেৱৰ অনুগামীসকল ভকত বুলি কোৱা হয়। বৈষ্ণৱ আৰু ভকত, ভক্তিমাৰ্গ আৰু জ্ঞানমার্গ, নামযোগ আৰু কৰ্মযোগ, আগম আৰু নিগম আদিৰ পাৰ্থক্য নাজানিলে শংকৰদেৱ চৰ্চাত বিজুতি ঘটে।”

সৰ্বভাৰতীয় নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ সৈতে জড়িত হৈ একেৰাহে বাৰ বছৰ ধৰি এই নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ উৎসভূমি উত্তৰ ভাৰতৰ বিভিন্ন তীর্থক্ষেত্ৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু অনেক শাস্ত্র অধ্যয়নৰ প্ৰজ্ঞাৰে পুষ্ট শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ নামধৰ্মক আন্দোলনটোৰ নামেৰেই 'নৱবৈষ্ণৱ ধৰ্ম' বুলি অভিহিত কৰাৰ প্ৰয়াস কৰা হ'ল। পণ্ডিত মহেশ্বৰ নেওগৰ দৰে বিদ্বান পুৰুষেও শংকৰদেৱৰ ধৰ্মক 'নৱবৈষ্ণৱ ধৰ্ম' বুলি প্ৰতিপন্ন কৰিব বিচাৰিছিল। গতিকে সৰ্বসাধাৰণেও ‘নৱবৈষ্ণৱ ধৰ্ম' বুলি ক'বলৈ আৰু লিখিবলৈ ধৰাত প্ৰকৃত নামকৰণৰ ক্ষেত্ৰত বিভ্রাট সৃষ্টি হ’ল।

শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত একশৰণ নাম ধৰ্ম ভাগৱত পুৰাণৰ ওপৰত আধাৰিত হোৱা বাবে এই ধৰ্মক ‘ভাগৱতী ধর্ম'ও বোলা হয়। ভাগৱতৰ দার্শনিক চিন্তাধাৰা তেওঁৰ ৰচনাৱলীৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ লাভ কৰিছে। তদুপৰি কৃষ্ণকে উপাস্যদেৱ হিচাপে গ্ৰহণ কৰা এই ধৰ্মক ‘মহাপুৰুষীয়া ধৰ্ম' ৰূপেও আখ্যা দিয়া হয়। “শ্রীমদ্ভাগৱতৰ মতে মহাপুৰুষ মানে শ্রীকৃষ্ণ বা শ্ৰীৰামচন্দ্ৰ। শ্ৰীকৃষ্ণ, শ্ৰীৰামক কেন্দ্ৰ কৰি গঢ়ি উঠা ধৰ্মই মহাপুৰুষীয়া ধৰ্ম।”””মহাপুৰুষীয়া ধৰ্ম বা একশৰণ হৰি নাম ধৰ্মত উপাস্যদেৱ একমাত্র কৃষ্ণ, অন্য কোনো দেৱ বা দেৱীৰ এই ধৰ্মত উপাসনা কৰা নহয়। মহাপুৰুষীয়া চাৰি শাস্ত্ৰ (কীর্তন, ধসম, ঘোষা, ৰত্নাৱলী)ত ইয়াৰ স্পষ্ট নির্দেশ বিদ্যমান।

একে বাসুদেৱ তেসে কৰিব ভকতি। 
নকৰিবা আন একো দেৱতাত ৰতি।। 
ভকতি পন্থত এক দেৱ নাৰায়ণ।
শুনা আৰ হেতু সাৱধান কৰি মন।। (ভক্তি ৰত্নাৱলী)

গতিকে শংকৰদেৱ প্ৰচাৰিত ধৰ্ম মূলতঃ একশৰণ হৰি নাম ধৰ্ম। ব্যাসদেৱৰ ব্ৰহ্মসূত্র বা বেদান্ত সূত্ৰৰৰ ওপৰত নিজ নিজ দার্শনিক ভাষ্য ৰচনা কৰি বিভিন্ন বৈষ্ণৱাচার্যই একো একোটা দার্শনিক মতবাদ প্রতিষ্ঠা কৰিছিল। এই দৰ্শনসমূহৰ মূল প্রতিপাদ্য বিষয় হ'ল জীৱ, জগত, ঈশ্বৰ, ব্ৰহ্ম আৰু সৃষ্টিতত্ত্ব। শংকাচাৰ্যৰ প্ৰচাৰিত দার্শনিক মতবাদ 'কেৱলাদ্বৈতবাদ’, ‘মায়াবাদ’, ‘অদ্বৈতবাদ’ আদি নামেৰে জনা যায়। তেওঁৰ মতে, “শোকাদ্ধেন প্ৰৱতার্মি যদ উত্তম গ্রন্থ কোটিভিঃ ব্রহ্ম সত্য জগত মিথ্যা জীবো ব্ৰহ্মৈৱ নাপাৰঃ।” অৰ্থাৎ নির্বিশেষে ব্ৰহ্মাই হ’ল একমাত্ৰ সত্য, চৰাচৰ জগত মায়াৰ ভ্ৰম, এতেকে জগত মিথ্যা আৰু জীৱ হ'ল স্বৰূপতে ব্ৰহ্মই। শংকৰাচাৰ্যৰ মতে, আৰ্জিত জ্ঞানৰ জৰিয়তে জীৱ আৰু ব্ৰহ্মৰ ভিন্নতা নাইকিয়া হ’লেই জীৱই মুক্তি লাভ কৰে। শংকৰাচাৰ্যৰ দার্শনিক মাৰ্গত ভক্তিতকৈ জ্ঞানক শ্রেষ্ঠ বোলা হৈছে। গতিকে শংকৰদেৱ আৰু শংকৰাচাৰ্যৰ ক্ষেত্ৰত ব্ৰহ্মৰ স্বৰূপ আৰু মায়াবাদৰ ক্ষেত্ৰতে পার্থক্য সূচিত হয়। শংতৰাচাৰ্যৰ মত খণ্ডন কৰিবলৈ ৰামানুজাচাৰ্যই বিশিষ্টাদ্বৈতবাদ প্ৰচাৰ কৰে। এওঁৰ মতে এই জগত মায়াময় হ’লৈও মিথ্যা নহয় আৰু জীৱসমূহ অতি ক্ষুদ্ৰ ব্ৰহ্মাৰ অংশ। জীৱ ব্ৰহ্মত লীন যোৱাৰ পৰিৱৰ্তে ব্ৰহ্মানন্দৰ অনুভৱ হয়। জীবাত্মা আৰু পৰমাত্মা একাকাৰ হোৱাৰ বাবে প্ৰয়োজন হয় আত্মসমর্পণ সহিত অচলাভক্তিৰ। ৰামানুজাচাৰ্যৰ মতে ঈশ্বৰ সগুণ আৰু ব্ৰহ্ম যেনেকৈ সত্য, জীৱও তেনেকৈ সত্য। শৰণাগতি বা প্ৰপত্তি (ঈশ্বৰতে সমস্ত অর্পণ কার্য) মতবাদো ৰামানুজাচাৰ্যৰে। এওঁ যুগল মূৰ্তিৰ উপাসক আছিল, অর্থাৎ নাৰায়ণৰ লগত শ্রীলক্ষ্মীকো উপাসনা কৰিছিল। উপাসনাৰ ক্ষেত্ৰত পার্থক্য থাকিলেও ভক্তিবাদৰ ক্ষেত্ৰত শংকৰদেৱৰ লগত ৰামানুজাচাৰ্যৰ দৰ্শনৰ কিছু মিল পৰিলক্ষিত হয়। শ্ৰীমন্ত শংকৰদেৱে নিজ ধৰ্মৰ কোনো দার্শনিক ভাষ্য ৰচনা কৰি থৈ যোৱা নাই। কিন্তু তেওঁৰ ৰচনাৰাজি বিশেষকৈ ভক্তি ৰত্নাকৰত ‘একশৰণ হৰি নাম ধৰ্ম'ৰ দাৰ্শনিক মত স্পষ্ট হৈ আছে। ভাগৱত-পুৰাণখনকেই তেওঁ বেদান্তভাষ্যৰ সমকক্ষ বুলি বিবেচনা কৰিছিল। কিয়নো ‘সৰ্ব্ববেদান্ত সাৰংহি ভাগৱত মিষ্যতে'— অর্থাৎ সকলো বেদান্তৰ সাৰভাগ ভাগৱততে নিহিত হৈ আছে। তদুপৰি গীতাৰ ‘একশৰণ’, ভাগৱতপুৰাণৰ ‘সৎসংগ' আৰু পদ্মপুৰাণৰ সহস্ৰ নামৰ পৰা 'নাম' লৈ তেওঁ নিজস্ব ধৰ্মৰ ভেঁটি প্রতিষ্ঠা কৰি থৈ গৈছে। ভাগৱত পুৰাণৰপৰা উৎকলন কৰা শ্লোকৰ ব্যাখ্যাতে ভাগৱত বেদান্তৰ সাৰস্বৰূপে চিহ্নিত হৈছে আৰু কোৱা হৈছে এই গ্ৰন্থই একমাত্ৰ আৰু শেষ সত্যৰ কথা ব্যক্ত কৰিছে। ইয়াক জানিলেই মানুহৰ মুক্তি লাভ হয়। এনে ব্যাখ্যাৰ ওপৰত দিয়া গুৰুত্বই এটা কথা প্রতীয়মান কৰিছে যে শংকৰদেৱৰ ধৰ্মৰ লক্ষ্য বেদান্তৰ অদ্বৈত ব্ৰহ্মক জনাৰ (নিৰ্গুণ ব্ৰহ্মাক জনাৰ), কিন্তু পথটো বেদবিহিত কৰ্মৰ অথবা দর্শন নিৰ্দেশিত জ্ঞানৰ নহয়। পথটো হ’ল পুৰাণ  নির্দেশিত (ভাগৱত পুৰাণ) ভক্তিৰ, যাৰ লগত বোধ তথা অনুভৱ জড়িত।

ব্ৰহ্ম আৰু ঈশ্বৰ, সগুণ আৰু নিৰ্গুণ তত্ত্বঃ

শংকৰদেৱে কীর্তনঘোষাত “প্রথমে প্রণামো ব্ৰহ্মৰূপী সনাতম।/সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ।।” বুলি ব্ৰহ্মাৰূপী সনাতন অর্থাৎ সগুণ ব্ৰহ্ম নাৰায়ণ যি সর্ব অৱতাৰৰ কাৰণ তেওঁক প্ৰাৰ্থনা জনাইছে। তদুপৰি সগুণ ঈশ্বৰৰ যোগেদি নিৰ্গুণ ব্ৰহ্মৰ উপাসনা কৰিছে। গতিকে ঈশ্বৰৰ সগুণ আৰু নিৰ্গুণ দুয়োটা তত্ত্বকে স্বীকাৰ কৰিছে।

“শংকৰদেৱৰ মতে ব্ৰহ্ম নিৰ্গুণো গুণী। কিন্তু শংকৰাচাৰ্যৰ মতে মাত্ৰ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মহে একমাত্র তত্ত্ব, ইয়াৰ বাহিৰে দ্বিতীয় নাই। ঈশ্বৰ ব্যৱহাৰিক সত্য মাত্ৰ। ঈশ্বৰ মায়াৰ অধীন, অলীক। কিন্তু শংকৰদেৱৰ মতে ঈশ্বৰ মায়াৰ গৰাকী অর্থাৎ মায়া ৰৰ শক্তি আৰু অধীন। আনহাতে ৰামানুজাচাৰ্যৰ বিশিষ্টাদ্বৈতবাদৰ মতে জীৱ আৰু জগত ব্ৰহ্মাৰ পৰা পৃথক। কিন্তু শংকৰদেৱৰ মতে জীৱ ব্ৰহ্মৰ অংশ আৰু জীৱ ব্ৰহ্মাৰ লগত লীন হ’ব পাৰে। যদিও তেৰাৰ ভক্তিধৰ্মৰ মুক্তি শেষ লক্ষ্য নহয়, ভক্তিহে মূল লক্ষ্য। *** মায়াৰ স্বৰূপঃ

শংকৰদেৱৰ মতে, 'ভকতি বিৰোধী বিষয় সব মায়া’ (বৰগীত)। মায়া ভগৱানৰ শক্তি। ভকতিৰ যোগেদি এই মায়া শক্তিক দমন কৰিব পাৰিলে ঈশ্বৰৰ স্বৰূপ বুজিব পাৰি। জগতৰ মূল ব্ৰহ্ম সত্য, ইয়াৰ ৰূপবিলাক অসত্য। সকলো ব্ৰহ্মাৰ অংশ জগতক ঈশ্বৰৰ শৰীৰ বা জীৱনক ঈশ্বৰৰ অংশ বুলি কৈছে—

যত লতা তৰু তৃণ           কাহাকো নেদেখি ভিন্ন

হৰিৰ শৰীৰ বুলি মানে। (নিমিনৱসিদ্ধ সংবাদ)

শংকৰদেৱৰ মতে, মায়া ঈশ্বৰৰ শক্তি। পাৰ্থিৱ বস্তু তথা পুত্র ভার্যা আদি মায়াময় অসাৰ যদিও ভক্তিৰ দৃষ্টিৰে চালে মায়া আঁতৰি যায়। 

পুত্ৰ পত্নী সৱাকো সেৱক কৰি দিব। আপুন প্ৰাণকো কৃষ্ণ পাৱত অৰ্পিব।।

তেৰাই জীৱজগতৰ মূল ঈশ্বৰ বস্তু বুলি ঠাৱৰ কৰি পৰিদৃশ্যমান জগতৰ ব্যাখ্যা আগবঢ়াইছে—

বুলিবা অসত্য যেৱে হোৱয় জগত।

কিসক প্রকাশ তেৱে সত্য যেন মত।।

ইহাৰ উত্তৰ শুনিয়োক কৃপাময়

মায়াৰ গুণক তুমি কৰিছা আশ্রয়।। 

তুমিসে প্রমত্ত প্ৰভু ধৰা বহু ৰূপ।

তুমি বিনে বস্তু নাই কহিলো স্বৰূপ।। (ভক্তি-ৰত্নাৱলী)

ভাগৱতৰ মতে ঈশ্বৰৰ পৰা মায়া উদ্ভৱ আৰু ই ঈশ্বৰৰ শক্তি। ঈশ্বৰ মায়িক সৃষ্টি নহয়।

বিৱৰ্ত আৰু পৰিণামঃ


বিৱৰ্তৰ অৰ্থ ভ্ৰম আৰু এটা বস্তুৰ পৰা অন্য এটা বস্তু প্রত্যক্ষ কৰা কাৰ্যই পৰিণাম। বিৱৰ্তবাদীৰ মতে ব্ৰহ্ম, মাত্র সত্য জীৱজগত ভ্ৰম মাত্ৰ। ব্ৰহ্ম নিৰ্গুণ আৰু অকৰ্তা। কিন্তু পৰিণামবাদীৰ মতে, ব্ৰহ্মা অকর্তা হৈও কর্তা আৰু নিৰ্গুণ হৈ গুণবিশিষ্ট অর্থাৎ নিৰ্গুণো গুণী ভাগৱতে পৰিণামবাদকহে সমৰ্থন কৰে, কাৰণ ইয়াত ঈশ্বৰ আৰু ব্ৰহ্মৰ মাজত কোনো ভেদ নাই। শ্রীমন্ত শংকৰদেৱৰ মতে ঈশ্বৰ মায়াকল্পিত নহয়, বৰং কাল, মায়াদিৰ অধিকাৰী এক পৰম সত্য তত্ত্ব।”

শংকৰদেৱে একে মাটিৰ পৰা নিৰ্মিত সকলো মাটিৰ পাত্ৰৰ মূলতে যে মাটি অর্থাৎ পৰিণামবাদৰ মতে বস্তুৰ আদি অন্ত ঈশ্বৰ বুলি স্বীকৃতি দিছে। 

যেন ঘট মাটি ব্যতিৰেকে আন নাই।

ঘট ভাঙ্গিলেও মাটি হোৱে সমুদাই।।

ঘটৰ পূৰ্বত মাটি থাকে নিৰন্তৰে। 

সেহিমতে তুমি প্রভু ইটো জগতৰে।।

আলোচনাৰ শেহান্তত দেখা হ’ল শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় দৰ্শন ভাগৱত শাস্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত আৰু এক ঈশ্বৰবাদী। 'কৃষ্ণস্ত ভগৱান স্বয়ম' এই পৰম তত্ত্বৰ আধাৰত 'এক দেৱ এক সেৱ এক বিনে নাই কেৱ' বুলি একাগ্রচিত্তে হৰি নাম শ্ৰৱণ কীৰ্তনেৰে অব্যভিচাৰী ভক্তিৰে ঈশ্বৰৰ উপলব্ধি কৰাই শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ মূল কথা।
Previous Post Next Post