বৰগীতৰ পৰম্পৰা বিচাৰ কৰিলে অসমত ঘাইকৈ ইয়াৰ তিনিটি ধাৰাৰ কথা চকুত পৰে— বৰপেটা থূলৰ ধাৰা, বৰদোৱা থূলৰ ধাৰা আৰু মাজুলী থূলৰ ধাৰা। মাজুলীতো অৱশ্যে কমলাবাৰী, চামগুৰি আৰু ব্ৰহ্মাসংহতিৰ সত্ৰকেইখনিৰ ভিতৰত ইখনৰ লগত সিখনৰ কেতবোৰ অমিল নথকা নহয়। বৰদোৱাতেই গুৰুজনাই কপিলীমুখৰ কুমাৰৰ হতুৱাই খোল গঢ়াই ভীমা বায়ন, লক্ষণা গায়ন আদিৰে লগ লাগি প্রথমে ‘চিহ্নযাত্রা’ ভাওনা কৰাৰ কথা চৰিত পোৱা যায়। সেয়েহে আজিও কেৱল বৰদোৱাতেই নহয় — গোটেই নগাঁও জিলাতে ভাওনাৰ মাত কথা, সূত্ৰ আদি কৃত্রিম ব্ৰজাৱলীতহে চলে। উজনি অসমৰ দৰে কথিত ভাষাৰ প্ৰচলন তাত নাই; আনহাতে বৰপেটীয়া ৰীতিৰ লগতো ইয়াৰ কেতবোৰ অমিল স্পষ্ট।
বৈষ্ণৱসকলৰ মাজত বৰগীত আৰু নাটৰ গীতৰ ভিতৰত পার্থক্য বৰ বেছি নাই। প্রতিটি বৰগীতৰে চাৰিটি প্রধান সুৰ আৰু তাল থাকে; সেয়ে হৈছেঃ (ক) তাল কোবোৱা প্ৰসংগত গোৱা, (খ) মঞ্জিৰা নামত গোৱা, (গ) যোৰা-প্ৰসংগ বা খোল প্ৰসংগত গোৱা আৰু (ঘ) আইসকলে গোৱা।
বিশেষকৈ পুৱাৰ গীতৰ ক্ষেত্ৰত এই কথা অধিক প্রযোজ্য। তাৰ বাহিৰে নাম প্ৰসংগৰ আগতে গোৱা গীতৰ সুৰ আৰু লয়ো সামান্যভাৱে বেলেগ হয়। ইয়াৰ উপৰি বৰ্তমান অপ্রচলিত ‘বেহাৰ’ গাওঁতে একেটি গীতৰে অনেক সুৰ আৰু চাৰি পাঁচোটি তাল ওলাব পাৰে। শঙ্কৰদেৱৰ পৰৱৰ্তীকালত ৰচিত গীতসমূহ নাম-প্ৰসংগৰ আগতে গালেও যোৰা বা খোল প্ৰসংগত প্ৰায়ে গোৱা নহয়। মাথোন দুই এগৰাকী সত্ৰ প্রতিষ্ঠাপক অথবা তেনে ধৰ্মগুৰুৰ ৰচিত নাটৰ ৰাতিলৈ ভাওনা হ’লে দিনত সেই নাটৰ কল্যাণ বা পূৰবী ৰাগৰ খৰমান তালৰ গীতটি পুৱা আৰু ড্ৰেৰপৰীয়াৰ যোৰাত আৰু মঞ্জিৰা নাম আদিত গোৱা হ’ব পাৰে। ‘পুৱাৰ গীত বিয়লি গায়, ধন ভৰে কিল খায়’ বুলি এটি বচন আছে। সেইবাবে পুৱাৰ ভাগত মাথোন শ্যাম, শ্যামগড়া, ললিত, কৌ, অহিৰ, কল্যাণ আৰু পূৰবী— এই সাতোটি ৰাগৰ গীতহে গোৱা হয়। পুৱাৰ দৰে ডেৰপৰীয়ালৈকে যোৰাত একতালি, খৰমান আৰু জৌতিতালৰ বাহিৰে অন্য কোনো তালৰ গীত গোৱা নহয়।
শঙ্কৰদেৱে ব্যৱহাৰ কৰা ৰেটি ৰাগৰ মুঠ চৌত্রিশটি বৰগীতহে পোৱা হৈছে। ষড়ছন্দৰ গীতকেইটি গোৱাৰ পৰ আৰু উপলক্ষ্যও বেলেগ। শঙ্কৰদেৱ ব্যৱহৃত তেৰটি ৰাগ হৈছে— আশোৱাৰী, ধনশ্রী, শ্ৰী, গৌৰী, নাটমল্লাৰ, সুহাই, বসন্ত, কেদাৰ, অহিৰ, মাহুৰ ধনশ্রী, তুৰবসন্ত, কল্যাণ আৰু ভুপালী। বাকী ঊনত্রিশটা ৰাগৰ মুঠতে এশ ঊনৈশটি গীত তেৰাৰ কৃত ছখনি নাটত পোৱা হয়। সেই ৰাগবোৰ হ'ল— সিন্ধুৰা, কানাৰা, আশোৱাৰী, গৌৰী, কৌ, শ্রীগৌৰী, বেলোৱাৰ, বৰাৰী, শ্ৰীগান্ধাৰ, ভাটিয়ালী, পূৰবী, সুহাই, মাহুৰ, কল্যাণ, (কাৰুণ্য?) কেদাৰ, গান্ধাৰ, অহিৰ, শ্রী, মাহুৰ ধনশ্রী, নাটমল্লাৰ সাৰঙ্গ, নাট, কেদাৰ, শ্যাম, তুৰবসন্ত আৰু শ্ৰীপয়াৰ।
মাধৱদেৱৰ গীতত ঊন্ত্রিশটা ৰাগ ব্যৱহাৰ হৈছে। মাধৱদেৱৰ নাটত সিন্ধুৰা, বসন্ত, শ্যাম, আশোৱাৰী, ভাটিয়ালী, শ্ৰী, বৰাৰী, গৌৰী, কামোদ, কানাড়া, বেলোৱাৰ, তুৰ ভাটিয়ালী, কল্যাণ, শ্ৰীগান্ধাৰ, কৌ-কল্যাণ-সিন্ধুৰা, মাহুৰ আৰু ধনশ্ৰী—এই সোতৰটি ৰাগ আছে। ইয়াৰ ভিতৰত শ্যামগড়া, কামোদ, মল্লাৰ, ললিত আৰু কৌ কল্যাণ-সিন্ধুৰা—এই পাঁচোটি বাগৰ গীত শঙ্কৰদেৱে লেখা নাই; মাধৱদেৱেহে তাৰ ব্যৱহাৰ কৰিছে। বৰদোৱাত শঙ্কৰোত্তৰ যুগত গুৰুসকলে আৰু বেলেগ ছটা ৰাগৰ ব্যৱহাৰ কৰিছে— চালেঙী, ৰামগিৰি, জয়শ্রী, ইমনকল্যাণ, ভৈৰৱী আৰু মেঘ-মল্লাৰ। অৱশ্যে শেষৰ ৰাগটিৰ গীত পাবলৈ নাই।
বিয়লি আৰু সন্ধিয়াৰ যোৰা প্ৰসংগত সাধাৰণতে পৰিতালৰ গীত গোৱা হয়। আৰু তাতেই বৰবিষম, সৰু বিষম ধৰণজৌতি, দহবাৰি, আঠতলা, চুতাৰ, চুটকলা, ৰূপগঞ্জল, সুতাৰ গঞ্জল, মাথজৌতি, ৰূপক, হ্রস্বক, পাতনি ঠেলা, দোমানি আদি নানা তাল, ঠেকা ব্যৱহাৰ কৰিব পাৰে। গীতত সচৰাচৰ ষোল্লখন তাল ব্যৱহাৰ কৰা হয়; সেই কেইখনৰ মাত্ৰা বিভাগ আৰু তালাঙ্ক এনে ধৰণৰ ঃ (১) পৰিতাল চৈধ্য বা সাত মাত্রা, তালাংক— দুই; প্ৰথম আৰু তৃতীয় মাত্ৰাত তাল পৰে।(২) একতালি— বাৰ মাত্রা ছটা তাল; দ্বিতীয়, পঞ্চম, ষষ্ঠ, অষ্টম, একাদশ আৰু দ্বাদশ মাত্ৰাত ফাক থাকে। জৌতি— চৈধ্য মাত্ৰাৰ; তিনিটা ভাগ, তালাঙ্ক এঘাৰ। প্রথম দুভাগত চাৰি মাত্ৰা আৰু শেষৰ ভাগত ছয় মাত্রা থাকে; প্রত্যেক ভাগৰ শেষৰ মাত্ৰাটো ফাঁক থাকে। (৪) ঊণজৌতি— পাঁচ মাত্ৰাৰ, তালাঙ্ক তিনি; প্রথম, দ্বিতীয় আৰু চতুর্থ মাত্ৰাত তাল পৰে।(৫) ৰূপক—ছয় মাত্রা, তালাঙ্ক— দুই; প্ৰথম আৰু তৃতীয় মাত্ৰাত তাল পৰে। (৬) বিষম— দহ মাত্ৰাৰ তিনিটা তালৰ। প্ৰথম অংশটো হিন্দুস্থানী সংগীতৰ সুৰফাত্তা তালৰ লগত মিলে। প্রথম, পঞ্চম আৰু সপ্তম মাত্ৰাত তাল পৰে। (৭) ধৰণজৌতি— চৈধ্য মাত্ৰাৰ, তালাঙ্ক চাৰি। প্ৰথম, পঞ্চম, নবম আৰু একাদশ মাত্ৰাত ভাল পৰে। (৮) ৰূপগঞ্জল – চৈধ্য মাত্ৰাৰ, তালাঙ্ক পাঁচ; প্রথম, তৃতীয়, সপ্তম, নৱম আৰু একাদশ মাত্ৰাত তাল পৰে। (৯) দহবাৰি কুৰি মাত্ৰাৰ, তালাঙ্ক হয়, প্রথম, পঞ্চম, নৱম, একাদশ, পঞ্চদশ আৰু সপ্তদশ মাত্ৰাত তাল পৰে। (১০) সুতাৰ গঞ্জল— আঠ মাত্ৰাৰ, তালাঙ্ক চাৰি; প্ৰথম, তৃতীয়, পঞ্চম আৰু সপ্তম মাত্ৰাত তাল পৰে। (১১) বৰ বিষম—বাৰ মাত্ৰা আৰু কুৰি মাত্ৰাৰ দুটা ভাগ মিলি মুঠতে বত্রিশ মাত্ৰাৰ; প্ৰথম, পঞ্চম, ত্রয়োদশ, একবিংশ আৰু পঞ্চবিংশ মাত্ৰাত তাল পৰে। (১২) মাথজৌতি— চৈধ্য মাত্ৰাৰ, তালাঙ্ক চাৰি; আড়া চৌতালৰ লগত একেই; প্রথম, পঞ্চম, নৱম আৰু একাদশ মাত্ৰাত তাল পৰে। (১৩) ৰসক তাল বা হ্রস্বক তাল— আঠমাত্ৰাৰ, কেৱল প্ৰথম মাত্রাতে এটা তাল পৰে। (১৪) আঠ তলা— চৈধ্য মাত্ৰাৰ, তালাঙ্ক চাৰি; প্রথম, পঞ্চম, নৱম আৰু একাদশ মাত্ৰাত তাল পৰে। (১৫) দোমানি— সাত মাত্ৰাৰ, তালাঙ্ক চাৰি। তেওড়াৰ লগত ই একে; প্রথম, দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ মাত্ৰাত তাল পৰে। (১৬) খৰমান— বাৰমাত্ৰাৰ, তালাঙ্ক চাৰি; দ্বিতীয়, পঞ্চম, সপ্তম আৰু অষ্টম মাত্ৰাত তাল পৰে।
ইয়াৰ বাহিৰে অন্য তালৰ মাজত ঠাকতাল আদি সৰু তালৰ টুকুৰা কেতবোৰো বৰদোৱা থূলৰ গীতিকাৰ আৰু কণ্ঠশিল্পীসকলৰ ভিতৰত ৰমাকান্ত আতাৰ নাম আছে।
প্রথম ল'ব লাগিব। দামোদৰ আতাৰ নাতি এই গৰাকী শিল্পীৰ বিষয়ে চৰিত আছে: ‘তাল ধৰি কতো গীত আপুনি গাৱন্ত। বেসাৰ ৰাসত তান ভাৱ উপজন্ত৷৷ গোপ সঙ্গে কৃষ্ণ যেন নাচন্ত ঠাকুৰ। দেখস্তা লোকৰ আতি আনন্দ প্ৰচুৰ।। উৎসৱ সময়ে খোল আপুনি বজান্ত। ভকত সকলে তাল ধৰি গুণ গাম্ভ।।”
ৰমাকান্ত আতাই ‘স্যমন্ত হৰণ নাট কৰিলা গ্ৰন্থন’, আৰু তাতে চালেঙী আৰু ৰামগিৰি— এই দুটি নতুন ৰাগৰ গীত দিয়ে। এওঁৰ পুত্ৰ ৰামচন্দ্ৰ আতাৰ সংগীত বিষয়ত অতি পাৰদৰ্শিতা দেখি শিৱসিংহ ৰজাই নিমন্ত্ৰণ কৰি গড়গাঁৱত ভাওনা কৰাৰ কথাও চৰিতত আছে। ৰামচন্দ্ৰৰ নাতি ভদ্ৰদেৱে সীতাহৰণ নাট লেখে; তাতে কৌ, ভূপালী আৰু অহিৰ আদি ৰাগৰ গীত দিয়ে। নাটত এই ৰাগৰ গীত নতুন। এই নাটৰ পিতৃবাক্য পালি
মনে, ৰামচন্দ্ৰ গৈলা বনে' ঔৱকটিহে বোলে ভদ্ৰদেৱে ৰচনা কৰিছিল আৰু পুতেক লক্ষ্মীদেৱ আতাক উদ্দেশ্য কৰি কৈছিল— 'পেটেলাক দেগৈ যা, নাটখন কাটক।' পুত্ৰয়ো ‘পিতৃবাক্য পালি নাটখন লেখিলে যদিও তাত পিতৃৰ নামেই ভণিতা ৰাখিলে। লক্ষ্মীদেৱ আতা ৰচিত অনেক গীত-পদ পোৱা যায়, তেখেতৰ অক্ষয় কীৰ্তি হ’ল— ৰাৱণ বধ নাট। ইয়াতে ইমন কল্যাণ আৰু নাট ৰাগৰ ব্যৱহাৰ হৈছে; প্ৰথমৰটি নতুন ৰাগ। এই নাটৰ ভূপালী ৰাগৰ 'এ ভায়া লক্ষ্মণ হে, হৰি হৰি প্ৰাণেৰ বপাই’ গীতটি বৰ জনপ্রিয়। লক্ষ্মীদেৱৰ অন্য নাট— কুমৰহৰণ, হৰমোহন আৰু নৃসিংহ যাত্ৰা। লক্ষ্মীদেৱৰ কনিষ্ঠ পুত্ৰ ধনেশ্বৰ দেৱৰ ৰচিত নাট বালী বধ, বলিছলন আৰু দ্রৌপদীৰ স্বয়ম্বৰ। লক্ষ্মীদেৱৰ দৰেই ছোট হিস্সাৰ লক্ষ্মীকান্ত আতাও এগৰাকী ভাল গীতিকাৰ আছিল; এওঁৰে ৰচনা – বৰদোৱা থান বর্ণনাৰ গীত ‘জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়।' ধনেশ্বৰ আতাৰ ছাত্ৰ ধনী গায়নেই ঊনবিংশ শতিকাৰ শেষ দশকৰ বৰদোৱা সংগীতৰ একমাত্ৰ প্রতিভাবান যশস্বী শিল্পী।
দুজনা গুৰুৰ আৰ্হিত ৰচিত গীত-মাতৰ সংখ্যা কাল সংহতিত অধিক বুলি কোনো কোনোৱে ক'ব খোজে কিন্তু প্রকৃততে পুৰুষ সংহতিতহে সৰহ সংখ্যক গীত-পদ আৰু প্ৰায়বোৰ নাট, চৰিত আদি ৰচিত হৈছিল। যিহওক, পৰম্পৰাগতভাৱে ৰাগ দি শিকা লোক নহ’লৈ আৰু লগতে সেইমতে উপযুক্ত কণ্ঠ আৰু শ্ৰুতি, তাল আদিৰ জ্ঞান নাথাকিলে বৰগীত গাবলৈ যোৱাটো ধৃষ্টতা; সেয়েহে ফকৰাৰ সৃষ্টি হৈছে– ‘নোম-নেগুৰ বৰ্জিত, সিও গায় বৰগীত।' অর্থাৎ বৰগীত গোৱাৰ বা শিকাৰ ক্ষেত্ৰত পৰম্পৰাক অগ্ৰাধিকাৰ দিয়া হৈছে। কিন্তু আমাৰ এনে দিন আহিছে যে ‘ধিন্দাও বোলোঁতেই মণিকূট পোৱা সকলকে লৈ এন্ধাৰত অ'ত-ত'ত খেপিয়াই ফুৰাৰ দৰে গৱেষণাৰ নামতো অসমৰ কেন্দ্ৰীয় চহৰখনিতে পোৱা বা তালৈ যোৱা লোকসকলক লৈয়ে চৰ্চা সীমিত হৈ আছে; সত্ৰলৈ, গাঁৱলৈ গৈ কোনোৱে কষ্ট কৰি প্ৰকৃত বস্তুৰ উদ্ধাৰৰ অৰ্থে আজিলৈকে আত্মনিয়োগ কৰিবলৈ ওলোৱা নাই।
সত্ৰীয়া নাচৰ বেলিকাও সেই একে কথাকেই ক’ব পৰা যায়। সত্ৰৰ নৃত্য ঘাইকৈ ভাওনাৰ লগতে জড়িত। তাৰ বাহিৰে কোনো কোনো ঠাইত ওজাপালিৰ ব্যৱহাৰ আছে, সেইদৰে ভাদ মাহৰ নাম-সামৰা নামৰ অনুষ্ঠানত কেতবোৰ ভংগীত নচা হয়। এইখিনিৰ বাহিৰে যি নাচ আছে সেই সকলোখিনি ভাওনাত গায়ন-বায়নে নাইবা অভিনেতা আদিয়েহে নচা নাচ; গতিকে সত্ৰীয়া নাচ ঘাইকৈ ভাওনা অনুষ্ঠানৰ ভিতৰৰ বস্তু বুলি ক’ব পাৰি। অসমত ‘শ্রীহস্ত মুক্তাৱলী'ৰ দৰে নৃত্যৰ শাস্ত্ৰ প্ৰচলিত থাকিলেও সত্ৰসমূহত সেই পুথিৰ মতে ‘হস্ত 'সমূহ সকলো ঠাইতে ব্যৱহাৰ কৰা নহয়। উদাহৰণ স্বৰূপে কৃষ্ণৰ ভংগী বা হাত,ব্ৰহ্মাক বুজাবলৈ ব্যৱহাৰ কৰা হাত বা হস্ত আদিৰ কথাই উনুকিয়াব পাৰি। সত্ৰীয়া মতে কৃষ্ণৰ বংশী বুজাবলৈ মৃগশীৰ্ষ হস্ত দুখনি লগ লগাই দেখুৱা নহয়। এটা কথা মন কৰিবলগীয়া যে ভাওনা তথা সত্ৰীয়া নাচত স্ত্ৰী চৰিত্ৰত অভিনয় সদায় পুৰুষেই কৰে।
নৃত্যৰ শিক্ষা দিবলৈ সত্ৰ আৰু সমীপৰ চেমনীয়া ল’ৰাসকলক গোটাই লোৱা হয়। তেনে নচা ল'ৰাকে নটুৱা বোলে; অৱশ্যে আন এবিধ সেই নামৰ নাচো আছে। সত্ৰৰ কীৰ্তন ঘৰ বা আন কোনো উপযুক্ত ঠাইত প্রথমে ভংগী শিকোৱাৰ কাম আৰম্ভ কৰা হয়। শাৰীৰিক ব্যায়ামৰ যোগেদি গাৰ ভিন্ ভিন্ অংশ আৱশ্যক মতে ভাঙিব পৰাকৈ প্ৰথমে শিক্ষা দিয়ে। ইয়াৰে ভিতৰত পদ্মাসনত বহি পেট পেলাই উবুৰি হৈ পৰি মূৰটো বিপৰীত ফালে ওপৰলৈ তুলিবৰ যত্ন কৰাক ‘কাছ বান্ধ দিয়া’ বোলে। প্রথমে এনেদৰে কৰা পদ্ধতিক ‘মাটি আখৰা’ বোলা হয়; সাধাৰণতে একতালিৰ ভংগী কেইখনিতে প্রথমতে নাচিবলৈ শিকোৱা হয়। বিভিন্ন কৰণ আৰু অংগহাৰ আদিৰ ভিতৰত খৰপাক, মান চলনা দিয়া, বহি চিৰল, চিৰল, আঁঠুৱা, থিয় আঁঠুৱা, থিয় খৰ, হাঁয়ৰে, ছত্ৰাৱলী, খৰ বাগৰ আদিৰ নাম ব্যৱহাৰ কৰা হয়। নাচ শিকা বুলি নকৈ নটুৱা শিকা বা ভঙ্গী শিকা বুলিহে কোৱা হয়। ভাদমহীয়া বেহাৰৰ ভংগীত নচুৱা প্ৰথা বর্তমান প্রায় লুপ্ত হৈছে। বেহাৰত একেটি গীতকে কেইবাখনিও তালত গোৱা হয় আৰু সেইমতে বিবিধ তালৰ ভংগীত নচুৱা হয়। হাতৰ অংগী-ভংগীক ‘হাত দিয়া’ আৰু ‘মান দিয়া’ বুলি কোৱা হয়। ভাওনাৰ ঘোষা ধেমালিত যেতিয়া বায়নে হস্ত (যাক সাধাৰণতে ‘মুদ্ৰা' বুলি ভুলকৈ কোৱা হয়) প্ৰদৰ্শন কৰে, তেতিয়া তাক হাত দিয়া বুলিহে কোৱা হয়। তাল-খোলৰ লগত সংগতি ৰাখি নিৰ্দিষ্ট ভংগীত গতি কৰাকে ‘মান দিয়া’ বোলা হয়। সেইবাবে কেতিয়াবা জৌতিতাল, ৰূপক তাল বা একতালি আদি তাল শব্দৰ পৰিৱৰ্তে জৌতিমান, ৰূপকৰ মান বা মান এক-তালি আদি শব্দৰ প্রয়োগ হোৱা দেখা যায়।
মাধৱদেৱৰ নামত থকা ‘ৰাসঝুমুৰা' নামৰ সৰু নাটখনিতহে মাথোন এটি দ্বৈত নৃত্যত কৃষ্ণ আৰু ৰাধাই নাচে, তাৰ বাহিৰে এনে নির্দিষ্ট দ্বৈত নৃত্য নাই। সেই নাচটিতে পৰিতালৰ মাজত দুখন বেলেগ ভংগী বজায়, তাকে ঝুন ধৰা বোলে। ভাওনাৰ ঘোষা ধেমালিত বায়নসকলে পাঁজি কটা, খোলকিলোৱা, জয়জয়, নক্ষত্ৰ আদি বাৰ প্ৰকাৰে হাত দিয়ে। তাল কেইখনিৰ ভিতৰত প্ৰত্যেক তালৰে কেতবোৰ বেলেগ ভংগী বা বাজনা আছে; তাৰ ভিতৰত একতালিৰ ছখন, ৰূপকৰ এখন আৰু খৰমান তালৰ তিনিখন ভংগী আছে। জৌতিৰ দহখন ভংগী, ধৰণজৌতিৰ দুখন জামান আৰু পৰিতালৰ বা চুটাৰৰ একৈশখন তেনে ভংগী আছে। ভাওনাত ব্যৱহাৰ হোৱা নাচৰ ভিতৰত তলৰ কেইবিধেই প্রধান।
১। সূত্ৰধাৰৰ নাচ (নাটৰ আৰম্ভণিতে সূত্ৰধাৰ প্ৰৱেশ কৰি নচা নাচ), ২। প্ৰবেশৰ ভঙ্গী (নাটৰ মূল ভাৱৰীয়া কৃষ্ণ বা ৰাম চৰিত্ৰই প্ৰথম প্ৰৱেশ কৰোঁতে নচা নৃত্য), ৩। গোপী প্ৰৱেশৰ নাচ (গোপী আৰু সাধাৰণতে স্ত্ৰী-চৰিত্ৰই নচা), ৪। নান্দীভঙ্গী (কংস বধ নাটত কৃষ্ণ আৰু বলৰামে এই ভংগীত নাচে), ৫। পয়াণ ভংগী (কংস বধ নাটত ৰঙ্গশালালৈ প্ৰৱেশ কৰোঁতে উক্ত দুই চৰিত্ৰই নাচে), ৬। চালি নাচ (ইয়াৰে কেইবাটাও ভাগ আছে; তাৰে এবিধ কংস বধ নাটত কৃষ্ণই কংসক বধ কৰিবলৈ উদ্যত হোৱা ৰণচালিৰ নাচ । ইয়াৰ লগত মণিপুৰৰ চাংলি বা ছালি নামৰ ম’ৰাচালিৰ লগত সাদৃশ্য থকা বুলি ভৱা নাচৰ সম্পৰ্ক নাই। এবিধ চালি বান্দৰৰ চালি-চমক লোৱা নাচ। আন এবিধ গোপী নাচৰ অন্তৰ্ভুক্ত। বান্দৰৰ চালি নাচক বান্দৰৰ ঘেতাও বোলে।), ৭। বালকৰ নাচ বা গোপ বালকৰ ভঙ্গী (পৰিতাল আৰু একতালিতে এই নাচৰ ভঙ্গী বজোৱা হয়), ৮। নায়িকাৰ ভঙ্গী (অমৃত মথন আদিত মোহিনীৰূপী শ্ৰীকৃষ্ণই নচা) ৯। নাৰদৰ ভঙ্গী (ঋষি-মুনি আদিয়েও এই ভংগীত প্ৰৱেশ কৰে), ১০। যুদ্ধৰ নাচ (বিবিধ প্ৰকাৰৰ অস্ত্ৰাদি লৈ আৰু সমদল বা যুটীয়াভাৱে কৰা যুদ্ধৰ বিভিন্ন ভংগী), ১১। ঘেতা মৰা আৰু ছটা মৰা, ১২। জামানৰ নাচ (সাধাৰণতে দুখন, তাৰে এখন দীঘলীয়া আৰু আনখন চুটি), ১৩। দূতৰ বাজনা বা দূতৰ ভঙ্গী, ১৪। বহুৱাৰ বাজনা (ইয়াৰ লগৰ আন এবিধ সৰু ভঙ্গী), ১৫। খৰ মানৰ ভঙ্গী (নাটৰ অন্তত মূল ভাৱৰীয়াই এই ভঙ্গীত নাচে,) সত্ৰীয়া নাচৰ ভিতৰত ঘাইকৈ এই কেইবিধ নাচেই প্রচলিত বুলি ক’ব পাৰি।