শীতল যুদ্ধৰ যুগ Ba political science, Answers, ৰাজনীতি বিজ্ঞান শ্ৰেণী ১২

 অধ্যায়ঃ ১

শীতল যুদ্ধৰ যুগ

- অতি চমু উত্তৰৰ প্ৰশ্ন: 


নম্বৰঃ ১ শীতল যুদ্ধই কি বুজায় ?

উত্তৰঃ দুই পৰস্পৰ বিৰোধী ভাবাদৰ্শৰ মাজৰ সঘাতক বুজায়।

শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা শীতল যুদ্ধ আৰম্ভ হৈছিল।

NATO ৰ সম্পূৰ্ণ ৰূপ লিখা। 

উত্তৰঃ উত্তৰ আটলান্টিক চুক্তি সংগঠন।

81 বাৰৰ্শ্ব চুক্তি কি?

উত্তৰঃ ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰবিলাকে গঠন কৰা সামৰিক চুক্তি।

বাৰ্শ্ব চুক্তিৰ প্ৰধান কার্য কি আছিল?

উত্তৰঃ পূব ইউৰোপত নাটো বাহিনীক প্ৰতিৰোধ কৰা।

৬। ছোভিয়েট ইউনিয়ন/ মার্কিন যুক্তৰাষ্ট্ৰ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল। (যুক্তিটো বাছি উলিওৱা)

উত্তৰঃ ছোভিয়েট ইউনিয়ন সমাজবাদী আদৰ্শৰ প্ৰতি আসক্ত হৈছিল।

খালী ঠাই পূৰণ কৰা ঃ

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল -আৰম্ভণি।

উত্তৰঃ শীতল যুদ্ধ।

৯। শুদ্ধ নে অশুদ্ধঃ

শীতল যুদ্ধ আছিল মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন আৰু তেওঁলোকৰ মিত্র বাহিনীৰ মাজৰ এক প্ৰতিযোগিতা।

উত্তৰঃ শুদ্ধ।

১০। NIEO ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

উত্তৰঃ নতুন আন্তৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলা।

১১। CENTO বুলিলে কি বুজা? 

উত্তৰঃ কেন্দ্ৰীয় চুক্তি সংগঠন।

১২। 'বোধকৰন' বুলিলে কি বুজা?

উত্তৰঃ প্রতিহত কৰা বা নিকৎসাহিত কৰা।

১৩। LOC কি?

উত্তৰঃ নিয়ন্ত্ৰণ ৰেখা।

১৪। NAM ৰ সম্পূর্ণ নাম লিখা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলন।

১৫। কিউবাৰ সংকট কি আছিল? 

উত্তৰঃ কাষ্ট্ৰোৰ নেতৃত্বত চৰকাৰ গঠিত হোৱাৰ ঠিক পিছৰে পৰাই কিউবাক লৈ উঠা দুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধৰ এক সংঘাত কেন্দ্ৰ। ইয়ে হ’ল কিউবাৰ সংকট।

১৬। UNETAD কি?

উত্তৰঃ ৰাষ্ট্ৰ সংঘৰ বাণিজ্য আৰু বিকাশ বিষয়ক সম্মিলন।

১৭। দুটা মহাশক্তিৰ নাম লিখা।

উত্তৰঃ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা।

১৮। NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে?

উত্তৰঃ নহয় ।

১৯। কোন বছৰত মার্কিন যুক্তৰাষ্ট্ৰই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰোছিমাত দুটা আণবিক বোমা নিক্ষেপ কৰিছিল ?

উত্তৰঃ ১৯৪৫ চন।

২০। LDCS কি?

উত্তৰঃ নূন্যতম উন্নয়নশীল ৰাষ্ট্ৰ।

২১। শীতল যুদ্ধ অভিধাতো প্রথমে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰঃ বাৰ্ণাড বাৰুচে।

22। Axis Power ৰ এখন ৰাষ্ট্ৰৰ নাম লিখা

উত্তৰঃ জার্মান।

২৩। Allied শক্তিৰ এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ আমেৰিকা।

২৪। কোন চনত CENTO প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৯৫৫ চনত।

২৫। কোন চনত SEATO প্রতিষ্ঠা কৰা হৈছিল? 

উত্তৰ: ১৯৫৫ চনত।

২৬। SEATO ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰ: দক্ষিণ পূব এছিয়া চক্তি সংগঠন।

২৭। কোনচনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম শীর্ষ সন্মিলন অনুষ্টিত হৈছিল? 

২৮। শীতল যুদ্ধক কোনে দীঘলীয়া 'Long tni light' যুদ্ধ বুলি কৈছিল?

উত্তৰঃ ১৯৬১ চনত।

উত্তৰঃ নেহৰুৱে।

২৯। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল স্থপতি কোন আছিল?

উত্তৰঃ জৱাহৰলাল নেহৰু। 

৩০। বাগদাদ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৫৫ চনত।

চমু উত্তৰৰ আৰ্হি প্রশ্ন ঃ

নম্বৰ : ২ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু চক্ৰিয় শক্তি বুলিলে কি বুজা? 

উত্তৰঃ মিত্র শক্তি আছিল আমেৰিকা, গ্রেট বৃটেইন, ফ্রান্স, ছোভিয়েট ইউনিয়ন আনহাতে চক্তিয় শক্তি আছিল জার্মান, ইটালী আৰু জাপান। 

৩) দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে ঘটিছিল?

উত্তৰঃ আমেৰিকাই ১৯৪৫ চনত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত আণবিত বোমা বিস্ফোৰণ ঘটোৱাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল।

৪) দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ ডাঙি উঠা দুই মহাশক্তিৰ নাম লিখা।

উত্তৰঃ আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন

৫) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম লিখা।

উত্তৰঃ হিৰোছিমা আৰু নাগাছাকি।

৬) দুই মহাশক্তিক সৰু সৰু সহযোগীৰ প্ৰয়োজন কিয় হৈছিল?

উত্তৰঃ ক) দুই মহাশক্তিক সৰু সৰু সহযোগীৰ প্ৰয়োজন হোৱাৰ কাৰণ আছিল প্রাকৃতিক আৰু মূল সম্পদসমূহ, যেনে: খনি আৰু তেল।

(খ) ভূ-ক্ষেত্ৰ য'ৰ পৰা বৃহৎ শক্তি সমূহ নিজৰ অস্ত্র-শস্ত্ৰ আৰু সেনা সঞ্চালন কৰিব পাৰে। 

৭) পশ্চিমীয়া, মিত্র শক্তি আৰু প্ৰাচ্যৰ মিত্ৰ শক্তি মানে কি? উত্তৰঃ পশ্চিমীয়া মিত্র শক্তি আমেৰিকা আৰু ইয়াৰ মৈত্ৰী ৰাষ্ট্ৰসমূহক আনহাতে প্ৰচাৰে মিত্র শক্তিয়ে ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মৈত্ৰী ৰাষ্ট্ৰবিলাকক বুজায়। 

৮) দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম লিখা।

উত্তৰঃ SALT - 1, START - 1

৯। প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ প্ৰথমখন গোষ্ঠী নিৰপেক্ষশীর্ষ সন্মিলন বেলগ্রেড চহৰত।

১০। NATO ৰাষ্ট্ৰসমূহৰ ঘোষণা-পত্র কি? 

উত্তৰঃ ৰাছিয়ান সকলক বাহিৰত ৰখা, আমেৰিকান সকলক ভিতৰত ৰখা আৰু জাৰ্মান সকলক বশীভূত কৰি ৰখাই হ'ল NATO ৰাষ্ট্ৰসমূহৰ ঘোষণাপত্র। অর্থাৎ সামূহিক প্ৰতিৰক্ষা। 

১০। NIEO মাথোঁ এটা ধাৰণাই আছিলনে, যি কেতিয়াও শৃংখলা নহয়?

উত্তৰঃ নহয়, ই এক শৃংখলাও আছিল। ১১। ৰোধকৰণৰ চুক্তি বুলিলে কি বুজা ?

উত্তৰঃ মহাশক্তিধৰ ৰাষ্ট্ৰসমূহৰ পাৰমাণৱিক যুদ্ধই নিৰুৎসাহিত কৰে।

১২। শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা।

উত্তৰঃ পাৰস্পৰিক সন্দেহ আৰু সংশয়।

১৩। মহাশক্তিসমূহৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ কিয় সহায়ক হৈছিল? 

উত্তৰ: Same as answer 5. 

১৪। মিত্রশক্তি আৰু বিৰোধী শক্তি কি ?

উত্তৰঃ মিত্র শক্তি বুলি ক'লে আমেৰিকা গ্রেট বৃটেইন আৰু ছোভিয়েট ইউনিয়ন আৰু বিৰোধী শক্তি বুলি জাৰ্মান, ইটালী আৰু জাপনক বুজোৱা হৈছে।

১৫। কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা। 

উত্তৰঃ আলবেনিয়া গণৰাজ্য, হাঙ্গেৰী গণৰাজ্য আৰু কমানিয়া গণৰাজ্য।

১৬। গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি? 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নহয়।

১৭। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিবেশিকতাৰ পৰা মুক্ত হোৱা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষ, ইণ্ডোনেছিয়া, শ্রীলংকা, ইজিপ্ত।

১৮। ২০ তম NATO শীর্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ২০১২ চনত আমেৰিকাৰ চিকাগো চহৰত।

১৯। ছোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহৰ নাম লিখা।

উত্তৰঃ পোলেণ্ড, জার্মানী, হাংগেৰী, বুলগেৰীয়া, আলবেনীয়া আৰু চেকোশ্লোভেকিয়া

চমু উত্তৰৰ আৰ্হি প্ৰশ্ন।

নম্বৰ : ৪ শীতল যুদ্ধ কিয় এক ‘শীতল’ যুদ্ধ হৈ আছিল আৰু 'উত্তপ্ত’ যুদ্ধ হোৱাগৈ নাছিল?

উত্তৰঃ শীতল যুদ্ধৰ অৰ্থ হৈছে পাৰস্পৰিক বিৰোধী ভাবাদৰ্শৰ মাজৰ সংঘাত। আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ ভাবাদর্শগত যি তাৰতম্যতাৰ ফলশ্ৰুতিতহে শীতল যুদ্ধৰ নিচিনা পৰিস্থিতিৰ উদ্ভৱ হৈছিল শীতল যুদ্ধই যুদ্ধোত্তৰ পৰিস্থিতিকহে সূচায় ই কেতিয়াও প্রকট যুদ্ধক নুসুচায়। আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ পাৰস্পৰিক সন্দেহে এনেদৰে শিপাইছিল যে সি যুদ্ধোত্তৰ পৰিৱেশৰ সৃষ্টি কৰিছিল য'ত নেকি দুয়োটা শক্তি গোষ্ঠীয়ে পাৰস্পৰিক সন্দেহৰ বশৱৰ্তী হৈ সামৰিক অস্ত্র-শস্ত্ৰৰ বৃদ্ধিৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। কিন্তু যুদ্ধক্ষেত্ৰত সেয়া ব্যৱহাৰ কৰা হোৱা নাছিল সেয়ে কোৱা হয় যে শীতল যুদ্ধ এক শীতল যুদ্ধ হৈ আছিল আৰু উত্তপ্ত হোৱাগৈ নাছিল।

৫) তুমি ভাবানে যে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া মিত্র শক্তি ব্যৱস্থাই সমগ্র বিশ্বকে দুটা শিবিৰত ভাগ কৰিছিল? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

উত্তৰঃ দ্বিতীয় বৃহৎ শক্তিগোষ্ঠীৰ নেতৃত্বত প্রতিষ্ঠা হোৱা মিত্রতাই সমগ্র বিশ্বখনকে দুটা শক্তিগোষ্ঠীক ভাগ কৰা বুলি ক'ব নোৱাৰি। কাৰণ, তৃতীয় বিশ্বৰ বহু ৰাষ্ট্ৰই এই বৃহৎ শক্তিগোষ্ঠী দুটাৰ কোনোটোৰে লগত যোগদান কৰাৰ পৰিৱৰ্তে এক গোষ্ঠী নিৰপেক্ষ নীতি অনুসৰণ কৰাত অটল আছিল।

৬) সৰু সৰু দেশবোৰে দুই মহাশক্তিক কিদৰে সহায় কৰিছিল?

উত্তৰঃ চমু উত্তৰৰ আৰ্হি প্রশ্ন (২ নম্বৰৰ) ৫ নং প্রশ্নোত্তৰ চোৱা।

8)  শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা আলোচনা কৰা। উত্তৰঃ শীতল যুদ্ধৰ সময়ত NAM য়ে আন্তৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল।

(ক) NAM য়ে উপনিবেশিকতাবাদ সাম্রাজ্যবাদ বর্ণবৈষম্যবাদ আদিৰ বিৰোধিতা কৰি ৰাষ্ট্ৰবিলাকৰ স্বাধীনতাৰ পথ প্রশস্ত কৰি তুলিছিল।

(খ) শীলত যুদ্ধৰ অৱসান ঘটোৱাত NAM য়ে অৰিহণা যোগাইছিল। (গ) আন্তঃৰাষ্ট্ৰীয় শন্তিৰ আৰু নিৰাপত্তা প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত NAM যে এক গুরুত্বপূর্ণ।

৭)  তুনি ভাবানে যে আদর্শগত পাৰ্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা 

উত্তৰঃ হয়। আদৰ্শগত প্রভেদৰ বাবেই শীতল যুদ্ধৰ সৃষ্টি হৈছিল। কিয়নো, আদর্শগত প্রভেদেই আছিল শীতল যুদ্ধৰ সৃষ্টি প্রধান কাৰণ। আমেৰিকা আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰবিলাকে পুঁজিবাদী আদৰ্শত বিশ্বাসী হোৱাৰ বিপৰীতে ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰবিলাক সাম্যবাদী নীতিৰ অনুগামী আছিল। সাম্যবাদী আদৰ্শৰ প্রতি আস্থা ৰাখি ৰাছিয়াত উদ্যোগসমূহ ৰাষ্ট্ৰীয়করণ কৰিছিল। অন্যহাতেদি পুঁজিবাদৰ ওপৰত বিশ্বাস ৰখা আমেৰিকাই এনে নীতিক বিৰোধিতা কৰিছিল। সাম্যবাদী ৰাষ্ট্ৰসমূহে শ্ৰমিকসকলক প্ৰদান কৰা ক্ষমতাক পোষকতা কৰে আৰু এই নীতিক পুঁজিবাদে গণতন্ত্র বিৰোধী বুলি আখ্যা দিয়ে। উপৰোক্ত আলোচনাৰ পৰা এইটো প্রতীয়মান হয় যে আদর্শগত প্রভেদে শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছিল। 

৮) NAM ৰ অৱস্থিতিত ভাৰতৰ ভূমিকা নিৰ্ণয় কৰা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ সময়ত শীতল যুদ্ধৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া আছিল দুই ধৰণৰ – প্ৰথমতে, দুই শাক্তি গোষ্ঠীৰ প্ৰভাৱৰ পৰা আতৰি থকাৰ বাবে ভাৰতবৰ্ষ বিশেষভাৱে যত্নপৰ আছিল। দ্বিতীয়তে, ঔপনিবেশিকতাবাদৰ পৰা নতুনকৈ স্বাধীনতা পোৱা ৰাষ্ট্ৰবিলাকে বৃহৎ শক্তি গোষ্ঠীত যোগদান কৰিলে ভাৰতে তাৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। পূৰ্ণপৰ্যয়ৰ যুদ্ধ নহ'বৰ বাবে ভাৰতে দুয়োটা শক্তি গোষ্ঠীৰ মাজত বিভেদ আতৰোৱাৰ চেষ্টা কৰিছিল। শীতল যুদ্ধৰ সংঘাতৰ তীব্রতা হ্ৰাস কৰিবলৈ বিশ্ব ৰাজনীতিৰ বিভিন্ন বিষয় বিলাকত ভাৰতবৰ্ষই সক্রিয়তাৰে অংশ গ্ৰহণ কৰাৰহে পক্ষপাত কৰিছিল। 

বেলগ্রেড শীর্ষ সন্মিলনৰ তাৎপৰ্য বিশ্লেষণ কৰা।

উত্তৰঃ ১৯৬১ চনত যুগোশ্লোভিয়াৰ ৰাজধানী বেলগ্ৰেড চহৰত প্ৰথমখন গোষ্ঠী নিৰপেক্ষ সন্মিলন অনুষ্ঠিত হৈছিল। এইখন সন্মিলনতেই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নীতি আৰু লক্ষ্য সমূহ ঘোষিত হৈছিল। 

NATO ৰ সদস্য ৰাষ্ট্ৰবোৰ কি কি?

উত্তৰঃ NATO ৰ সদস্য ৰাষ্ট্ৰবোৰ হ'ল :

(ক) বেলজিয়াম

(ঘ) ফ্রান্স

(ছ) হলেও

(ঞ) পর্তুগাল

(খ) কানাডা

(ঙ) আয়াৰলেণ্ড

(গ) ডেনমার্ক

(চ) ইটালী

(জ) নেডাৰলেণ্ড

(ট) ইংলেণ্ড

(ঝ) নওৱে

(ঠ) আমেৰিকা


৯। মিত্ৰতা শক্তি ব্যৱস্থাৰ আদৰ্শগত কাৰণ কি ?

উত্তৰঃ মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত যুক্তি হ’ল যে আদর্শগত সামঞ্জস্যতা থকা দেশসমূহৰ লগত সহযোগ কৰিহে অদূৰ ভৱিষ্যতৰ নিৰাপত্তা বিষয়ত নিশ্চিত হ'ব পাৰি। পশ্চিমীয়া ৰাষ্ট্ৰবিলাকক স্বাধীনতা পৃষ্ঠপোষক আৰু USSR ক স্বৈতন্ত্রৰ পৃষ্ঠপোষক বুলি বিবেচনা কৰা হৈছিল। আমেৰিকাই সাম্যবাদী আদর্শব নিঃশেষ কৰাৰ নীতিৰ প্রতি সমর্থন জনাইছিল। খ্ৰীচৰ পৰা ভিয়েটনামলৈ যিবিলাক বিষয়ত এই দেশ বিলাকে হস্তক্ষেপ কৰিছিল সেই সকলোবিলাক হস্তক্ষেপত এই ধাৰণা জড়িত আছিল।

১০) ১৯৬২ চনত ছোভিয়েট ৰাছিয়াই কিউবাত পাৰমাণবিক ক্ষেপনাস্ত্র স্থাপন কৰাৰ কাৰণ কি আছিল?

উত্তৰ: আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত ১৯৬১ চনত কিউবাক কেন্দ্ৰ কৰি সংঘাতৰ সূত্ৰপাত হৈছিল। আমেৰিকাই কিউবাক আক্রমণ কৰিব বুলি ছোভিয়েট কছিয়াই আশংকা কৰিছিল। কাৰণ কিউবা আছিল ছোভিয়েট ইউনিয়নৰ মিত্ৰ ৰাষ্ট্ৰ। কিউবা এখন সাম্যবাদী ৰাষ্ট্ৰ আছিল, য'ৰ ৰাষ্ট্ৰপতি আছিল ফিডেল কাষ্ট্ৰ। কিউবাত ছোভিয়েট ইউনিয়নে ৰাছিয়াক সামৰিক ভেটি গঢ়ি তুলিবলৈ ১৯৬২ চনত আণবিক ক্ষেপনাস্ত্ৰ স্থাপন কৰিছিল। এই ক্ষেত্ৰত আমেৰিকাই বিৰোধীতা কৰিছিল আৰু কিউবা অভিমুখী ছোভিয়েট ইউনিয়নৰ জাহাজক প্রতিহত কৰিবলৈ সামৰিক বাহিনীক নিৰ্দেশ দিছিল। ইয়াৰ ফলত ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ মাজত যুদ্ধৰ আশংকাই দেখা দিছিল। ইয়াকে কিউবাৰ মিচাইল সংকট বুলি অভিহিত কৰা হৈছিল।

১১। কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰা হৈছিল? 

উত্তৰঃ ভাৰতবৰ্ষই গ্ৰহণ কৰা গোষ্ঠী নিৰপেক্ষ নীতিক সমালোচক সকলে বিভিন্ন দৃষ্টিকোণৰ পৰা কঠোৰভাৱে আলোচনা কৰিছিল। সমালোচকসকলে যুক্তি দৰ্শাইছে যে, গোষ্ঠী নিৰপেক্ষতাৰ নামত ভাবতে এক নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছিল। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰখনত ভাৰতে এক সবল ভূমিকা গ্ৰহণ কৰিবলৈ অপাৰগ হোৱাৰ কাৰণবশতঃ ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰা বুলি সমালোচনা কৰা হৈছিল। তাৰোপৰি ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিক এক সুবিধাবাদী নীতি বুলিও সমালোচনা কৰা হৈছিল।

১২। শীতল যুদ্ধ সৃষ্টিৰ যিকোনো চাৰিটা কাৰণ লিখা। 

উত্তৰঃ শীতল যুদ্ধ সৃষ্টিৰ প্ৰধান চাৰিটা কাৰণ হ'লঃ

(ক) পাৰস্পৰিক বিৰোধিতা : দুই বৃহৎ শক্তিৰ মাজত পাৰস্পৰিক বিৰোধিতাৰ প্ৰধান কাৰণ আছিল সন্দেহ, অসন্তুষ্টি আৰু ভুল বুজাবুজি। দ্বিতীয় মহাসমৰত আমেৰিকা, ছোভিয়েট সংঘ, বৃটেইন, ফ্রান্স আদি ৰাষ্ট্ৰবোৰে জার্মানী, জাপণ, ইটালী আৰু তুর্কীৰ বিৰুদ্ধে মিত্ৰজোঁট গঠন কৰিছিল। ছোভিয়েট সংঘই জার্মান, সেনাক বিভক্ত কৰাৰ বাবে মিত্ৰজোঁটৰ এক দ্বিতীয় বাহিনী গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু এই প্রস্তাৱক আওকাণ কৰিছিল আৰু অৱশেষত সেনাধ্যক্ষ আইচেন হাওয়াৰে ১৯৪৪ চনৰ জানৱাৰী মাহতে দ্বিতীয় বাহিনী এটা গঠন কৰিছিল। দ্বিতীয় বাহিনী গঠনৰ দাবী কৰাৰ বাবে ছোভিয়েট সংঘৰ মনত সন্দেহৰ উদ্ভৱ হৈছিল। তাৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ পাৰস্পৰিক অবিশ্বাসৰ ফলতেই দুই বৃহৎ শক্তিৰ মাজত বিৰোধিতা আৰম্ভ হৈছিল।

(খ) অর্থনৈতিক কাৰণঃ দুই ৰাষ্ট্ৰৰ মাজত থকা অর্থনীতিৰ প্ৰভেদও শীতলযুদ্ধৰ বাবে দায়ী আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদক সমর্থন কৰে আৰু ব্যক্তিগত খণ্ডৰ বিকাশত পক্ষপাতী। আনহাতে ছোভিয়েট সংঘই ৰাষ্ট্ৰ নিয়ন্ত্রণাধীন সমাজবাদী অর্থনীতিক সমৰ্থন কৰে। পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশৰ মূল আছিল তৃতীয় বিশ্বৰ উপনিবেশসমূহৰ ওপৰত চলোৱা অর্থনৈতিক শোষণ। আনহাতে, সমাজবাদী ব্যবস্থাই অর্থনৈতিক শোষণৰ বিৰোধিতা কৰে। সেয়েহে, তৃতীয় বিশ্বত সাম্যবাদী প্রভাব স্থাপিত হ’লে পুঁজিবাদী ৰাষ্ট্ৰৰ বাবে অর্থনীতির বজাৰ লোপ পাব আৰু কেঁচা সামগ্ৰীৰ আমদানী হ্রাস পাব আৰু এই ব্যৱস্থাই পুঁজিবাদী অৰ্থনীতিৰ বিকাশ ব্যাহত কৰিব। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি আন আন পুঁজিবাদী ৰাষ্ট্ৰই বিচাৰিছিল যে, তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবোৰত সাম্যবাদী নীতিৰ বিস্তাৰ হ’ব নালাগে আৰু এই ৰাষ্ট্ৰবোৰ পশ্চিমীয়া, পুঁজিবাদী নীতিৰে পৰিচালিত হ'ব লাগে। সেয়েহে, উভয় ৰাষ্ট্ৰই একেদৰে আনৰ বিৰুদ্ধে প্ৰচাৰ চলাই শীতল যুদ্ধত লিপ্ত হৈছিল।

খ) গোপন কাৰ্যসূচী ঃ দ্বিতীয় মহাসমৰৰ পিছত কূটনীতিৰ ক্ষেত্ৰত গোপনীয়তাৰ পৰিবৰ্তে মুক্ত নীতি লোৱা হৈছিল যদিও আমেৰিকা আৰু ছোভিয়েট সংঘৰ কিছুমান গোপন কাৰ্যসূচীয়ে উভয় ৰাষ্ট্ৰক এখনে আৰু বিৰুদ্ধে প্ৰৰোচিত কৰিছিল। যেনে – আমেৰিকাৰ আণবিক বোমাৰ আৱিষ্কাৰ গোপনে ৰখাৰ বাবে ছোভিয়েট সংঘই পশ্চিমীয়া ৰাষ্ট্ৰবোৰক বিশ্বাসঘাতকতা কৰা বুলি কৈছিল। আনহাতে, ছোভিয়েট চোৰাংচোৱা বিভাগে আমেৰিকাত মার্কিন সমৰ্নীতি, প্ৰতিৰক্ষা, আণৱিক বোমাৰ আৱিষ্কাৰ আদিৰ গোপন তথ্য সংগ্ৰহ কৰি মস্কোলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ ফলত আমেৰিকাই ছোভিয়েট সংঘৰ প্ৰতি অবিশ্বাসী আৰু সন্দেহপ্ৰৱণ হৈ পৰে আৰু শীতল যুদ্ধত অৱতীৰ্ণ হয়।

গ) অন্যান্য কাৰণ ঃ ইয়াৰ উপৰিও দুই বৃহৎ ৰাষ্ট্ৰ নেতৃবৃন্দ এই যুদ্ধৰ বাবে দায়ী আছিল। তেওঁলোকে বাস্তৱ দৃষ্টিভঙ্গীৰে বিশ্ব ৰাজনীতিক পর্যালোচনা নকৰি নিজে ৰাষ্ট্ৰ স্বাৰ্থৰ অনুকূলে বিশ্ব ৰাজনীতিৰ পৰ্যালোচনা কৰিছল। শান্তি চুক্তিৰ বিষয়লৈও দুই ৰাষ্ট্ৰৰ মাজত বিৰোধে দেখা দিছিল। টুমেন সিদ্ধান্ত আৰু মাৰ্চেল আঁতনিও শীতল যুদ্ধৰ বাবে বহু পৰিমাণে দায়ী আছিল। 

১৩। মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত কাৰণসমূহ লিখা।

উত্তৰঃ মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত যুক্তি আছিস। এইটোয়েই যে : আদৰ্শৰ সামঞ্জস্য থকা দেশৰ লগত সহযোগিতা কৰি অদূৰ ভৱিষ্যতৰ নিৰাপত্তাৰ বিষয়ত নিশ্চিত থাকি পাৰি। এই ক্ষেত্ৰত পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰবিলাকক স্বাধীনতাৰ পৃষ্ঠপোষক হিচাপে বিবেচনা কৰাৰ বিপৰীতে ছোভিয়েট ইউনিয়নক স্বেচ্চাচ্ছাৰী শাসনৰ পৃষ্ঠপোষক হিচাপে গণ্য কৰা হৈছিল। সাম্যবাদী আন্দোলনৰ নিঃশেষ কৰা নীতিৰ প্ৰতি আমেৰিকাই পূর্ণ সমর্থন জনাইছিল। উল্লেখযোগ্য যে গ্ৰীচৰ পৰা আৰম্ভ কৰি ভিয়েটনামলৈকে যিবিলাক বিষয়ত এই উদ্দেশ্যসমূহে হস্তক্ষেপ কৰিছিল সেই সকলোবোৰ হস্তক্ষেপত এই ধাৰণা জড়িত আছিল।

১৪। দুই মহাশক্তিক কিহে সহযোগ কৰিছিল? 

উত্তৰ ঃ পৰম শক্তি ৰাষ্ট্ৰবিলাকে বিভিন্ন বিষয়ত সমযোগিতা স্থাপনৰ ওপৰত গুৰুত্ব দিছিল। অস্ত্র-শস্ত্র সীমিত কৰা আৰু স্থায়ী শাস্তি প্রতিস্থ ইত্যাদি ক্ষেত্ৰত দুয়োখন দেশেই ঐক্যমতত উপনীত হৈছিল। কৃষি, যাতায়ত সাংস্কৃতিক গোষ্ঠীৰ বিনিময় ইত্যাদি বিভিন্ন বিষয়ত পৰম শক্তি ৰাষ্ট্ৰ দুখনৰ মাজত ভালে সংখ্যক চুক্তি স্বাক্ষৰিত হৈছিল পাৰমাণৱিক যুদ্ধ পৰিহাৰ কৰি এই ক্ষেত্ৰত গৱেষণা পৰীক্ষা-নিৰীক্ষা চলোৱাৰ বিষয়তো দুয়োখন দেশে সহযোগিতা ৰক্ষা কৰিবলৈ ঐক্যমতত উপনীত হৈছিল।

১৫। NAM ৰ সাফল্য সন্দৰ্ভত এটা টোকা লিখা।

উত্তৰ : NAM ৰ সাফল্য সন্দৰ্ভত চাৰিটা কাৰণ তলত দিয়া হল: 

(ক) NAM য়ে উপনিবেশিকতাবাদ সাম্রাজ্যবাদ বর্ণবৈষম্যবাদ আদিৰ বিৰোধিতা কৰি ৰাষ্ট্ৰবিলাকৰ স্বাধীনতাৰ পথ প্রশস্ত কৰি তুলিছিল।

 (খ)শীলত যুদ্ধৰ অৱসান ঘটোৱাত NAM য়ে অবহিণা যোগাইছিল।

(গ) আন্তঃৰাষ্ট্ৰীয় শক্তি আৰু নিৰাপত্তা প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত NAM য়ে এক গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। 

(ঘ) দ্বিতীয় মহাযুদ্ধৰ পিছত নতুনকৈ স্বাধীনতা পোৱা ৰাষ্ট্ৰবিলাকেও এক স্বতন্ত্র বৈদেশিক নীতি অনুসৰণ কৰাৰ ক্ষেত্ৰত NAM য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

১৬। মহা শক্তিয়ে কিয় ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল?

উত্তৰ : বিশ্বৰ দুই পৰম শক্তিয়ে এইটো উপলব্ধি কৰিছিল যে তেওঁলোকৰ হাতত মজুত থকা পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সমূহৰ প্ৰয়োগৰ ফলত দুয়োখন দেশে সমানেই ক্ষতিগ্রস্ত হ'ব। সেয়ে দুই মহাশক্তিয়ে দায়িত্বশীল আচৰণ কৰিবলৈ বাধ্য হৈছিল ভবিষ্যতে মানৱ প্ৰজন্মৰ সুৰক্ষা আৰু এক নিবাপদ বিশ্ব গঢ়ি তোলাৰ প্ৰতি বিশ্ব জনমতৰ প্ৰৱল হেটাৰ পৰিপ্ৰেক্ষিততো মহাশক্তিয়ে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল।

১৭। কিউবাৰ ক্ষেপণাস্ত্ৰ সংকট কি আছিল? উত্তৰ: ১০ নং প্রশ্নোত্তৰটো চোৱা।

১) দীঘলীয়া উত্তৰৰ আৰ্হি প্রশ্নঃ

ক)  কিউবাৰ ক্ষেপণাস্ত্র সংকটৰ বিষয়ে এটা টোকা লিখা। ইয়াৰ তাৎপর্য কি?

উত্তৰঃ চমু উত্তৰৰ আৰ্হি প্ৰশ্ন (৪ নম্বৰৰ) ১০ নং প্রশ্নোত্তৰ চোৱা। 

খ) গোষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ নে নির্লিপ্ততা? তুমি কি ভাবা আৰু কিয় ?

 উত্তৰঃ গোষ্ঠী নিপৰেক্ষতা একাকীত্ববাদ বা নিৰপেক্ষ বুলি কোৱাটো জটিল, কিয়নো শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনে নির্লিপ্ততাৰ নীতি অনুসৰণ কৰাৰ পৰিৱৰ্তে শাস্তিপূৰ্ণ আৰু এক নিৰাপদ বিশ্ব ৰাজনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত এক সৱল ভূমিকা পালন কৰিছিল। এই আন্দোলনে পৰম শক্তিৰ গ্ৰাসৰ পৰা নিজকে মুক্ত ৰাখি এক স্বতন্ত্র বৈদেশিক নীতি তথা ৰাষ্ট্ৰীয় স্বার্থ নিৰ্ণায়িত কৰাৰ ওপৰত গুৰুত্ব দিছিল। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে গোষ্ঠী নিৰপেক্ষতাই বিশ্ব ৰাজনীতিৰ পৰা ৰাষ্ট্ৰ এখন সম্পূৰ্ণৰূপে আঁতৰি অকলশৰীয়াকৈ থকাতো নুবজায়, ই এক সক্রিয় আৰু গঠনমূলক নীতি, স্বতন্ত্রতা ধ্বংস হৈ আক্ৰমণ আৰম্ভ হোৱাত গোষ্ঠী নিৰপেক্ষতাই সক্রিয় অংশ গ্রহণ কৰে।

‌গ) শীতল যুদ্ধৰ যুগত NAM ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ চমু উত্তৰৰ আৰ্হি প্ৰশ্ন (৪ নম্বৰৰ) ৬ নং প্রশ্নোত্তৰ চোৱা।

১৮) তুমি ভাবা নেকি যে শীতল যুদ্ধৰ পিছত NAM এ নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা নির্ণয় কৰা। 

উত্তৰঃ শীতল যুদ্ধৰ অৱসানৰ পিছত NAM য়ে নিজৰ প্ৰাসংগিকতা হেৰুৱাইছে বুলি ক'ব নোৱাৰি। কিয়নো বর্তমানে ই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সৱল ভূমিকা পালন কৰি আহিছে।

যেনে –

(ক) বর্তমানেও বিশ্বত এক পৰম শক্তি আছে। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ স্বাধীনতা যাতে এই পৰম শক্তিৰ দ্বাৰা বিপদাপন্ন নহয় তাৰ নিশ্চয়তা প্রদান কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধকাৰী শক্তিৰ আৱশ্যক। এই NAM য়ে এনে এক সামূহিক প্ৰতিৰোধকাৰী শক্তি হিচাপে কাম কৰিব পাৰে।

(খ) শীতল যুদ্ধোত্তৰ কালৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গণতান্ত্রিক নীতিৰ ভিত্তিত প্রতিস্থিত নহয়, এনে অগণতান্ত্রিক নীতিৰ বিৰূদ্ধে থিয় দিবলৈ এক সামূহিক মঞ্চৰ প্ৰয়োজন NAM য়ে এনে এক সামুহিক মঞ্চৰ ভূমিকা পালন কৰি আহিছে।

(গ) শীতল যুদ্ধৰ অৱসানৰ পৰৱৰ্তী সময়তো তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ সমাধান হোৱা নাই। দৰিদ্ৰতা, মহামাৰী, দুর্ভিক্ষ, বৈষম্য আদিৰ দ্বাৰা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহ আক্ৰান্ত হৈ আছে। এই সমস্যাসমূহ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ উমৈহতীয়া সমস্যা গতিকে এনে সমস্যাৰাজী সমাধানৰ বাবে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত সহযোগিতাৰ যথেষ্ট প্রাসংগিকতা আছে। এনে প্রসংগিকতাই NAM অক অধিক প্ৰাসংগিক কৰি তুলিছে। 

১৮) যুদ্ধোত্তৰ কালত NAM ৰ নতুন ভূমিকা চমুকৈ বিশ্লেষণ কৰা। উত্তৰঃ শীতল যুদ্ধোত্তৰ কালত NAM ৰ ভূমিকা ঃ

(ক) তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত সহযোগিতা স্থাপন কৰা।

(খ) এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ সদ্য স্বাধীনতা প্রাপ্ত ৰাষ্ট্ৰবিলাকক এক তৃতীয় বিকল্প হিচাপে উপস্থাপন কৰা।

(গ) যুদ্ধ এৰাই চলা।

(ঘ) আন্তর্জাতিক শান্তি আৰু সহযোগিতা স্থাপন কৰা। পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি ১৯৬৮ চনত পাঁচখন শক্তিশালী ৰাষ্ট্ৰৰ মাজত সম্পাদিত হৈছিল, এই পাঁচোখন ৰাষ্ট্ৰ আছিল পাৰমাণবিক শক্তি সম্পন্ন। বিশ্বত যাতে অধিক পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ প্ৰসাৰণ ৰোধ কৰা হয় সেই উদ্দেশ্যেৰেই সম্পাদিত কৰা হৈছিল। 91 নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলা সংগঠনৰ (NIEO) আঁৰৰ বাস্তবতা কি আছিল?

উত্তৰঃ নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলা সংগঠনৰ আঁৰৰ যুক্তি আছিল বিশ্বৰ উন্নত অনুন্নত ৰাষ্ট্ৰ বিলাকৰ মাজৰ প্ৰভেদ হ্ৰাস কৰা। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাই বিশ্বত সম উন্নয়ন আৰু বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

১৯) গোলকীয় বাণিজ্য পদ্ধতিৰ সংস্কাৰ সম্পৰ্কীয় UNCTAC প্রতিবেদনখন কি আছিল?

উত্তৰঃ ১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ 'বাণিজ্য আৰু উন্নয়ন'ৰ অধিৱেশনত ‘উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি’ৰ শীৰ্ষক এখন প্রতিবেদন প্রস্তুত কৰিছিল। এই প্রতিবেদন আন্তর্জাতিক বাণিজ্য ব্যৱস্থাৰ কেতবোৰ পৰিৱৰ্তন অনা হৈছিল। এই পৰিৱৰ্তনসমূহ হ'ল –

(ক) উন্নত পশ্চিমীয়া দেশসমূহে শোষন কৰি থকা প্ৰাকৃতিক সম্পদৰ ওপৰত ন্যূনতম উন্নয়নশীল দেশসমূহৰ নিজস্ব নিয়ন্ত্ৰণত থাকিব লাগে। 

(খ) ন্যূনতম উন্নয়নশীল ৰাষ্ট্ৰসমূহে যাতে উৎপাদিত সামগ্ৰীসমূহৰ উচিত বাবে পশ্চিমীয়া বজাৰসমূহত প্ৰৱেশৰ ক্ষমতা দিব লাগে।

(গ) পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশলৰ মূল্য হ্ৰাস কৰিব লাগে। 

(ঘ) আন্তর্জাতিক বিত্তীয় অনুষ্ঠানবোৰত ন্যূনতম উন্নয়নশীল ৰাষ্ট্ৰসমূহক বিশেষ ভূমিকা ল'বলৈ দিব লাগে।

৯। শীতল যুদ্ধৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কি আছিল? ভাৰতৰ স্বাৰ্থত এই নীতিয়ে সহায় কৰিছিলনে? 

উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত NAM ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আছিল দুই তৰপীয়া। এটা এফালে দুয়োটা মিত্ৰ শক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ভাৰত বিশেষ যত্নপৰ হৈছিল। আনফালে উপনিবেশিকতাবাদৰ কৱলৰ পৰা মুক্ত হোৱা নতুনকৈ স্বাধীনতা পোৱা ৰাষ্ট্ৰবিলাক শীতল যুদ্ধৰ দুয়োটা শিবিৰৰ কোনোটোৰে লগত যোগদান কৰাৰ ক্ষেত্ৰত বিৰোধীতা কৰিছিল। NAM ৰ মূল হোতা স্বৰূপে জৱাহৰলাল নেহেৰুৱে কোৱাৰ দৰে ভাৰতৰ গোষ্ঠী নিৰপেক্ষতা পলায়নবাদী নীতি নাছিল বৰং ভাৰতে শীতল যুদ্ধৰ উপশম ঘটাবলৈ বিশ্বৰ ঘটনাবাজিত সক্ৰিয়া অংশ গ্ৰহণৰহে পোষকতা কৰিছিল। ভাৰতৰ ৰাজনৈতিক নেতৃবৃন্দই শীতল যুদ্ধৰ পৰস্পৰ দুই বিৰোধী শিবিৰৰ মাজৰ সমন্বয় ৰক্ষা কাৰী আৰু মধ্যস্থতাকাৰী হিচাপে ভূমিকা লৈছিল।

শীতল যুদ্ধৰ সময়ত USA আৰু USSR য়ে নেতৃত্ব দিয়া মিত্ৰ গোষ্ঠীৰ কোনোটেৰে অংশ নোহোৱা আন্ত:ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংগঠন সমূহক শাক্তিশালী কৰি তুলিবলৈ ভাৰতে বহু চেষ্টা চলাইছিল। NAM য়ে ভাৰতক দুই ধৰণে সহায় কৰিছে– প্ৰথমতে, গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ভাৰতে এনে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ ল'ব লাগিছিল, যাৰ দ্বাৰা বৃহৎ শক্তি সমূহ আৰু তাৰ মিত্ৰ পক্ষৰ স্বাৰ্থ পূৰ্ণ হোৱাৰ পৰিৱৰ্তে ইয়াত নিজৰ স্বাৰ্থ পূৰণ হৈছিল। দ্বিতীয়তে, ভাৰতে দুই পৰম শক্তিৰ মাজত ভাৰসমতা ৰক্ষা কৰিব পাৰিছিল। যদি এক পৰম শক্তিয়ে ভাৰতক আক্রমন কৰা বা অনাহকত হেঁচা প্ৰয়োগ কৰা বুলি ভাৰতে প্রতীয়মান হয় তেন্তে ই আনটো পৰম শক্তিৰ কোনোটোৱেই ভাৰতক সহায়ক বুলি আস্থাত ল'ব পৰানাছিল বৰং উৎপীড়নো চলাব পৰা নাছিল। 

১০। এই মহা শক্তিৰ সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় সামৰিক সহযোগিতা আছিল? তিনিটা কাৰণ দৰ্শোৰা।

উত্তৰঃ সৰু সৰু ৰাষ্ট্ৰবোৰৰ তুলনাত বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শক্তি যথেষ্ট বেছি আৰু আর্থিকভাৱে টনকিয়াল; তথাপি এই ৰাষ্ট্ৰসমূহে সৰু সৰু ৰাষ্ট্ৰবোৰৰ লগত মিত্রতা স্থাপন কৰিব বিচাৰে। ইয়াৰ মূল কাৰণবোৰ তলত উল্লেখ কৰা হ'ল

(ক) সৰু সৰু ৰাষ্ট্ৰবোৰত থকা তেল আৰু খনিজ সম্পদৰ বাবে। 

(খ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মোতায়েন আৰু ক্ষেপণাস্ত্র নিক্ষেপ কৰাত সুবিধা হয়।

(গ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্ৰু পক্ষৰ ৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰাত সহায় হয়।

(ঘ) বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় হয়। ছোভিয়েট ইউনিয়নৰ

১১। অস্ত্রশস্ত্ৰৰ নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ মার্কিন যুক্তৰাষ্ট্ৰ আৰু মাজত স্বাক্ষৰিত চুক্তি তিনিখনৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে দুয়োখন দেশৰ মাজত কেতবোৰ পাৰমাণৱিক অনা-পাৰমাণবিক অস্ত্ৰ সীমিত বা নষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁলোকে ‘অস্ত্ৰ নিয়ন্ত্ৰণ'ৰ জৰিয়তে অস্ত্র ভাণ্ডাৰৰ এটা স্থায়ী ভাৰসাম্য ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।১৯৬০ চনৰ পৰা উভয় পক্ষই অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ বাবে তিনিখন চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তি তিনিখন হ’ল

(ক) নিয়ন্ত্ৰিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ ৰোধ চুক্তি আৰু ক্ষেপজ বিজ্ঞান বোধ ক্ষেপণাস্ত্র চুক্তি। এই চুক্তি তিনিখনৰ উপৰিও বৃহৎ শক্তিসমূহে আন আন বহুত অস্ত্ৰ সীমিত কৰাৰ বাবে বৈঠক অনুষ্ঠিত কৰিছিল আৰু কেইবাখনো চুক্তি স্বাক্ষৰ কৰিছিল।

১২। শীতল যুদ্ধই অস্ত্ৰ শস্ত্ৰৰ নিয়ন্ত্ৰণৰ লগতে অস্ত্র-শস্ত্ৰৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল। এই দয়োটাৰে কাৰণবোৰ কি আছিল? 

উত্তৰ ঃ শীতল যুদ্ধই অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্ৰণৰ লগতে অস্ত্র-শস্ত্ৰৰ প্ৰতিযোগিতাৰো সৃষ্টি কৰিছিল।

ইয়াৰ কাৰণবোৰ হ'ল:

(ক) শীতল যুদ্ধৰ সময়ছোৱাত দুয়োটা শিবিৰৰ মাজত চৰম উত্তেজনা বৃদ্ধি পাইছিল। শীতল যুদ্ধ পৰিৱৰ্তে কেতিয়াবা পৰম যুদ্ধ হোৱাৰ আশংকা কৰি দুয়োটা শক্তি গোষ্ঠীয়ে সামৰিক শক্তি বৃদ্ধিৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। আণৱিক অস্ত্র-শস্ত্র উৎপাদনৰ কামত অধিক পুঁজিৰ খৰচ কৰিব লগা হোৱাত উন্নয়নমূলক কামত খৰচ কৰা পুঁজিৰ পৰিমাণ কমি আহিছিল। ইয়াৰ ফলত শীতল যুদ্ধৰ প্ৰভাৱ ক্ৰমাৎ হ্রাস পোৱাৰ উপক্ৰম হৈছিল।

(খ) দুয়োটা শিৱিৰৰ মাজত হোৱা পাৰস্পৰিক বুজাবুজিয়েও শীতল যুদ্ধৰ প্ৰভাৱ হ্রাস কৰাত বৰঙণি যোগাইছিল দুয়োখন দেশৰ চৰকাৰৰ সুৰক্ষাৰ মাজত অনুষ্ঠিত শীর্ষ সন্মিলনত দেশ দুখনে বিভিন্ন ক্ষেত্ৰত সহযোগিতা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিছিল। অস্ত্র-শস্ত্ৰ হ্ৰাসকৰণ আৰু বিশ্বত স্থায়ী শান্তি প্রতিস্থাৰ বিষয়ত দুয়োখন দেশে ঐক্যমতত উপনীত হৈছিল। কৃষি, যাতায়ত, সাংস্কৃতিক দল বিনিময়, আণৱিক যুদ্ধ পৰিহাৰ কৰা আৰু এই বিষয়ত গৱেষনা আদি বিভিন্ন বিষয়ত সহযোগিতা কৰিবলৈ দুয়োখন দেশ ঐক্যমতত উপনীত হৈছিল। এই সহযোগিতাই শীতল যুদ্ধৰ প্ৰভাৱ দূৰ কৰি অস্ত্ৰ নিয়ন্ত্ৰণত বৰঙণি যোগাইছিল।

১৩। এইটো কোৱা হয় যে শীতল যুদ্ধ হ’ল ক্ষমতাৰ বাবে এক সাধাৰণ সংগ্ৰাম আৰু এই ক্ষেত্ৰত আদৰ্শ বুলিবলৈ একো নাছিল। এই মতক তুমি সমৰ্থন কৰানে? উদাহৰণসহ তোমাৰ স্থিতি ব্যাখ্যা কৰা।

উত্তৰঃ শীতল যুদ্ধ ক্ষমতাৰ যুদ্ধ আছিল। ইয়াত আদৰ্শৰ কোনো ভূমিকা নাছিল বোলা কথাষাৰত মই একমত নহওঁ। কাৰণ ছোভিয়েট ৰুছিয়া আৰু আমেৰিকাৰ মাজত আদর্শগত প্রভেদেই আছিল শীতল যুদ্ধ সৃষ্টিৰ প্ৰধান কাৰণ। ছোভিয়েট ৰুছিয়াই সাম্যবাদী আদৰ্শ প্ৰচাৰ কৰাৰ পৰিৱৰ্তে আমেৰিকাই পুঁজিবাদী আদৰ্শক সমৰ্থন কৰিছিল। সাম্যবাদী আদৰ্শত উৎপাদনৰ আহিলাসমূহক ৰাষ্ট্ৰীয়কৰণ কৰাৰ বিপৰীতে পুঁজিবাদী আদৰ্শত ব্যক্তিগত খৰচৰ ওপৰত গুৰুত্ব দিয়া হয়। দুয়োটা পৰস্পৰ বিৰোধী আদৰ্শৰ মাজত সহযোগিতাৰ সৃষ্টি কৰাতো অসম্ভৱ। ছোভিয়েট ৰুছিয়াই সর্বাত্মক চৰকাৰক সমর্থন কৰে যি ব্যক্তি স্বতন্ত্ৰতাৰ বিৰোধী। সেয়েহে শীতল যুদ্ধক ক্ষমতাৰ যুদ্ধ হিচাপে অভিহিত কৰাৰ লগতে আদর্শকেন্দ্রিক সংঘাত হিচাপেও অভিহিত কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ:

অতি চমু প্রশ্নোত্তৰ।

প্ৰতিটোত ১ নম্বৰকৈ।

১) শীতল যুদ্ধ সম্পর্কে তলৰ উক্তি সমূহৰ কোনটো অশুদ্ধ? 

(ক) ই আমেৰিকা আৰু চোভিয়েট যুক্তৰাষ্ট্ৰ আৰু তেওঁলোকৰ মিত্ৰসকলৰ মাজত এক প্রতিযোগিতা আছিল।

(খ) ই এক অস্ত্র প্রতিযোগিতাৰ সূচনা কৰিছিল।

(গ) আমেৰিকা আৰু চোভিয়েট যুক্তৰাষ্ট্ৰ প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ

(ঘ) ই বৃহৎ শক্তিসমূহৰ মাজত এক আদৰ্শগত যুদ্ধ আছিল। হৈছিল।

উত্তৰ ঃ (গ) আমেৰিকা আৰু চোভিয়েট যুক্তৰাষ্ট্ৰ প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ হৈছিল। 

২) তলৰ কোনটো উক্তিয়ে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ উদ্দেশ্য প্রতিফলন নকৰে?

(ক) গোলকীয় অর্থনৈতিক অসমতা দূৰ কৰাত দৃষ্টি দিয়ে।

(খ) কোনো সামৰিক জোট বন্ধনত যোগদান নকৰে।

(গ) নতুনকৈ উপনিবেশিক শাসনৰ পৰা মুক্ত হোৱা ৰাষ্ট্ৰসমূহক স্বতন্ত্র নীতি গ্ৰহণৰ সামর্থ্য দিয়ে।

(ঘ) গোলকীয় বিষয়সমূহত 'নিৰপেক্ষতা' নীতি অনুসৰণ কৰা ৷

উত্তৰ ঃ (ঘ) গোলকীয় বিষয়সমূহত 'নিৰপেক্ষতা' নীতি অনুসৰণ কৰা। তলৰ বৃহৎ শক্তিসমূহৰ দ্বাৰা গঠিত সেনা বাহিনীৰ বিশেষত্ব সূচক কিছুমান উক্তি দিয়া হৈছে। 

৩) প্ৰত্যেক উক্তিৰ বিপক্ষে শুদ্ধ বা অশুদ্ধ লিখাঃ

(ক) গোট বন্ধনৰ সদস্য ৰাষ্ট্ৰসমূহে নিজৰ নিজৰ দেশত বৃহৎ শক্তিসমূহক ভেটি বনাবলৈ দিব লাগিব।

উত্তৰঃ শুদ্ধ

খ) বৃহৎ শক্তিসমূহে সকলো সদস্য দেশক তেওঁলোকৰ নিজৰ আণবিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ সহায় কৰে।

উত্তৰঃ অশুদ্ধ

(গ) সদস্য ৰাষ্ট্ৰসমূহে আদৰ্শ আৰু সামৰিক কৌশল দুয়োটাতে বৃহৎ শক্তিসমূহক সমর্থন 

উত্তৰ : শুদ্ধ

(ঘ) যেতিয়া কোনো ৰাষ্ট্ৰৰ কোনো সদস্য ৰাষ্ট্ৰক আক্ৰমণ কৰে, ইয়াক সকলো সদস্য দেশৰ ওপৰত আেক্ৰমণ কৰা বুলি গণ্য কৰা হ'ব।

উত্তৰঃ শুদ্ধ


Previous Post Next Post