খিলঞ্জীয়া মঞ্চ, অসমৰ আহ্বায়ক অনুপ চেতিয়াই কৈ দিলে যে ১৮২৬ চন পর্যন্ত অসমত যিসকল বসবাস কৰিছিল, সেইসকলেই অসমৰ খিলঞ্জীয়া। চেতিয়াৰ মন্তব্যটোৰ বেচ প্ৰতিক্ৰিয়া হৈছে। অসমীয়া আৰু খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ প্ৰশ্নটো অসমত সম্প্রতি অতি স্পর্শকাতৰ আৰু এই প্ৰসংগটোৱেই যোৱা প্ৰায় অর্ধশতিকা ধৰি অসমৰ ৰাজনীতি পৰিচালিত কৰি আহিছে। এনে সময়ত অনুপ চেতিয়াৰ মন্তব্যই আলোড়ন তোলাটোৱেই স্বাভাৱিক। ইয়াণ্ডাবু সন্ধিক ঐতিহাসিক মানৰেখাৰ মৰ্যাদা দিব পৰা-নোৱৰাৰ প্ৰসংগটো একাষৰীয়া কৰি সদ্যহতে এই যুগটোৰ বিষয়ে আলোচনা কৰি লওঁ আৰু চাওঁ — অনুপ চেতিয়াৰ খিলঞ্জীয়াৰ সংজ্ঞাটো অসম আৰু অসমীয়াৰ সামগ্ৰিক ভৱিষ্যতৰ বাবে কিমান নিৰাপদ।
খিলঞ্জীয়া কোন : ৰাষ্ট্ৰসংঘৰ সংজ্ঞা।
উপনিবেশবোৰৰ যাৱতীয় কাম-কাজ পৰিচালনা কৰিবৰ উদ্দেশ্যে ঔপনিবেশিক শক্তিবোৰে এনে দেশবোৰৰ স্থানীয় লোকৰ বাবে পাশ্চাত্য আৰ্হিৰ শিক্ষাৰ ন্যূনতম ব্যৱস্থা কৰিছিল। এনেদৰে শিক্ষাপ্রাপ্ত ব্যক্তিচামৰ উদ্যোগত কুৰি শতিকাৰ দ্বিতীয় দশকৰপৰাই সমগ্ৰ বিশ্বত স্বাধীনতাৰ দাবীৰ
সমান্তৰালকৈ ‘খিলঞ্জীয়া’ৰ স্বাৰ্থৰক্ষাৰ ধাৰণাটোৰ সৃষ্টি হয় আৰু এলানি আন্দোলনো গঢ় লৈ উঠে। এনে আন্দোলনবোৰ ফচলৰূপে বিশ্বৰ প্ৰায়বোৰ দেশেই স্বাধীনতা পালেও খিলঞ্জীয়াৰ আন্দোলন বন্ধ নহ'ল। এনে এলানি আন্দোলনৰ পাছতে ৰাষ্ট্ৰসংঘই বিভিন্ন আলোচনাৰ অন্তত খিলঞ্জীয়াৰ সংজ্ঞা এটা ১৯৮২ চনত নিৰ্ধাৰণ কৰে। কিছুমান সীমাবদ্ধতাৰ পাছতো উপযুক্ত বিকল্পৰ অভাৱত ৰাষ্ট্ৰসংঘৰ এই সংজ্ঞাটোৱেই সকলোৱে গ্ৰহণ কৰিছে। সংজ্ঞাটো এনেকুৱা— Indigenous Communities, peoples, and nations are those, that, having a historical continuity with pre invasion and pre-colonial societies that developed on their territories, consider themselves distin from other sectors of the societies now prevailing in those territories, or parts of them. They form at present non-dominant sectors of society and are determined to preserve, develop, and transmit to future generations their ancestral territories, and their ethnic identity, as the basics of their own cultural patterns, social institutional and legal system. 1.1 অৰ্থাৎ খিলঞ্জীয়া বুলি কোনো এটা সম্প্রদায়, ব্যক্তি বা জাতি তেতিয়াহে আখ্যায়িত হ’ব, যেতিয়া এইবোৰৰ (১) প্ৰাক আগ্রাসনীয় আৰু প্ৰাক ঔপনিবেশিক ঐতিহ্য থাকিব; (২) আগ্রাসনকাৰী তথা ঔপনিবেশিক সমাজৰপৰা স্পষ্টকৈ চিনিব পৰা সমাজ ব্যৱস্থা থাকিব; (৩) নির্দিষ্ট ভূখণ্ডৰ সৈতে ঐতিহাসিক সম্পর্ক থাকিব, (৪) নিজৰ পৈতৃক ভূমি আৰু নৃগোষ্ঠীয় পৰিচয় পৰৱৰ্তী প্রজন্মলৈ প্ৰেৰণৰ আগ্রহ থাকিব, (৫) নিজস্ব, স্পষ্ট, সুকীয়া সংস্কৃতি, সামাজিক প্রতিষ্ঠান আৰু ব্যৱস্থা থাকিব। কোনো সম্প্রদায় ব্যক্তি বা জাতি খিলঞ্জীয়া হ’বনে নহয়, সেই শেষ সিদ্ধান্ত কেৱল ৰাষ্ট্ৰ সংঘইহে দিব আৰু ৰাষ্ট্ৰ সংঘয়ো এই সিদ্ধান্ত দিব এই সংজ্ঞাক আধাৰ কৰিয়েই; এতেকে বিশ্বৰ সকলো সম্প্রদায়, ব্যক্তি আৰু জাতিয়ে এই সংজ্ঞাটো মানি চলিব লাগিব। এই সংজ্ঞাৰ কিছু এৰা ধৰা কৰিও স্বসংস্কৃতি-স্ববৈশিষ্ট্য ৰক্ষাৰ দাবী কৰিব পাৰিব; হয়তো এনে অধিকাৰো তেনে সম্প্রদায়, ব্যক্তি বা জাতিয়ে পাব— কিন্তু তেতিয়া তেনে সম্প্রদায়, ব্যক্তি বা জাতি খিলঞ্জীয়া অর্থাৎ indigenous নহ'ব, হ’ব থলুৱা : son of soil। মানৰ, বিশেষকৈ তৃতীয়টো আক্রমণে আহোম ৰাজ্য তছনছ কৰি পেলাইছিল। আক্রমণটো কেৱল সামৰিক নাছিল, সামাজিকো আছিল। সেইবাবেই এই আক্রমণত ৰাজ্যখনৰ শাসক ৰাজবংশটোৱেই কেৱল উৎখাত হোৱা নাছিল, আহোম ৰাজ্যৰ সামাজিক ব্যৱস্থাটোৱেই ভাগি পৰিছিল। কোনো বিদেশীকে কেতিয়াও সহজে গ্রহণ নকৰা আহোম ৰাজ্যৰ প্ৰজাই সেইবাবেই মানক খেদি পঠিওৱা ব্ৰিটিছ শক্তিক পৰম বিশ্বাসত লৈছিল। ইয়াণ্ডাবু সন্ধিক সেয়ে সেইকালৰ সৰ্বস্তৰৰ অসমীয়াই সর্বান্তঃকৰণে আদৰিছিল।
ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদটোৰ জৰিয়তে আভাৰ ৰজাই অসম ৰাজ্য আৰু ইয়াৰ কৰতলীয়া ৰাজ্যবোৰৰ ওপৰত নিজৰ কৰ্তৃত্ব প্রত্যাহাৰ কৰি সেই কৰ্তৃত্ব ব্ৰিটিছক অৰ্পণ কৰিছিল। (আভা ৰজাই অসম তথা ইয়াৰ সকলো কতলীয়া ঠাই তথা ইয়াৰ চুবুৰীয়া ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত সকলো অধিকাৰ পৰিত্যাগ কৰিছে আৰু ভৱিষ্যতেও কোনো হস্তক্ষেপ অথবা অধিকাৰ দাবী নকৰিব।) এই দফাটোত কোৱা মতে, ইয়াণ্ডাবু সন্ধিযুগৰ অসমখনৰ পৰিসৰ কি আছিল? প্রথমতেই আমি স্পষ্ট হ'ব পাৰোঁ যে তেতিয়াৰ 'অসম'ৰ ভিতৰত কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখন নাছিল। এই চুক্তিখনত উল্লেখ নাই যদিও তেতিয়াৰ অন্যান্য নথি পত্ৰৰপৰা জনা যায় যে ১৮২৬ চনত অসম অর্থাৎ আহোম ৰাজ্য অঞ্চলটো অধিকাৰ কৰি ব্ৰিটিছে গঠন কৰিছিল পাঁচখন জিলা—কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ। এই পাঁচখন জিলা বৰ্তমানৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাকেইখনৰ মাতৃ, অৱশ্যে ধুবুৰী আৰু গোৱালপাৰা জিলা সম্পূৰ্ণকৈ আৰু কোকৰাঝাৰ জিলাৰ একাংশ এই পাঁচখন জিলাৰ পৰিসৰত নাছিল। অর্থাৎ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছলৈ আভা ৰজাই ব্ৰহ্মপুত্ৰ উপত্যকাৰো সকলো ঠাই হস্তান্তৰ কৰিব পৰা নাছিল। আন এটা কথা : ব্ৰহ্মপুত্ৰ উপত্যকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ বৰ্তমানৰ অসমৰ মানচিত্ৰই সামৰা সকলো ঠাই আহোমৰ অধীনত নাছিল। এইখন কামৰূপ জিলাৰ গুৱাহাটী আৰু ইয়াৰ ওচৰ-পাঁজৰৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপৰীয়া ক্ষুদ্র অঞ্চল এটাহে আহোমৰ অধীনত আছিল; বাকী অংশ কোচ, ৰাণী, লুকী, বেলতলা আদি ৰাজ্যৰ আছিল। তেতিয়াৰ দৰং আহোমৰ এখন কৰতলীয়া ৰাজ্য আছিল আৰু ইয়াতো বৰ্তমানৰ দৰং, ওদালগুৰি জিলাই সামৰি লোৱা সকলো ঠাই অন্তর্ভুক্ত হোৱা নাছিল। উত্তৰফালে ভূটান পাহাৰ আৰু দক্ষিণফালে ব্ৰহ্মপুত্ৰক সীমা ধৰি পূবে বৰনদী আৰু পশ্চিমে ধনশিৰি নৈহে আছিল দৰং ৰাজ্যৰ পৰিসৰ। বৰ্তমানৰ ওদালগুৰি জিলাখন দৰং ৰাজ্যৰ পৰিসৰত নাছিল। বৰ্তমানৰ বিশ্বনাথ জিলাৰ বিশ্বনাথৰ উত্তৰৰ বিস্তৃত অঞ্চলটো আহোম ৰাজ্যৰ পৰিসৰৰ বাহিৰত আছিল।
১৮৭৪ চনত ব্ৰিটিছে অসমক মুখ্য সচিব (Chief Commissioner) শাসিত ৰাজ্যৰ ‘মর্যাদা দিয়ে। তেতিয়া ইতিমধ্যে উল্লেখ কৰা পাঁচখন জিলাৰ লগত তেতিয়াৰ বংগদেশৰ শ্রীহট্ট, কাছাৰ আৰু গোৱালপাৰা জিলাকেইখন অসমৰ লগত যোগ দিয়া হয়। পর্যায়ক্রমে নৱ অধিকৃত খাছি আৰু জয়ন্তীয়া পাহাৰ, গাৰো পাহাৰ জিলা, নাগা পাহাৰ জিলা, লুচাই পাহাৰ জিলাক অসমৰ সৈতে সংযুক্ত কৰা হয়। এই জিলাকেইখনৰ পৰিসৰতে গঠন হৈছে বৰ্তমানৰ মেঘালয় ৰাজ্য (প্রথম তিনিখন জিলা), নাগালেণ্ড ৰাজ্য আৰু মিজোৰাম ৰাজ্য (ক্ৰমে পাছৰ দুখন জিলা)। এগৰাকী পলিটিকেল এজেন্ট সুকীয়াকৈ নিযুক্ত কৰি অসম প্ৰশাসনৰ অধীন কৰা উত্তৰ-পূব সীমান্ত অঞ্চলৰ (North East Frontier Tract, পাছলৈ Area, NEFA) পৰিসৰতে পৰৱৰ্তী সময়ত গঠন কৰা হয় বৰ্তমানৰ অৰুণাচল প্ৰদেশ। এই নেফাৰো বালিপৰা ৰেঞ্জ সম্পূৰ্ণকৈ আৰু শদিয়া ট্ৰেক্টৰ কিছু অংশ বৰ্তমানৰ অসমত আছে। আমি সচৰাচৰ কৈ থকা ‘বৰ অসম'ৰ মানচিত্ৰ এইখনহে। এইখন ১৮৭৪ চনত ব্ৰিটিছে গঠন কৰা। অসমক যদি আহোম ৰাজ্যৰ উত্তৰাধিকাৰ বুলি গণ্য কৰিব লাগে, তেন্তে ‘বৰ অসম' এখনৰ কথা ক'ব পৰা নাযায়। এইখন অসম তথাকথিত বৰ অসমৰ এটা ক্ষুদ্র অংশহে মাত্র। আনকি বৰ্তমানৰ ৰাজনৈতিক মানচিত্রই সামৰা অসমতকৈও আহোমৰ অসমখনৰ পৰিসৰ কম আছিল।
দেশ বিভাজনে এই বৰ অসমখনৰ মানচিত্র প্রথমবাৰৰ বাবে সলাইছিল। প্রথমতে শ্রীহট্ট বা চিলেট অঞ্চল অসমৰপৰা বাদ পৰিছিল। জিলাখনৰ বৃহৎ অংশটো তেতিয়াৰ পূব পাকিস্তান, অর্থাৎ বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্ভুক্ত হৈছিল; ভাৰত অৰ্থাৎ অসমত ৰৈ গৈছিল বদৰপুৰ, ৰাতাবাৰী আৰু পাথাৰকান্দি থানা এলেকা তিনিটা আৰু কৰিমগঞ্জৰ এটা অংশ। এয়াই বৰ্তমানৰ কাছাৰ জিলা। কাছাৰ অসমৰ অন্তৰ্ভুক্ত হোৱাত ৰাজ্যখনৰ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত অসমত সোমাইছিল নগাপাহাৰ জিলা প্ৰশাসনৰ অধীনৰ বৰ্তমানৰ ডিমা হাচাও আৰু প্ৰত্যক্ষ ব্ৰিটিছ প্রশাসন বহির্ভূত অঞ্চল বৰ্তমানৰ কাৰ্বি আংলং জিলা দুখন।
খিলঞ্জীয়া প্ৰসংগ:
অনুপ চেতিয়াই কোৱা মতে ইয়াণ্ডাবু সন্ধিপত্রকে যদি খিলঞ্জীয়া চিনাক্তকৰণৰ ভেটি বা আধাৰ কৰিবলগীয়া হয়, তেতিয়া দেখা যাব যে বৰ্তমানৰ অসমখনৰ পৰিসৰত বসবাস কৰা দুই-তৃতীয়াংশ লোকেই অখিলঞ্জীয়া হৈ যাব। এই সংজ্ঞা এবাৰ গ্ৰহণ কৰাৰ পাছত যদি ৰাজনীতিৰ সোঁত এনেকুৱা হৈ পৰে যে অখিলঞ্জীয়াসকল বিদেশী, তেন্তে বর্তমানৰ অসমৰ দুই-তৃতীয়াংশ অধিবাসীয়েই তেনে বুলি চিনাক্ত হৈ যাব। অর্থাৎ কেৱল কাছাৰ কৰিমগঞ্জ, ডিমা হাচাও, কাৰ্বি আংলং, গোৱালপাৰা, ওদালগুৰিৰ বাসিন্দাই কেৱল নহয়, ১৮২৬ চনত তথাকথিত অসমৰ মানচিত্ৰৰ বাহিৰত থকা দৰং, কামৰূপ, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট জিলাৰো বহু অঞ্চলৰ বাসিন্দা অখিলঞ্জীয়া হৈ যাব।
ইতিহাস অধ্যয়নৰ একদেশদর্শিতাৰ বাবেই এনে ভুল হয়। আহোম ৰাজ্যহে অসমৰ আদিৰূপ বা ভিত্তি বুলি থকা ধাৰণাটোৱে এনে একদেশদর্শিতাৰ মূল কাৰণ। সচৰাচৰ পঢ়িবলৈ পোৱা বুৰঞ্জীবোৰ ‘আহোম বুৰঞ্জী 'হে, অসম বুৰঞ্জী নহয়। এনে বুৰঞ্জীবোৰেই অসমৰ আধাৰভূমি কেৱল আহোম ৰাজ্যহে বুলি থকা ধাৰণাটোৰ জন্ম দিছে। কিন্তু অসমৰ আধাৰভূমি প্ৰাগজ্যোতিষ আৰু কামৰূপহে, আহোম ৰাজ্য নহয়। চতুর্থ শতিকাৰ এলাহাবাদ লিপিত কোৱা--
অঞ্চলটোৱে কামৰূপ আৰু এই কামৰূপেই অসমৰ আদিৰূপ। আনফালে প্ৰাগঐতিহাসিক কালৰ অসুৰ বংশ বা নৰক বংশৰ কথা বাদ দিলেও ঐতিহাসিক কালৰ বৰ্মন বংশ (পুষ্য বৰ্মনৰপৰা ভাস্কৰ বৰ্মনলৈকে : ৩৫৫-৬৫০ খৃষ্টাব্দ); শালস্তম্ভ বংশ (৬৫০-৯৮৫ খৃষ্টাব্দ), পালবংশ (৯৮৫-১১৩৮ খৃষ্টাব্দ), কামৰূপী পাল বংশ (১১৩৮-১৪৪৭ খৃষ্টাব্দ), আদিসকলৰ কামৰূপ ৰাজ্যখনৰ দুটা দিশত পৰৱৰ্তী সময়ত কোচ আৰু আহোম ৰাজ্য প্রতিষ্ঠা হৈছিল। কমতাপুৰ নগৰখন (যাৰ বৰ্তমানৰ নাম কোচবিহাৰ) প্ৰায় এহেজাৰ বছৰ ধৰি কামৰূপ, কমতা আৰু কোচ ৰাজ্যৰ ৰাজধানী আছিল। নৰনাৰায়ণৰ ৰাজত্বকাললৈকে কোচ ৰাজ্যৰ প্ৰধান ভাষা আছিল অসমীয়া; তেওঁৰ পুত্ৰ লক্ষ্মী নাৰায়ণৰ দিনত ৰাজ্যখনৰ বিভাজন আৰু কোচবিহাৰ মোগলৰ অধীন হোৱাৰ জৰিয়তেহে কোচ ৰাজ্যৰ বংগায়ন আৰম্ভ হৈছিল। অৱশ্যে কোচ হাজো এনে বংগায়ন প্ৰক্ৰিয়াৰ বাহিৰত থাকি গৈছিল। ফলত ১৯৪৭ চনত অসমে কোচবিহাৰ হেৰুৱাবলগীয়া হৈছিল। অসম বোলোঁতে এই ইতিহাস মনত ৰাখিলে কিছুমান বিভ্ৰান্তিৰপৰা হাত সাৰিব পাৰি।
খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ
ভাৰত মহাসাগৰত থকা কেইবাখনো দ্বীপৰাষ্ট্ৰৰ শাসন ক্ষমতা এতিয়া ভাৰতীয় মূলৰ লোকে নিয়ন্ত্ৰণ কৰে। এই দেশকেইখনৰ মধ্যবিত্ত শ্ৰেণীটো গঠন হৈছে ভাৰতৰপৰা প্ৰব্ৰজন কৰা লোকৰ বংশোদ্ভৱ লোকৰদ্বাৰা। এনে দুখনমান দেশৰ সৰ্বোচ্চ শাসকৰ পদো ভাৰতীয় মূলৰ লোকে দখল কৰিছে। কানাডা, আমেৰিকা যুক্তৰাজ্য আৰু ব্ৰিটেইনৰ ৰাজনীতিত ভাৰতীয় মূলৰ লোকৰ প্ৰভাৱ এতিয়া বেচ চকুত পৰা; এই দেশকেইখনৰ শাসন কাৰ্যতো ভাৰতীয় মূলৰ লোকৰ অংশ লোৱাৰ সুযোগ আহিছে।
ইমানৰ পাছতো কিন্তু মন কৰিবলগীয়া কথাটো হ'ল—এই দেশবোৰৰ স্থানীয় অধিবাসীসকল নিজৰ ৰাজনৈতিক অধিকাৰ সম্পৰ্কে সজাগ আৰু সতর্ক। বিদেশী মূলৰ লোকৰ হাতলৈ ৰাষ্ট্ৰশাসনৰ সুবিধা যাবলৈ দিয়াৰ পক্ষপাতী নহয় এনে দেশবোৰৰ খিলঞ্জীয়া' লোক। এই দেশবোৰৰ খিলঞ্জীয়া নাগৰিকৰ এনে সচেতনতাৰ প্ৰমাণ হ'ল–শেহতীয়া বছৰবোৰত কঠোৰ প্ৰব্ৰজনবিৰোধী আইনৰ পোষকতা কৰা দাবী-আন্দোলনবোৰ। ভাৰত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰবোৰৰ ৰাজনৈতিক পৰিৱেশৰ সৈতে আমেৰিকা-কানাডা বৃটেইনৰ ৰাজনৈতিক পৰিৱেশৰ মিল নাই। ইয়াৰে প্ৰথমবিধৰ দেশবোৰক মানুহৰ বাসভূমি কৰিছিল ঘাইকৈ ভাৰতীয় মূলৰ লোকে। গতিকে ৰাজনৈতিক নিয়ন্ত্রণো তেওঁলোকৰ দখলত আছে। নাগৰিকত্বৰ প্ৰশ্নত সর্বাধিক উদাৰ দেশ আমেৰিকাত প্ৰচলিত আছে দ্বি নাগৰিকত্ব; অথচ এই দেশতো সেউজীয়া কার্ডপ্রাপক নাগৰিকৰ ৰাজনৈতিক অধিকাৰ হালধীয়া কার্ডপ্রাপক নাগৰিকতকৈ বেছি। এই আমেৰিকা, আৰু ইয়াৰ লগতে কানাড়াও নাগৰিকত্বৰ প্ৰশ্নত অধিক কঠোৰ হ’বলৈ ধৰিছে, অর্থাৎ খিলঞ্জীয়াৰ অধিকাৰৰ সুৰক্ষাৰ প্ৰশ্নত অধিক মনোযোগী হৈছে। নাগৰিকত্বৰ প্ৰশ্নত আমেৰিকা আৰু ইউৰোপ পূৰ্বৰ সহনশীলতা ৰক্ষা কৰাৰ পক্ষত এতিয়া নাই। আনকি ভাৰতৰ বাহিৰে আন এছীয় দেশবোৰো নাগৰিকত্বৰ প্ৰশ্নত ভাৰততকৈ কঠোৰ। কেৱল ভাৰতেহে আইন প্রণয়ন কৰি, তাকো ধৰ্মৰ ভিত্তিত, বিদেশীক নাগৰিকত্বৰ বৰপীৰা পাৰি দিবলৈ সাজু হৈছে। ইয়াৰ অৰ্থ, খিলঞ্জীয়াৰ স্বাৰ্থ আৰু অধিকাৰৰ ক্ষেত্ৰত ভাৰতে অধিক আপোচ কৰিবলৈ ওলাইছে। এই সময়ত খিলঞ্জীয়াৰ সংজ্ঞা প্ৰসংগত অধিক কঠোৰ আৰু বাস্তৱ চিন্তাৰ প্ৰয়োজন হৈছে, বিশেষকৈ অসমত।
উপসংহাৰ-
অসমৰ খিলঞ্জীয়া’ জনগণৰ ভাষিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অর্থনৈতিক অধিকাৰ বিপন্ন হৈছে, এইবোৰৰ সুৰক্ষাৰ বাবে সাংবিধানিক বিধি-ব্যৱস্থাৰ প্ৰয়োজন আৰু তাৰেই প্ৰধানতম ৰাজনৈতিক ব্যৱস্থা হিচাপে বিদেশীৰ অবাধ প্রব্রজন ৰোধ আৰু ইতিমধ্যেই অহাখিনিক বহিষ্কাৰ কৰিব লাগে—এনে এটা দৃষ্টিভংগী লৈ সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিছিল অসম আন্দোলন। দাবীটো কেৱল 'খিলঞ্জীয়া অসমীয়া'ৰ অস্তিত্ব ৰক্ষাৰ বাবেই প্রয়োজনীয় নাছিল,—ই ভাৰতৰ সাৰ্বভৌমত্বৰ সুৰক্ষাৰ সৈতেও আওপাকে জড়িত আছিল। উদ্দেশ্য ঠিকেই থাকিলেও আন্দোলনকাৰী নেতৃত্বৰ মতাদৰ্শহীনতা, ক্ষমতাৰ মোহ আৰু ৰাজনৈতিক দৃঢ়তাৰ অভাৱত আন্দোলনটো ক্ষমতাৰ ৰাজনীতিৰ পকনীয়াত পৰিল। পৰিণতিত ঠন ধৰি উঠা অসমীয়া জাতীয় জীৱনত চৰহা পোক লাগিল। সেই মহাভুলৰ আংশিক শুধৰণি হৈ উঠিবলৈ লওঁতেই পুনৰ একেটা বিতৰ্কই অসমৰ সামাজিক জীৱনলৈ ধুমুহা আনিবৰ উপক্ৰম কৰিছে। সেই বিষয়টো হৈছে খিলঞ্জীয়া আৰু অসমীয়াৰ সংজ্ঞাৰ প্ৰসংগটো।
এখন দেশত সেই দেশৰ স্থায়ী আৰু খিলঞ্জীয়া নাগৰিকৰ অধিকাৰ অইনতকৈ, মানে বিদেশী আৰু প্ৰব্ৰজনকাৰীতকৈ বেছি থাকিবই–ই স্বতঃসিদ্ধ কথা। তাৰেই সুৰক্ষাৰ বাবে আন্দোলন কৰিব লগা হোৱাটো দুর্ভাগ্যজনক কথা। অথচ অসমত সেইটোৱেই হৈ আছে। দেশখনৰ পশ্চিম-উত্তৰ সীমান্তৰ সুৰক্ষা আমাৰ দেশৰ বাবে সন্মানৰ বিষয় হৈ পৰা হেতুকে, পূব সীমান্তৰ কথা ভাবিবলৈ চৰকাৰৰ আহৰি নাই। এইটো সীমান্তও সুৰক্ষিত কৰিব লাগে বুলি চৰকাৰক সোঁৱৰাই দিবলগীয়া হোৱাটোও লজ্জাজনক। অথচ অসমে বাৰে বাৰে তাকেই কৰি থাকিবলগীয়া হৈছে। সবাতোকৈ দুর্ভাগ্যৰ আৰু লাজৰ কথা হ'ল— অসমীয়াৰ জাতীয় অস্তিত্বৰ সৈতে জড়িত অতি স্পর্শকাতৰ বিষয়টোক লৈ অসমৰে অসমীয়াৰে গঠিত ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰিছে। ক'বলৈ গ'লে যোৱা আধা শতিকা চলি অসমৰ ৰাজনীতি এই বিষয়টোক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত হৈছে। সময়ে সময়ে বিষয়টোরে নাম সলাইছে মাত্র—কেতিয়াবা ই বিদেশী বিতাড়ন বা অস্তিত্ব ৰক্ষাৰ, কেতিয়াবা স্বাধীন অসমৰ, আন সময়ত আই এম ডি টি আইনৰ নামত বিষয়টো চিহ্নিত হৈছে। পৰিশেষত সাধুকথাত কোৱা মেকুৰীৰ নাম মেকুৰীয়ে হৈছেগৈ ঃ আকৌ খিলঞ্জীয়াৰ সংজ্ঞার্থ লৈ বিতর্ক হৈছে, ৰাজনৈতিক দল,ৰাজনীতিৰ ভাপ পোৱা অৰাজনৈতিক সংগঠন আদিয়ে পানী ঘোলা কৰিছে, চাৰি দশকৰ আগৰ দৰেই বিষয়টো পুনৰবাৰ ক্ষমতাৰ ৰাজনীতিৰ পকনীয়াত পৰি নিৰুদ্দিষ্ট হ'বৰ উপক্ৰম ঘটিছে।
খিলঞ্জীয়া আৰু অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বিষয়টো বৰ স্পর্শকাতৰ বাবে এই বিষয়ত সাৱধান হোৱা ভাল। ৰাজ্যখনৰ সামাজিক ৰাজনৈতিক ইতিহাসৰ গভীৰ জ্ঞান থকা ব্যক্তিয়েহে এই বিতর্কত যোগ দিয়া উচিত। ইয়াণ্ডাবু সন্ধিক অসমৰ কোনোবা সমস্যাৰ মানৰেখা কৰিব পাৰি বুলি আমাৰ ধাৰণা নহয়।