ষ্টিফেন হকিং
বিংশ শতিকাৰ মহান জ্যোতিপদার্থ বিজ্ঞানী ষ্টিফেন হকিং হৈছে শাৰীৰিক প্রতিবন্ধকতাই পৰাভূত কৰিব নোৱৰা জীৱন যুদ্ধৰ এজন সফল যুঁজাৰু। দুৰাৰোগ্য ‘মটৰ নিউৰণ’ ৰূপে তেওঁৰ সমস্ত শৰীৰৰ স্নায়ুতন্ত্র নষ্ট কৰি পেলোৱাৰ ফলত বাক শক্তি, চলন-ফুৰণ আৰু অন্যান্য পেশী সঞ্চালন ক্ষমতা হেৰুৱাই এক মৃতপ্রায় জীৱন অতিবাহিত কৰাৰ পাছতো প্রচণ্ড মানসিক শক্তিৰে জ্যোতিপদার্থ বিজ্ঞানৰ উন্নতিলৈ প্ৰভূত বৰঙনি যোগাবলৈ সক্ষম হোৱা এই ইংৰাজী বিজ্ঞানীজনে বিশ্বৰ কোটি কোটি শাৰীৰিকভীৱে অক্ষম ব্যক্তিৰ বাবে এক আদর্শনীয় জীৱন্ত কিংবদন্তিলৈ পৰিণত হৈছে।

ষ্টিফেন হকিংৰ জন্ম আৰু শিক্ষা : দ্বিতীয় মহাযুদ্ধৰ চৰম অশান্তজৰ্জৰ পৰিৱেশৰ সময়ত ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডৰ অন্যতম শৈক্ষিক কেন্দ্র অক্সফ'ৰ্ড মহানগৰৰ অন্তৰ্গত চেইন্ট এলবান্স অঞ্চলত ষ্টিফেন হকিংৰ জন্ম হয়। তেওঁৰ দেউতাক ফ্রেংক হুকিং আৰু মাক ইছাবেল দুয়ো ঐতিহ্যমণ্ডিত অক্সফ'ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী আছিল। অৱশ্যে পিতৃ-মাতৃৰ পৰা জন্মসূত্রে উপযুক্ত শৈক্ষিক পৰিৱেশ পোৱাৰ পাছতো হাইস্কুলীয়া জীৱনলৈকে তীক্ষ্ম বুদ্ধিসম্পন্ন অথবা মেধাৱী ছাত্ৰৰূপে ষ্টিফেনৰ কোনো পৰিচয় নাছিল। কাৰণ পাঠ্যপুথিৰ পৰম্পৰাগত আওপুৰণি বিষয়বস্তুৰ অধ্যয়নৰ পৰিবৰ্তে প্ৰকৃতিত সংঘটিত বিভিন্ন পৰিঘটনাৰ নিজস্ব চিন্তা-চৰ্চৰ্মৰে অনুসন্ধান চলাই তেওঁ ব্যস্ত হৈ ভাল পাইছিল। চেণ্ট এলবান্স হাইস্কুলত অধ্যয়ন কৰি থকাৰ সময়ত সমনীয়া ছাত্ৰসকলৰ সৈতে বিভিন্ন ইলেকট্রনিক মডেল নিৰ্মাণ কৰি বিজ্ঞানৰ পাঠ্যপুথিত উল্লেখ থকা বিষয়বস্তুবোৰৰ প্রায়োগিক অধ্যয়ন চলাই ভাল পাইছিল।
১৯৬৩ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ও ষ্টিফেনৰ শৰীৰত ভয়ংকৰ ‘মটৰ নিউৰণ’ ৰোগৰ অস্তিত্ব ধৰা পৰে। শৰীৰৰ বিভিন্ন অংগ সঞ্চালনৰ সৈতে জড়িত স্নায়ুসমূহক ক্রমাৎ অকামিলা কৰি পেলোৱা এই বিৰল স্নায়ৱিক ৰোগে এটা সময়ত তেওঁৰ হাত-ভৰিৰ সঞ্চালন ক্ষমতা নাইকিয়া কৰাৰ লগতে বাকশক্তিও হেৰুৱাই পেলায়। এনে অৱস্থাত তেওঁক এখন হুইল চেয়াৰত বহুৱাই বিশেষ ইলেকট্রনিক শব্দ সৃষ্টিকাৰী কম্পিউটাৰ সংলগ্ন ব্যৱহাৰে তেওঁৰ চিন্তা-চৰ্চা আৰু ভাব প্ৰকাশৰ সুবিধা কৰি দিয়া হয়। প্রথম অৱস্থাত 'মটৰ নিউৰণ’ ৰোগত আক্ৰান্ত হোৱাৰ পাছতো সক্ষম হৈ থকা সোঁহাতৰ দুটা আঙুলিৰে কী-বৰ্ডত টাইপ কৰা আখৰবোৰ শব্দতৰংগলৈ ৰূপান্তৰিত হৈ তেওঁৰ ভাব প্ৰকাশত সুবিধা কৰিছিল যদিও পাছলৈ সেই আঙুলিকেইটাও অক্ষম হৈ পৰাত ইনটেল কোম্পানীৰ বিশেষজ্ঞসকলে নিৰ্মাণ কৰা এক বিশেষ পদ্ধতিৰে তেওঁৰ চিন্তা শক্তিক পোনপটীয়া শব্দলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে। এককথাত ক'বলৈ গ'লে দৈনন্দিন জীৱন ধাৰণৰ সকলো কার্যকলাপ পৰিচালনা কৰিবলৈ ব্যক্তিগত পৰিচাৰিকাৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰা ষ্টিফেন হকিঙে কেৱল অধ্যয়ন আৰু চিন্তা-চৰ্চাৰ যোগেদি উদ্ভাৱন কৰা তথ্যসমূহ কৃত্রিম ভাব প্রকাশৰ সা-সুবিধাৰে প্ৰচাৰ আৰু প্ৰকাশ কৰি মানৱজাতিৰ বৈজ্ঞানিক ক্ষেত্ৰৰ উন্নতিলৈ অৱদান আগবঢ়োৱা কার্যকেই জীৱনৰ ব্ৰত হিচাপে লয়।
ষ্টিফেন হকিংৰ আবিষ্কাৰ : ষ্টিফেন হকিং মূলতঃ ব্রেক হ’ল (Black Hole) আৰু কোৱান্টাম গ্রেভিটি (quantum gravity) তত্ত্ব-সম্পৰ্কীয় গৱেষণাৰ বাবে বিশ্ববিখ্যাত। ব্লেক হ'ল হৈছে এটা নক্ষত্ৰৰ অন্তিম অৱস্থা যেতিয়া ই বৃহৎ মহাজাগতিক পিণ্ডৰপৰা পৰিৱৰ্তিত হৈ প্ৰচণ্ড মহাকর্ষণিক ক্ষেত্রযুক্ত এক ক্ষুদ্রতম কণিকাত পৰিণত হয় আৰু পোহৰ কণাকে আদি কৰি চৌপাশৰ সকলো মহাজাগতিক কণিকাক নিজৰ কেন্দ্ৰাভিমুখে আকর্ষণ কৰে। কিন্তু হকিঙৰ গৱেষণামতে, ব্লেক হ’লৰ পৰাও শক্তি কণাৰ নিৰ্গমণ হয়। ব্লেক হ’ল তত্ত্বৰ গভীৰ অধ্যয়নে এটা সময়ত টাইম মেচিন (Time machine)-ৰ দৰে প্ৰযুক্তি উদ্ভাৱনত সহায়ক হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে। সেইদৰে কোৱাণ্টাম গ্রেভিটি-সম্পৰ্কীয় গৱেষণাই ভৱিষ্যতে মধ্যাকর্ষণ শক্তি সৃষ্টিকাৰী গ্রেভিটন (Graviton) নামৰ কণাৰ অস্তিত্ব ধৰা পেলাব পৰা যন্ত্ৰ নিৰ্মাণত সহায়ক হ'ব বুলি বিশ্বাস কৰা হয়।
মানৱজাতিৰ অস্তিত্ব বৰ্তি থাকিবলৈ হ'লে ভৱিষ্যতৰ পৃথিৱীত পাৰমাণৱিক যুদ্ধ বা মাৰাত্মক জৈৱাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ জেনেটিক পদ্ধতিৰে উদ্ভাৱিত জীৱাণুৰ ধ্বংসাত্মক কার্যকলাপৰ বহু পূর্বে বিশ্ব-ব্ৰহ্মাণ্ডৰ অন্য কোনো বাসোপযোগী গ্ৰহত মানৱ উপনিৱেশ স্থাপনৰ প্ৰয়োজনীয়তা আছে বুলি ষ্টিফেন হকিঙে বিশ্বাস কৰে। সেইদৰে অচিনাক্ত উৰন্ত বস্তু (U.F.O.), বহিঃ গ্ৰহৰ জীৱ (Alien) আদি বিষয়বোৰৰ প্ৰতি সৃষ্টি হোৱা কৌতূহল আৰু গৱেষণাক তেওঁ সমৰ্থন কৰে যদিও মানৱজাতিৰ সুৰক্ষাৰ স্বাৰ্থত এনে বহিঃগ্ৰহৰ জীৱৰ সন্ধান পালেও তেওঁলোকৰ সৈতে কোনো যোগাযোগ বা সম্পর্ক স্থাপনৰ প্রয়োজনীয়তা নাই বুলি ভাবে। এই সম্পৰ্কীয় তেওঁৰ কেইখন মান পুথি হৈছে A Brief History of Time (1988), Black Holes and Balay Universes and other Essays (1993), The Universe in a Nut Shell (2001), The Grand Design (2010) ইত্যাদি। সেইদৰে হকিঙৰ জীৱনী আৰু কৰ্মৰাজিৰ ওপৰত নির্মিত কেইখনমান বিখ্যাত চিনেমা হৈছে- Master of Science Fic tion (2007), Stephen Hawking; A brief History of mine (2013) ইত্যাদি।
২০০৭ চনত কেমব্রিজ বিশ্ববিদ্যালয়ৰ পৰা গণিত-শাস্ত্ৰৰ লিউকেছিয়ান প্ৰফেছৰ (Lucasian professor) পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত একেখন বিশ্ববিদ্যালয়ৰ “Applied Mathmatics and Theoritical Physics” বিভাগৰ ডাইৰেক্টৰ হিচাপে বৰ্তমানলৈকে কাৰ্যনিৰ্বাহ কৰি আছে। শাৰীৰিকভাৱে অক্ষম এই মহান বিজ্ঞানীজনৰ কৰ্মৰাজি আৰু জীৱন পৰিক্ৰমাই বিশ্বৰ অগণনলোকক ভৱিষ্যতেও জীৱন যুদ্ধৰ বাবে অনুপ্রাণিত কৰিব বুলি আশা কৰা হৈছে।