শংকৰদেৱ আৰু মাধৱদেৱৰ দৃষ্টিত জনগোষ্ঠীয় সমন্বয় : এটি চমু পর্যালোচনা ('কীৰ্ত্তন' আৰু ‘নাম-ঘোষা’ৰ বিশেষ উল্লিখনসহ) ৰঞ্জন দত্ত।

Sankaradeva ideology

পূৰ্বৰ 'কৰ অসমখনক 'জনগোষ্ঠীয় সমন্বয়'ৰ মিলন ক্ষেত্ৰ বুলি ক'ব পাৰো। পৰৱৰ্তী সময়ত ৰাজনৈতিক, সামাজিক, সাম্প্রদায়িক সংঘৰ্ষ আদি বিভিন্ন কাৰণত ‘বৰ অসমখন' ভাগ ভাগ হৈ সংকুচিত হৈ পৰিল। একে আষাৰে ক'বলৈ হ'লে—বৰ অসমখন খণ্ডিত হোৱাৰ মূলতেই হ'ল জনগোষ্ঠীয় সমন্বয়ৰ অভাৱ। সমাজৰ সংকটপূর্ণ অৱস্থাত একো একোজন মহাপুৰুষৰ জন্ম হোৱা পৰিলক্ষিত হয়, যি সকলে সমাজ তথা সমগ্র জাতি সত্ত্বাকে পুনৰুজ্জীৱিত কৰা দেখিবলৈ পোৱা যায়। অসমৰ সামাজিক প্ৰেক্ষাপটত জন্ম হোৱা এনে দুগৰাকী মহাপুরুষেই হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ। শংকৰদেৱে (খ্রীঃ ১৪৪৯-১৫৬৮) পঞ্চদশ শতিকাতে অসমত ভক্তিধর্ম প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। গুৰুজনাই এক উদাৰ মনোভাৱ আগত ৰাখি সমাজৰ সৰ্ব-স্তৰৰ উপযোগীকে ‘নৱবৈষ্ণৱ ধৰ্ম’ তথা ‘এক শৰণ হৰিণাম ধৰ্ম প্ৰৱৰ্তনৰ পোষকতা কৰিছিল। এহাতেদি শংকৰদেৱ আছিল প্ৰধানকৈ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, অন্যহাতেদি তেওঁ আছিল প্রকৃত অৰ্থত এজন সমাজ সংগঠক তথা বৃহত্তৰ অসমীয়া সমাজ-সংস্কৃতিৰ প্ৰাণ প্রতিষ্ঠাতা। এই ক্ষেত্ৰত গুৰুজনাৰ প্ৰধান শিষ্য, তেৰাৰ সোঁহাত স্বৰূপ মহাপুৰুষ মাধৱদেৱ (১৪৮৯-১৫৯৬)ৰ অৱদান কোনো গুণে কম নহয়। জনগোষ্ঠীয় সমন্বয়ৰ অভাৱতেই বৰ অসমখন খণ্ডিত হৈ আৰু অধিক খণ্ডিত হোৱাৰ উপক্ৰম হৈছে। বৰ্তমান সময়তো জনগোষ্ঠীয় বিভেদ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। বিভিন্ন বিচ্ছেদকামী তথা বিচ্ছিন্নতাবাদী অপশক্তিৰ গ্ৰাসত পৰি জনগোষ্ঠীৰ মাজত পৃথক হোৱাৰ এক প্ৰৱণতাই গা কৰি উঠিছে। সেয়ে ৫০০ বছৰৰো আগতে শংকৰদেৱ আৰু মাধৱদেৱে যি জনগোষ্ঠীয় সমন্বয়ৰ পোষকতা কৰিছিল, সেয়া আজিও সময়োপযোগী হ'ব বুলি ভাৱিয়েই বিষয়টো আলোচনাৰ বাবে নিৰ্বাচন কৰা হৈছে। 

শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাত জনগোষ্ঠীয় সমন্বয় :

নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্ত্তক শংকৰদেৱ আৰু অনুগামী মাধৱদের দুয়োজনে আছিল প্রকৃত অর্থত একোজন সমাজ সংগঠক তথা অসমীয়া সমাজ সংস্কৃতিৰ প্ৰাণ প্রতিষ্ঠাতা। গুৰুজনাই নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে সাহিত্যক এক বিশেষ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। সেই সময়ৰ সমাজত জাত-পাতৰ বিচাৰ প্ৰৱল ৰূপত দেখিবলৈ পোৱা হৈছিল। “তদানিন্তণ হিন্দু-সমাজখনত জাতৰ বিচাৰ আছিল ডাঙৰ। ব্রাহ্মণ, কায়স্থ, কলিতা, দৈৱজ্ঞ আদিবোৰ সেই সমাজৰ ভিন ভিন কোঠা।... কলিতা জাতিৰ ভিতৰতে আকৌ সজ–কলিতা, বা বৰকলিতা [১৭৩, ৪৫৩] আৰু সৰু কলিতা এই দুই ভাগ। তিনিদিন শূদ্ৰৰ চাউল খালে বামুণৰ জাত জাই' [৩৫০]...নৱ-বৈষ্ণৱ ধৰ্মই জাত-বিচাৰৰ শক্তি বহুখিনি হ্ৰাস কৰি পেলায়।” সেই সময়ত ব্ৰাহ্মণ সমাজে তেওঁলোকৰ বাহিৰে অন্য জাতিয়ে ধৰ্ম চৰ্চা কৰাটো অপৰাধ বুলি বিষোদগাৰ কৰিছিল আৰু অন্য জাতিৰ লোকে হৰিৰ কীৰ্ত্তন কৰিলে নিন্দাও কৰিছিল। সেয়ে হয়তো “শংকৰদেৱে তেওঁৰ পাণ্ডিত্য আৰু বুদ্ধিৰে অপণ্ডিত অথচ হিংসুক আৰু দাম্ভী ব্ৰাহ্মণসকলৰ দত্ত অনেক বাৰ নাভাঙি নেৰিছিল।... ব্ৰাহ্মণ সকলৰ মতে ব্ৰাহ্মাণ সকলৰ হে শাস্ত্ৰ পাঠ আৰু চৰ্চাত অধিকাৰ; শূদিৰৰ সেই অধিকাৰ নাই। শঙ্কৰ শুদিব, সেই দেখি শঙ্কৰৰ ভাগৱত গীত আদি শাস্ত্র পাঠ আৰু আলোচনা তেওঁলোকৰ মতে অনধিকাৰ চৰ্চা। এনে প্ৰেক্ষাপটত হৰি-নাম-কীৰ্ত্তনত যে জাত পাতৰ কোনো বিচাৰ নাই সেই কথা গুৰুজনাই বাৰুকৈয়ে অনুধাৱন কৰিব পাৰিছিল। সেয়ে তেওঁ সাহিত্য ৰচনাৰ মাজেদি জাত পাতৰ সংকীর্ণ মনোভাৱ পৰিহাৰ কৰিবলৈ ভকত সমাজ তথা সাধাৰণ মানুহক উপদেশ বাণী পি গৈছিল—

“কিৰাত কছাৰি    খাছি গাৰো মিৰি

             যবন কঙ্ক গোৱাল।

অসম মুলুক       ধোবাযে তুৰুক

       কুবাচ ম্লেচ্ছ চণ্ডাল।।৪৭৪

আনো পাপীনৰ     কৃষ্ণক সেৱকৰ

           সঙ্গত পৱিত্ৰ হয়।।” (ভাগৱত, ২য় স্কন্ধ)

জাত-পাতৰ বিচাৰত যে ভক্তি নাবাচে আৰু ব্ৰাহ্মণ বংশত জন্ম নহ'লেও যে ভক্তি ৰক্ষা কৰিব পাৰি অথবা ‘কৃষ্ণ কথা' স্মৰণ কৰিব পাৰি তাক কীৰ্ত্তনৰ পদৰ জৰিয়তে ভক্ত সকলক শিকনি দি গৈছে—

“কৃষ্ণৰ কথাত যিটো ৰসিক।

ব্ৰাহ্মণ-জন্ম তাৰ লাগৈ কিক।।

স্মৰোক মাত্ৰ হৰি দিনে ৰাতি।

নাবাছৈ ভকতি জাতি-অজাতি।।”৫৮ (পাষণ্ড-মর্দন)

শংকৰদেৱৰ ধৰ্মৰ মূল কথা ই আছিল এক ঈশ্বৰৰ সেৱা অৰ্চনা; আৰু সেই জনকেই সকলোৱে উপাসনা কৰা উচ্চিত। সেয়ে গুৰুজনাই সৰ্বজাতিৰ লোককেই ‘শৰণ’ প্ৰক্ৰিয়াৰ মাজেদি ‘ভকত' নামেৰে একত্ৰিত কৰাৰ পোষকতা কৰিছিল। সেয়ে হয়তো গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম; মিৰিৰ পৰমানন্দ, কৈৱৰ্ত্তৰ পূৰ্ণানন্দ; কছাৰীৰ ৰমাই, বনিয়াৰ হৰিদাস, মুছলমানৰ ছান্দসাই আদিক বৈষ্ণৱ ধৰ্মত শৰণ দি সমাজত থকা জাতিভেদৰ ঠেক গণ্ডীৰ পৰা আঁতৰি আহিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে নানান ৰাজনৈতিক কাৰণৰ ফলস্বৰূপে আহোম ৰজা আৰু ভূঞা বংশ তথা শংকৰদেৱৰ পৰোক্ষ সংঘৰ্ষৰো সূত্ৰপাত হৈছিল। কিন্তু শংকৰদেৱৰ উদাৰনৈতিক মনোভাৱৰ বাবেই ৰজাৰ পৰা প্ৰজালৈকে সমাজৰ সৰ্বস্তৰৰ লোকেই নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে। শংকৰোত্তৰ কালত বিভিন্ন জনজাতি বা অজনজাতীয় লোক বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ ফলত সমাজত পূৰ্বৰেপৰা প্ৰচলিত বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্রণ হৈছিল; ই অতি গৌৰৱৰ বিষয়। কিন্তু বৈষ্ণৱ ধৰ্মত শৰণ লোৱা নোলোৱাকলৈও যে এটা নতুন জাতি-গোষ্ঠীৰ সৃষ্টি হৈছিল, ই কেৱল দুভাৰ্গৰ বিষয়েই নহয় শংকৰদেৱৰ ধৰ্ম মতৰো পৰিপন্থী। এইখিনিতে উনুকিয়াব পাৰি যে সত্ৰীয়া পৰম্পৰাই এখন জাতিবর্ণ বিভাজন নথকা সমাজ গঠনত হাতে কামে লাগিছিল।

গুৰুজনাৰ ধৰ্মত বৰ্ণাশ্ৰম প্ৰথাৰ ব্যৱস্থা নাই। কেৱল হৰি ভক্তিৰ জড়িয়তে কেৱল এটা জাতিয়েই নহয় সকলো জাতিয়েই বৈকুণ্ঠপুৰি লৈ যাব পাৰে বুলি উল্লেখ কৰিছে। এই ক্ষেত্ৰত ‘চৌত্রিশ জাতিৰ’ অৱধাৰণা উপস্থাপনে যথেষ্ট তাৎপর্য বহন কৰিছে–

“অপ্রয়াসে সিজে কলিত পুণ্য।

কলিৰ শুনা যেন মহাগুণ৷৷

কৰিয়া কীৰ্ত্তন কলিত আতি।

পাৱে বৈকুণ্ঠক চৌত্রিশ জাতি।।” (কীৰ্ত্তন : পাষণ্ড-মর্দন)

সেই সময়ৰ তথা কথিত পণ্ডিত (ব্রাহ্মণ) সমাজে এচাম লোকক চণ্ডাল, ম্লেচ্ছ বুলি নিন্দা কৰিছিল। কিন্তু উদাৰ মনা শংকৰদেৱে তেওঁলোকক (ব্রাহ্মাণক) এনেদৰে সকীয়াই দিছিল-

“চণ্ডালে কৰিছে হৰি কীৰ্ত্তন।

বুলিয়া তাক নিন্দে অজ্ঞ জন।।” (পাষণ্ড-মর্দন)

তেনে এক অসামাজিক বাতাৱৰণৰ মাজত থাকিও সেই অপশক্তিৰ বিৰুদ্ধে যুজ দিবলৈ গৈ শংকৰদেৱে নানা পদৰ ৰচনা কৰিছিল। গুৰুজনাই তথাকথিত ধর্মান্ধ ব্রাহ্মণ তথা উচ্চ জাতিৰ সত্ত-মহন্তই নিচ বুলি বিবেচনা কৰা–ম্লেচ্ছ, মহাপাপী, চণ্ডাল সকলোকে হৰি নামেৰে পবিত্ৰ কৰি লোৱাৰ পোষকতা কৰিছিল। সেয়ে তেওঁ কৈছিল— 

“যিটো মহা ম্লেচ্ছ জাতি         সিও শুদ্ধ হোৱে অতি

                    মুখে মাত্ৰ হৰি নাম লয়।

কলিৰ ভয়ত গৈয়া                 নামত শৰণ লৈয়া

             ৰহিল সমস্তে ধৰ্ম্মচয়।।” (কীৰ্ত্তনঃ ভাগৱত- তাৎপৰ্য্য')

                                 ***

“মহাপাপী অতি অধম জাতি।

তাকো নামে কৰে পবিত্ৰ আতি।।” (কীৰ্ত্তন: 'ভাগৱত-তাৎপর্য্য')

                                 ***

“কুকুৰ খায় হেন ম্লেচ্ছ গণে

সিও শুদ্ধ হোৱে হৰি-কীৰ্ত্তনে।।" (পাষণ্ড-মর্দন )

গুৰুজনাই আৰু এখোপ আগুৱাই গৈ উদাৰ আৰু মানৱীয় দৃষ্টিভঙ্গীৰে এই বুলি উল্লেখ কৰিছে–

“ব্ৰাহ্মণ চণ্ডালৰ নিবিচাৰি কুল।

দাতাত চোৰত যেন দৃষ্টি একতুল।।”

                     ***

“কুকুৰ চণ্ডাল গৰ্দ্ধৰ্ভৰো আত্মাৰাম।

জানিয়া সবাকো পড়ি কৰিব প্ৰণাম।।” (শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ) 

মাধৱদেৱেও জনগোষ্ঠীয় সমন্বয়ৰ ক্ষেত্ৰত হাত উজান দিয়া দেখা যায়। মাধৱদেৱেও তেওঁৰ শ্ৰেষ্ঠ গ্ৰন্থ—'নাম-ঘোষা’ৰ মাজেৰেও এক শৰণ নামধৰ্মৰ বাণী প্ৰচাৰৰ লগে লগে জনগোষ্ঠীয় সমন্বয় বাণী ভক্ত সমাজলৈ থৈ গৈছে। তেওঁ “চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণৰ উল্লেখেৰে সমন্বয়ৰেই নিদৰ্শন দাঙি ধৰিছে। সকলো জাতি জনগোষ্ঠীকে একে শাৰীতে ৰাখি উদাৰ মনোভাৱৰ পৰিচয় দি গৈছে— 

“আমাৰ নিৰ্ম্মল ভকতিত          দুৰাচাৰো তৰে কোন চিত্র                      আমাক ভজিয়া চাণ্ডালো তৰে সংসাৰ।

স্ত্রী শূদ্র বৈশ্য আদি যতবিষয়ত মাত্ৰ সদা ৰত 

মোক ভজি সুখে ইসবে হোৱে উদ্ধাৰ। ৬০৯

ব্রাহ্মাণ ক্ষত্রিয় পুণ্য তনু            মোক ভজি তৰিবেক পুনু             আত অদভূত নাহিকে কোনো সংশয়” (নাম-ঘোষা)

মাধৱদেৱেও সকলো জাতি-জনগোষ্ঠীৰ লোককে ‘ভকত’ৰ আওঁতালৈ অনাৰ চেষ্টা চলাইছিল। তেওঁৰ মতে ভগৱন্ত ভকতৰ প্ৰাণ স্বৰূপ—

চাণ্ডাল পৰ্য্যন্ত কৰি        জগতৰ উপকাৰী

             নাহি নাম-গুণ বিনে আন।

সেহিসে কাৰণে             হৰি নিজ যশ প্রিয় ভৈল

        ভগৱন্ত ভকতৰ প্ৰাণ।।"২১ (নামঘোষা)

হৰিৰ নাম লোৱাত কাৰো বাধা নাই। সেই সময়ত যিহেতু কেবল ব্রাহ্মণেহে হৰিনাম কীৰ্ত্তন কৰিব পাৰে বুলি একশ্রেণী ব্ৰাহ্মণে মতপোষণ কৰিছিল তাৰ বিৰোধীতা কৰি মাধৱদেৱে কৈছিল—


‘মহাপাপী অন্ত্যজাতি        তৰয় কলিত সুখে

     মুখে কৰি হৰিৰ কীৰ্ত্তন।।১২১ (নামঘোষা)

এনেদৰে শংকৰদেৱৰ জনগোষ্ঠীয় সমন্বয়ৰ দিশত মাধৱদেৱেও সহাৰি জনোৱাত এই সমন্বয়ৰ যাত্ৰা অধিক গাঢ় আৰু ফলপ্ৰসু হৈ পৰিছে।

সাংস্কৃতিক দিশত সমন্বয় : 

শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰচেষ্টাৰ ফলস্বৰূপেই সংস্কৃতিৰ জগততো নতুন যুগৰ সূচনা হৈছিল। গুৰু দুজনাৰ নিজস্ব শৈলী, ধ্রুপদী পৰম্পৰা আৰু লোক-কলাৰ, আলমত যি বিশেষ দৃশ্য-শ্ৰৱ্য কলাই পোখা মেলিছিল, সি জনগোষ্ঠীয় সমন্বয়ৰ ক্ষেত্ৰত নতুনত্বৰ সূচনা কৰিলে। এই ক্ষেত্ৰত প্ৰথমে 'নাট' ('অংকীয়া নাট')ৰ কথাই ক'ব লাগিব। গুৰুজনাই মৌলিক প্রতিভাৰ সংযোগ আৰু তিনি ধৰণৰ উৎস সংস্কৃত নাট, প্রাচীন ভাৰতীয় নাট্যানুষ্ঠান আৰু প্ৰাচীন অসমৰ নাট্যানুষ্ঠানৰ পৰা সমল গ্ৰহণ কৰি ‘নাট’ সৃষ্টিৰ কথা পণ্ডিত সকলে কৈ গৈছে। অসম তথা ভাৰতবৰ্ষত অতীতৰে পৰা চলি থকা বিভিন্ন জনগোষ্ঠীয় নাট্যধর্মী অনুষ্ঠান, লোক-গীত নৃত্য, প্ৰভাৱ অংকীয়া নাটৰ মাজত বিদ্যমান।  

অসমত পূৰ্বৰে পৰা প্ৰচলিত পুতলা নাচ, ওজাপালি, ঢুলীয়া ভাৱৰীয়া, খুলীয়া ভাৱৰী, বড়ো সকলৰ খেৰাই নৃত্য, ৰাভা সকলৰ 'ভাৰীগান' কোঁচ সকলৰ কুশান গান আদি বিভিন্ন লোক-নাট্যনুষ্ঠানৰ সু-সমন্বয় দৃশ্য-শ্ৰৱ্য্য কলাৰ মাজত অনুভূত হৈছে৷ ভাৰতবৰ্ষৰ মাগীয় নৃত্য-সমূহৰ ভিতৰত ‘সত্ৰীয়া নৃত্য' হৈছে অন্যতম। শংকৰদেৱে ভাওনা অনুষ্ঠানৰ অংশ স্বৰূপেই প্রথম নৃত্যৰ সূচনা কৰিছিল। পৰৱৰ্তী সময়ত ‘সত্ৰীয়া নৃত্য’ৰ নাম পাইছিল। মার্গীয় তথা শাস্ত্ৰীয় শৈলীৰ প্ৰভাৱ পুষ্ট ‘সত্ৰীয়া নৃত্য’ শৈলীতো থলুৱা উপাদানৰ সংমিশ্ৰণ মন কৰিবলগীয়া। মাধৱদেৱৰ নৃত্য-গীত প্রধান ঝুমুৰাবোৰৰ মাজত জনগোষ্ঠীয় নৃত্যৰ সমল থকাৰ কথা সত্যেন্দ্ৰ নাথ শৰ্মাই উল্লেখ কৰিছে। শৰ্মাই ‘অসমীয়া নাট্য সাহিত্য’ত এই কথা উল্লেখ কৰি গৈছে। তেওঁ মাধৱদেৱৰ ঝুমুৰাবোৰৰ নৃত্যৰ মাজত চাওঁতালী নাৰীয়ে কৰা ঝুমুৰা নাচৰ লক্ষণ বিচাৰি পাইছে।

“সত্ৰীয়া নৃত্যত সোঁতৰবিধ পাক প্ৰয়োগ কৰা হয়। এই পাক সমূহৰ বহুতো পাক জনগোষ্ঠীয় নৃত্যৰ পৰা গ্ৰহণ কৰা সত্ৰীয়া নৃত্যত থকা 'সাৰী পাক' ডিমাচাসকলৰ নৃত্যত দেখিবলৈ পোৱা যায়। তদুপৰি ‘সত্ৰীয়া নৃত্যৰ পিঠিপাক’ৰ লগত মিল থকা পাক অসমৰ বহুতো জনগোষ্ঠীয় নৃত্যত দেখা যায়।” তদুপৰি সত্ৰীয়া নৃত্যৰ বহু ভংগীমা মুদ্ৰাৰ লগত জনগোষ্ঠীয় নৃত্যৰ দুৰণীবতীয়া মিল দেখা যায়। সত্ৰীয়া নৃত্যৰ মাজত যি কোমলতা লয়-লাস ভংগীমা সেয়া সত্ৰীয়া শৈলীৰ নিজস্ব সম্পদ যেন বোধ হয়। সত্ৰীয়া নৃত্যত ব্যৱহৃত তাল, বাজনা, গীতৰ সুৰ আদিৰ লগতো বিভিন্ন জনগোষ্ঠীয় উপাদানৰ প্ৰভাৱৰ কথা সংগীত নৃত্যৰ গৱেষক সকলে সততে উল্লেখ কৰা দেখা যায়। কলাগুৰু বিষ্ণু ৰাভাই ভাটিয়ালী ৰাগৰ বৰগীতত কছাৰী লোক-গীতৰ সুৰ প্রতিধ্বনিত হোৱাৰ সপক্ষে মত আগবঢ়াই গৈছে।

কেতবোৰ বাদ্য যন্ত্ৰৰ ক্ষেত্ৰতো অনুৰূপ সমন্বয় দৃশ্যমান। “এসময়ত বৰগীতৰ লগত ব্যৱহাৰ হোৱা স্বৰাশ্রয়ী বাদ্যযন্ত্র ‘চাৰিন্দ্ৰা' বা 'চাৰেংদা'ৰ বড়োসকলৰ 'ছেজা'ৰ পৰা গ্ৰহণ কৰা বুলি অনুমান হয়। ...সত্ৰীয়া নৃত্যত ব্যৱহাৰ হোৱা নাগাৰা, পাখোৱাজ আৰু ৰবাব (এতিয়া অপ্রচলিত) মুছলমান সকলৰ পৰা গ্ৰহণ কৰা হৈছে।” গৱেষক পণ্ডিত বীৰেন্দ্ৰনাথ দত্তই ‘অসমীয়া সংগীতত ঐতিহ্য’ গ্ৰন্থত সত্ৰীয়া সংগীতত ব্যৱহৃত ‘ভোৰতাল’ ভোটসকলৰ পৰা গ্ৰহণ কৰা বুলি মত পোষণ কৰিছে। সাজ-পোছাক, অলংকাৰ আদিৰ ক্ষেত্ৰতো বিভিন্ন জনগোষ্ঠীয় সমলৰ সমন্বয় পৰিলক্ষিত হয়। টঙালী, মিজাই চোলা, মোগলাই পাগ, চাপকন আদিৰ ব্যৱহাৰে জনগোষ্ঠীয় সমন্বয়ৰ কথাকেই সূচাইছে।

শংকৰদেৱৰ দ্বাৰা সৃষ্ট স্থাপত্য ভাস্কৰ্য্য শৈলীয়েও জনগোষ্ঠীয় সমন্বয়ৰ ইংগিত বহন কৰিছে। সত্ৰ, নামঘৰ সমূহ ইয়াৰ উদাহৰণ। কোনো কোনো পণ্ডিতে নামঘৰ শংকৰদেৱৰ সৃষ্টি হয় নে নহয় তাকলৈ সন্দেহ প্ৰকাশ কৰিছে। কিন্তু এনে সন্দেহ একেবাৰে ভিত্তিহীন। যাৰ কোনো তথ্যগত প্রমাণ দাঙি ধৰাৰ উপায় নাই। 'নামঘৰ' যে শংকৰদেৱৰেই সৃষ্টি তাত দ্বি-মত থাকিব নোৱাৰে। 'নামঘৰ' শব্দটোৰ উৎপত্তিয়েই যাৰ প্রামাণ্যতা দাঙি ধৰিছে। শংকৰদেৱে গ্ৰাম্য সমাজৰ সাধাৰণ লোকৰ মাজত নাম ধর্ম প্ৰচাৰ কিম্বা নাম-কীৰ্ত্তনৰ উদ্দেশ্যৰে এই ধৰ্মীয় গৃহ নিৰ্মাণ কৰাইছিল। যি পৰৱৰ্তী সময়ত ‘নামঘৰ' ৰূপে বিবেচিত হৈছিল। তাৰোপৰি কোনো কোনো লেখকে নামঘৰৰ গঠন প্ৰণালীক লৈ নানা ধৰণৰ প্রশ্ন উত্থাপন কৰিছে। নামঘৰ আহি কিছু পৰিমাণে জনজাতীয় ডেকাচাংৰ শৈলীৰে মিল দেখা যায় যদিও নামঘৰৰ গঠন প্রণালী সমূলঞ্চে জনজাতীয় আৰ্হিৰ বুলি কলে ভুল বিবেচনাহে কৰা হ'ব। এজন সু-নিপুণ কলাকাৰ হিচাপে নামঘৰৰ গঠণ প্ৰণালী, ভাস্কৰ্য্যত যে গুৰুজনাৰ নিজস্ব শিল্পৰ প্ৰভাৱেই সৰ্বাধিক সি সহজেই অনুমেয়। গুৰুজনাৰ উদ্দেশ্য আছিল 'নামঘৰ' স্থাপনৰ জৰিয়তে এখন জনগোষ্ঠীয় ঐক্যমঞ্চ গঠন কৰাটো। এই ক্ষেত্ৰত তেওঁ যথেষ্ট সফলো হৈছিল। সৰ্বস্তৰৰ লোকৰ বাবে সত্ৰ-নামঘৰ দুৱাৰ খোলা আছিল, য'ত জাতি-ভেদৰ কোনো অৱকাশ (শংকৰদেৱৰ দৃষ্টিৰে) নাছিল। আজিও অসমৰ চুকে কোণে থকা নামঘৰত ভাওনা সবাহ, তিথি উৎসৱ আদিত বিভিন্ন জনগোষ্ঠীয় লোকৰ সমাগম দেখা যায়। অৱশ্যে কিছুমান ধর্মীয় নিয়ম-কানুন, সংস্কাৰৰ বাবেই সকলো লোককে 'নামঘৰ' অথবা 'সত্ৰৰ মূল গৃহ বা মণিকূটত প্ৰৱেশত বাধা আৰোপিত হোৱাটো কোনো অস্বাভাৱিক কথা নহয়। ই ধর্মীয় পবিত্ৰতা ৰক্ষাৰহে সহায়ক। তাক কোনো জাতি-ভেদৰ লগত জড়িত কৰাতো সমীচিন নহ’ব। কিয়নো ধৰ্মও হৈছে—সংস্কৃতিৰ এক অংগ। সেয়ে পোনচাতেই অসংস্কৃত, অসাধু লোকৰ তাত প্ৰবেশত অনুমতি নাথাকে। সত্ৰীয়া তথা মহাপুৰুষীয়া পৰম্পৰাত সংস্কাৰ মানে 'একদেৱ, এক সেৱ, একবিনে নাহি কেৱ’ মন্ত্ৰ অন্তৰেৰে উপলব্ধি তথা হৃদয়ংগম, গুৰুত শৰণ ভজনলৈ—পুৱা গধুলি নিত্য কর্মাদি কৰা, হিংসা ভাৱ, ৰাগিয়াল দ্ৰৱ্য্য ত্যাগ কৰি সাত্ত্বিক গুণৰ দিশে ধাবিত হোৱাকহে সূচাই। তেনে লোকে পূৰ্বৰ ধৰ্ম ত্যাগ কৰাটোও বাঞ্চনীয়। এনে ক্ষেত্ৰত, নামঘৰ কিম্বা সত্ৰত যিকোনো জনগোষ্ঠীয় লোকৰ প্ৰবেশ তথা সংস্পৰ্শত বাধা থকাটো অনুচিত। এনে কাৰ্য গুৰদুজনাৰ আদৰ্শৰেই পৰিপন্থি।

বর্তমান প্রেক্ষাপটত বিষয়টোৰ প্ৰাসংগিকতা :

গুৰুদুজনাই বিভিন্ন জনগোষ্ঠীৰ মাজত যি সমন্বয়ৰ পোষকতা কৰিছিল, সি পৰৱৰ্তীকালত তেওঁৰ উত্তৰাধিকাৰী সকলৰ দিনত সেই সমন্বয়ৰ ভাৱ সংকীৰ্ণ তথা অবনমিত হ'বলৈ ধৰিছে। বৰ্তমান বিশ্বায়নৰ অথবা প্রযুক্তি বিদ্যা, শিক্ষাৰ দ্ৰুত প্ৰসাৰৰ সময়তো যদি গোড়ামীতাৰে পুৰণিকলীয়া কেতবোৰ (সমাজৰ ক্ষতিকাৰক) নীতি নিয়মৰ দোহাই দি যদি অসমখনক খণ্ডিত হ'বলৈ দিও, ই সমগ্ৰ অসমীয়া জাতিটোৰ বাবেই অন্যায়-অবিচাৰ কৰাৰ দৰেই হ'ব। ঠাই বিশেষে আজিও বৈষ্ণৱ ভকতৰ মাজত জ্ঞাতি ভেদৰ সংকীর্ণ মনোভাবে আৱৰি থকা পৰিলক্ষিত হৈছে। যাৰ পৰিণতিতেই হয়তো পবিত্র সত্ৰধাম 'মাজুলীত শেহতীয়াকৈ গীৰ্জাঘৰ স্থাপিত হৈছে (অৱশ্যে আমি গীর্জাঘৰৰ পবিত্ৰতাকো যথেষ্ট শ্রদ্ধা কৰোঁ)। ধর্মান্তৰিকৰণৰ প্ৰসংগতহে গীর্জাঘৰৰ কথা অৱতাৰণ কৰিলো, খ্ৰীষ্টান ধৰ্মৰ প্রতি বিদ্বেষ কৰাৰ উদ্দেশ্যে তথা অভিপ্রায় তিলমানো নাই। আমাৰ উদ্দেশ্য হ’ল তাত থকা সংখ্যাগৰিষ্ঠ মিচিং সকলৰ প্ৰসংগ উত্থাপনহে। তাত থকা মিচিং সকলক আজিও এখনো সত্ৰই বিশেষ সহানুভূতিৰে চোৱা বুলি আমাৰ বোধ নহয়। যিটো বৰ দুৰ্ভাগ্যজনক। এই ক্ষেত্ৰত সত্ৰৰ ভকত বিশেষকৈ সত্ৰাধিকাৰ সকল মিচিং তথা অন্যান্য জনগোষ্ঠীৰ লোক সকলৰ সৌহাদ্যপূর্ণ সম্পর্ক স্থাপন কৰি, সভা-সমিতি, আলোচনা-বিলোচনাৰ মাজেদি যথা বিধিৰে সেই জনগোষ্ঠীয় লোকসকলক 'ভকত'ৰ ভিতৰুৱা কৰাৰ সময় সমাগত। অন্যথাই শংকৰদেৱৰ আদৰ্শ ধর্মগ্রন্থ, আলোচনাগ্রন্থ, প্ৰৱন্ধ, বক্তৃতাৰ মাজতেই সীমাবদ্ধ হৈ থাকিবগৈ, কার্যক্ষেত্ৰত সি সম্ভৱ নহ'বগৈ।

শ্ৰীমন্ত শংকৰদেৱ সংঘই (১৯৩০ চনত জন্মা) জনগোষ্ঠীয় সমন্বয়ৰ ক্ষেত্ৰত অতি প্রশংসনীয় পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। শ্রীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত পাহাৰ ভৈয়ামৰ জাতি-জনজাতি, চহা-নগৰীয়া সৰ্বস্তৰৰ লোক একত্ৰিত হোৱাৰ সুযোগ পাইছে। জনগোষ্ঠীয় ভাওনা সমাৰোহকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানত জাতি-জনগোষ্ঠী একত্ৰিত হৈ আয়োজন কৰাটো অতি প্ৰশংসনীয় পদক্ষেপ বুলি ক'বই লাগিব। বিগত বছৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই-মাতৃ সমাৰোহত যোৰহাটত কাকজানৰ মুছলমান তিৰোতাই যোগ দিয়াটো তাৎপর্যপূর্ণ। তাত আয়োজিত ‘আচমিনা বেগম’ সোঁৱৰণী বৰগীত প্রতিযোগিতাই এক অৰ্থত ঐতিহাসিক গুৰুত্বই বহন কৰিছে। অসমৰ সত্ৰসমূহেও জনগোষ্ঠীয় সমন্বয়ৰ ক্ষেত্ৰত কাৰ্যপন্থা গ্ৰহণ কৰা দেখা যায়। আমি জনাত, বিশেষকৈ উত্তৰ কমলাবাৰী আৰু আউনীআতি সত্ৰৰ একক প্ৰচেষ্টাত মিচিং, দেউৰী আদি জনজাতিৰ শিল্পীৰ সহায়ত অসমৰ উপৰিও অসমৰ বাহিৰতো ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ উদ্যোগত মিচিং আৰু দেউৰীসকলৰ মাজত সত্ৰীয়া নৃত্য, বৰগীত আদিৰো প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লোৱা হৈছে। অৱশ্যে সত্ৰসমূহৰ এনে প্ৰচেষ্টা নিচেই চালুকীয়া অৱস্থাতে আছে। পূৰ্বতে ৰজাই সত্ৰাধিকাৰক পৃষ্ঠপোষকতা দান কৰিছিল। কিন্তু দুর্ভাগ্য বিষয় যে বর্তমানে সত্ৰাধিকাৰেহে ৰজাক পৃষ্ঠপোষকতা দান কৰাত উঠি পৰি লাগিছিল। ই সমাজৰ বাবে শুভলক্ষণ নহয়। কিয়নো ৰাজনীতিয়ে সমাজখন ভাগ ভাগ কৰে। সংস্কৃতিয়েহে সমাজক এক কৰি ৰাখে। গতিকে সত্ৰাধিকাৰ সকলে গুৰু দুজনাৰ আদৰ্শ সাৰোগত কৰি অসমৰ জনগোষ্ঠীয় বৈচিত্ৰতাৰ মাজত একতা স্থাপনৰ বাবে উচিত কাৰ্যপন্থা হাতত লোৱাটোহে প্রধান সামাজিক দায়িত্ব হোৱা দৰকাৰ। ৰাজনীতিৰ ৰঙা ফিটাৰ মেৰপাকত সোমাই পৰিলে জনগোষ্ঠীয় সমন্বয় সাধনত বহু ক্ষেত্ৰত বাধা আহি পৰিব। অসম সত্ৰ মহাসভাই জনগোষ্ঠীয় সমন্বয়ৰ বিষয়টো অধিক গুৰুত্ব সহকাৰে লোৱাৰ সময় সমাগত। বৰ্তমান প্রেক্ষাপটত গুৰুদুজনাৰ দৃষ্টিৰে জনগোষ্ঠীয় সমন্বয়ৰ বিষয়টো অধিক গুৰুত্ব সহকাৰে লোৱাৰ সময় সমাগত। বৰ্তমান প্রেক্ষাপটত গুৰুদুজনাৰ দৃষ্টিৰে জনগোষ্ঠীয় সমন্বয়ৰ বিষয়টো অধিক গুৰুত্ব সহকাৰে লোৱাৰ সময় সমাগত। বৰ্তমান প্রেক্ষাপটত গুৰুদুজনাৰ দৃষ্টিৰে জনগোষ্ঠীয় সমন্বয় বিষয়টো যদি কিছু পৰিমাণে হ'লেও হৃদয়ঙ্গম কৰিব পাৰো, তেনে হ'লে ই জাতীয় মহৌষধৰ দৰে কাম কৰিব। গুৰুদুজনাই জনগোষ্ঠীয় সমন্বয়ৰ বহল পটভূমিৰ মাজেদি একশৰণ নাম ধৰ্মৰ যি জখলা নিৰ্মাণ কৰিলে, তাৰ জৰিয়তে এই গোটেই অসমীয়াই জাতি-বৰ্ণ, সম্প্ৰদায়ৰ উধলৈ গতি কৰিব পাৰি। যি সমাজখনক অধিক আধুনিকতাৰ দিশে আগুৱাই নিব।


Previous Post Next Post