পাঠভিত্তিক প্রশ্নাৱলী।
অতীত ভাৰতবৰ্ষৰ আৰ্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখা সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাবে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ (১৮৬৪-১৯৩৮) 'বুৰঞ্জীৰ দৌৰাত্ম্য’ এটি অন্যতম মননশীল প্ৰৱন্ধ। প্রবন্ধটিত বেজবৰুৱাদেৱে অতীত ভাৰতবৰ্ষৰ আৰ্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখা সন্দৰ্ভত ব্যংগাত্মকভাৱে বিভিন্ন কথা উল্লেখ কৰিছে। লেখকে কৈছে, “বহুকাল ধৰি মোৰ মনত খেলাই আহিছে যে ভাৰতবৰ্ষৰ ঋষিমুনি পণ্ডিতসকলে আজিকালি যাক আমি বুৰঞ্জী বোলোঁহক, তেনে বুৰঞ্জী বা ইতিহাস ৰচনা কৰা নাছিল কিয়?” লেখকৰ মতে, আমাৰ ঋষিমুনি পণ্ডিতসকলে বেদ, বেদান্ত, ষড়দর্শন, জ্যোতির্বিদ্যা, আয়ুৰ্বেদ, ৰসায়ন আদি জ্ঞান-বিজ্ঞানৰ গ্ৰন্থ আৰু আধ্যাত্মিক বিদ্যাৰ গ্ৰন্থ লেখি মৃধা ফুটাই গ'ল, অথচ বুৰঞ্জী নিলিখিলে। ন্যায়, নীতি, পুৰাণ, সংহিতা গ্ৰন্থ ইত্যাদিৰ উজান উঠালে কিন্তু বুৰঞ্জী নৰচিলে। ৰসৰাজৰ মতে, আমাৰ ঋষিসকলে ধনুর্বিদ্যা, নৃত্য-গীত ইত্যাদি চৌষষ্ঠি কলাত পকাৎ পকা পুথি দকচি লেখিলে, তদুপৰি ভৱিষ্য পুৰাণপৰ্যন্ত লেখি উলিয়ালে। কিন্তু কাশীনাথ ফুকন আৰু হৰকান্ত সদৰামিনৰ বুৰঞ্জীৰ নিচিনা নাইবা ইংৰাজ ফ্রেঞ্চ-জার্মান ‘হিষ্টৰি’ প্ৰণেতাসকলৰ নিচিনাকৈ ইতিহাসৰ খনদিয়েক কিতাপ লেখিবৰ বেলিকাহে কেনা লাগিল। ৰসৰাজে বিভিন্ন হাস্য-ব্যংগ শব্দ সৃষ্টি কৰি অতি ৰসাত্মকভাৱে নিজৰ মন্তব্য প্রদান কৰিছে। বেজবৰুৱাৰ মতে, বাপুসকল অন্ততঃ চকুৰ বেমাৰত চকুত বাটি দিবলৈকে খোৰা বুৰঞ্জী এখন হ'লেওটো লেখি থৈ যা। লিখকৰ মতে, আমাৰ পূর্বজ ঋষিমুনিসকল নিবোকা চামোনহে। (চোম গছত থকা এবিধ ভূত, এই ভূত গাত লভিলে মানুহে মুখেৰে নমতা হয়।) মুঠৰ ওপৰত, বেজবৰুৱাদেৱে আর্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখা কথাটো বিভিন্ন হাস্য-ব্যংগ কথাৰ অৱতাৰণা কৰি ব্যক্ত কৰিছে।
২৷ বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখি বেজবৰুৱাৰ ব্যংগাত্মক ভাবধাৰা কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰা
উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ '‘বুৰঞ্জীৰ দৌৰাত্ম্য’ এটি হাস্য ব্যংগভাবধাৰাৰ অনুপম প্ৰবন্ধ। প্রবন্ধটিৰ প্ৰাৰম্ভতে লিখকে লিখিছে— “আজি মোৰ ভাবৰ বুৰবুৰণিৰ নাম বুৰঞ্জীৰ দৌৰাত্ম্যৰ বুৰবুৰণি। বুৰঞ্জীৰ বুৰবুৰণিৰ ওপৰত উঠি ভৱনদী পাৰ হ'বলৈ যোৱা বুৰঞ্জীবিদ পিত পিতসকলে আশাকৰোঁ, মোৰ দোষাদোষ মৰিষণ কৰিব।” পাঠটোৰ আৰম্ভণিতে বেজবৰুৱাদেৱে বিভিন্ন হাস্য-ব্যংগ কথাৰে আমাৰ পূৰ্বৱৰ্তী ঋষিমুনি-পণ্ডিতসকলে বুৰঞ্জী নিলিখাৰ কথা আলোচনা কৰিছে। তেওঁৰ মতে, আমাৰ ঋষিমুনিসকলে প্রায় সকলো প্ৰকাৰৰ জ্ঞানৰ পুথিয়েই ৰচনা কৰিছিল— বেদ, বেদান্ত, ষড়দর্শন, জ্যোতির্বিদ্যা, আয়ুৰ্বেদ, ৰসায়ন সকলো লিখিছিল কিন্তু কাশীনাথ ফুকন আৰু হৰকান্ত সদৰামিনৰ বুৰঞ্জীৰ নিচিনা তথা ইংৰাজ ফ্রেঞ্চ জার্মান ‘হিষ্টবি’হে লিখি থৈ নগ'ল। বেজবৰুৱাই এই সকলোবোৰৰ উত্তৰ নিজেই দিছে— আগৰ দিনৰ ঋষিমুনিসকলৰ পুৰাণবোৰেই ইংৰাজী ভাষাৰ বুৰঞ্জীৰ সমধর্মী। বৰ্তমান সময়ৰ বিচাৰ আৰু দৃষ্টিভংগী অনুসৰি পুৰাণসমূহক বুৰঞ্জী বুলি ক'ব নোৱাৰি। তথাপিও পুৰাণসমূহ উৎকৃষ্ট ভঁৰাল। পুৰাণসমূহ কেৱল পার্থিব সম্পৰ্কক কেন্দ্ৰ কৰিয়েই লিখিত নহয়। পৰমপদ লাভ কৰিবৰ বাবে উদাহৰণ, আৰ্হি-উপাখ্যান, ৰূপক নীতি আৰু সৎ উপদেশৰ সহজ-সৰল বর্ণনা পুৰাণত আছে। ইয়াৰ উপৰি ইতিহাস, ভূগোল, বংশাৱলী ইত্যাদিৰ উত্থাপন, ঈশ্বৰ পৰায়ণ সাধুসকলৰ চৰিত্ৰ আৰু কাৰ্যকলাপৰ বিৱৰণ আছে।
বুৰঞ্জী নিলিখা সন্দৰ্ভত আৰু কৈছে— বৰ্তমান সময়ত বিভিন্ন বুৰঞ্জীৰ সত্যৰ অপলাপ প্রত্যক্ষ কৰা হয়। এটা পক্ষৰ যুদ্ধৰ কাহিনী আনটো পক্ষৰ হাতত বিপর্যয় গ্ৰস্ত হৈ ওলোটা হয়। এইবোৰ কাৰণতে প্রাচীন ভাৰতৰ ঋষিমুনিসকলে অসার্থক বুৰঞ্জী লিখা নাছিল।
অসমীয়া বুৰঞ্জী নিশ্চয় আহোমসকলৰ দান। তেওঁলোকৰ তেনে অভ্যাস বা বুৰঞ্জী Sense বংশ আৰু জন্মগত। অনা আহোমসকল তেওঁলোকৰ শিক্ষাগুৰু। যদিও আগৰ কালত অসমত ছপাখানা নাছিল, ছপা কৰি কিতাপ বা পুথিখন গগপীয়া কৰি ল'বৰ জ্ঞান অসমীয়াৰ নাছিল। তথাপি আহোমৰ হওক বা আনবে হওক, অসমত নামজ্বলা বংশ বা ফৈদ এনে এটা নাছিল যাৰ ভিতৰৰ মুখিয়ালসকলে নিজৰ বংশৰ বা ফৈদৰ বুৰঞ্জী একোখন লেখি নিজৰ ঘৰত নথৈছিল।
লেখকে কৈছে, ‘ধর্মস্য তত্ত্বং নিহিতং গুহায়াং’ এই সত্য কথাষাৰ অমূল্য। বুৰঞ্জীৰ প্রকৃত সত্য কথাৰ তত্ত্বও সাত হাত পানীৰ তলত। পাহৰিলে নচলিব যে বুৰঞ্জীবিহীন প্রাচীন আর্য হিন্দু জাতি আজিলৈকে জীয়াই আছে, লেলায়েই হওক বা ধেন্দায়েই হওক। কিন্তু বুৰঞ্জীৰ বোজাৰে কঁকাল বেঁকা অনেক প্রাচ্য আৰু পাশ্চাত্য জাতিয়ে পৃথিৱীৰ মানচিত্র এৰি স্বৰ্গাৰোহণ কৰিলে। আজিৰ ভাৰতীয়ই পশ্চিমৰ সকলো বিষয়কে বাচ-বিচাৰ নকৰি অনুকৰণ কৰাৰ ফল, নিজৰ ভিতৰত হুলস্থুল। পাঠটোৰ মূল কথা হ’ল যে আমাৰ পূৰ্বৰ ঋষিমুনিসকলে বুৰঞ্জী নিলিখিলেও যি পুৰাণ ইত্যাদি ধৰ্মগ্রন্থ লিখিছে সি অন্যৰ বুৰঞ্জীতকৈ আদৰণীয় আৰু আদৰ্শময়ী।
বেজবৰুৱাই পাঠটোত ব্যংগাত্মক ৰীতি বিষয়বস্তু, কথনীতিত ব্যৱহাৰ কৰিছে। বেজবৰুৱাই ‘বুৰঞ্জী' নিলিখা সন্দৰ্ভত যি কথা কৈছে সেয়া অতিকৈ ব্যংগাত্মক— “বাপুহে ! অন্ততঃ চকুৰ বেমাৰত চকুত বাটি দিবলৈকে খোৰা বুৰঞ্জী এখন লেখি থৈ যা। কিয় তেওঁলোক এই বিষয়ত নিবোকা চামোন হৈছিল? মচুলুকা নোলোৱাকৈ কথাষাৰ এৰি দিবকে নোৱাৰি; সি এনে 'ল আৰু অৰ্ডাৰ' সম্বলিত ব্যাপাৰ।”
অতিৰিক্ত প্রশ্নাৱলী।
১৷ লক্ষ্মীনাথ বেজবৰুৱাৰ মতে অতীত ভাৰতৰ ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ কাৰণ কি কি?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুৰঞ্জীৰ দৌৰাত্ম্য প্ৰবন্ধত লিখকে অতীত ভাৰতৰ ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ কিছুমান তাৎপৰ্যপূৰ্ণ আৰু গৱেষণাধর্মী চিন্তাৰ অৱতাৰণা কৰিছে। সাহিত্যৰথীৰ মতে, আজিকালি আমি যাক বুৰঞ্জী বুলি কওঁ, অতীত ভাৰতৰ ঋষিমুনিসকলে তেনে বুৰঞ্জী লিখা নাছিল। সেইবাবেই কিছুমান অভাৰতীয় বিদেশীয়ে ভাৰতীয় মানুহৰ বুৰঞ্জী জ্ঞানৰ অভাৱ থকা বুলি মন্তব্য কৰিছে।
বেজবৰুৱাদেৱৰ মতে, অতীত ভাৰতত ঋষিমুনিসকলে ৰচনা কৰা পুৰাণবোৰ অভুৱাৰ গল্প, কানীয়াৰ কীৰ্তন বা মতলীয়াৰ প্ৰলাপ নহয়। তেখেতে স্পষ্টভাৱেই কৈছে, আজিৰ হিচাপ মতে পুৰাণ বুৰঞ্জী নহয় সঁচা, কিন্তু সকলোবোৰ লাগতিয়াল সংবাদৰ সি ৰহঘৰা। সেই সংবাদ ধৰ্ম আৰু ধৰ্ম সম্পৰ্কীয় কৰ্ম, আধ্যাত্মিক উন্নতি পৰকালৰ মহাবিত্ত লভি সংসাৰৰ কৰ্ম-বন্ধনৰ পৰা মুক্তি পাই বিষ্ণুৰ পৰমপদ লভিবৰ সংবাদ, উদাহৰণ, আৰ্হি, উপাখ্যান, ৰূপক, নীতি ইত্যাদিৰ সোপানসদৃশ পুৰণি কথা। অৱশ্যে ঈশ্বৰৰ গুণ চৰিত্ৰৰ সৈতে সম্পৰ্ক নথকা সাধাৰণ মানুহৰ কাৰ্যকলাপ, যুদ্ধ-বিগ্রহ, তাৰ দিন-বাৰ-তাৰিখ। কোনো লোকৰ জীৱন চৰিত ইত্যাদি পদাৰ্থ ঋষিমুনিসকলে লিপিবদ্ধ কৰা নাছিল। কাৰণ তেওঁলোকৰ মতে সেইবোৰ অপদাৰ্থ আৰু অসাৰ্থক লগতে পক্ষপাত দোষত দোষী হোৱাৰ সম্ভাৱনা থকা।
সাম্প্ৰতিক সময়ৰ বুৰঞ্জীসমূহৰ নিৰপেক্ষহীনতা, বিশ্বাসহীনতা তথা সত্যৰ অপ্ৰলাপ প্রত্যক্ষ কৰা হয়। এটা পক্ষৰ যুদ্ধৰ কাহিনী আনটো পক্ষ বা বিপক্ষই লিখিলে তাত অসত্যই বেছিকৈ ঠাই পায়। এটা পক্ষৰ বীৰত্বৰ বুৰঞ্জী আনটো পক্ষৰ হাতত বিপর্যয়গ্রস্ত হৈ ওলোটা হয়। এইবোৰ পক্ষপাতি ধৰ্মৰ কাৰণে প্ৰাচীন ভাৰতৰ ঋষিমুনিসকলে তেনে অসাৰ্থক বুহঞ্জী লিখাৰ পৰা আঁতৰত আছিল।
২৷ ‘পুৰাণ’ কাক বোলে? ‘পুৰাণ'ৰ কি কি পাঁচোটা লক্ষণ আছে লিখা।
অথবা
“সাধাৰণতে পুৰাণৰ লক্ষণ পাঁচটা আৰু শ্রীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহটা।” এই লক্ষণসমূহ কি কি?
উত্তৰ ঃ পুৰাণঃ পুৰাণ শব্দৰ আভিধানিক অৰ্থ হৈছে পুৰণি কথা। ই একপ্ৰকাৰৰ প্ৰাচীন সাহিত্যৰ অংশ। খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ ভিতৰত প্ৰায়বোৰ পুৰাণ— উপপুৰাণ ৰচিত হয় বুলি পণ্ডিতসকলে অনুমান কৰে। পুৰণি কালৰে পৰা লোক পৰম্পৰাত যি ব্যক্ত হৈ আহিছে, সেয়ে পুৰাণ ‘পুৰা পৰম্পৰা ব্যক্তিং পুৰাণং তেন বৈ স্মৃতম্। পুৰাণৰ পাঁচোটা লক্ষণ :
ক) সর্গ (সৃষ্টি)
খ) প্ৰতিসৰ্গ (সৃষ্টিৰ পিছত পুনঃ সৃষ্টি)
গ) বংশ (দেৱতা আৰু ঋষিসকলৰ বংশ)
ঘ) মন্বন্তৰ (মনুৰ অধিকাৰ কাল)
ঙ) বংশানুচৰিত (বংশাদ্ভূত বিখ্যাত চৰিত্ৰ)
শ্রীমদ্ভাগৱতৰ মতে, পুৰাণ দশ লক্ষণযুক্ত। সেই দশ লক্ষণ হ'ল—সর্গ, বিসর্গ, স্থান, পোষণ, উতি, মন্বস্তব, ঈশানকথা, নিৰোধ, মুক্তি আৰু আশ্রয়।
ওঠৰ পুৰাণৰ নাম লিখা। উত্তৰ : ওঠৰ পুৰাণ হ’লঃ-ব্ৰহ্মা, পদ্ম, বিষ্ণু, বায়ু, ভাগৱত পুৰাণ, নাৰদীয় পুৰাণ, মার্কণ্ডেয় পুৰাণ, অগ্নি পুৰাণ, ভৱিষ্য পুৰাণ, ব্ৰহ্মবৈবর্ত পুৰাণ, লিংগ পুৰাণ, বৰাহ পুৰাণ, স্কন্ধ পুৰাণ, বাসন পুৰাণ, কুৰ্ম পুৰাণ, মৎস্য পুৰাণ, গৰুড় পুৰাণ আৰু ব্ৰহ্মাণ্ড পুৰাণ৷
৪) “পুৰাণবোৰ আধ্যত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু অক্ষয় অব্যয় সেই বাঞ্চিত জীৱন বুৰঞ্জী"— লেখকে কিয় এইদৰে মন্তব্য কৰিছে?
উত্তৰ : পুৰাণসমূহ প্রাচীন ভাৰতীয় সাহিত্যৰ অতি গুরুত্বপূর্ণ সম্পদ। পুৰণি কালৰে পৰা লোক পৰম্পৰাত যিবোৰ কথা ব্যক্ত হৈ আহিছে, সেয়াই পুৰাণ। ভাৰতীয় সাহিত্যত ওঠৰখন পুৰাণ আছে। বেজবৰুৱাদেৱৰ মতে, বৰ্তমান সময়ৰ বিচাৰ আৰু দৃষ্টিভংগী অনুসৰি পুৰাণসমূহক বুৰঞ্জী বুলি ক'ব নোৱাৰি। পুৰাণসমূহ প্ৰত্যক্ষভাৱে বুৰঞ্জী নহ'লেও এইবোৰ সংবাদৰ উৎকৃষ্ট ভঁৰাল। সকলোবোৰ লাগতিয়াল সংবাদৰ ৰহঘৰা। এই সংবাদ ধর্ম সম্পৰ্কীয় চিন্তা-ভাৱনা, কর্ম, আধ্যাত্মিক চিন্তা সম্পৰ্কীয়। ইয়াৰ উপৰি ইতিহাস, ভূগোল, বংশাৱলী ইত্যাদিৰ উত্থাপন, ঈশ্বৰ পৰায়ণ সাধুসকলৰ চৰিত্ৰ আৰু কাৰ্যকলাপৰ প্রত্যক্ষ আৰু পৰোক্ষ বিৱৰণৰ ভঁৰাল পুৰাণসমূহ।
৫৷ ‘আয়ুর্বেদ' কি বিষয়ক শাস্ত্ৰ? তোমাৰ পাঠ্যপুথিত উল্লেখ থকা দুখন আয়ুর্বেদ গ্ৰন্থৰ নাম লিখা।
উত্তৰ : ‘আয়ুৰ্বেদ' প্রাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰ। দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম হ'ল—'চৰক সংহিতা' আৰু 'সুশ্ৰুত সংহিতা'।
৬৷ ‘আমাৰ আছে মাথোন মুখত ইংৰাজী মাত, মূৰত হেট, গাত কোট আৰু হাতত বেত। লে গাত আছে ছাল-বাকলি।"— কথাফাঁকিৰ তাৎপর্য ব্যাখ্যা কৰা। উত্তৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ভাৰতীয় মানুহে স্বকীয় সংস্কৃতি পৰিহাৰ কৰি পশ্চিমীয়া আচাৰ-ব্যৱহাৰ কথা আদি অন্ধভাৱে অনুকৰণ কৰাৰ প্ৰসংগত প্রশ্নত উল্লিখিত কথাফাঁকি ব্যংগাত্মকভাবে উল্লেখ কৰিছে।
প্রাচীন ভাৰতীয় ঋষিমুনি-পণ্ডিতসকলে বিভিন্ন ধর্ম-তত্ত্বসম্পৰ্কীয় সমাজৰ উপাদেয় গ্রন্থ— বেদ-বেদান্ত, ষড়দর্শন, আয়ুর্বেদ, জ্যোতির্বিদ্যা, ৰসায়ন আদি ভালেমান অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁলোকে বুৰঞ্জী বচনা নকৰিলেও তেওঁলোকৰ আদৰ্শত প্রতিষ্ঠিত হিন্দু জাতি আজিলৈকে জীয়াই আছে। কিন্তু বুৰঞ্জীৰ ধনী বহুত জাতি আজি ধ্বংসপ্রায়। আজিৰ ভাৰতীয়ই সকলো দিশতে পাশ্চাত্য জাতিব অনুকৰণ কৰি হুলস্থুলৰ সৃষ্টিহে কৰিছে সঠিক চিন্তা শক্তিৰ অভাৱত। আনৰ প্ৰভাৱত আজি আমাৰ মুখত বিদেশী ইংৰাজী মাত, মূৰত হেট, গাত কোট আৰু হাতত বেত। দুখৰ কথা যে গাত মাথোন সুদা ছাল বাকলিহে।
৭) অতি চমু উত্তৰ দিয়া :
ক) ইতিহাস মানে কি?
উত্তৰ পুৰণি কথা, পূর্ব বৃত্তান্ত।
খ) বুৰঞ্জী কি শব্দ?
উত্তৰ: টাই ভাষাৰ শব্দ।
গ) আমাৰ বুৰঞ্জী কাৰ দান?
উত্তৰঃ আহোমসকলৰ।
ঘ) বেদান্ত মানে কি ?
উত্তৰ : বৈদিক সাহিত্যৰ অন্তিমভাগৰ নাম বেদান্ত বা উপনিষদ।
ঙ) নিবোকা চামোন কি ?
উওৰ: চোম গছত থকা এবিধ ভূত সি যাৰে গাত লভে, সি মুখেৰে মাত নমতা হয়।
চ) ‘লেমটৌ' মানে কি?
উত্তৰ : কিহবাৰ আশাত আনৰ পিছে পিছে ঘূৰি ফুৰা লোক।
ছ) কল্পতৰু মানে কি?
উত্তৰ: হিন্দুশাস্ত্র মতে স্বৰ্গৰ এজোপা গছ। সেই গছজোপাই যেয়ে যিহকে বিচাৰে তেওঁক তাকে দান কৰে।
জ) লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্ম নাম কি?
উত্তৰ : কৃপাবৰ বৰুৱা।
ঝ) ‘অসম বুৰঞ্জী' পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰ : কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা।
এ) অসমীয়া চুটিগল্পৰ জনক কোন?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।
ট) অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱা কি কি নামেৰে পৰিচিত ?
উত্তৰ : ৰসৰাজ আৰু সাহিত্যৰথী হিচাপে।
ঠ) লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ কিমান চনত হৈছিল?
উত্তৰ: ১৮৬৪ চনত।
ড) লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত একমাত্র উপন্যাসখনৰ নাম কি ?
উত্তৰ : পদুম কুঁৱৰী।
চমুটোকা লিখা :
ষড়দর্শন, জ্যোতির্বিদ্যা, আয়ুর্বেদ, ধনুর্বিদ্যা, ন্যায়, ৰামায়ণ, ভাৱিষ্য পুৰাণ, চৌষষ্ঠি কলা, কাশীনাথ ফুকন, হৰকান্ত সদামিন।
উত্তৰ : ষড়দর্শনঃ-সংস্কৃত দৃশ্ ধাতুৰ পৰা দৰ্শন শব্দটো নিষ্পন্ন হৈছে। ই নানাৰ্থ বোধক, কাৰোমতে, যুক্তি-তৰ্কৰ দ্বাৰা অৱধাৰণ কৰিব পাৰি, সেয়ে দৰ্শন। দৰ্শনৰ দুটা ভাগ আস্তিক আৰু নাস্তিক। আস্তিক দর্শন ছভাগত বিভক্ত— ন্যায়, বৈশেষিক, সাংখ্য, পতঞ্জল, পূর্ব-মীমাংসা আৰু উত্তৰ মীমাংসা। উক্ত ছখন দর্শনেই ষড়দর্শন ৰূপে খ্যাত। জ্যোতির্বিদ্যা:- জ্যোতিষ, গ্রহ-নক্ষত্রাদিৰ উৎপত্তি, গতি, স্থিতি প্রভৃতি বিষয়ক শাস্ত্র। পুৰণি কালত যজ্ঞকাল নিৰূপণৰ বাবে জ্যোতিষ শাস্ত্ৰৰ প্ৰয়োজন হৈছিল। এই শাস্ত্ৰৰ প্রবর্তক স্বয়ং সূর্যদেব। পৰৱৰ্তী কালত গর্গাদি মুনিসকলে প্ৰণয়ন কৰা গ্ৰন্থৰাজিয়ে বৰ্তমান জ্যোতিষৰ ভেটি।
আয়ুর্বেদ :- আয়ুর্বেদ এখন চিকিৎসা শাস্ত্ৰ। ৰোগ নিৰ্ণয় আৰু ৰোগ উপশমৰ প্রয়োজন মতে এই শাস্ত্ৰৰ সৃষ্টি। অশ্বিনীকুমাদ্বয়, ধন্বন্তৰি প্ৰভৃতি এই শাস্ত্ৰৰ অন্যতম উপদেষ্টা। 'চৰক সংহিতা', 'সুশ্ৰুত সংহিতা' প্রভৃতি আয়ুৰ্বেদৰ অন্যতম প্রামাণ্য গ্রন্থ।
ধনুর্বিদ্যা :- যুদ্ধবিদ্যা বিষয়ক বিদ্যা। লোকশ্রুতিমতে, ধনুর্বিদ্যাৰ শাস্ত্ৰ ‘ধনুর্বেদ' জয় জয়তে ব্ৰহ্মা আৰু মহাদেৱে প্ৰচাৰ কৰিছিল। পিছত ঋষি বিশ্বামিত্রই এই বেদ ৰচনা কৰে। প্ৰস্থানভেদ গ্ৰন্থত বিশ্বামিত্ৰই ৰচনা কৰা ধনুৰ্বেদৰ দীক্ষা, সংগ্ৰহ, সিদ্ধি আৰু প্ৰয়োগ— এই চাৰি পাদৰ উল্লেখ আছে।
ন্যায় :- ন্যায় দৰ্শনৰ প্ৰণেতা মহৰ্ষি গৌতম। তেওঁৰ আন নাম অক্ষপাদ। ন্যায় শাস্ত্ৰত তর্ক বা বাক-বিতণ্ডা থাকে গুণে ইয়াক তর্কশাস্ত্ৰ ৰূপেও জনা যায়। গৌতমৰ দ্বাৰ৷ ৰচিত ন্যায়সূত্র পাঁচটা অধ্যায়ত সম্পূৰ্ণ হৈছে। প্ৰতিটো অধ্যায়ৰে দুটাকৈ আহ্নিক। প্ৰতিটো আহ্নিকেই ভিন্ন প্ৰকৰণৰ অন্তৰ্ভুক্ত।
ৰামায়ণ:- বিশ্বৰ এখনি অন্যতম মহাকাব্য। ইয়াৰ ৰচক মহৰ্ষি বাল্মীকি। ই সংস্কৃত ভাষাত ৰচিত। ৰামায়ণখন সাত কাণ্ডত বিভাজিত — আদি, অযোধ্যা, অৰণ্য, কিস্কিন্ধ্যা, সুন্দৰ, লংকা আৰু উত্তৰকাণ্ড। ৰামায়ণৰ নায়ক ভগৱান শ্ৰীৰামচন্দ্ৰ।। শ্ৰীৰামে লংকাৰ অসুৰ ৰজা ৰাৱণক বধ কৰাৰ কাহিনী ৰামায়ণত আছে। বহ্মাই বাল্মীকিক আশীর্বাদ দিছিল 'যিমান দিনলৈ পৃথিৱীত পৰ্বত আৰু নদীসমূহ থাকিব, সিমান দিনলৈ ৰামায়ণৰ কথা জনসাধাৰণৰ মাজত প্ৰচাৰ হৈ থাকিব।'
ভৱিষ্য পুৰাণ ঃ- এইখন এখন মহাপুৰাণ। এই মহাপুৰাণখন পাঁচটা পৰ্বত বিভক্ত। প্রথম পৰ্বৰ নাম ব্ৰাহ্মপর্ব। ইয়াত সূৰ্যাদিৰ চৰিত্ৰ, সৃষ্টিৰ লক্ষণ আৰু কল্প বৃত্তান্ত কথিত হৈছে। এই পর্ব ব্রহ্মা মহিমা বিষয়ক। দ্বিতীয় পর্বত ভোগৰ বিষয়ে শিৱ মাহাত্ম্য, তৃতীয় পৰ্বত মোক্ষৰ বিষয়ে বিষ্ণু মাহাত্ম্য, চতুর্থ পর্বত চতুৰ্বৰ্গৰ বিষয়ে সূর্য মাহাত্ম্য আৰু পঞ্চম পর্বত আছে প্রতিসর্গ।
চৌষষ্ঠি কলা :-কলাবিদ্যাৰ সংখ্যা হিচাপে চৌষষ্ঠি কলাই প্রসিদ্ধি লাভ কৰিছিল। বাৎসায়ানে তেওঁৰ 'কামসূত্ৰ'ত ৬৪ কলাৰ উল্লেখ কৰাটো তাৎপর্যপূর্ণ।