শিক্ষা দ্বাদশ শ্ৰেণী। Education For H.s 2nd Year.

Assamese education question Answers


• চমু প্ৰশ্নৰ উত্তৰঃ 

১৷ মাধ্যমিক শিক্ষা কাক বোলে? 

উত্তৰ: প্রাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ যি শিক্ষা ব্যৱস্থা তাকে মাধ্যমিক শিক্ষা বোলে। এই শিক্ষা কৈশোৰকালৰ লগত জড়িত। 

২৷ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগখনৰ সভাপতি কোন আছিল? আয়োগখনে শিক্ষাৰ লক্ষ্য কি হোৱা উচিত বুলি কৈছে? 

উত্তৰ:  ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগখনৰ সভাপতি আছিল ড° লক্ষ্মণস্বামী মুডালিয়াৰ। মাধ্যমিক শিক্ষা আয়োগব মতে শিক্ষাৰ লক্ষ্য হ'ব লাগে।

(ক) ব্যক্তিত্বৰ পূর্ণ বিকাশ সাধন।

(খ) নেতৃত্বৰ প্রশিক্ষণ।

(গ) গণতান্ত্রিক নাগৰিকৰ ধাৰণা।

(ঘ) চৰিত্ৰ গঠনৰ শিক্ষা।

(ঙ) বৃত্তিমূলক দক্ষতাৰ শিক্ষা।

৩৷ মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ লিখা।

উত্তৰ: মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ তলত দিয়া ধৰণৰঃ

(ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ : মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সবহভাগ নাগাদকৰে শেষ শিক্ষা হ'ব; সেয়েহে ছাত্র-ছাত্রীসকলে গণতান্ত্রিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব।

বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ : ছাত্ৰ-ছাত্ৰীৰ কায়িক শ্রমৰ প্রতি শ্রদ্ধাভাব জগাই তোলা, স্ব-ক্ৰিয়াৰ প্ৰতি সচেতন কৰি তোলা, কর্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্রয়োজনীয় কৌশল আয়ত্তকৰণ ব্যৱস্থা সূচল কৰা ইত্যাদি দিশৰ প্ৰতি মাধ্যমিক শিক্ষাই গুৰুত্ব প্ৰদান কৰিব লাগিব।

(খ) ব্যক্তিত্বৰ বিকাশ : মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক, মানসিক, অনুভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগিব।

(গ) নেতৃত্বৰ শিক্ষা : গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্রয়োজনীয়। মাধ্যমিক শিক্ষাই মাধ্যমিক পর্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদিত নেতৃত্বৰ যোগান ধৰিব লাগিব।

8) মাধ্যমিক শিক্ষাৰ আসোঁৱাহসমূহ লিখা।

উত্তৰঃ মাধ্যমিক শিক্ষাৰ আসোঁৱাহসমূহ হ'ল:

ক) আমাৰ বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা পুথিগত, যান্ত্রিক, একমুখী আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা।

(খ) এই শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশত অসমৰ্থ হৈছে। ছাত্ৰ-ছাত্ৰীৰ অত্যাৱশ্যকীয় গুণ যেনেঃ অনুশাসন, সহযোগিতা আৰু নেতৃত্ব দিব পৰা গুণাৱলীৰ বিকাশ উপযুক্ততাৰে সাধন কৰিব পৰা নাই।

(গ) বৰ্তমানৰ মাধ্যমিক শিক্ষা ঠেক গণ্ডীৰ আৰু একপক্ষীয় হোৱাৰ কাৰণে সমতা লোপ পাইছে। এনে পৰিস্থিতিত প্ৰকৃত ব্যক্তিত্বৰ গঠন সম্ভৱ নহয়।

(ঘ) শিক্ষা আহৰণৰ মাধ্যম ইংৰাজী ভাষা হোৱা বাবে আৰু ই বাধ্যতামূলক বিষয় হোৱা বাবে নানা ৱেমেজালীৰ সৃষ্টি হৈছে। সমাজৰ প্ৰয়োজনীয়তাক আওঁকাণ কৰি ইংৰাজী আৰু দুই এটা বিষয়ৰ অধ্যয়নত অধিক গুৰুত্ব দিয়া হৈছে। আনকি আঞ্চলিক ভাষাৰ দাবীকো তুচ্ছ জ্ঞান কৰা হৈছে।

(ঙ)গতানুগতিক শিক্ষা পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাধীনতা আৰু আত্ম প্রত্যয়ৰ অনুভূতি জগাই তোলাত ব্যৰ্থ হৈছে। এনে শিক্ষণ পদ্ধতি মুঠেই বিজ্ঞানসন্মত নহয়। পাঠ্যক্ৰমৰ বিষয় গধুৰ হোৱা বাবে আৰু মুখস্থ কাৰ্ষক আগস্থান দিয়া বাবে ছাত্ৰৰ কল্পনা শক্তি ধ্বংস কৰিছে।

৫) মাধ্যমিক শিক্ষা আয়োগৰ মতে পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ মৌলিক নীতিসমূহ কি?

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগৰ মতে পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ মৌলিক নীতিসমূহ হ'ল :

(ক) পাঠ্যক্ৰমৰ বহল অৰ্থত প্রস্তুতকৰণ। 

(খ) পাঠ্যক্ৰম ভিন্নমুখী আৰু নমনীয় বিধৰ হ’ব লাগে।

(গ) পাঠ্যক্রম সমাজৰ সাম্প্রদায়িক জীৱনৰ লগত সম্বন্ধ স্থাপন কৰিব পৰা বিধৰ হ’ব লাগে।

(ঘ) অৱসৰ সময়ৰ সৎ ব্যৱহাৰৰ বাবেও পাঠ্যক্রম প্রস্তুত কৰিব লাগে। 

(ঙ) পাঠ্যক্ৰমৰ বিষয়সমূহৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন কৰিব লাগে।

৬৷ মাধ্যমিক শিক্ষা আয়োগৰ মতে প্রচলিত শিক্ষা ব্যৱস্থাৰ দোষ-ত্রুটিবোৰ কি কি।

নাইবা

মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া শিক্ষাৰ দুটা ত্রুটি লিখা।

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগৰ মতে প্রচলিত শিক্ষা ব্যৱস্থাৰ দোষ-ত্রুটিবোৰ হ'ল:

(ক) মাধ্যমিক শিক্ষাই ছাত্ৰৰ সমগ্ৰ ব্যক্তিত্বৰ শিক্ষা দিব নোৱাৰে। 

(খ) ইংৰাজী ভাষাক অধিক প্রাধান্য দিয়ে।

(গ) মাধ্যমিক শিক্ষাৰ শিক্ষাদান ত্রুটিপূর্ণ।

(ঘ) শ্ৰেণীকক্ষত হোৱা ছাত্ৰৰ বৰ্ধিত সংখ্যাই ছাত্ৰ আৰু শিক্ষাৰ মাজত সম্বন্ধহীনতাৰ সৃষ্টি কৰে।

৭৷ মুডালিয়াৰ আয়োগৰ মতে প্ৰচলিত পাঠ্যক্ৰমৰ দোষ-ত্রুটিসমূহ উল্লেখ কৰা।

উত্তৰঃ মুডালিয়াৰ আয়োগৰ মতে প্রচলিত পাঠ্যক্ৰমৰ দোষ-ত্রুটিসমূহ তলত উল্লেখ কৰা হ'ল:

(ক) পাঠ্যক্রম সম্বন্ধে থকা প্ৰচলিত ধাৰণা বৰ ঠেকবিধৰ। 

(খ) পুথিগত জ্ঞানৰ ওপৰত মাধ্যমিক শিক্ষাই বেছি গুৰুত্ব প্ৰদান কৰে। 

(গ) মাধ্যমিক শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত পার্থক্যৰ ওপৰত গুৰুত্ব প্রদান নকৰে।

(ঘ) প্রচলিত পাঠ্যক্রম পৰীক্ষাৰ দ্বাৰা অধিক প্রভাবিত।

(ঙ) মাধ্যমিক শিক্ষাত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ অভাৱ ইত্যাদি।

৮৷ মাধ্যমিক শিক্ষাক কিয় ৰাষ্ট্ৰ গঢ়াৰ শিক্ষা হিচপে বিবেচনা কৰা হয়? 

উত্তৰঃ ভাৰতৰ মাধ্যমিক শিক্ষাই দেশত গণতন্ত্র গঢ় দিয়াত সহায় কৰে। এখন ভাল সমাজ গঢ় দিবলৈ সামাজিক মূল্যবোধ, সু-নাগৰিকত্বৰ প্ৰশিক্ষণ, নেত্রিত্ব গুণ, বৃত্তিমূলক প্রশিক্ষণ প্ৰদান কৰা হয়। এই শিক্ষাই ছাত্ৰ-ছাত্ৰীক গণতন্ত্ৰৰ আদৰ্শ আৰু অৰ্থনৈতিক বিকাশত সহায় কৰে।

৯। মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ এটা লক্ষ্য হিচাপে নাগৰিকত্বৰ বিকাশ সম্পর্কে ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ এটা লক্ষ্য হিচাপে হৈছে নাগৰিকত্বৰ বিকাশ। এখন গণতান্ত্রিক দেশত সু-নাগৰিক গঢ় দি তোলাই হৈছে মাধ্যমিক শিক্ষাৰ প্রধান দায়িত্ব। ছাত্ৰ-ছাত্ৰীসকলক মাধ্যমিক স্তৰত পুৰণি ৰীতি-নীতিৰ মাজত আবদ্ধ নাৰাখি বিজ্ঞানভিত্তিক জ্ঞান দিয়াটো প্রয়োজন হৈছে। শিক্ষাৰ দ্বাৰা চিন্তাৰ মুক্ততা আৰু নতুন ধ্যানত ধাৰণা গ্রহণ ক্ষমতা বিকশাই তুলিব লাগে। মাধ্যমিক শিক্ষাৰ দ্বাৰা প্ৰত্যেকজন ব্যক্তিৰ ব্যক্তিত্ব পূর্ণ বিকাশৰ সুবিধা প্রদান কৰিব লাগে। অনুশাসন, সহযোগিতা, সামাজিক সংবেদনশীলতা আৰু সহনশীলতাৰ ভাব জগাই তুলিব লাগে। মানুহৰ মনত বুজাপৰা আৰু ন্যায়ৰ মনোভাব স্থাপন কৰিব লাগে। মাধ্যমিক শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মনত দেশ প্ৰেমৰ ভাব জগাই তুলিব লাগে।

১০৷ মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মতে এখন গণতান্ত্রিক দেশত ‘নেতৃত্বৰ শিক্ষাৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ মুডালিয়াৰ আয়োগে এখন গণতান্ত্রিক দেশত ‘নেতৃত্বৰ শিক্ষাৰ' গুৰুত্ব সম্পর্কে আঙুলিয়াই দিয়ে। গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্রয়োজনীয়। সৰহভাগ নাগৰিকৰ কাৰণে মাধ্যমিক শিক্ষাই হ’ল শেষ শিক্ষা। গতিকে মাধ্যমিক শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে সমাজৰ মধ্যস্থ পৰ্যায়ত নেতৃত্ব দিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। মাধ্যমিক শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক মাধ্যমিক পর্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যেগ, বাণিজ্য আদিত নেতৃত্বৰ যোগান ধৰিব লাগে। এই নেতৃত্বৰ বিকাশৰ ক্ষেত্ৰত মাধ্যমিক স্কুলে সা-সুবিধা প্ৰদান কৰিব লাগে। 

১১। মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ আমাৰ দেশে সন্মুখীন হোৱা সমস্যা হৈছে সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি। সকলো দিশতে বিসংগতিয়ে মূৰ দাঙি উঠিছে। শিক্ষাৰ জড়িয়তে এই বিসংগতিবোৰ দূৰ কৰিব পাৰি। সকলো পর্যায়তে বাধ্যতামূলক সামাজিক আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰাধান্য দিব লাগে। শ্রমিক আৰু সমাজ সেৱাৰ শিবিৰৰ আয়োজন কৰিব লাগে আৰু এন. চি. চি. হ’ব লাগে স্বেচ্ছাধীন। শিক্ষাৰ মাধ্যম হ’ব লাগে মাতৃভাষা আৰু ৰাজ্যিক ভাষা হ’ব লাগে। ইংৰাজী ভাষা সংযোগ ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগে আৰু ৰাষ্ট্ৰীয় ভাষা হিচাপে হিন্দী ভাষাই স্থান পাব লাগে। 

১২৷ মাধ্যমিক শিক্ষা আয়োগ নিযুক্তিৰ চৰ্ত সমূহ কি কি?

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগ নিযুক্তিৰ চৰ্ত সমূহ হ'ল- 

(ক) ভাৰতৰ মাধ্যমিক শিক্ষাৰ বৰ্তমানৰ অৱস্থাটোৰ ওপৰত সৰ্বদিশৰ অনুসন্ধান সম্বলিত প্রতিবেদন প্ৰস্তুত কৰা। 

(খ) তলত উল্লেখ কৰা দিশসমূহৰ বিচাৰৰ সৈতে ইয়াৰ পুনৰগঠন আৰু উন্নতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা।

(গ) মাধ্যমিক শিক্ষাৰ লক্ষ্য, সংগঠন আৰু বিষয়সূচী।

(ঘ) প্রাথমিক বুনিয়াদী আৰু উচ্চ শিক্ষাৰ সৈতে ইয়াৰ সম্বন্ধ। 

(ঙ) বিভিন্ন ধৰণৰ মাধ্যমিক বিদ্যালয় সমূহৰ আন্তঃ সম্বন্ধ।

(চ) সমগ্ৰ দেশৰ বাবে যাতে আমাৰ প্ৰয়োজনসমূহ আৰু সম্পদৰাশিক উপযোগী কৰি মাধ্যমিক শিক্ষাৰ এক সুস্থ আৰু যুক্তিযুক্ত অনুৰূপ ব্যৱস্থা যোগান ধৰিব পৰা যায় — তাৰ ব্যৱস্থা কৰা আৰু সেই ব্যৱস্থা গঠন কৰিবলৈ লোৱাৰ পথত আহি পৰিব পৰা সমস্যাসমূহৰ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা ।

(১৩) শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাঁথ নিটো লিখা। উত্তৰ : শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাঁথনিটো তলত দিয়া ধৰণৰ –

(ক) ১ বছৰৰ পৰা ৩ বছৰলৈ প্ৰাক-প্রাথমিক পর্যায়। 

(খ) ৭-৮ বছৰলৈ প্ৰাথমিক পৰ্যায়-নিম্ন প্ৰাথমিক (৪-৫ বছৰৰ) আৰু উচ্চ প্রাথমিক (৩ বছৰৰ)। 

(গ) নিম্ন মাধ্যমিকৰ সাধাৰণ শিক্ষা (৩ বা ২ বছৰৰ) আৰু বৃত্তীয় শিক্ষা (১ ৰ পৰা ৩ বছৰলৈ)। 

(ঘ) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা (২ বছৰৰ) আৰু বৃত্তীয় শিক্ষা (১ ৰ পৰা ৩ বছৰলৈ)। 

(ঙ) উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰীৰ অধ্যয়নসূচী (৩ বছৰৰ বা ততোধিক) আৰু দ্বিতীয় ডিগ্রী বা গৱেষণাৰ ডিগ্রী ভিন্ন সময় সাপেক্ষ হ'ব লাগে।

১৪। শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক শিক্ষাৰ গাঁথনিটো লিখা। উত্তৰঃ শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক শিক্ষাৰ গাঁথনিটো হ'ব লাগে তলত দিয়া ধৰণৰ –

(ক) প্রাক-প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ।

(খ) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ। ইয়াক দুটা উপপৰ্যায় স্বৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ কৰিব লাগে। নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ বাবে হ’ব লাগে।

(গ) প্রাথমিক স্কুলৰ প্ৰথম শ্ৰেণীত প্ৰৱেশৰ বয়স সাধাৰণতে ৬ বছৰৰ কম হ’ব নোৱাৰিব। 

১৫ ৷ শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা। 

উত্তৰঃ শিক্ষা আয়োগ ১৯৬৪ ৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো হ'ব লাগে তলত দিয়া ধৰণৰ - 

(ক) প্রাক-প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ।

(খ) ৭ বা ৮ বছৰ প্ৰাথমিক পর্যায় তাৰে ১০ বছৰ হ'ব লাগে সাধাৰণ শিক্ষা।

(গ) প্রাথমিক স্কুলৰ প্ৰথম শ্ৰেণীত প্ৰৱেশৰ বয়স সাধাৰণতে ৬ বছৰৰ কম হ’ব নোৱাৰিব।

(ঘ)  উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ও বছৰৰ হ'ব লাগে।

(ঙ) মাধ্যমিক স্কুল দুই ধৰণৰ – প্রথম বিধ হ’ব ১০ বছৰীয়া পাঠ্যক্ৰমৰ শিক্ষা দিয়া হাইস্কুল আৰু দ্বিতীয়বিধ হ’ব ১২ বছৰীয়া পাঠ্যক্ৰমৰ শিক্ষা দিয়া উচ্চতৰ মাধ্যমিক স্কুল।

(চ) দশম শ্ৰেণীলৈকে পাঠ্যক্ৰমৰ বিশেষীকৰণৰ বিষয়ে কোনো প্রচেষ্টা চলাব নালাগে।

(ছ) পাঠ্যক্রম পুনৰ সংগঠন কৰাৰ ব্যৱস্থা কৰিব লাগে। প্রাক-বিশ্ববিদ্যালয় পৰ্যায়টো কলেজ আৰু বিশ্ববিদ্যালয় পৰা উচ্চতৰ মাধ্যমিক স্কুললৈ স্থানান্তৰ কৰা হয়।

(জ) মাধ্যমিক শিক্ষাৰ পৰিষদবোৰ পুনৰ সংগঠন কৰিব লাগে। 

(ঝ) উচ্চ শিক্ষা প্রথম ডিগ্ৰীৰ অধ্যয়ন সূচী ৩ বছৰ বা অধিক হ'ব লাগে।

(ঞ) ১০ বছৰীয়া স্কুলীয়া শিক্ষাৰ শেষত বহিঃ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে।

১৬। কর্ম অভিজ্ঞতা কি ?

উত্তৰঃ কোঠাৰী আয়োগে কর্ম অভিজ্ঞতাক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰিছে। গৃহ, স্কুল, কৰ্মশালী, ফার্ম, ফেক্টৰী অথবা আন যিকোনো উৎপাদনমূলক পৰিস্থিতিত অংশ গ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা।

১৭৷ আধুনিকীকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি ?

উত্তৰঃ আধুনিকীকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ হ’ল – বিজ্ঞানৰ বিস্ফোাৰণ, দ্রুত সামাজিক পৰিৱৰ্তন, দ্রুত অগ্ৰগতিৰ প্ৰয়োজন আৰু আধুনিকীকৰণ আৰু শিক্ষাৰ অগ্ৰগতি।

১৮৷ নবোদয় বিদ্যালয় কি? 

উত্তৰঃ নতুন শিক্ষা নীতিয়ে মাধ্যমিক পৰ্যায়ৰ বাবে এক পদচিহ্ন স্থাপনকাৰী স্কুল স্থাপনৰ সংকল্প গ্রহণ কৰে। যিসকল ছাত্ৰৰ বিশেষ যোগ্যতা আৰু প্ৰতিভা থাকে তেওঁলোকক উন্নত গুণমানৰ শিক্ষাৰ বিশেষ সুবিধা দিব পৰাকৈ এই বিধ স্কুল স্থাপনৰ প্ৰস্তাৱ কৰা হয়। ইয়াৰ যোগেদি বৌদ্ধিক ভাৱে উন্নত গুণমানৰ ছাত্ৰই যাতে দৰিদ্ৰতাৰ বাবে ভাল অনুযায়। শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা নহয়, তাক নিশ্চিত কৰি তোলা হ’ব। এনে বিধ স্কুল দেশৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হ'ব আৰু ইয়াৰ মূল আদর্শ হ’ব চৰম উৎকর্ষ সাধন, গুণমান বিশিষ্টতা আৰু সামাজিক ন্যায় স্থাপন কৰা। এই বিধ স্কুলে বিশিষ্ট যোগ্যতা সম্পন্ন অথচ অনুন্নত পিছ পৰা গাওঁ অঞ্চলৰ পৰা অহা ছাত্ৰসকলক শিক্ষাৰ বিশেষ সুবিধা দান কৰিব পাৰিব। ইয়াৰ যোগেদি দেশৰ জাতীয় সংহতি ভাববে বিকাশ কৰি তুলিব পৰা হ'ব। দেশৰ বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰসকলে একেলগে থাকি আৰু শিক্ষা লাভ কৰি নিজ যোগ্যতা আৰু ক্ষমতা সমূহ বিকাশৰ উপযুক্ত পৰিবেশ পাব পাৰিব। এই বিধ স্কুল আবাসিক বিধৰ হ’ব আৰু ইয়াৰ শিক্ষা বিনামূলীয়া কৰি তোলা হ’ব। ইয়াক নবোদয় বিদ্যালয় নামে জনা যায়।

 ১৯। অপাৰেচান ব্লেক বোর্ড কি?

উত্তৰঃ নতুন শিক্ষা নীতিয়ে শিক্ষাৰ গুণমান উন্নত কৰি তুলিবৰ বাবে প্রাথমিক স্কুলৰ বৈষয়িক অৱস্থা উন্নত কৰাত বিশেষ গুৰুত্ব দিয়ে। ইয়াক সাংকেটিকভাৱে ‘অপাৰেচন ব্লেকবোর্ড নামে জনা যায়। ইয়াৰ বাবে অতি কমেও দুজনকৈ শিক্ষক প্রতিখন স্কুলৰ বাবে নিযুক্তি দিব লাগে আৰু ইয়াৰে এগৰাকী মহিলা শিক্ষক থাকিব লাগে। প্ৰতিখন স্কুলতে শিক্ষা দানৰ ন্যূনতম সা-সুবিধাখিনি প্ৰদান কৰিব লাগে। স্কুল ঘৰ নিৰ্মান, আহল-বহল শ্রেণীকোঠা, খেলা-ধূলা আৰু শিক্ষা-দানৰ, সা-সঁজুলি যেনেঃ ব্লেৱবোর্ড, মেপ-চাৰ্ট, পুতলা আদি প্ৰদান কৰা কাৰ্য ইয়াৰ অন্তৰ্ভুক্ত। ইয়াৰ বাবে চৰকাৰ, স্থানীয় কর্তৃপক্ষ, স্বেচ্ছাসেৱী ব্যক্তি আৰু অনুষ্ঠান আদি জড়িত কৰি তোলা হ’ব।

২০৷ ই চি চি ই কি? 

উত্তৰঃ ইচি চি ই মানে হ’ল আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা। ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমত যাতে বিকশিত হ’ব পাৰে তাৰ ব্যৱস্থা লোৱাৰ অর্থে সুষম খাদ্য, স্বাস্থ্য আৰু সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। ‘দিবাতত্ত্বাৱধান’ কেন্দ্ৰৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ব্যৱস্থা কৰা হ’ব। আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষা কাৰ্যসূচী সম্পূৰ্ণৰূপে শিশুকেন্দ্রিক হ’ব আৰু ইয়াক ক্ৰীড়াভিত্তিক ব্যক্তিমুখী কৰি তোলা হ’ব। এই স্তৰত লিখা-পঢ়া আৰু অংক কৰাক গুৰুত্ব দিয়া নহয়।

২১। নবোদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি? 

উত্তৰঃ নবোদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’লঃ 

(ক) সম্পূর্ণ প্রতিভা বিকাশৰ কাৰণে ভাল শিক্ষা গ্ৰাম্য ল’ৰা-ছোৱালীক প্ৰদান কৰা ।

(খ) নিৰপেক্ষতা আৰু সামাজিক ন্যায় লগলগাই শ্রেষ্ঠতালৈ উন্নত কৰা।

(গ) বুদ্ধিজীৱী ল’ৰা-ছোৱালীক সুবিধা প্ৰদান কৰি জাতীয় সংহতিৰ বাবে উৎসাহিত কৰা।

(ঘ)  একেলগে থকা আৰু শিকা আৰু বিদ্যালয় উন্নিতকৰণৰ বাবে জাতীয় কাৰ্যসূচী কৰা। 

২২ ৷ পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামৰ্শ হ’লঃ

(ক) ছাত্ৰ-ছাত্ৰীৰ কেৱল স্মৃতি প্ৰয়োগৰ ওপৰত গুৰুত্ব নিদি অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ সংকল্প লোৱা হয়।

(খ) মূল্যাংকন প্রক্রিয়াত অংকিক মানৰ পৰিৱৰ্তে গ্ৰেড প্ৰদানৰ ব্যৱস্থা কৰা হয়। 


২৩৷  ডিগ্ৰীৰ পৰা চাকৰিক যোগসূত্রহীন কৰা মানে কি বুজায় ?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ য়ে পৰামৰ্শ আগবঢ়াইছিল যে কিছুমান নির্বাচিত অঞ্চলত ডিগ্ৰীৰ পৰা চাকৰিক যোগসূত্রহীন কৰা হ'ব। বিচ্ছিন্ন অৱস্থা কিছুমান সেৱাৰ ক্ষেত্ৰত প্ৰয়োগ হ’ব যিবোৰত বিশ্ববিদ্যালয়ৰ উপাধিৰ প্ৰয়োজন নহয়। উপাধিৰ প্ৰয়োজন নোহোৱা কৰ্মক্ষেত্ৰত দক্ষ আৰু অৰ্হতাসম্পন্ন ব্যক্তিকহে নিয়োগৰ সুবিধা দিয়া হ'ব।

২৪। ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি মানে কি বুজায় ?

 উত্তৰঃ ভাৰতৰ কোঠাৰী আয়োগে বিচাৰিছিল যে শিক্ষা এটা শক্তিশালী আহিলা হিচাপে জীৱনৰ উদ্দেশ্য সমাধা কৰাত সহায় হয় আৰু জীৱনৰ নীতিত সন্তুষ্টি দিয়ে যাতে ই জাতীয় উদ্দেশ্য সমাধা কৰাত সহায় হয়। 

২৫৷ শিক্ষাৰ বৃত্তিমুখীকৰণে কি বুজায় ?

 উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ য়ে শিক্ষা বৃত্তিমুখীকৰণৰ পৰামৰ্শ আগবঢ়াইছে। এই শিক্ষা প্ৰয়োগৰ অৰ্থ হ’ল – আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসমাযোজন নোহোৱা কৰা। বৃত্তিমুখী শিক্ষা এটা নির্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষার্থীসকলক নিৰ্দিষ্ট পেচাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। এই শিক্ষা মাধ্যমিক স্তৰৰ পিছত দিয়া হ’ব যদিও ইয়াৰ কিছু শিথিলতা থাকিব আৰু অষ্টম শ্রেণীৰ পৰা এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব৷ ইয়াৰ বাবে ঔদ্যোগিক প্রশিক্ষণ কেন্দ্ৰবোৰত বিভিন্ন ধৰণৰ সুবিধা থাকিব। বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব। সেইদৰে ৰাজহুৱা আৰু ব্যক্তিগত মালিকানা নিয়োগকাৰী সকলৰ ওপৰতো দায়িত্ব থাকিব।

২৬। শিক্ষকৰ মৰ্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামৰ্শবোৰ কি কি?

উত্তৰ : শিক্ষকৰ মৰ্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামৰ্শবোৰ হ'লঃ

(ক) শিক্ষক বাছনি প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন; 

(খ) কৰ্ম পদ্ধতি আৰু সেৱা ব্যৱস্থাৰ উন্নয়ন;

(গ) শিক্ষাক সমাজৰ অসুবিধাসমূহ দূৰীকৰণৰ বাবে উপযুক্ত আৰু কাৰিকৰী প্ৰশাসনীয় ব্যৱস্থা গ্রহণ;

(ঘ) শিক্ষা ব্যৱস্থাৰ পৰিকল্পনা আৰু ব্যৱস্থাকৰণৰ ক্ষেত্ৰত শিক্ষকসকলক জড়িতকৰণ আৰু শিক্ষকসকলৰ বৃত্তিগত আচৰণবিধি প্রস্তুতকৰণ আৰু গৃহীত বিধিসমূহ পালন কৰি কৰ্তব্য কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা।

২৭। চমুটোকা লিখা : 

সংহত শিশু বিকাশ কার্যসূচী।

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে 'আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা” এটা পৰামৰ্শ হিচাপে আগবঢ়াইছে। ৰাষ্ট্ৰীয় শিক্ষানীতিত শিশুসকলে যাতে সুন্দৰ পৰিৱেশত বিকশিত হ’ব পৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে সুষম খাদ্য, স্বাস্থ্য আৰু সামাজিক আৰু মানসিক - দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষাই এই ক্ষেত্ৰত প্ৰাধান্য লাভ কৰিব লগতে সুসংহত শিশু বিকাশ সেৱা আঁচনি সম্ভৱ হ'লে কাৰ্যকৰী কৰা হ’ব। “দিবাতত্ত্বাৱধান' কেন্দ্ৰৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষাক সার্বজনীন কৰাৰ ব্যৱস্থা কৰা হ’ব। আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষা সম্পূৰ্ণৰূপে শিশুকেন্দ্ৰিক হ’ব আৰু ইয়াক ক্রিয়াভিত্তিক ব্যক্তিমুখী কৰি তোলা হ’ব। এই স্তৰত লিখা-পঢ়া আৰু অংক কৰাক গুৰুত্ব দিয়া নহয়। 

২৮। অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ৰ প্ৰভাৱ কেনেকুৱা? 

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ চনৰ প্ৰভাৱ হৈছে এনেধৰণৰঃ

নতুন শিক্ষা নীতি গঠন কৰা হয় ১৯৮৬ চনত। এই নীতিয়ে শিক্ষাৰ সকলো দিশতে নতুনত্ব আনিব বিচাৰিছিল। গ্ৰাম্য পৰ্যায়ৰ প্ৰতিভা সম্পন্ন ল'ৰা-ছোৱালীৰ বাবে অসমৰ প্ৰতিখন জিলাতে এখনকৈ নবোদয় বিদ্যালয় মাধ্যমিক শিক্ষা বিকাশৰ বাবে স্থাপন কৰা হয় এই নীতিৰ ভিত্তিত। এই নীতিয়ে শিক্ষা আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ৰাষ্ট্ৰজুৰি নিৰক্ষৰতা দূৰ কৰাৰ চেষ্টা কৰে।

২৯। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ৰ পৰামৰ্শ মতে শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ৰ পৰামৰ্শ মতে শিক্ষাৰ লক্ষ্যসমূহ হ'ল: 

(ক) পাঠ্যক্রম প্রস্তুতিৰ দ্বাৰা সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰা, সমতা, ধৰ্ম নিৰপেক্ষতা আৰু এক শ্রেণীবিহীন সমাজব্যৱস্থা গঢ় দি তুলিব লাগে। উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ অনুষ্ঠানবোৰৰ মাজত আদান-প্ৰদানৰ ব্যৱস্থা থাকিব লাগে।

(গ) প্রাথমিক শিক্ষা সার্বজনীন কৰি তুলিব লাগিব। প্রাপ্তবয়স্ক সকলক সাক্ষৰতা প্ৰদান কৰিব লাগিব আৰু লগতে “জীৱন ব্যাপি শিক্ষা” প্রদানৰ ব্যৱস্থা কৰিব লাগিব।

ৰচনাধর্মী প্রশ্নোত্তৰ 

১৷ এখন গণতান্ত্রিক দেশত মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে ‘বৃত্তিগত দক্ষতা'ৰ গুৰুত্ব কি?

উত্তৰ : মাধ্যমিক শিক্ষাৰ লক্ষ্যই হৈছে ছাত্ৰসকলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি তোলা। বৃত্তীয় আৰু কাৰিকৰী শিক্ষাৰ মাধ্যমেৰে উৎপাদন ক্ষমতা বৃদ্ধি কৰি তুলিব লাগে। মাধ্যমিক শিক্ষাই কর্ম সংস্কৃতি গঢ় দি তোলাত সহায় কৰিব লাগে। শিক্ষাৰ দ্বাৰা কাৰিকৰী দিশৰ নিপুনতা আৰু যোগ্যতা বিকশাই তুলিব পাৰি। কৃষি, কাৰিকৰী, বাণিজ্য, হস্তশিল্প আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰি ছাত্ৰসকলৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে চেষ্টা কৰা প্ৰয়োজন।

২৷ উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পর্ক স্থাপন কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি? 

উত্তৰঃ শিক্ষা আৰু জাতীয় উদ্দেশ্যৰ এটা পৰামৰ্শ কোঠাৰী আয়োগে আগবঢ়োৱা হ'ল উৎপাদনশীলতা আৰু শিক্ষা। শিক্ষা আৰু উৎপাদনৰ সংযোগ সাধন হ’লৈহে জাতীয় বিকাশ সম্ভৱপৰ হয়। বিদ্যালয় পৰ্যায়ৰ লগতে বিজ্ঞান বিষয়ৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰিব লাগে। কর্ম অভিজ্ঞতা হৈছে শিক্ষা আৰু কৰ্মৰ মাজৰ সমন্বয় সাধনকাৰী বিষয়। ইয়াৰ সহায়ত ঘৰ, বিদ্যালয়, কর্মশালা আদি বৃত্তিমূলক সকলোবোৰ বিষয় শিক্ষাৰ অবিচ্ছেদ্য অংগ হ'ব লাগে। মাধ্যমিক স্তৰৰ বিদ্যালয়ত বৃত্তিমূলক বিষয় অন্তর্ভুক্ত কৰাৰ উপৰি বিশ্ববিদ্যালয় পৰ্যায়ত কৃষি আৰু কাৰিকৰী বিজ্ঞানৰ শিক্ষা প্ৰদান কৰিব লাগে।

(৩) অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়োগৰ প্ৰভাৱ কেনেকুৱা? 

উত্তৰঃ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা বোর্ড স্থাপন কৰে। তেতিয়াৰ পৰা মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা বোর্ড স্থাপন কৰে। তেতিয়াৰ পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্ৰশাসনৰ ভাৰ বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে এই বোৰ্ডৰ তললৈ আহে। এই বোৰ্ডৰ কাৰ্যালয় হ’ল গুৱাহাটীত। এই সময়ছোৱাত ‘মুডালিয়াৰ আয়োগৰ অনুমোদনক্রমে ৬৭ খন হাইস্কুল উচ্চতৰ মাধ্যমিক পর্যায়লৈ পৰিৱৰ্তিত হয়। তেতিয়াৰ পৰা মাধ্যমিক শিক্ষা পৰিষদে দুটা পৰীক্ষা চলায়। এটা হ'ল প্ৰৱেশিকা যিটোক আজিকালি স্কুল শিক্ষান্ত পৰীক্ষা বুলি কোৱা হয় আৰু আনটো হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষা। বর্তমান উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে চলায়। মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুসৰি অসম চৰকাৰে কিছুমান হাইস্কুল বহুমুখী স্কুললৈ পৰিৱৰ্তন কৰিবলৈ ঠিক কৰিছে।

৪৷ অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ৰ চাৰিটা বিধান লিখা। 

উত্তৰ: অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ৰ চাৰিটা বিধান হ'ল: 

(ক) এই আইন সমগ্ৰ অসমতে বলৱৎ হ'ব।

(খ) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনো বোর্ডে নিয়ন্ত্রণ কৰিব নোৱাৰিব। 

(গ) চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ, পৰিচালনা আৰু উন্নতীকৰণৰ অৰ্থে- ‘মাধ্যমিক শিক্ষা বোর্ড’ নামেৰে এখন বোর্ড স্থাপন কৰিব। 

(ঘ) মাধ্যমিক শিক্ষা বোর্ডখন নিম্নোক্ত সদস্যসকলক লৈ গঠিত হ’ব।

(১) শিক্ষাধিকর্তা সভাপতি, (২) অতিৰিক্ত শিক্ষাধিকৰ্তা, (৩) কৃষি বিভাগৰ সঞ্চালক, (৪) কাৰিকৰী বিভাগৰ সঞ্চালক, (৫) স্বাস্থ্য বিভাগৰ সঞ্চালক, (৬) শিল্প বিভাগৰ সঞ্চালক, (৭) অসম কৃষি মহাবিদ্যালয়ৰ অধ্যক্ষ, (৮) বোৰ্ডৰ অধীনলৈ অহা আন ৰাজ্য বা অঞ্চলৰ শিক্ষা বিভাগৰ সঞ্চালক, (৯) গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা আৰু বিজ্ঞান বিভাগৰ কলাগুৰু দুগৰাকী, (১০) স্ত্রী শিক্ষাৰ তত্ত্বাৱধানত থকা সহকাৰী সঞ্চালক, (১১) ওপৰত উল্লেখ কৰা সকলৰ বাহিৰেও নিম্নোক্ত সকল চৰকাৰে মনোনীত কৰা সদস্য হিচাপে বোর্ডখনত থাকিব।

(i) এজন স্কুল পৰিদৰ্শক, (ii) হাইস্কুল বা উচ্চ মাধ্যমিক স্কুলৰ দুজন প্রধান শিক্ষক, (iii) দুগৰাকী প্রধান শিক্ষয়িত্ৰী, (iv) হাই-মাদ্ৰাছাৰ এগৰাকী অধীক্ষক, (v) সাহায্যপ্রাপ্ত হাইস্কুল শিক্ষকৰ সম্মিলনে মনোনীত কৰা দুজন শিক্ষক, (vi) গুৱাহাটী বিশ্ববিদ্যালয়ে মনোনীত কৰা দুজন সদস্য, (vii) শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ এগৰাকী অধ্যক্ষ, (viii) পলিটেকনিকৰ এগৰাকী অধ্যক্ষ, (xi) প্রয়োজন সাপেক্ষ দুজন শিক্ষাবিদকো মনোনীত কৰিব পাৰে।

৫৷ অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনিক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা। 

উত্তৰ: অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনিক সমস্যাসমূহ হ'ল:

(১)পাঠ্যক্ৰম : মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত নহয়। পাঠ্যক্রম প্ৰয়োগিক বিধৰ নোহোৱা বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাযায়।

(২) শিক্ষক নিযুক্তি অনিয়মিতঃ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰ মাধ্যমি স্তৰত গুৰতৰ অভিযোগ পোৱা যায়। ৰাজনৈতিক আৰু ব্যক্তিগত হেঁচাৰ দ্বাৰা উপযুক্‌ শিক্ষকক এই স্তৰত নিযুক্তি প্ৰদান কৰা নহয়। 

(৩) প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ অভাৱ : মাধ্যমিক স্তৰত প্ৰয়োজন হোৱা প্ৰশিক্ষণ প্রাপ্ত শিক্ষকৰ অভাৱ লক্ষণীয়। বর্তমান এই পর্যায়ত ৬০ শতাংশতকৈ অধিক শিক্ষক প্রশিক্ষণ প্রাপ্ত নহয়।

(৪) আসোঁৱাহপূর্ণ পৰিচালন আৰু মূল্যায়ন ব্যবস্থা : মাধ্যমিক স্তৰত পৰীক্ষা পৰিচালন আৰু মূল্যায়নৰ ক্ষেত্ৰত দোষ ত্রুটি থকা বাবে সৰ্বসাধাৰণ লোকৰ নিৰ্ভৰযোগ্য অতি কম। প্রত্যেক বাৰেই ছাত্ৰ-ছাত্ৰীসকলে আশানুৰূপ ফালফল লাভ কৰিব নোৱাৰি হতাশাত ভোগা দেখা যায়।

৬৷ চমুটোকা লিখা:

(ক) উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।

উত্তৰঃ কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতো অসম চৰকাৰে ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ' গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব মাধ্যমিক শিক্ষা বোর্ডৰ পৰিৱৰ্তে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হাতলৈ যায়। ইয়াৰ লগে লগে পাঠ্যপুথি প্রণয়ন, পাঠ্যক্রম প্রস্তুতি, পৰীক্ষা আদিৰ সকলো দায়িত্বও এই সংসদৰ দায়িত্ব হৈ পৰে। ১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত হৈছিল। এই শিক্ষানীতিৰ ভিত্তিত সংযোজিত বিভিন্ন পৰিৱৰ্তনসমূহ অসমৰো মাধ্যমিক শিক্ষা ব্যৱস্থাত পৰিলক্ষিত হোৱা দেখা গৈছিল। ইয়াত একোখন নবোদয়' বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হয়।

(খ) ১০ + ২ + ৩ পদ্ধতি

উত্তৰ কোঠাৰী আয়োগৰ মতে নতুন শিক্ষা গাঁথনি হ'ব লাগে তলত দিয়া ধৰণৰ :

(১) প্রাক-প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ। 

(২) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ। ইয়াক দুটা উপ-পৰ্যায়স্বৰূপে ভাগ কৰি নিম্ন-প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ কৰিব লাগে।

(৩) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ বাবে হ'ব লাগে। 

(8) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা বছৰৰ হ’ব লাগে। 

(৫) উচ্চ শিক্ষা প্ৰথম ডিগ্ৰীৰ অধ্যয়ন সূচী ৩ বছৰ বা অধীকাৰ হ'ব লাগে।

(গ) মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ।

উত্তৰঃ কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ওপৰত গুৰুত্ব দিয়ে। আয়োগে কয় যে স্থানীয় প্রয়োজন অনুসৰি +২ স্তৰৰ শিক্ষা বিদ্যালয় বা মহাবিদ্যালয় যি কোনো এখনতে দিব পৰা যায়। দশম শ্রেণীলৈকে বৃত্তিমুখী শিক্ষা, সাধাৰণ শিক্ষাৰ লগতে দিব পাৰি। এই শিক্ষাৰ বিশেষ পাঠ মাধ্যমিক স্তৰতহে দিয়া প্রয়োজন। কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব দিয়ে। এই শিক্ষা গ্ৰহণৰ অন্তত ছাত্ৰ-ছাত্ৰীয়ে যাতে সমাজলৈ কিছু বৰঙনি যোগাব পাৰে অৰ্থাৎ সমাজৰ হকে কাম কৰিব পাৰে, তাৰ ওপৰতো গুৰুত্ব দিয়া হয়। আয়োগে মত পোষণ কৰে যে শিক্ষা উৎপাদনমুখী কৰি তুলিবৰ বাবে মাধ্যমিক বিদ্যালয়ত ‘কৰ্ম অভিজ্ঞতা’ অন্তর্ভুক্ত কৰিব লাগে। এনে বিষয়ৰ অন্তৰ্ভুক্তিকৰণে ছাত্ৰ-ছাত্ৰীক ঘৰ, বিদ্যালয়, কর্মশালা আদি সকলোতে পাৰদৰ্শিতাৰে কাম কৰাত সহায় কৰাৰ উপৰি সৃষ্টিশীলতাৰ বিকাশতো সহায় কৰে। আয়োগে কয় যে বিশ্ববিদ্যালয় পর্যায়ত কৃষিমূলক আৰু কাৰিকৰীমূলক শিক্ষা অন্তৰ্ভুক্ত হোৱা উচিত। শিক্ষকসকলকো বৃত্তিমুখীকৰণৰ শিক্ষা দিয়া প্রয়োজন।

(ঘ)কোঠাৰী আয়োগ আৰু অসমৰ মাধ্যমিক শিক্ষা।

উত্তৰঃ কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতো অসম চৰকাৰে ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ' গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব মাধ্যমিক শিক্ষা বোৰ্ডৰ পৰিৱৰ্তে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হাতলৈ যায়। ইসাৰ লগে লগে পাঠ্যপুথি প্রণয়ন, পাঠ্যক্রম প্রস্তুতি, পৰীক্ষা আদিৰ সকলো দায়িত্বও এই সংসদৰ দায়িত্ব হৈ পৰে। কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ওপৰত গুৰুত্ব দিয়ে। সেয়েহে মাধ্যমিক স্তৰত বিভিন্ন ধৰণৰ বিষয় পৰিচিত কৰোৱা হয়।

৭৷ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্ৰম কৰাৰ বাবে চাৰিটা উপায়ৰ পৰামৰ্শ দিয়া। 

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্ৰম কৰাৰ বাবে চাৰিটা উপায়ৰ পৰামৰ্শ হলঃ 

(ক) স্কুল পৰিদৰ্শনৰ ব্যৱস্থা কৰিব লাগে।

(খ) প্রশিক্ষণপ্রাপ্ত শিক্ষকক নিযুক্তি দিব লাগে।

(গ) মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ অসমত প্রয়োগিক দিশত সফল কৰাব লাগে। 

(ঘ) মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্রম বহুমুখী কৰিব লাগে।

(গ ) চমু উত্তৰ দিয়া (এটা বাক্যত)

১৷ জাতীয় শিক্ষানীতি, ১৯৮৬ ত প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে পৰামৰ্শ আগবঢ়োৱা ১০+২+৩ সংগঠনটোৰ নাম কি?

উত্তৰ: অপাৰেচন ব্লেকবোর্ড। 

২৷ শিক্ষাৰ ১০+২+৩ সংগঠনটোৰ পৰামৰ্শ কোন আয়োগে আগবঢ়াইছিল?

উত্তৰঃ কোঠাৰী আয়োগে।

৩৷ শিক্ষা আয়োগ ১৯৬৪-৬৬ ৰ সভাপতি কোন আছিল। উত্তৰঃ ড°ডি. এছ. কোঠাৰী।

8৷ কোন আয়োগে ‘আধুনিকীকৰণক' শিক্ষাৰ লক্ষ্য হিচাপে পৰামৰ্শ দিছিল ?

উত্তৰ কোঠাৰী আয়োগে।

৫৷ ECCEৰ সম্পূর্ণ নামটো কি?

উত্তৰঃ ECCE মানে হ'ল আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা।


৬৷ শিক্ষা আয়োগ, ১৯৬৪-৬৬ ৰ প্ৰতিবেদনখনৰ শিৰোনাম কি আছিল? 

উত্তৰ ঃ “শিক্ষা আৰু জাতীয় বিকাশ”।

৭৷ জাতীয় শিক্ষানীতি ১৯৮৫ ৰ পুনঃনিৰীক্ষণ কৰা কমিটীখনৰ নাম কি আছিল? 

উত্তৰ: ভাৰত চৰকাৰ।

৮৷ একাদশ শ্রেণীযুক্ত মাধ্যমিক শিক্ষাৰ পৰামৰ্শ কোন আয়োগে আগবঢ়াইছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে।

৯৷ কোন আয়োগে দুবছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰামৰ্শ আগবঢ়াইছিল? 

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে।

১০। কটন কলেজিয়েট স্কুলৰ প্ৰথম প্রধান শিক্ষক কোন আছিল?

১১। জাতীয় শিক্ষানীতি, ১৯৮৬ গ্ৰহণৰ পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম

উত্তৰঃ ৰাজীৱ গান্ধী।

১২। মাধ্যমিক শিক্ষা বৰ্ড, অসম গঠনৰ উদ্দেশ্য কি আছিল? উত্তৰঃ গণতন্ত্ৰৰ সুনাগৰিকতাৰ গুণসমূহ শিকাই বিকশাই তোলা।

 ১৩। NCERT ৰ সম্পূর্ণ নাম কি?

উত্তৰ: National Council of Educational Research and Training. 

১৪। কিমান চনত বিশ্ববিদ্যালয় আয়োগ নিযুক্ত হৈছিল?

উত্তৰ: ১৯৪৮ চনত।

১৫। কিমান চনত তাৰাচান্দ কমিটি গঠন হৈছিল ?

উত্তৰ: ১৯৪৮ চনত।

১৬। মুডালিয়াৰ কোনখন বিশ্ববিদ্যালয়ৰ উপাচার্য আছিল?

উত্তৰঃ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ। 

১৭। 'মুডালিয়াৰ আয়োগত কেইটা অধ্যায় আছিল’?

উত্তৰ: ১৫ টা অধ্যায়।

১৮৷ আয়োগৰ প্ৰতিবেদনত কি উল্লেখ আছিল? 

উত্তৰ : মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনৰ তৃতীয় অধ্যায়ত মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে উল্লেখ কৰিছে। 

১৯। প্রচলিত শিক্ষা ব্যৱস্থাৰ ত্রুটিসমূহ কি কি? 

উত্তৰ: প্রচলিত শিক্ষা ব্যৱস্থাৰ ত্রুটিসমূহ হ'ল

(ক) জীৱনৰ পৰা বিচ্ছিন্ন মাধ্যমিক স্কুলসমূহত যি শিক্ষা দিয়া হয় তাৰ বাস্তৱ জীৱনৰ লগত কোনো সংযোগ নাই। এই শিক্ষাই ছাত্র-ছাত্ৰীক জীৱনৰ প্ৰয়োজনীয় দৃষ্টিভংগী প্ৰদান কৰিব নোৱাৰে। 

(খ) সংকীর্ণ আৰু একপক্ষীয় : এই শিক্ষাই সংকীর্ণ আৰু একপক্ষীয় শিক্ষার্থীৰ ব্যক্তিত্বৰ সামগ্রিক বিকাশত কোনো সহায় কৰিব নোৱাৰে।

(গ) ইংৰাজী ভাষাৰ প্ৰাধান্যঃ তেতিয়ালৈকে ইংৰাজী আছিল শিক্ষাৰ মাধ্যম আৰু এক আৱশ্যকীয় বিষয়। এই ভাষাত যোগ্যতা দেখুৱাব নোৱাৰিলে শিক্ষার্থীয়ে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে। পৰৱৰ্তী জীৱনত চৰকাৰী চাকৰি লাভৰ সুযোগো ইংৰাজী ভাষা আয়ত্বকৰণৰ ওপৰত নিৰ্ভৰ কৰে। ইংৰাজীৰ ওপৰত এনেদৰে অত্যধিক গুৰুত্ব আৰোপ কৰাৰ ফলত পাঠ্যক্ৰমৰ আন গুৰুত্বপূর্ণ বিষয়সমূহ কার্যত অৱহেলিত হয়।

(ঘ) ত্রুটিপূর্ণ শিক্ষাদান পদ্ধতি প্রচলিত শিক্ষাদান পদ্ধতি শিক্ষাৰ্থীৰ স্বাধীন চিন্তাৰ বিকাশত অক্ষম। এই শিক্ষাদান পদ্ধতিয়ে শিক্ষার্থীৰ মনত কৰ্ম প্ৰেৰণা জাগ্রত কৰিব নোৱাৰে। যান্ত্রিক প্রাণহীন শিক্ষাই মুখস্থ বিদ্যাত অধিক গুৰুত্ব প্রদান কৰে। প্রচলিত শিক্ষাদান পদ্ধতিয়ে সহযোগিতামূলক সাফল্যৰ পৰিৱৰ্তে প্ৰতিযোগিতামূলক সাফল্যৰ ওপৰতহে অধিক গুরুত্ব প্রদান কৰে।

(ঙ) ছাত্র-শিক্ষকৰ সম্বন্ধহীনতাঃ শ্ৰেণীত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত শিক্ষক-শিক্ষাৰ্থীৰ ব্যক্তিগত যোগাযোগ হ্রাস হৈছে। ই ছাত্ৰৰ ক্ষেত্ৰত চৰিত্ৰ গঠন আৰু শৃংখলা ৰক্ষা ব্যৱস্থা ক্ষতিগ্রস্থ কৰি তুলিছে। আনহাতেদি শিক্ষকৰ অৰ্থনৈতিক আৰু সামাজিক মর্যাদা হ্রাস পোৱাৰ ফলত শিক্ষা ব্যৱস্থাত এক বিপর্যয়ে দেখা দিছে।

(চ) ত্রুটিপূর্ণ পৰীক্ষা পদ্ধতি ঃ পৰীক্ষাৰ ওপৰত দিয়া অত্যধিক গুৰুত্বই শিক্ষা ব্যৱস্থাক বিভিন্নভাৱে ক্ষতিগ্রস্ত কৰিছে। এই ত্রুটিপূর্ণ পৰীক্ষা ব্যৱস্থাৰ ফলত শিক্ষাত উৎসাহ উদ্দীপনা লোপ পাইছে। শিক্ষাত ভ্ৰান্ত আৰু মূল্যহীন বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু এনেদৰে মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থাৰ ত্রুটি আৰু দুর্বলতা সম্পর্কে দৃষ্টি নিক্ষেপ কৰিছিল। 


২০৷ মাধ্যমিক শিক্ষাৰ লক্ষ্য সমূহ কি কি?

উত্তৰ : মাধ্যমিক শিক্ষা আয়োগে প্রচলিত শিক্ষা ব্যৱস্থাৰ ত্রুটিসমূহ বিচাৰ কৰি ইয়াৰ পৰিপ্ৰেক্ষিতত মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ নিৰ্দেশ কৰিছিল। এই লক্ষ্যসমূহ হ'ল -

(ক) গণতান্ত্রিক নাগৰিকৰ দায়িত্ব পালন কৰিব পৰাকৈ শিক্ষাৰ্থীৰ অভ্যাস, স্বভাৱ, চৰিত্ৰ, মনোভাব আদি উপযুক্তভাৱে গঢ় দি তুলিব লাগিব।

(খ) সংস্কৃতিক পুনৰ জাগৰণ কৰিব পৰাকৈ শিক্ষা ব্যৱস্থাৰ পুনৰ সংগঠন কৰি তুলিব লাগিব।

(ঘ) ছাত্ৰ-ছাত্ৰীসকলৰ মনত যুক্তিসন্মত দৃষ্টিভংগী গঢ়ি তুলি বস্তুনিষ্ঠ চিন্তাত অভ্যস্ত কৰি তুলিব লাগিব। অর্থাৎ স্বাধীন আৰু স্পষ্টভাবে চিন্তা কৰিবপৰা শক্তি গঢ়ি তোলাত সহায় কৰিব লাগিব।

(ঙ) নিজৰ দুৰ্বলতা উপলব্ধি কৰি ইয়াক দূৰ কৰিবৰ বাবে যত্ন কৰিব লাগিব। 

(চ) বৃত্তিমূলক যোগ্যতার উন্নতি, দেশৰ অর্থনৈতিক উন্নতি সাধনত ছাত্ৰ-ছাত্ৰীসকলে যাতে যোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকৰ ব্যৱহাৰিক আৰু বৃত্তিমূলক যোগ্যতা বৃদ্ধি কৰিব লাগিব।

(ছ) ব্যক্তিত্বৰ বিকাশ সাধন কৰা।

(জ) নেতৃত্বৰ শিক্ষা। আমাৰ দেশত সৰ্বভাৰতীয় নেতা অনেক আছে। কিন্তু মধ্যৱৰ্তী স্তৰত নেতৃত্ব বহন কৰিবৰ বাবে উপযুক্ত লোকৰ অভাৱ। গণতন্ত্ৰৰ সুস্থ কাৰ্যকৰীকৰণৰ বাবেই এই মধ্যস্থ পর্যায়ত অনুশাসন আৰু নেতৃত্বৰ শিক্ষা দিয়াটো বিশেষ প্রয়োজন। 

২১। কোঠাৰী আয়োগে প্রতিবেদনৰ উপসংহাৰত কি মন্তব্য কৰিছিল?

উত্তৰঃ কোঠাৰী আয়োগে প্রতিবেদনৰ উপসংহাৰত মন্তব্য কৰিছিল যে— “দেশৰ উন্নয়নমুখী চাহিদা আৰু প্ৰত্যাশাসমূহক পূৰণ কৰিবৰ বাবে সমগ্ৰ জাতিৰ বাবে এক সুষম আৰু কাৰ্যকৰী শিক্ষা ব্যৱস্থা গঢ়ি তুলিব লাগিব। নতুবা বিশ্বৰ ইতিহাসত শক্তিশালী প্রবাহৰ পৰা বিচ্ছিন্ন হৈয়েই সন্তুষ্ট হ'ব লাগিব।

২২৷ কোঠাৰী আয়োগৰ সদস্য সংখ্যা আৰু অধ্যয় কিমান আছিল ? 

উত্তৰঃ কোঠাৰী আয়োগৰ সদস্য সংখ্যা আছিল ১৭ জন। আৰু ইয়াত অধ্যয় আছিল ২০ টা।

২৩। কোঠাৰী আয়োগৰ উদ্দেশ্য কি আছিল?

উত্তৰ ঃ কোঠাৰী আয়োগৰ উদ্দেশ্য আছিল শিক্ষাৰ বাবে এক জাতীয় পৰিকল্পনা ৰচনা কৰা আৰু সৰ্বস্তৰৰ শিক্ষাৰ সামগ্রিক উন্নয়নৰ বাবে এক জাতীয় সাধাৰণ নীতি আৰু কর্মপন্থা নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰক নিৰ্দেশ দান কৰা।

২৪। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ প্রস্তাবিত শিক্ষাৰ উদ্দেশ্যাবলীসমূহ কি আছিল? 

উত্তৰ: ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে ভাৰতীয় শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰিবলৈ যাওঁতে ব্যাপক আৰু সুদূৰ প্ৰসাৰী জাতীয় স্বাৰ্থৰ উদ্দেশ্যৰ বিবেচনা কৰিছিল। সেইবাবে আয়োগৰ প্ৰতিবেদনত শিক্ষাৰ মূল উদ্দেশ্যবিলাক ‘শিক্ষা আৰু জাতীয় উদ্দেশ্যাৱলী নামৰ এটি তাৎপর্যপূর্ণ শিৰোনামত লিপিবদ্ধ কৰিছিল। অর্থাৎ আয়োগে দেশৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সামাজিক বা জাতীয় স্বার্থকেই প্রাধান্য দিছিল। ভাৰতীয় সমাজত তৎকালীন চাহিদা আৰু ভৱিষ্যৎ প্রয়োজন পূৰণেই শিক্ষাৰ উদ্দেশ্য হোৱা উচিত। আয়োগৰ প্ৰতিবেদনত থকা জাতীয় শিক্ষাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল

(ক) শিক্ষা আৰু উৎপাদনমুখিতা : শিক্ষা আৰু অর্থনৈতিক উৎপাদন ওতঃপ্রোতভাবে জড়িত। গতিকে ভাৰতত শিক্ষাৰ উদ্দেশ্য হ'ব শিক্ষার্থীক এনে জ্ঞান বা অভিজ্ঞতা প্ৰদান কৰা, যি জাতীয় উৎপাদন বৃদ্ধিত সহায়তা কৰিব পাৰে। অর্থাৎ শিক্ষা হ’ব জাতীয় উৎপাদনমুখী।

(খ) শিক্ষা আৰু সামাজিক আৰু জাতীয় সংহতি : স্বাধীন ভাৰতত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তিত হৈছে। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ সাফল্যৰ বাবে জনগণৰ মনত জাতীয় চেতনা আৰু ঐক্যৰ গুৰুত্ব আয়োগে উপলব্ধি কৰিছিল। শিক্ষাৰ ক্ষেত্ৰত সকলো শ্ৰেণীৰ নাগৰিকৰ ক্ষেত্ৰত সমনীতি অনুসৰণ কৰা বাঞ্চনীয়। দেশৰ সকলো শ্ৰেণীৰ লোককে শিক্ষাৰ সমান সুবিধা লাভৰ সুযোগ প্ৰদানৰ বাবে সাধাৰণ বিদ্যালয়ৰ ব্যৱস্থা কৰা।

(গ) শিক্ষা আৰু আধুনিকীকৰণঃ বৰ্তমান সময়ত দ্রুতগতিত জ্ঞানৰ প্ৰসাৰ আৰু সামাজিক ঘটিছে। এই দ্বিমুখী পৰিৱৰ্তনৰ লগত সামঞ্জস্য বজাই ৰাখি শিক্ষা ব্যৱস্থাৰো পৰিৱৰ্তন হ'ব। লাগিব। ভাৰতীয় নাগৰিকসকলে যাতে ভাৰতীয় সমাজৰ আধুনিকীকৰণত সক্রিয়ভাবে সহায়তা কৰিব পাৰে, তাৰ উপযোগী প্রশিক্ষণৰ ব্যৱস্থা কৰা শিক্ষাৰ উদ্দেশ্য হ’ব লাগে।

(ঘ) নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ : আয়োগে মত পোষণ কৰে যে আধুনিকীকৰণক এক জীৱন্ত শক্তি স্বৰূপে গঢ় দি তুলিবৰ বাবে ইয়াৰ শক্তি আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে। গতিকে জাতীয় শিক্ষা ব্যৱস্থাই সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

২৫। “গুৱাহাটী চেমিনাৰ কোনে স্থাপন কৰিছিল। 

উত্তৰঃ জেন্‌বিন্‌চ (Jenkins) চাহাবে।

২৬। SEBA ৰ সম্পূৰ্ণ নাম কি? 

উত্তৰ: Secondary Education Act of Assam.

২৭। প্ৰথমতে ক'ত আৰু কেতিয়া অসমত কাৰিকৰী বিদ্যালয় স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ১৯৫৫-৫৬ চনত অসমৰ গুৱাহাটী।

২৮। কিমান চনত অসমত মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল।

উত্তৰঃ ১৯৩৭ চনত। 

২৯। কিমান চনত অসমত মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰঃ ১৯৩৭ চনত।

৩০। কিমান চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰে। 

উত্তৰঃ ১৯৮৪ চনত।

৩১। I.C.A.R. ৰ সম্পূর্ণ নামটো কি ?

উত্তৰঃ I.C.A.R, ৰ সম্পূর্ণ নাম হ'ল— The Indian Council of Agricultural Research. 

৩২। কিমান চনত ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি আৰম্ভ হৈছিল?

উত্তৰ: ১৯৮৬ চনত।

৩৩। “ভাৰতৰ ভাগ্য ইয়াৰ শ্ৰেণী কোঠাতেই নিৰ্মাণ হ'ব ধৰিছে”। উক্ত কথাষাৰ কোনখন আয়োগে কৈছিল ? 

উত্তৰঃ উক্ত কথাষাৰ কোঠাৰী আয়োগে কৈছিল।



Previous Post Next Post