ঊনৈশ শতিকাত অসমলৈ প্ৰব্ৰজন আৰু বেদখলকাৰীৰ কবলত থকা অসমৰ মাটিৰ সংখ্যা।

          ■ ঊনৈশ শতিকাত অসমলৈ প্ৰব্ৰজন।

Illegal immigrants

৹ অসমৰ বৰ্তমান বেদখলকাৰীৰ কবলত থকা জিলা সমূহৰ মাটিৰ তালিকা। 

নং
জিলাৰ নাম
বেদখল ভূমি
তিনিচুকীয়া 
৪৯৪০৭৬ বিঘা ১ কঠা ১৮ লেছা
চৰাইদেউ 
৫.০২ হে:
লক্ষীপুৰ 
৫৮৮৯২ বিঘা
শোণিতপুৰ 
২০৩৫৮ বিঘা ৩ কঠা ৬ লেছা
হাইলাকান্দি 
১১৮২৩ বিঘা ১৮ কঠা ১২ লেছা
কৰিমগঞ্জ 
১৬৯ বিঘা ৮ কঠা ১ লেছা
দৰং 
৬০৫৮৪ বিঘা ১ কঠা ১৬ লেছা
নলবাৰী 
৩৬১২৩ বিঘা ২ কঠা 
বৰপেটা 
৪৯৫৩২ বিঘা ৩ কঠা ০ লেছা
১০
গোৱালপাৰা 
২৯২২৯৮ বিঘা ৩ কঠা ৯ লেছা
১১
ধুবুৰী 
১৫১৯৮৭ বিঘা ২ কঠা ১১ লেছা
১২
দক্ষিণশালমাৰা
মানকাছাৰ
৩৯৮০ বিঘা ২ কঠা ১০ লেছা
১৩
ডিব্ৰুগড় 
২৭৫৮৫৪ বিঘা ০ কঠা ১৮ লেছা
১৪
ধেমাজি 
৫১৮৮৪৮ বিঘা ৩ কঠা ১৪ লেছা
১৫
মাজুলী 
৪২৩৬ বিঘা ৪ কঠা ৩ লেছা
১৬
যোৰহাট 
৪৫৫৭৪ বিঘা
১৭
বিশ্বনাথ 
১৬৬৭১২ বিঘা ১ কঠা ৪ লেছা
১৮
গোলাঘাট 
১৫০৪৮৫ বিঘা ৩ কঠা ৮ লেছা
১৯
কাছাৰ 
৪৭৫২ বিঘা ১৮ কঠা ৭ লেছা
২০
কামৰূপ (ম)
২৩৩৮ বিঘা ০ কঠা ১ লেছা
২১
কামৰূপ 
১০২৬৬৮ বিঘা ৪ কঠা ১১ লেছা
২২
বঙাইগাঁও 
৫৯৫৪৬ বিঘা ০ কঠা ৪ লেছা
২৩
শিৱসাগৰ 
৩৬৬২৪ বিঘা ২ কঠা ২ লেছা
২৪
নগাঁও 
১৭১৮১৫ বিঘা ৩ কঠা ১৬.৫ লেছা
২৫
হোজাই 
১৯৭৭৩.৪০১ হে:
২৬
মৰিগাঁও 
১১৩৮০৭ বিঘা ২ কঠা ১৩ লেছা
১৮৮০ চনৰ কিছু আগৰ পৰাই পূববংগৰ খেতিয়ক শ্ৰেণীটোৰ অসম প্ৰব্ৰজন আৰম্ভ হৈছিল। তেতিয়া তেওঁলোক 'বিদেশী' নাছিল, ‘বাংলাদেশী’তো নাছিলেই। আচলতে বর্তমানে যি ভূখণ্ডত ‘বাংলাদেশ' নামৰ ৰাষ্ট্ৰখন আছে, তাত যে এখন সুকীয়া স্বাধীন ৰাষ্ট্ৰ হ’ব, সেই কথা সেই সময়ৰ অতি বিচক্ষণ ৰাজনীতিকজনেও ভাবিব পৰা নাছিল। ইয়াত আলোচনাৰ সুবিধাৰ বাবে আমি ‘পূববংগ’ৰ পৰা অসমলৈ অহা প্ৰব্ৰজনকাৰীসকলক 'বাংলাদেশী' বুলি অভিহিত কৰিম। দেখা যায়, বাংলাদেশীৰ অসম অভিগমন অর্থাৎ প্ৰব্ৰজন বা অনুপ্রবেশ এটা শতিকাতকৈও অধিক কাল জুৰি চলিছে। নির্দিষ্ট এটি ভূখণ্ডৰ পৰা আন এটি নির্দিষ্ট ভূখণ্ডলৈ একেৰাহে ইমান দীর্ঘকাল জুৰি প্ৰব্ৰজন বা অনুপ্ৰৱেশ চলাৰ দ্বিতীয় উদাহৰণ বিশ্বতে বিৰল। আনকি মেক্সিকোৰ পৰা আমেৰিকালৈ হোৱা প্রব্রজন সময়ো ইমান দীঘলীয়া আৰু অবিচ্ছিন্ন নহয়, অথচ এই প্রব্রজন প্ৰক্ৰিয়াটো মার্কিন সমাজ বিজ্ঞানীসকলৰ অন্যতম চিন্তাৰ বিষয় হৈ আহিছে সুদীর্ঘকাল। কিন্তু ঊনৈশ শতিকাত কেৱল বাংলাদেশীয়েইতো অসমলৈ প্ৰব্ৰজন কৰা নাছিলঙ্গ

তিনিটা সোঁত -

উনৈশ শতিকাত প্রথমেই অসম সোমাইছিল ব্রহ্মদেশ অর্থাৎ আজিৰ ম্যানমাৰৰ মানসকল। লাখৰ হিচাপত অসম সোমালেও মানসকল প্ৰব্ৰজনকাৰী বা অনুপ্ৰৱেশকাৰী নাছিল, আক্ৰমণকাৰীহে আছিল। বৃটিছ আক্ৰমণৰ সমুখীন হ'ব লগা নহ'লে ইয়াৰে কিছুসংখ্যক লোক অসমত নিশ্চয়ে ৰৈ গ'লহেঁতেন, বা বৃটিছ আক্রমণ সত্ত্বেও কিছুসংখ্যক মান স্বদেশলৈ উভতি নগৈ অসমত ৰৈ যোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি, যদিও এনেধৰণৰ অধ্যয়ন নচলাত তেনে লোকৰ অস্তিত্ব প্রমাণ কৰিব পৰা হোৱা নাই। মানক খেদিবলৈ সেইটো শতিকাতে অসম সোমাইছিল বৃটিছসকল। এওঁলোকো পিছে প্ৰব্ৰজনকাৰী বা অনুপ্ৰৱেশকাৰী নাছিল, এওঁলোক আছিল সাম্রাজ্যবাদী উপনিবেশবাদী। বৃটিছৰ লগত অসমলৈ আহিছিল কিছুসংখ্যক বাঙালী লোক। প্রথমে প্রায় অৰ্দ্ধৰ্শতিকা ধৰি (১৮২৮ ১৮৭৪) অসম আছিল এওঁলোকৰ কেৱল উপাৰ্জনভূমি। এওঁলোকৰ বহুতেই ৰাজ্যখনক বাসভূমি হিচাপে লয় আৰু কিছুসংখ্যকে অসমীয়া ভাষা কৃষ্টি গ্রহণ কৰি মূল জনগোষ্ঠীৰ সৈতে মিলি যায় যদিও সৰহ সংখ্যকেই তেনে কৰিবলৈ ৰাজী নহ’ল, নিজস্ব ভাষা-কৃষ্টি ৰক্ষা কৰি এটা সুকীয়া জনগোষ্ঠী হৈ ৰ'ল। এই বাঙালীসকলকো প্রকৃত অৰ্থত প্ৰব্ৰজনকাৰী বা অনুপ্ৰৱেশকাৰী বুলিব নোৱাৰি, অৱশ্যে প্ৰব্ৰজনকাৰীৰ কিছু বৈশিষ্ট এই জনসমষ্টিটোৱে বহন কৰিছিল। বাঙালী সকলৰ দৰেই ঊনৈশ শতিকাত অসমলৈ আহিছিল বিহাৰী, মাৰোৱাৰী আৰু অন্যান্য ভাৰতীয় লোক। এওঁলোকৰো কিছুসংখ্যক স্থানীয় মানুহৰ লগত মিলি যায়, আন কিছুমানে নিজস্ব সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰাখে। ঊনৈশ শতিকাত অসমত প্ৰৱেশ কৰা বাঙালী, বিহাৰী, মাৰোৱাৰী আদিক অৰ্ধ-প্ৰব্ৰজনকাৰী বুলিব পাৰি। সকলোবোৰ মিলি এই ভাৰতীয় সোঁতটো বৰ ডাঙৰ সোঁত আছিল আৰু অসমৰ জনসংখ্যা বৃদ্ধিত তেওঁলোকে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। প্রব্রজন সম্বন্ধীয় আলোচনাত এই সোঁতটোক প্রায় বাদেই দি আহিছে সমাজ বিজ্ঞানী তথা জনসংখ্যাবিদসকলে।

ঊনৈশ শতিকাত অসমত সোমোৱা এটা বিশেষ জনগোষ্ঠী হ'ল নেপালীসকল। বাংলাদেশী সকলতকৈ বহু আগৰে পৰা অসমলৈ নেপালী অভিগমন হৈছিল যদিও বিষয়টো বিদ্বৎ সমাজত চকুত পৰা নাছিল দুটা কাৰণত। প্রথমতে, নেপালীসকলে পৰ্বতৰ ঢালত জনবসতিৰ পৰা আঁতৰত বসতি গঢ়ি পশুপালনেৰে জীৱিকা নিৰ্বাহ কৰিছিল বাবে থলুৱাৰ লগত কৃষিভূমিজনিত সংঘাত হোৱা নাছিল, আৰু দ্বিতীয়তে থলুৱাৰ সৈতে মিলি যোৱাত এই জনগোষ্ঠীটো অগ্রণী আছিল। কোনো কোনো পণ্ডিতে নেপালী অভিগমনৰ সময় মহাপুৰুষশংকৰদেৱৰ সময়লৈকে পিছুৱাই দিব বিচাৰে। স্মর্তব্য যে, 'ভাৰতীয় 'সকলৰ বাহিৰে উনৈশ শতিকাৰ প্ৰথমাৰ্দ্ধত অসমলৈ অহা সর্বাধিক সংখ্যক প্ৰব্ৰজনকাৰী আছিল নেপালী।

ইয়াৰ পিছত আৰম্ভ হৈছিল চাহ বাগিচাৰ বনুৱাসকলৰ প্ৰব্ৰজন। এই প্রব্রজন স্বাভাৱিক নাছিল– নৱপ্রতিষ্ঠিত উদ্যোগ এটাৰ বাবে প্ৰয়োজন হোৱা শ্ৰমিকৰ জোৰা মাৰিবলৈ এইখিনি লোকক ভাৰতৰ মধ্যাঞ্চলৰপৰা লৈ অনা হৈছিল। উনৈশ শতিকাত অসমলৈ প্ৰব্ৰজন কৰা বিভিন্ন জনসম্প্ৰদায়ৰ ভিতৰত সংখ্যাৰ দিশেৰে সৰ্ববৃহৎ আছিল পিছৰ কালত 'চাহ জনজাতি' হিচাপে চিহ্নিত হোৱা এই জনসম্প্রদায়টোৱেই। প্রায় ডেৰটা শতিকাৰ পিছত এই সম্প্রদায়টো অসমৰ ৰাজনীতিৰ নিৰ্ণায়ক শক্তি হৈ পৰিছে— সংঘবদ্ধতা আৰু সংখ্যা বৃহত্ত্ব, দুয়োদিশৰ পৰাই। ভাৰতৰ মধ্যাঞ্চলৰ পৰা অহা বিভিন্ন বৰ্ণৰ জনজাতি সম্প্রদায়টোৰ কিছুসংখ্যক লোক অনা চাহ কৃষিত জড়িত৷ হ অসমৰ পশ্চিমাঞ্চলৰ খিলঞ্জীয়া জনজাতি অঞ্চলত বসবাস কৰিবলৈ লৈছিল। ঘাইকৈ ভূমিৰ অধিকাৰক লৈ এই সম্প্ৰদায়ৰ খিলঞ্জীয়া জনজাতিৰ সৈতে কোনো কোনো ঠাইত সংঘাত সৃষ্টি হৈছিল।

উনৈশ শতিকাৰ একেবাৰে শেষৰ ফালে অসমত ভৰি দিয়া পূববংগীয়সকলেই হ’ল অসমলৈ একেবাৰে শেহতীয়াভাৱে প্ৰব্ৰজন কৰা সৰ্ববৃহৎ জনসম্প্রদায়। এই জনসম্প্রদায়টো বৰ্তমানৰ অসমৰ ৰাজনীতিৰ সৰ্বপ্ৰধান নিৰ্ণায়ক শক্তি। তেতিয়াৰ পূববংগ আজিৰ বাংলাদেশ হোৱাৰ সূত্ৰে এওঁলোক সাধাৰণভাৱে বাংলাদেশী বুলি অভিহিত। অসমৰ বিদ্বৎ সমাজে এই প্ৰব্ৰজনকাৰী গোটটোক দুভাগত ভগাইছে। ইয়াৰে প্ৰথম ভাগটোক বোলা হৈছে অভিবাসী মুছলমান— কোন কাহানিবাই জন্মভূমি এৰি থৈ অহা পূববংগীয়ৰ যিসকল সতি-সন্ততিয়ে অসমকে জন্মভূমি বুলি গ্ৰহণ কৰি ইয়াৰ ভাষা-সংস্কৃতি আপোন কৰি লৈছে, তেওঁলোকক এই অভিধাৰে বুজোৱা হৈছে। ভাৰতৰ স্বাধীনতা লাভ তথা দেশ বিভাজনৰ পিছত একেটা ভূখণ্ডৰ পৰা অসম অভিগমন কৰাসকল বিদেশী। অৱশ্যে ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত ‘অসম চুক্তি’ মতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিচত বাংলাদেশৰ পৰা অসমত সোমোৱা সকলহে ‘বিদেশী' আৰু সেয়ে বহিষ্কাৰযোগ্য। ভাৰত বিভাজনৰ পিছত বাংলাদেশ অঞ্চলৰ পৰা ভাৰতলৈ/অসমলৈ কেৱল মুছলমান সকলৰে অনুপ্ৰৱেশ ঘটা নাই, হিন্দুৰো ঘটিছে। চট্টগ্রাম অঞ্চলৰ অধিবাসী বৌদ্ধ ধর্মাবলম্বী চাকমা সকলো এই সময়ছোৱাতেই ভাৰতত প্ৰৱেশ কৰিছে। অসমৰ বেছিভাগ ৰাজনীতিক আৰু দলীয় ৰাজনীতিৰ প্ৰভাৱ দুষ্ট বুদ্ধিজীবীয়ে বাংলাদেশৰ পৰা অসম সোমোৱা মুছলমানসকলক বিদেশী বুলিলেও হিন্দু আৰু বৌদ্ধসকলক বিদেশী নোবোলে, শৰণাৰ্থী বা ভগনীয়াহে বোলে। আমাৰ বিবেচনাত এই বিভাজন শুদ্ধ নহয়, ‘বিদেশ’ৰ পৰা অবৈধভাৱে অসমত অনুপ্ৰৱেশ কৰা প্রত্যেকেই বিদেশী আৰু বহিষ্কাৰযোগ্য, ইয়াত ধৰ্মবিশ্বাসৰ কোনো ভূমিকা থাকিব নালাগে। মানবীয় সহানুভূতি পাবলৈ হ'লে প্রত্যেক ধৰ্মাৱলম্বীয়েই পাব— যিটো দেশ বিভাজনৰ সময়ত আৰু বাংলাদেশ যুদ্ধৰ সময়ত দিয়া হৈছিল। দৰাচলতে অনুপ্ৰৱেশ সম্বন্ধীয় যিকোনো আলোচনাত এই দিশটো স্পষ্ট হৈ থকা উচিত। বাংলাদেশী অনুপ্ৰৱেশকাৰী হিন্দু সকলক শৰণাৰ্থী আখ্যা দি তেওঁলোকৰ প্ৰতি সহানুভূতি প্ৰদৰ্শনৰ ৰাজনৈতিক প্ৰৱণতাই অভিবাসী মুছলমানসকলক বিপৰীত মেৰুত সমবেত হ'বলৈ অনুপ্রাণিত কৰিছে। ঘটনাটোৱে অসমৰ ৰাজনৈতিক পৰিৱেশ দূষিত কৰিছে আৰু ৰাজনৈতিক অস্থিৰতাৰ জন্ম দিছে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নাগৰিকত্ব আইন সংশোধন কৰি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধর্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অনুপ্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন আৰু খৃষ্টানসকলক প্রায় নিঃচত নাগৰিকত্ব দিব বিচৰা কাৰ্যকলৈ অসমত বেছিকৈ হোৱা প্ৰতিক্ৰিয়াৰো কাৰণ যোৱা ডেৰশ বছৰত প্ৰব্ৰজনে সলনি কৰা জনগাঁথনিয়ে অসমৰ পৰা সংস্কৃতিলৈ সৃষ্টি কৰা প্ৰত্যাহ্বানেই।
Previous Post Next Post