ড° ৰাতুল চন্দ্ৰ বৰা।
শ্ৰীমন্ত শঙ্কৰদেৱৰ ভক্তি-আন্দোলন ভাৰতবৰ্ষৰ মধ্যযুগৰ ভক্তি আন্দোলনৰ অংশ। এই ভক্তি আন্দোলন মূলতে ধৰ্ম সংস্কাৰৰ আন্দোলন। ভাৰতবৰ্ষত যুগে যুগে বর্ণাশ্রম ধর্মই বা ব্রাহ্মণ্য ধর্মই সমাজত অস্পৃশ্যতা আৰু জাতিভেদৰ প্ৰবল প্ৰাচীৰ হিচাপে থিয় দি সমাজৰ মানুহৰ মাজত উচ্চ-নীচ ভাৱধাৰাৰ সৃষ্টি কৰিলে। ইয়াৰ ফলত সমাজৰ অধিকাংশ লোকক ধৰ্মৰ নামত তথাকথিত উচ্চ বৰ্ণৰ লোকে শোষণ আৰু শাসন কৰিবলৈ ধৰিলে। সমাজত চতুবৰ্ণৰ ব্যৱস্থাই মানুহক ভাগ ভাগ কৰিলে। তথাকথিত শূদ্রসকল এনে শোষণৰ বলি হ'ল। শূদ্ৰৰ বাহিৰেও স্ত্রী আৰু তথাকথিত চণ্ডাল বা নীচ জাতিৰ লোকৰ সামাজিক অৱস্থা অতি দুখজনক আছিল৷ তথাকথিত ব্রাহ্মণ বা উচ্চবৰ্ণৰ মানুহৰ স্থান উচ্চ স্থানত আছিল৷ ভাৰতবৰ্ষৰ মূল ধৰ্ম হৈছে সনাতন ধৰ্ম – যিটোক পিছৰ কালত বিদেশী আক্ৰমণকাৰী লোকে হিন্দু (সিন্ধু নদীৰ পাৰত বাস কৰাসকল) বুলি চিনাক্ত কৰিলে। গতিকে সেই মানুহবোৰৰ ধৰ্মক হিন্দুধৰ্ম বুলি কোৱা হ’ল। এই হিন্দু ধৰ্মত ধৰ্মৰ নামত জাতিভেদ, অস্পৃশ্যতা, নানা দেৱ-দেৱীৰ পূজা সামাজিক কঠোৰ নীতি-নিয়ম আদিয়ে সমাজত নানা সমস্যাৰ সৃষ্টি কৰিলে। ফলত সমাজৰ অধিক সংখ্যক মেহনতি জনতাৰ জীৱন দুর্বিসহ হৈ পৰে। হিন্দুধৰ্মৰ কঠোৰ নিয়ম-নীতিৰ ফলত তথাকথিত নিম্নবৰ্গৰ মানুহৰ জীৱন অতি দুখজনক হৈ পৰিলে। এনে অৱস্থাতে মুছলমানসকলে ভাৰতত প্ৰৱেশ কৰিলে আৰু ইছলাম ধৰ্মই সমাজত স্থান লাভ কৰিলে। এই ইছলাম ধৰ্মত হিন্দুধৰ্মৰ দৰে কঠোৰ নীতি-নিয়ম নাই, অস্পৃশ্যতা নাই বা জাতিভেদ নাই গতিকে বহুতো তথাকথিত নিম্নস্তৰৰ হিন্দু যেনে হৰিজন আদিয়ে ইছলাম ধর্ম গ্ৰহণ কৰিলে৷ এনেদৰে উপৰোক্ত কাৰণসমূহৰ ফলত মধ্যযুগত ভাৰতবৰ্ষত এক ধৰ্মীয় সংস্কাৰৰ আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলন প্ৰথমতে দক্ষিণ ভাৰতত আলোৱাৰসকলে আৰম্ভ কৰিছিল। তেওঁলোকৰ বাৰ্জন প্রধান আলোৱাৰে খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা একাদশ শতিকালৈ ভক্তি ধৰ্মৰ চৰ্চা আৰু প্ৰচাৰ কৰিছিল। এই ভক্তিধৰ্মৰ প্ৰধান বৈশিষ্ট্যবিলাক হৈছে (১) বর্ণবিচাৰ বা জাতিভেদ নাছিল (২) বহু দেৱ-দেৱতাৰ ঠাইত এক বিষ্ণুৰ পূজা কৰিছিল (৩) ভগৱানৰ নাম কীৰ্ত্তন কৰিছিল (৪) ভক্তিমূলক গীত ৰচনা কৰি সেইবিলাক মুখে মুখে প্রচলন হৈছিল (৫) স্ত্রী-শূদ্ৰ আদি সকলোৱে এই ধৰ্ম ধাৰণ কৰিব পাৰিছিল (৬) নাৰীও ধৰ্মৰ গুৰিয়াল হ’বপাৰিছিল। কিন্তু ভক্তি-ধৰ্মৰ ধাৰা প্ৰধানকৈ একাদশ-দ্বাদশ শতিকাৰ পৰাহে প্ৰৱল হবলৈ ধৰে। মধ্যযুগত বিভিন্ন প্ৰান্তত যিসকলে এই ভক্তি আন্দোলনৰ গুৰি ধৰিছিল, সেইসকলৰ ভিতৰত ৰামানুযাচাৰ্য, ৰামানন্দ, কবীৰ, দাদু, নামদেৱ, মীৰাবাই, সুৰদাস, গুৰুনানক আদিসকল। এই ভক্তি আন্দোলনৰ গুৰিতে আছে ভগবদ্গীতা আৰু ভাগৱত মহাপুৰাণ।
উত্তৰ-পূৱ ভাৰতত ভক্তি আন্দোলনৰ পাতনি মেলে শ্ৰীমন্ত শঙ্কৰদেৱে (১৪৪৯-১৫৬৮ খ্ৰীঃ) তেৰাৰ নেতৃত্বত মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ, ভট্টদেৱ, আদিসকলে অসম-কমতা-বেহাৰত ভক্তি আন্দোলন ব্যাপক কৰি তোলে। শঙ্কৰদেৱৰ সময়ত সমাজখন বহুক্ষেত্ৰত পিছপৰা আছিল। সমাজৰ প্ৰায়সকল লোকৰ ধৰ্মৰ কোনো অধিকাৰ নাছিল। সমাজত বহুতো অন্ধবিশ্বাস আৰু কুসংস্কাৰে পৰিপূৰ্ণ আছিল। এনে অৱস্থাত শঙ্কৰদেৱে গীতা-ভাগৱত শাস্ত্ৰৰ ভিত্তিত একশৰণ হৰি নামধৰ্ম প্ৰৱৰ্তন কৰি জাতি, ধর্ম, বর্ণ নির্বিশেষে সমাজৰ সকলো লোককে এই ধর্ম বিলাই দিলে— ফলত সমাজৰ যুগ যুগ ধৰি অৱহেলিত ঘৃণিত লোকে জাকে জাকে শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰচাৰিত ধৰ্ম আৰু সংস্কৃতি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল। তেৰাই জনগণৰ মুখৰ ভাষাত শাস্ত্ৰ ৰচনা কৰি সেইবিলাক কীৰ্ত্তন কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিলে। জনসাধাৰণে শাস্ত্ৰৰ জটিল তত্ত্ব গুৰুজনাৰ সহজ-সৰল ভাষাত বুজি পালে আৰু সেইবিলাকৰ পদ আওঁৰাবলৈ ধৰিলে। শঙ্কৰদেৱে অকল শাস্ত্ৰ ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল— সেইবিলাক সুৰ লগাই উচ্চস্বৰে গাবলৈ ‘কীৰ্ত্তন-ঘোষা’ ৰচনা কৰিলে, ভাগৱতৰ প্ৰায়বোৰ অধ্যায় নিজেই অসমীয়া পদলৈ অনুবাদ কৰিলে আৰু তেৰাৰ অন্য শিষ্যকো ভাগৱতৰ কোনো কোনো স্কন্ধ, অধ্যায় মূল সংস্কৃতৰ পৰা অনুবাদ কৰিবলৈ দিলে। এনেদৰে কঠিন সংস্কৃত শাস্ত্ৰৰ তত্ত্ব বা কাহিনীবোৰ সহজ-সৰল অসমীয়া ভাষাত সৰ্বসাধাৰণে বুজিব পৰাকৈ লিখি উলিয়াই সেইবিলাক সুৰ লগাই পাঠ কৰিবলৈ ধৰিলে। বাচি বাচি কিছুলোকক ভকত কৰি সেইবিলাকৰ পাঠ প্রসঙ্গ, আদিৰে গোটেই সমাজত এক ধৰ্ম বিপ্লৱ আৰম্ভ কৰিলে। শাস্ত্ৰৰ লগতে দৃশ্য-শ্রাব্য কৌশল অর্থাৎ নাট (চিহ্নযাত্রাকে আদি কৰি), গীত (বৰগীত, ভটিমা, চপা আদি) ব্ৰজাৱলী ভাষাত লিখি সেইবিলাক জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰি দেখুৱালে। মানুহে সেইবিলাক দেখি-শুনি তন্ময় হ'ল। নৃত্যৰ প্ৰচলন কৰিলে। মুঠতে গীত-নৃত্য, বাদ্য (খোল-তাল)ৰ দ্বাৰা মানুহৰ মনত বিমল আনন্দ বিলাবলৈ ধৰিলে। সমাজৰ সকলো জাতিৰ লোকৰ মাজত উচ্চ নীচ ভেদ নাৰাখি সকলো একগোট হল। একে ঠাইতে সকলো গোট খালে— নামঘৰ সৃষ্টি হ’ল। প্ৰথমে থানত হৰিগৃহ বা কীৰ্ত্তনগৃহ সাজি তাত ধৰ্ম চৰ্চা কৰিছিল। পিছলৈ সামূহিক অনুষ্ঠান— নামঘৰ নিৰ্মাণ কৰি সৰ্ব্বসাধাৰণ লোকক একগোট কৰি বিভিন্ন কাৰ্যসূচীৰ আৰম্ভ কৰিলে। সমাজত শান্তি শৃঙ্খলাৰ সৃষ্টি হ’ল। মানুহৰ মনত শান্তিৰ ভাৱ, প্ৰেম ভাৱৰ উদয় হ’ল। ভক্তি ধৰ্মৰ প্ৰচাৰে মানুহবিলাকক সংস্কৃতিবান কৰি তুলিলে। শ্ৰীমন্ত শঙ্কৰদেৱে এই কৰ্মত তেৰাৰ লগত মহাপুৰুষ মাধৱদেৱ আদিকে ধৰি কেইগৰাকীমান প্রধান শিষ্যক এই আন্দোলনৰ অংশীদাৰ কৰি ললে। এইদৰে অসম কামৰূপ(কমতা)-বেহাৰ এই তিনিও ৰাজ্যত ভক্তি আনেদালন গঢ়ি তুলিলে, গুৰুজনাই এই কামত ৰজাঘৰ আৰু কৰ্মকাণ্ডী ব্ৰাহ্মণ আৰু পুৰোহিত শ্ৰেণীৰ পৰা অনেক বাধাৰ সন্মুখীন হৈছিল। কিন্তু এইসকলোবিলাক বাধা বিঘিনি অতিক্রম কৰি তেৰাই নিজ উদ্দেশ্যত আগবাঢ়ি যাব পাৰিছিল। গুৰুজনাৰ পৰৱৰ্তী কালত মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আদিয়ে এই আন্দোলন আগবঢ়াই নিলে। কিন্তু গুৰুজনাৰ নাতি চতুর্ভুজ ঠাকুৰ আৰু পুৰুষোত্তম ঠাকুৰৰ পিছত ভক্তি আন্দোলন লাহে লাহে স্তিমিত হ'বলৈ ধৰিলে৷ পিছৰ কালত আতাপুৰুষ সকলে ধৰ্মপ্ৰচাৰ কৰিছিল যদিও মূল একশৰণ নামধৰ্ম চাৰিটা সংহতিত বিভক্ত হোৱা বাবে ভক্তি আন্দোলনৰ শক্তি কমি আহিবলৈ ধৰিলে। অন্যহাতেদি দেশৰ ৰাজনৈতিক বাতাবৰণেও এনে কাৰ্যত বিৰূপ ক্ৰিয়া কৰিবলৈ ধৰিলে। ফলস্বৰূপে শঙ্কৰদেৱে যি এখন বৈষম্যহীন, সাম্যবাদী সমাজৰ কল্পনা কৰিছিল শঙ্কৰী আদৰ্শৰ বিভিন্ন ধাৰা সময়ৰ সোতত সি বিঘ্নিত হ’বলৈ ধৰিলে।
ক) মহাপুৰুষ শঙ্কৰদেৱৰ ভক্তি-ধৰ্মৰ প্ৰধান নীতি-আদর্শ :
- এজন ঈশ্বৰৰ (শ্ৰীকৃষ্ণ) ধাৰণা।
- সৎ সঙ্গত ঈশ্বৰ গুণ যশ শ্ৰৱণ আৰু কীৰ্ত্তন।
- উচ্চ-নীচ বিচাৰহীন সকলো জাতি-জনজাতিৰ প্ৰতি সমভাৱ পোষণ ।
- মূল শাস্ত্র শ্রীমদ্ভাগৱতৰ আধাৰত ভক্তি-সাধনা।
- এক কৃষ্ণত শৰণ গ্ৰহণ ধৰ্মৰ মূল সাধন প্ৰণালী
- গুৰ-দেৱ-নাম-ভকত এই চাৰি তত্ত্বৰ লগত সমন্বয় স্থাপন
খ) শঙ্কৰী ধৰ্মৰ সামাজিক আদর্শ :
- মানুহৰ মাজত উচ্চ নীচ ৰহিত বা জাত বিচাৰহীন এক সাম্যবাদী সমাজ
- সমাজৰ সকলো সমস্যা সামূহিক ভাৱে সমাধানৰ প্ৰচেষ্টা
- নামঘৰ গ্ৰাম্য সমাজৰ সকলো লোকৰ প্ৰাণকেন্দ্ৰ
- পাৰস্পৰিক বুজা আৰু পৰোপকাৰ যোগাই সামাজিক জীৱন যাপন
গ) সাংস্কৃতিক আদর্শ :
- নৃত্য-নাট-ভাওনা আদি শঙ্কৰী পৰিৱেশ্য কলা নির্দিষ্ট পদ্ধতিত পৰিৱেশন
- বৰগীত আদি সঙ্গীত নিৰ্দিষ্ট ৰাগ আৰু তালত
- নাম-প্রসঙ্গ আদি ভক্তিমূলক কাৰ্যসূচী নির্দিষ্ট প্ৰণালীত পৰিৱেশন
- নির্দিষ্ট সাজপোছাক পৰিধান আৰু খাদ্য আদি পৰিৱেশন