ঐচ্ছিক অসমীয়া দ্বাদশ শ্ৰেণীৰ প্ৰশ্ন উওৰ। Advance Assamese Question Answers.


১ ) ‘বর্ষা বর্ণন' কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ বৰ্ণনা কেনে ধৰণে দিয়া হৈছে।

উত্তৰ:  “জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম।।” —মাধৱদেৱ।

অতুলনীয় প্রতিভা আৰু বিবল প্ৰজ্ঞাৰ অধিকাৰী মহাপুৰুষ শকংৰদেৱৰ বিষয়ে মাধৱদেৱৰ উদ্ধৃত মন্তব্য তথা সন্মান যথেষ্ট সার্থক। অসমীয়া জাতি, ধর্ম, সাহিত্য, কলা-সংস্কৃতিৰ গুৰু শংকৰদেৱৰ 'বর্ষা বর্ণন’ এটি পদছন্দত (৮+৮+৬) ৰচিত অনুপম কবিতা ( ‘ভাগৱতৰ’ পৰা উদ্ধৃত ‘বৰ্ষা বৰ্ণন' কবিতাটি শুকমুনিয়ে পৰীক্ষিত ৰজাৰ ওচৰত বৰ্ণনা কৰিছে। কবিতাটিত ‘বৰগীত’ স্ৰষ্টাই নান্দনিক ৰীতিৰে প্ৰকৃতিৰ বিভিন্ন চিত্ৰ-উপাদান বৰ্ণনা কৰিছে। কবিতাটিৰ কাব্যিক সৌন্দর্য বৰ্ধনত এনে সৃজনশীল কৃতিত্বই প্রভূত পৰিমাণে অৰিহণা যোগাইছে।

ঋতুৰাজ বসন্ত অর্থাৎ বর্ষাকালৰ বৰ্ণনা কবিতাটিত ফৰিং ফুটা জোনাক হৈ জিলিকি উঠিছে। কবিতাটিত কবিয়ে কৈছে— ‘গ্ৰীষ্ম গৈলে ঝতু আসি বাৰিষা মিলিল...।' গ্ৰীষ্মৰ শেষত বৰ্ষাকালৰ আগমন ঘটাৰ লগে লগেই মেঘৰ মাজে মাজে সূর্যই চিকিমিকি পোহৰৰ লুকাভাকু খেলিবলৈ ধৰিলে; প্রচণ্ড বতাহৰ কোব আৰু মেঘে আকাশ ওন্দোলাই আনিলে। ওলমা আকাশত বিজুলীৰ চকমকনি দেখা গ'ল। মেঘৰ মাজত আত্ম বিলোপ ঘটিল সূর্য-চন্দ্ৰকে ধৰি বিভিন্ন নক্ষত্ৰৰ —যেন জীৱ আত্মা শৰীৰতে ভৈলা ছান'। লাহে লাহে প্ৰচণ্ড বতাহৰ সৈতে মূষলধাৰে বৰষুণ নামি আহিল আৰু খলাবমা সকলো বাৰিষাৰ পানীৰে ওপচি পৰিল। দীর্ঘদিনৰ শুকানতাৰ অন্তত পানীৰ মধুৰ স্পৰ্শত প্রকৃতি আয়ে যেন প্ৰাণ পাই উঠিল— ‘বাৰিষা কালত দুনাই পুষ্ট ভৈল মহী।' ভেকুলীবোৰৰ জীৱনতো তেজাল যৌৱন সঞ্চাৰিত হ'ল আৰু সিহঁতে গুৰুৰ পিছে পিছে শিষ্যই পাঠ পঢ়াৰ দৰে অনৰ্গল টোৰ টোৰাবলৈ ধৰিলে। ঠায়ে ঠায়ে কণ কণ কেঁচু মাটিৰ দ'ম আৰু বেং ছাতিবোৰ গজিবলৈ ধৰিলে। বাৰিষাৰ অকৃত্রিম পৰশত 'ৰাজত্ৰীয়ে যেন পৰম সম্পত্তি। অর্থাৎ ধৰিত্ৰী সমৃদ্ধিশালী হ’ল। বাৰিষাই প্ৰকৃতিৰ পৰিৱৰ্তন অনাৰ উপৰি মানৱ জীৱনলৈ বিশেষকৈ কৃষকৰ জীৱনলৈ নানা আশা-আকাঙ্ক্ষা, আনন্দৰ সৌৰভ বিয়পি আহিল— 'বৃষ্টিজন পায়া শষ্য কৰৈ হলফল। দেখি কৃষকৰ মনে মহা কুতূহল'। বাৰিষাৰ পানীত স্নান কৰি গোটেই প্রকৃতি সদ্যস্নাতা কিশোৰীৰ দৰে ৰূপৱতী হৈ উঠিছে। নৈ উপনৈবোৰ ফেনে-ফোটোকাৰে বাঢ়ি সাগৰৰ সৈতে মিলি ভয়ংকৰ উর্মিমালার সৃষ্টি কৰিছে। বাৰিষাৰ আকাশত ‘পঞ্চবৰ্ণে ৰঞ্জিত নিগুৰ্ণ ইন্দ্ৰধনু’ৰ উদয় হৈছে। বাৰিষাৰ মতলীয়া বতাহত ময়ূৰ পক্ষীকে ধৰি আন আন চৰাই চিৰিকতিয়ে ৰং শিঙা বজাই আনন্দতে ঊনৈশত বা বলাইছে— 'বাৰিষা ঋতুৰ শ্রীক চান্তে ঘনে ঘন'। এনেদৰে 'বর্ষা বর্ণন' কবিতাটিত ‘বর্ষাকালৰ'ৰ সম্পূর্ণ নিটোল বর্ণনা দেখিবলৈ পোৱা যায়। এনে মনোৰম প্ৰকৃতিৰ বৰ্ণনা শংকৰদেৱৰ পূর্বকবি অপ্রমাদী মাধৱ কন্দলীৰ ৰচনাতো দেখিবলৈ পোৱা যায়। 

২. বর্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বর্ণনা কৰিছে?

উত্তৰঃ অসমীয়া ভাষা-সাহিত্য-ধর্ম-সংস্কৃতিৰ গুৰু শংকৰদেৱ বিৰচিত ‘বর্ষা বর্ণন' কবিতাটো ভাগৱতৰ দশমৰ পৰা উদ্ধৃত)এই পাঠটিত গ্ৰীষ্ম ঋতুৰ পিছত সমাগত বর্ষা ঋতুৰ এটি স্বাভাৱিক আৰু মনোমোহা বর্ণনা দাঙি ধৰা হৈছে। বর্ষা ঋতুৰ বৰ্ণনাৰ প্ৰসংগত মূৰ্ত ভাবক বুজাবলৈ অমূর্ত ভাববিশিষ্ট ৰূপক, উপমা ইত্যাদিৰ সহায় লোৱা দেখা যায়। ধাতু পৰিৱৰ্তনৰ স্বাভাৱিক বৰ্ণনাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰি গৈছে।

বৈষ্ণৱ ধৰ্মৰ চাৰি মূল বস্তু 'নাম-দেৱ গুৰু-ভকত'ৰ ভূমিকাও 'বর্ষা বর্ণন কবিতাটোত বর্ণিত হৈছে। বৈষ্ণৱ ধৰ্মৰ মূল কথাটিয়েই হ’ল ‘কৃষ্ণভক্তিৰ মাহাত্ম্য। কৃষ্ণভক্তিৰ মাহাত্ম্য বিভিন্ন অলংকাৰৰ প্ৰয়োগেৰে দেখুওৱা হৈছে। মুষলধাৰে বৰষুণ দিলেও যিদৰে পৰ্বতে দুখ-কষ্ট নাপাই অটল হৈ থাকিব পাৰে নিজৰ স্থিতিত ঠিক সেইদৰে কৃষ্ণভক্তি অন্তৰত থকাজনে সংসাৰৰ সকলো মায়া-কষ্ট পাহৰি আনন্দৰে দিন ভোগ কৰিব পাৰে। কবিয়ে কৈছে—

“যিজনৰ মৈন ভৈল কৃষ্ণত প্ৰৱেশ। 

তাক যেন লম্ভিবে নপাৰে দুখক্লেশ।।”

এই জগতখন সত্ব, ৰজ আৰু তম গুণৰ অধীন। এই ত্রিগুণৰ সংসাৰত নিৰ্গুণ পৰ্বম ঈশ্বৰ পৰম ব্ৰহ্মৰ অৱতাৰী পুৰুষ শ্ৰীকৃষ্ণই প্রধান।

“চন্দ্ৰজ্যোতি প্রকাশিত যিটো মেঘগণ। 

নজ্বলন্ত চন্দ্রো সেহি মেঘে হুয়া ছন্ন।। 

যেন যিটো চৈতন্য প্রকাশে অহংকাৰ।।"

সেহি অহংকাৰে ঢাকে জৌতি জীবাত্মাৰ।।” 

মানৱ-সংসাৰৰ চৈতন্যময়ী জীৱনীধাৰাত সকলো দুখ নিবাৰণৰ প্ৰধান উপায় কৃষ্ণভক্তি। শ্ৰৱণ-কীর্তনে সদাই মানুহৰ মনৰ দুখ-ক্লান্তি শান্ত কৰি আহিছে।

৩. 'বর্ষা বর্ণন' কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাব বুজাই লিখা। 

উওৰ: অসমীয়া ভাষা, সাহিত্য, ধর্ম, সংস্কৃতিৰ সৃষ্টি আৰু গতি শক্তি মহাপুৰুষ শংকৰদেৱৰ ‘বর্ষা বর্ণন’ এটি সার্থক প্রকৃতি বিষয়ক কবিতা। কবিতাটোৰ কাব্যিক সৌন্দর্যও মনকৰিবলগীয়া। প্ৰকৃতিৰ বিবিধ বর্ণনাৰ লগে লগে কবিতাটোত সুন্দৰভাৱে কৃষ্ণভক্তি অর্থাৎ নৱ-বৈষ্ণৱ ধৰ্মৰ বৈশিষ্ট্যও ৰক্ষিত হৈছে। আধ্যত্মিক ভাবৰ পৰসে কবিতাটিক এক বিশেষ মাত্রা প্ৰদান কৰিছে। তলৰ কবিতাটিত থকা দুটা উপমাৰ ভিতৰৱা ভাব বুজাই লিখা হ'ল উপমা এক প্ৰকাৰ অৰ্থ অলংকাৰ। ইয়াৰ অৰ্থ তুলনা। মহাপুৰুষজনাৰ বৰ্ষা বর্ণন’ত থকা এটি উপমা হ'ল—

“যদ্যাপি মূষলধাৰে মেঘে বৰফিল।

তথাপি পর্বতে পীড়া কিছো নজানিল।।

যজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ। 

তাক যেন লঙ্ঘিবে নাপাৰে দুখ ক্লেশ।।”

গ্ৰীষ্মকালৰ অন্তত বৰ্ষাকালৰ এখন সম্পূর্ণ পূৰ্ণাংগ আৰু মোহময়ী চিত্র অংকন কৰি দেখুওৱা হৈছে কবিতাটোত। বাৰিষা আহিলে মেখে আকাশ ওন্দোলাই আনে। মেঘৰ আঁৰত বিজুলীয়ে নাচিবলৈ লয়। ক্রমে ক্রমে আকাশ ক'লা হয়। আৰু ধাৰাষাৰে বৃষ্টিপাত হ’বলৈ ধৰে। বাৰিষাৰ পানী পাই সকলো প্ৰাণীৰ আনন্দ হয়। যদিও মূষলধাৰে বৃষ্টিপাত হয় তথাপি পর্বতবোৰৰ কোনো অনিষ্ট নাই। পীড়া অর্থাৎ দুখ-কষ্ট অনুভৱ নকৰে। মেঘৰ পানীয়ে ধ্যানমগ্ন পৰ্বতৰ গম্ভৰতাত আঘাত হানিব নোৱাৰে। শংকৰদেৱে পৰ্বতৰ এনে স্থিতিক এক আধ্যাত্মিক উপমাৰে পূৰ্ণ রূপ দিছে। এই মায়াবী সংসাৰত কৃষ্ণত বিনে মুক্তি নাই; যাৰ অন্তৰ কৃষ্ণ ভক্তি ৰসেবে নিমজ্জিত তাক কোনো বিপদ-বিঘিনীয়ে মনোকষ্ট দিব নোৱাৰে। কৃষ্ণ ভক্তিত সিক্তজন সংসাৰৰ দুখ-ক্লেশৰ আন্ধাৰ ফালি শান্তি আৰু প্ৰগতিৰে জীয়াই থাকিব পাৰে। কৃষ্ণত মগ্নজনক ধ্যানমগ্ন পৰ্বতৰ নিচিনা কোনেও আঘাত হানিব নোৱাৰে। কবিতাটিৰ আন এটি উল্লেখযোগ্য উপমা হ'ল—

“পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু। 

গুণবন্ত মেঘত প্রকাশে পুনু পুনু।।

যেন তিনি গুণময় জগত ঘতেক। 

নিৰ্গুণ পুৰুষ তাত প্ৰকাশৈ প্রত্যেক।।”

— উক্ত পদফাঁকি মহাপুৰুষজনাই ইন্দ্ৰধনুৰ বিচিত্ৰতাৰ বৰ্ণনা দিবলৈ গৈ গভীৰ আধ্যাত্মিক তত্ত্বযুক্ত উপমা হিচাপে সমাহাৰ ঘটাইছে। বর্ষাকালৰ গগণ আকাশত পঞ্চৰঙেৰে ৰঞ্জিত ইন্দ্ৰধনুৱে শোভা কৰিবলৈ ধৰে, কিন্তু এই ইন্দ্ৰধনু স্বকীয় গুণবিহীন। ই একমাত্র মেঘে ঢকা আকাশতহে প্রকাশ্য। কিন্‌কিনিয়া বৰষুণত বিপৰীত দিশৰ পৰা আদিত্যৰ ৰশ্মি পৰিলে এই ইন্দ্ৰধনুৰ সৃষ্টি হয়। সেয়েহে গুৰুজনাই কৈছে যে এই নিৰ্গুণ ইন্দ্রধনুরে গুণৱন্ত মেঘৰ মাজতহে বাৰে বাৰে প্ৰকাশ লাভ কৰে। ইন্দ্ৰধনুৰ এই বিচিত্ৰতা বৰ্ণনা কৰিবলৈ গৈয়েই শংকৰদেৱে উপমা হিচাপে এক গভীৰ তাত্ত্বিক ভাব প্রকাশ কৰিছে। তেওঁৰ মতে, এই জগতখনৰ প্ৰতিটো বস্তুৱেই সত্ব, ৰজ আৰু ত্বম- এই ত্ৰিগুণেৰে পৰিপূৰ্ণ। জগতৰ প্রত্যেক বস্তুতে এই ত্ৰিগুণৰ প্ৰকাশ আছে। কিন্তু তাৰ মাজত আচলতে ক্ৰিয়া কৰি আছে নিগুণ ব্রহ্মই।

৪. প্রসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰা : 

ক) বহুৱৈ বিপথে আতি ক্ষুদ্র নদী যত।

কৰৈ অকাৰ্য্যক যেন ধনৰ গৰ্ব্বত।।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি ‘বৰগীত স্রষ্টা’ মহাপুৰুষ শ্ৰীশংকৰদেৱৰ 'বৰ্ষা বর্ণন' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্রসংগ সংগতি এয়াই যে বর্ষাকালত বাৰিষাৰ আগমনত প্ৰকৃতিদেৱীৰ বিভিন্ন উপাদান আনন্দত আত্মহাৰা হৈ পৰিছে আৰু মনৰ তাড়নাত বিভিন্ন কাৰ্য কৰিবলৈ লৈছে।

গ্রীষ্মকালত শুকাই থকা সকলোবোৰ বাৰিষাকালত পুনৰ ভৰি পৰিল। বৰষুণ অহাৰ আনন্দত সকলোৱে সুখ-শান্তি পালে। নাদ শুনি মেঘৰ বেঙৰো ৰোল চৰিল। বেংবোৰে শিষ্যই গুৰুৰ বচন উচ্চাৰণ কৰাৰ নিচিনাকৈ টোৰটোৰাবলৈ ধৰিলে। ধনৰ অহংকাৰত অকাৰ্য কৰাৰ লেখীয়াকৈ ক্ষুদ্র ক্ষুদ্র নদী যেনি-তেনি অর্থাৎ বিপথে বৈ যাবলৈ ধৰিলে। বৰ্ষাৰ আগমণে যেন সকলোৰে আনন্দৰ পাৰ ভাঙি দিলে।

খ )  যদ্যাপি মূষলধাৰে মেঘে বৰষিল।

তথাপি পৰ্ব্বতে পীড়া কিছো নজানিল।। 

যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ। 

তাক যেন লঙ্ঘিবে নপাৰে দুখক্লেশ।।

উত্তৰঃ সংগতি :- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া উচ্চতৰ সাহিত্য সংকলন'ত সংকলিত মহাপুৰুষ শংকৰদেৱৰ বিৰচিত 'বৰ্ষা বৰ্ণন' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ সংগতি এয়াই যে যিজনৰ মন পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নামত উৎসর্গিত তেওঁক কোনো দুখ ক্লেশে কষ্ট দিব নোৱাৰে।

ব্যাখ্যা :- উপমা অলংকাৰযুক্ত ব্যাখ্যেয় কবিতাংশত কৃষ্ণ ভক্তিৰ মাহাত্ম্যৰ কথা বৰ্ণনা কৰা হৈছে। মূষলধাৰে বৰষুণ দিলে যিদৰে পৰ্বতৰ কোনো ধৰণৰ দুখ কষ্ট অনুভৱ নহয়, ঠিক সেইদৰে কৃষ্ণ ভক্তিৰ সুগন্ধই মানৱৰো দুখ-কষ্ট নাইকীয়া কৰে। বাৰিষা আহিলে মেঘে আকাশ ওন্দোলাই আনে। মেঘৰ আঁৰত বিজুলীয়ে নৃত্য কৰিবলৈ লয় স্বভাৱগতভাৱে। আকাশ ক'লা বৰণীয়া হৈ পৰে আৰু ধাৰাষাৰে বৃষ্টিপাত হ'বলৈ ধৰে। বাৰিষাৰ স্বচ্ছ পানীয়ে সকলোকে আনন্দ প্ৰদান কৰে। কৃষকৰ মনতো আশাৰ সঞ্চাৰ হয়। অসংখ্যাত বৃষ্টিপাতে পৰ্বতৰ কোনো অনিষ্ট কৰিব নোৱাৰে, কাৰণ পর্বত ধ্যানমগ্ন যোগীসদৃশ অটল। পৰ্বতৰ নিচিনা স্থিতপ্রজ্ঞ কৃষ্ণভক্তিৰ ৰসত ডুব যোৱা ব্যক্তিসকলো মায়াজৰিত এই পৃথিৱীৰ দুখ-কষ্টৰ পৰা বহু ঊর্ধ্বত বসবাস কৰিবলৈ সক্ষম। এই ময়াপী জনমত কৃষ্ণভক্তি বিনে আমাৰ মুক্তি নাই; কৃষ্ণ ভক্তিত সিক্তজন সংসাৰৰ দুখ-ক্লেশৰ আন্ধাৰ ফালি শান্তি আৰু উন্নতিৰে জীয়াই থাকিব পাৰে। পঞ্চবৰ্ণে ৰঞ্জিত ইন্দ্ৰধনু।

গ ) গুণৱন্ত মেঘত প্রকাশে পুনু পুনু।।

যেন তিনি গুণময় জগত যতেক।

নিগুণ পুৰুষ তাত প্ৰকাশৈ প্রত্যেক।।

উত্তৰঃ ব্যাখ্যেয় কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰীশংকৰদেৱ ৰচিত 'বর্ষা বৰ্ণন' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ সংগতি এয়াই যে মেঘৰ মাজত ইন্দ্ৰধনুৱে যদিবে প্রকাশ্য ঘটায়, তেনেদৰে তিনি গুণময় জগতত নিৰ্গুণ ঈশ্বৰে নিজৰ ঐশ্বর্য-বিভূতিৰে উজ্বলিত হৈ উঠে।

ইন্দ্ৰধনু পঞ্চবৰ্ণৰে ৰঞ্জিত; ই অতিকৈ নান্দনিক। বর্ষাকালৰ আকাশত পঞ্চৰঙেৰে বিভূহিত ইন্দ্ৰধনুরে শোভা বর্ধন কৰে। মেঘে ঢকা আকাশত ইন্দ্রধনু প্রকাশ্য গতিকে ই স্বকীয় গুণবিহীনো। কিন্‌কিনীয়া বৰষুণত বিপৰীত দিশৰ পৰা আদিত্যৰ ৰশ্মি পৰিলে এই ইন্দ্ৰধনুৰ সৃষ্টি হয়। সেয়ে মহাপুৰুষজনাই কৈছে যে এই ইন্দ্ৰধনুৱে গুণৱন্ত মেঘৰ মাজতহে বাৰে বাৰে প্ৰকাশ লাভ কৰে। এই জগতখন সত্ব, ৰজ আৰু তম গুণৰ সমাহাৰ। এই ত্রিগুণৰ সংসাৰত নিগুণ অর্থাৎ আকাৰবিহীন পৰম পুৰুষ পৰম ঈশ্বৰ ব্ৰহ্ম বিৰাজমান। ইন্দ্ৰধনু মেঘৰ মাজত প্ৰকাশ্য হোৱাৰ দৰে পৰম ঈশ্বৰো এই ত্রিগুণীয় জগতত স্বৰূপমান। হ'লেও ইন্দ্ৰধনু যিদৰে স্বকীয় গুণবিহীন তেনেদৰে পৰমব্ৰহ্মা স্বকীয় গুণযুক্তহে।  

৫ ) জোনাকী যুগৰ ত্ৰিমূর্তি বুলি কাক কাক জনা যায়?

উত্তৰঃ জোনাকী যুগৰ ত্ৰিমূৰ্তি হ'ল :

ক) চন্দ্ৰকুমাৰ আগৰৱালী (১৮৬৭-১৯৩৭)

খ) লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮)

গ) হেমচন্দ্র গোস্বামী (১৮৭২-১৯২৮)

৬ . ৰোমাণ্টিক কবিতাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : ক) ৰোমাণ্টিক কবিতাৰ বৈশিষ্ট্য : ৰোমাণ্টিক কবিতা কল্পনা প্রধান। ৰোমাণ্টিক কবিতা বাস্তৱবিমুখী, কল্পনাৰ অতিৰঞ্জিতভাৱেও প্রয়োগ ঘটে। 

খ) ৰোমাণ্টিক কবিতা প্রকৃতি প্রীতি কবিতা। প্রকৃতিৰ বিবিধ উপাদান— গছ-গছনি, ফুল-চৰাই আদিৰ বৰ্ণনা পোৱা যায়। 

গ) ৰোমাণ্টিক কবিতাৰ আন এটি বৈশিষ্ট্য হ’ল অতীত প্ৰীতি। অতীতৰ বিভিন্ন ঘটনা, চৰিত্ৰৰ বৰ্ণনা কবিতাসমূহত পোৱা যায়। 

ঘ) মানব প্রীতিও ৰোমাণ্টিক কবিতাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। মানৱৰ গুণাগুণ, জয়গান গোৱা দেখা যায়।

ঙ) ৰোমাণ্টিক কবিতাসমূহত সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ কৰা হয়।


          🌼  ই যে অগ্নি-বীণাৰ তান  🌼

                                                 - অম্বিকাগিৰী ৰায়চৌধুৰী,

১) অতি চমু উত্তৰ দিয়া :-

ক) ই যে অগ্নি-বীণাৰ তান’ কবিতাটোৰ কৰিগৰাকীৰ নাম কি? 

উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী।

খ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ : ১৮৮৫ চনত। 

গ ) অসমৰ সাহিত্য জগতত 'অসম কেশৰী' হিচাপে কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰীক।

ঘ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন কবিতাপুথিৰ নাম লিখা?

উত্তৰ : বীণা।

ঙ) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কোনখন পুথিৰ কাৰণে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰ : ‘বেদনাৰ উল্কা' নামৰ কবিতা পুথিৰ কাৰণে।

চ) অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হয়? 

উত্তৰ : ১৯৫০ চনৰ একবিংশতিতম সভাৰ।

ছ) ৰায়চৌধুৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা ?

উত্তৰ : ‘চেতনা' আৰু 'ডেকা অসম'। 

জ) অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত এখন গীতৰ পুথিৰ নাম লিখা ?

উত্তৰ : চেতনাৰ কণ্ঠ।

ঝ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত প্রধানতঃ দুটা সুৰ শুনিবলৈ পোৱা যায়, সুৰ দুটা কি কি?

উত্তৰ : ১। ৰহস্যবাদী প্ৰেমৰ সুৰ, আৰু ২। গভীৰ স্বদেশপ্ৰেমৰ সুৰ।

ঞ ) ‘বন্দো কি ছন্দেৰে’ কবিতা পুথিখনৰ ৰচক কোন?

উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী।

ট) কবিতাটোত উল্লিখিত ‘মৃত্যুঞ্জয়' শব্দটোৰ অর্থ কি?

উত্তৰ : মৃত্যুঞ্জয় মানে হ'ল যিয়ে মৃত্যুক জয় কৰিব পাবে; অর্থাৎ মহাদেৱ।


           ✿ পাঠভিত্তিক প্রশ্নাবলী

১) কবিতাটোত প্ৰকাশ পোৱা দেশপ্ৰেমৰ আভাস দাঙি ধৰা। 

উত্তৰ : 'জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী!”— এই ‘স্বৰ্গাদপি গৰীয়সী’ জন্মভূমিৰ প্রতি দেশ কাল পাত্রভেদে কবি কণ্ঠ মুখৰিত হৈ আহিছে। 'অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰী (১৮৮৫-১৯৬৭) দেৱৰ ই যে অগ্নি-বীণাৰ তান' কবিতাটিতো স্বদেশ প্ৰেমৰ সুৰ সুন্দৰভাৱে ফুটি উঠিছে। খং আৰু বিদ্ৰোহৰ সুৰে উতলা এওঁৰ কবিতাত আছিল অফুৰন্ত দেশপ্রেমৰ সম্ভেদ। কবি ৰায়চৌধুৰীদেৱৰ হৃদয়ত দুটি অনুভৱৰ উঁহ আছিল— তাৰে এটিত অন্তহীন ক্ষোভ-দেশপ্ৰেম আৰু বিদ্ৰোহৰ আগ্নেয়গিৰিব লাভা, অন্যটিত প্ৰেমৰ শীতল সৰোবৰ আৰু ৰহস্যবাদ।

‘বেদনাৰ উল্কা’ কবিতাপুথিৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা ৰায়চৌধুৰীদেৱৰ উক্ত কবিতাটোৰ আৰম্ভণিতেই জীৱন-মৰণক একাকাৰ কৰি দেশপ্রেমৰ জয়গান গাইছে— ই যে জীৱন-মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ তান।' অসম আৰু অসমীয়াৰ উন্নতি, প্রগতি সম্পৰ্কত চৌধুৰীদেৱে যথেষ্ট চিন্তা, কষ্ট আৰু ত্যাগ কৰিছিল। মাতৃভূমিৰ প্ৰতি থকা গভীৰ আবেগ আৰু দুর্বলতাই— কবিৰ জাতীয় চৈতন্যই অন্তৰৰ তীব্ৰ আক্ষেপ কবিতা ৰূপেৰে ৰূপায়িত কৰাত সহায় কৰিছিল। অসমীয়াক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কবিয়ে কৈছে— “ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীমতাপ। ই যে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল ভাপ।”

কবিতাটোত কবিয়ে সাধাৰণ জনতাক উচ্চ-নীচ, দুৰ্বল-দুখীয়া ভাৱ পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছে আৰু সমভাবেৰে জীৱন-নিৰ্বাহ কৰিবলৈ উৎসাহ যোগাইছে আৰু দেশ মাতৃৰ সেৱাৰ কাৰণে মৃত্যুক আকোৱালি ল'বলৈ দৃঢ় প্রতিজ্ঞ মনোভাৱ গঢ়ি তুলিবলৈ কৈছে। ইতিহাসৰ সোণালী তথ্য উল্লেখেৰে অর্থাৎ মধ্যযুগীয় কোঁচ ৰজা নৰনাৰায়ণৰ প্ৰসংগ উত্থাপনৰে জনগনৰ মাজত দেশপ্ৰেমৰ ভাবক বিকশিত কৰি তুলিবলৈ কবিয়ে চেষ্টা কৰিছে। পৰাধীন জীৱনক বন্ধনৰ পৰা মুক্ত কৰাৰ লগতে মানৱতা অৱমাননাকাৰী শত্রুক পিহি গুৰি কৰি ধ্বংস কৰি দিবলৈ কবিয়ে উপদেশ দিছে। কবিৰ মতে— এই সময় হাঁহি তামচা কৰি আমোদ-বিনোদন বা অৱসৰৰ সময় নহয়, এই সময় ‘শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰৱণৰ মহাযানহে'। দেশ-মাতৃৰ আদেশ শিৰোধাৰ্য কৰি পুত্ৰসকলে নিজৰ প্রাণ বিসর্জন দি হ'লেও দেশ-মাতৃক ৰক্ষা কৰিব লাগে। কবিতাটোত কবিৰ জাতীয়তাবোধ, গঠনমূলক চিন্তাৰে দেশপ্ৰেমৰ নিদর্শন সুন্দৰভাৱে প্ৰকাশিত হৈছে।

২) ব্যাখ্যা কৰা :

ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান' 

উত্তৰ : ব্যাখ্যেয় কবিতাংশ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ইযে অগ্নি-বীণাৰ তান' নামৰ মনোৰম কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিৰ অন্তৰত উথলি উঠা দেশপ্রেমক সুন্দৰভাৱে প্ৰকট কৰি তোলাৰ প্ৰসংগত উক্ত কবিতাংশ উল্লেখ কৰিছে।

স্বদেশপ্রেমমূলক কবিতাটিত কবিয়ে ক’বলৈ খুজিছে যে এই সময় হাঁহি-ধেমালি কৰাৰ সময় নহয়, এই সময় জীৱন-মণক একাকাৰ কৰা, অগ্নি-বীণাৰ তান; মহাদেৱৰ দৰে বিষ পান কৰি মৃতুঞ্জয়ী হৈ মাতৃৰ পূজাৰ বেদীত হৃদয়ৰ ৰক্তদান কৰি সকলোৱে এক হোৱাৰ সময়। হীনতা-দীনতা, ভীরুতা মনৰ মাজৰ পৰা জোকাৰি এক আদৰ্শত আগবাঢ়ি জীৱনক ব্রজসম শব্দৰে জগাই তোলা উচিত। মানৱতাক অপমান কৰাসকলক মৰ্দিত কৰি শাওন মাহৰ মহাপ্লাবনত শত আঘাতৰ ৰক্ত তেজ ধোৱাৰ সময়। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দেশ মাতৃৰ আদেশ শিৰোধাৰ্য কৰি পুত্ৰসকলে নিজৰ প্ৰাণ বিসর্জন দি হ'লেও আই মাতৃক ৰক্ষা কৰা উচিত।

খ) ‘এইতো নহয় হাঁহি তামচাৰ ভাগৰ জুৰোৱা গান।

ই যে জীবন-মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ তান।। 

উত্তৰ : প্রশ্নত উল্লিখিত কবিতাংশ 'অসম কেশৰী' অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ই যে অগ্নি-বীণাৰ তান' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। অসমবাসীক নিজৰ স্থিতি আৰু কর্তব্য সম্পর্কত সাবধানবাণীসূচক মন্তব্য প্রদান কৰিছে কবি ৰায়চৌধুৰীয়ে। কবিতাংশৰ মূল প্রসংগ-সংগতি চমু কথাত এয়াই। ‘বীণা’, ‘তুমি', 'অনুভূতি' ইত্যাদি কবিতাপুথিৰ কৰি চৌধুৰীদেৱে যথেষ্ট সমাজ সচেতক, আদর্শবান দেশ-প্রেমী ব্যক্তি। জনসাধাৰণৰ প্ৰগতি, উন্নতিয়ে তেওঁৰ জীৱনৰ মূলমন্ত্ৰ। তেওঁ অকল কথাৰ মহলা মাৰি বা বক্তৃতাৰ ফুলজাৰি চটিওৱা বিধৰ কবি নহয়। গঠনমূলক চিন্তাৰে কৰ্ম পদ্ধতিৰ প্ৰকৃত পথ নিৰূপণ সম্পর্কে কবিতাটিৰ দ্বাৰা বুজাবলৈ কবিয়ে চেষ্টা কৰিছে। ৰায়চৌধুৰীৰ ব্যক্তিত্বই এনেকুৱা আছিল যে তেওঁ কেবল তীব্র ভৎসনাতে ক্ষান্ত নাথাকি অসমীয়াৰ অধঃপতনৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ জনতাৰ চকুত আঙুলি দি বুজাই দিবলৈ কুণ্ঠাবোধ নকৰিছিল।

কবিয়ে কবিতাটোৰ আৰম্ভণিতে নিজৰ মনোভাৱ স্পষ্ট কৰি দিছে যে কবিৰ এই কবিতাটো আন কবিতাতকৈ পৃথক; ই কাৰো ৰোমাণ্টিক আবেদন বা নান্দনিক সুখৰ ভেটি নহয়। এই কবিতা পাঠকৰ ভাগৰ জুৰোৱা গানো নহয়; ই জীবন মৰণ একাকাৰ কৰা জুইশিখা ওলোৱা বীণাৰ তানহে। এই কবিতা অগ্নিসদৃশ, যিয়ে জীৱন মৰণ একত্ৰিত কৰি স্বাধীনতা তথা আত্মমুক্তিৰ কাৰণে সহায় কৰিব।


                🌼  মাধৱদেৱ 🌼

                                                - লক্ষ্মীধৰ শৰ্মা।

১) ‘ধর্মগ্লানি’ মানে কি?

উত্তৰ : ধৰ্মৰ গ্লানজনক অৱস্থাই হ’ল সাধাৰণ অৰ্থত ‘ধর্মগ্লানি'। ব্যক্তিগত আৰু জাতীয় জীৱনৰ একো একোটা অৱস্থা আহে; যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজকে বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে। এই অৱস্থাকে গীতাত ধর্মগ্লানি বোলা হৈছে। 

2)  শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পাৰ্থক্য থকা বুলি উল্লেখ কৰিছে। 

উত্তৰ: অসমীয়া নৱ-বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ দুটি প্রধান স্তম্ভ গুৰু শ্ৰীশংকৰদেৱ আৰু লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে, বুজাই লিখা। তেওঁৰ প্ৰধান শিষ্য শ্ৰীমাধৱদেৱ। মহাপুৰুষদ্বয়ৰ বিচাৰ্য আছিল যদিও জীৱন দর্শন ভিন্ন আছিল। মুক্তি দুয়োজনাই বিচাৰিছিল কিন্তু মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুষংগিক কাৰ্যৰ প্ৰাসংগিকতা সম্পৰ্কত উভয়ৰে মত ভিন্ন আছিল। মহাপুৰুষ শংকৰদেৱে মুক্তিৰ পথত আহি পৰা সকলো কার্যকে সমাপন কৰি যাব বিচাৰিছিল, কোনো কথাকে তেওঁ বাদ দিব বিচৰা নাছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় সিও তেওঁৰ চেষ্টা আছিল। কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ সকলো ত্যাগ কৰি যি প্রকৃত সত্য বস্তু, যাৰ সাহায্যৰে আত্মাক মুক্তি দিব পাৰি, সেই সাৰ পদাৰ্থৰ একানপতীয়া সেৱা কৰা। লিখক লক্ষ্মীধৰ শৰ্মাৰ মতে, শংকৰ উদাৰ আৰু মানৱ গভীৰ ত্ৰয়ে দুয়োৰে ভিতৰত পার্থক্য। মাধৱদেৱৰ প্রত্যেক কার্যতে তেওঁৰ হৃদয়ত অদম্য উছাহ প্রকাশিত হৈ উঠিছিল।  

৩) মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। — কথাষাৰৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰ : ৰাজেন্য অধ্যাপকৰ শিষ্য মহাপুৰুষ মাধৱদেৱৰ অসমীয়া জাতিৰ প্ৰতি যি অকৃত্রিম দান সেয়া কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে। জাতিৰ প্রিয়তকৈও প্রিয় বস্তু ভাষা, তাকো সবল, সতেজ, দীপ্তিপূৰ্ণ কৰিলে মাধৱদেৱে। এই অসমীয়া ভাষাতেই ভাৰতবৰ্ষৰ অন্যান্য প্ৰদেশৰ ভাষাৰ দৰে সাহিত্যৰ সৃষ্টি হৈছে। এই সাহিত্যই আমাৰ অসমৰ দুর্দিনত সহায়ক হৈছে। মাধৱদেৱৰ গভীৰ তাৎপর্যপূর্ণ সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী হোৱাত সহায় কৰিছে, অসমীয়াক এক বিশেষ পৰিচয় প্রদান কৰিছে। সমাজত, ধর্মত, সকলোতে এটি নৱজীৱনী শক্তি মহাপুৰুষজনাই ঐকান্তিকতাৰে ঢালি দিছিল আৰু গতিময়তা দান কৰিছিল।

             ➢ অতিৰিক্ত প্রশ্নাৱলী।

১) ‘সৃজাম্যহম' শব্দৰ অৰ্থ কি?

উত্তৰ : ‘সৃজাম্যহম’ শব্দৰ অৰ্থ হ'ল নিজক সৃষ্টি কৰোঁ অৰ্থাৎ জন্মগ্রহণ কৰোঁ। গীতাত ভগৱান শ্রীকৃষ্ণই অর্জুনক কৈছিল— হে অর্জুন, যেতিয়াই পৃথিৱীত ধৰ্মৰ পতন ঘটে আৰু অধৰ্মই প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াই মই নিজকে সৃষ্টি কৰোঁ অর্থাৎ জন্ম গ্রহণ কৰোঁ।

২) ইউৰোপীয় নৱষুগ আৰু ভাৰতীয় নবযুগৰ মাজত পার্থক্য কি? 

উত্তৰ : ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ মাজত এক বিশেষ পার্থক্য আছে বুলি লক্ষ্মীধৰ শৰ্ম্মাই উল্লেখ কৰিছে। ইউৰোপত কেৱল ধৰ্মৰ পথত স্বাধীনতা আৰু প্ৰাণৰ সোঁত বোৱা নাছিল, জীৱনৰ সকলো কথাকে কেন্দ্ৰ কৰি এক বিৰাট ভাবৰ জাগৰণ, জীৱনৰ পূৰ্ণতাৰ প্ৰতি মনৰ হাবিয়াসহে আছিল। এয়েই ইউৰোপীয় নৱযুগৰ স্বৰূপ। কিন্তু ভাৰতৰ নৱযুগ বা বৈষ্ণৱ ধৰ্মৰ অভ্যুত্থান মূলতঃ ধৰ্মৰাজ্যৰ মানৱাত্মাৰ মুক্তিৰ কাৰণে সততে প্রায় আবদ্ধ আছিল। যদিও জীৱনৰ অন্যান্য ঘটনাত এই ভাবৰ ছাঁ পৰিছিল, তথাপি জীৱনৰ পূৰ্ণতাৰ প্ৰতি ধাৰ্মিক ভাৰতৰ দৃষ্টি কম আছিল। তাৰ কাৰণ ৰাজনৈতিক প্রভৃতি যি কাৰণেই নাথাকক, আমি স্বীকাৰ কৰিবলৈ বাধ্য যে ইউৰোপৰ নৱযুগৰ মাহাত্ম্য ভাৰতীয় নৱযুগৰ মাহাত্ম্যতকৈ অধিক।

৩) 'মাধৱদেৱৰ ধী শক্তি আৰু প্ৰতিভা এটাও শংকৰদেৱতকৈ কম নাছিল, কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে মত বিভিন্ন।'

- উক্তিটোৰ আধাৰত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ লক্ষ্যৰ ভিন্নতা সম্বন্ধে বিৱৰি লিখা। 

উত্তৰ : উত্তৰৰ কাৰণে পাঠভিত্তিক প্রশ্নাৱলীৰ ২নং প্রশ্নৰ উত্তৰ লিখা।

৪)  'অসমীয়া জাতি আৰু সভ্যতাৰ ভৱিষ্যৎ অন্ধকাৰ– যদি আমি এই মহাপুৰুষসকলৰ প্ৰকৃত মোল নুবুজোঁ, অথবা বুজৰিলৈ চেষ্টা নকৰোঁ। — কথাষাৰ বুজাই লিখা।

উত্তৰ : আমাৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ দেশত পথদৰ্শা হিচাপে ভালেকেইজন মহাপুৰুষৰ জন্ম লাভ হৈছে। এই মহাপুৰুষসকলৰ কৰ্ম, কর্মস্পৃহা, ত্যাগ আৰু জীৱন দর্শন অধ্যয়ন কৰিলে আমিও নিজৰ উৎকৃষ্ট পথ দেখিবলৈ পাম। এই মহাপুৰুষসকলক প্রকৃত মূল্য যদিহে আমি দিবলৈ চেষ্টা নকৰো তেনেহ'লে অসমীয়া' জাতি আৰু সভ্যতাৰ ভৱিষ্যৎ অন্ধকাৰময়। 

মহাপুৰুষৰ জীৱনী আৰু কাৰ্যকলাপ আলোচনা কৰিলে নিজৰ আত্মাৰ গভীৰতম প্ৰদেশৰ পৰা মহৎ কাৰ্য সাধিবলৈ এটা প্ৰেৰণা আহে আৰু সেই মহাপুৰুষৰ জীৱনী যদি নিজৰ জীৱনেৰে সৈতে ওতঃপ্রোতভাৱে জড়িত থাকে, তেন্তে এই কথাৰ সত্যতা আৰু বাঢ়ে। এনে অৱস্থাত যদি অসমীয়া আকৌ জ্ঞান, ধর্ম, শিক্ষা সকলোতে মহান হ'ব খোজে, আমাৰ অসমৰ কৰ্মবীৰ, ধর্মবীৰ, সাহিত্যৰথী, জাতীয়-জীৱন গঠনকর্তা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ গুণ-গান, জীৱনী আৰু কাৰ্যাৱলীৰ অধ্যয়ন আৰু আলোচনা কৰিব লাগিব আৰু তেওঁলোকে নির্দেশ কৰা সত্যৰ পথত আগুৱাবলৈ প্ৰস্তুত হ'ব লাগিব।

৫) প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা : ‘তেওঁৰ আদৰ্শ মানৱ আৰু মানৱ সমাজৰ সৰ্বাংগীন উন্নতি সাধন কৰা।

উত্তৰ : উদ্ধৃত গদ্যফাঁকি দেশ-প্ৰাণ লক্ষ্মীধৰ শৰ্মা বিৰচিত ‘মাধৱদেৱ' নামৰ নিবন্ধটিৰ পৰা তুলি দিয়া হৈছে। প্ৰবন্ধকাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন আদৰ্শৰ পার্থক্যৰ সম্পৰ্কত উক্ত কথাফাঁকি উল্লেখ কৰিছে। 

মাধৱদেৱৰ প্ৰজ্ঞা-প্রতিভা, ধী শক্তি এটাও শংকৰদেৱতকৈ কম নাছিল। কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে মত ভিন্ন। মুক্তিয়ে দুয়োজনৰ কাম্য কিন্তু শংকৰদেৱে সেই মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুসংগিক কাৰ্যবিলাকক বাদ দি নগৈছিল, সমাজৰ উন্নতি যাতে সকলোতে হ'ব পাৰে সেয়াও তেওঁৰ চেষ্টা আছিল। মুঠতে শংকদেৱৰ আদৰ্শ আছিল মানৱ আৰু সমাজৰ সৰ্বদিশৰ উন্নতি সাধন কৰা। কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ সকলো ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু, যাৰ সহায়েৰে আত্মাক মুক্তি দিব পাৰি, সেই সাৰ পদাৰ্থৰ একানপতীয়া সেৱা কৰা।

৬। তলৰ প্ৰশ্নবোৰৰ অতি চমু উত্তৰ দিয়া :

ক) ‘মাধৱদেৱ' নামৰ পাঠটিৰ ৰচক কোন?

উত্তৰ : লক্ষ্মীধৰ শৰ্মা।

খ) লক্ষ্মীধৰ শৰ্মাৰ কিমান চনত জন্ম হৈছিল?

উত্তৰ : ১৮৯৭ চনত।

গ) লক্ষ্মীধৰ শৰ্মা অসমীয়া সাহিত্য জগতত কি ৰূপেৰে পৰিচিত?

উত্তৰ : দেশপ্রাণ হিচাপে।

ঘ) ‘ধীশক্তি’ মানে কি?

উত্তৰ : ধী-শক্তি মানে হল বুদ্ধি বা মেধাৰ ক্ষমতা।

ঙ) লক্ষ্মীধৰ শৰ্মাৰ এখন গল্পপুথিৰ নাম লিখা।

উত্তৰ : ব্যৰ্থতাৰ দান।

চ) লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰ : জীৱন স্মৃতি।

ছ) লক্ষ্মীধৰ শৰ্মাৰ সাহিত্যত প্ৰভাৱ পৰা দুগৰাকী ব্যক্তিৰ নাম লিখা। 

উত্তৰ : ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ।

               

            🌼  বহাগ বিহুৰ পৰম্পৰা 🌼 

                                               -  ড° প্রফুল্ল দত্ত গোস্বামী।


১) বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি? 

উত্তৰ : বিহু অসমৰ জাতীয় উৎসৱ। বিহুৱে সকলোকে ৰং দিয়ে, সকলোকে আনন্দ দিয়ে। বিহুৰ মাজত অসমীয়া জন-জীৱনৰ সকলোবোৰ ভাবানুভূতিত সমাহাৰ ঘটিছে আৰু যিয়ে বিছক অসমৰ জাতীয় উৎসৱ হিচাপে প্ৰতিষ্ঠা কৰিছে। বিহু মূলতঃ কৃষিভিত্তিক উৰ্বৰা শক্তিৰ উৎসৱ; ধর্মীয় উৎসব। কিন্তু বিহু উৎসৱ স্বৰূপে অসমীয়া জাতীয়তাবাদৰ বিভিন্ন দিশক সামৰি লৈছে। তদুপৰি বিহু উৎসৱৰ মাজত আর্য-অনার্য এই দুয়োবিধ সংস্কৃতিৰ সংমিশ্রণ ঘটিছে। বর্তমানে ঘৰ-বাৰী শুচি কৰা, নিকা বা ন কাপোৰ পিন্ধা, গৰু-গাইৰ যত্ন লোৱা, দেৱতা বা গোসাঁইক পূজা কৰা ইত্যাদি কাৰ্যও বিহু উৎসৱৰ মাজত সোমাই পৰিছে অর্থাৎ বিহুৱে আমাৰ জনজীৱনৰ আশা-আকাংক্ষাও প্রতিনিধিত্ব কৰে। আমাৰ জীয়াই থকাৰ বাবে শস্য বঢ়োৱা উদ্দেশ্য, আনহাতে পিতৃ-মাতৃ বা জ্যেষ্ঠজনৰ প্রতি ভক্তি, গুৰু আৰু দেৱতাৰ প্ৰতি শ্রদ্ধা নিবেদন, জীৱ-জন্তুৰ প্রতি মংগল কামনা, আনন্দ-উৎসাহ, খোৱা-লোৱা এইবোৰ উপাদানে বিহুক আমাৰ জাতীয় জীৱনৰ প্ৰতিটো বস্তুৰ লগতে সাঙুৰি পেলাইছে। সেয়ে আজি আমাৰ অসমীয়াৰ "বিহু জাতীয় উৎসৱ। বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়। ই ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীকস্বৰূপ। আনহাতে বর্তমান সময়ত ই বিভিন্ন খেলব, বিভিন্ন ভাষাৰ মিলনৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্রতীক। 

২) বিহুৰ উৎপত্তি আৰু বিহু নৃত্য সম্বন্ধে ভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ: বিহু অসমৰ জাতীয় উৎসৱ। কৃষিভিত্তিক ধর্মীয় উৎসৱৰ পৰা বিহু উৎসৱে জাতীয় উৎসৱলৈ ৰূপান্তৰিত হ'বলৈ সক্ষম হৈছে। বিহু’ৰ উৎপত্তি আৰু বিহু নৃত্য' সম্পর্কে বিভিন্ন ধৰণৰ মতামত আছে। তলত দুয়োবিধৰে আলোচনা কৰা হ'ল- 

বিহুৰ উৎপত্তি : পণ্ডিতসকলে ঠাৱৰ কৰিছে যে বিহু শব্দৰ সংস্কৃত ‘বিষুৱণ’ শব্দৰ পৰা। অথববেদ, ঐতৰেয় ব্রাহ্মণ আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে বিষুৱণ এটা যাগ-যজ্ঞ কৰা দিনৰ নাম। এই যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্রণ কৰি শস্যৰ বীজ গজাত সহায় কৰে বুলি ধাৰণা কৰা হৈছিল। বিষ্ণু পুৰাণৰ মতে শৰৎ আৰু বসন্ত ঋতুৰ মাজত সূর্য তুলা অথবা মেঘ ৰাশিলৈ গ'লে বিষুৱ হয়। ভাৰতবৰ্ষৰ আন আন অঞ্চলতো এই সময়ছোৱাত এনেধৰণৰ আনুষ্ঠানিক উৎসৱ পতা হয়। দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘'বিষু' বোলে। হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজত ‘বিষু' উৎসৱ আছে। মধ্য প্রদেশৰ ওৰাঁওসকলে গ্ৰীষ্ম কালত ‘বিষু' চিকাৰৰ ব্যৱস্থা কৰে। কিছুমান অঞ্চলত 'বিষু' নুবুলি ‘বৈশাখী ও বোলা হয়। এইদৰেই বিহুৰ উৎপত্তি সম্পর্কত বিভিন্ন তথ্য আৰু মন্তব্য লাভ কৰা যায়।

বিহু নৃত্য : বিহু আৰ্য আৰু অনাৰ্য দুয়োটা সংস্কৃতিৰ সমন্বয়ৰ ফলাফল। স্ত্রী পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীত পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়োৱাৰ এক প্রাচীন ব্যৱস্থা। বিহু নাচৰ মাজত যৌন মিলনৰ ইংগিত থকা মুদ্রাসমূহে উৰ্বৰা অনুষ্ঠানৰ কথা মনলৈ আনে। বিহু নৃত্য সম্পর্কত ব্যক্তিয়ে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল। সর্বপ্রথমে সম্ভব সপ্তদশ শতিকাত এক মুছলমান, ভ্ৰমণকাৰীয়ে থৈ যোৱা বৰ্ণনাই প্রথম বর্ণনা। এই মুছলমানজনে 'নওৰোজ' বা নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ-স্ত্রী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং-ধেমালি কৰিছিল তাৰ বর্ণনা দিছে। হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য-গীতক অশোভন বুলিয়ে ঠাৱৰ কৰিছিল। ১৮৮৫ খ্ৰীষ্টাব্দত বলীনাৰায়ণ বৰাই 'আসাম বন্ধু'ত বিহুৰ সপক্ষে অর্থাৎ জাতীয় উৎসৱৰূপে বিহুৰ ভূমিকা সম্পর্কত যথার্থ মন্তব্য প্ৰদান কৰিছিল। ১৮৯৬ খ্রীষ্টাব্দত গার্ডন চাহাবে বিহুৰ প্ৰসংগত মন্তব্য কৰিছিল যে অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়। অসমীয়া লিখকৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ 'মিৰিজীয়ৰী' উপন্যাসত প্রথম বিছৰ নাচ আৰু গীত সম্পর্কে অলপ বহল বর্ণনা পায়। ১৯১৮ খ্রীষ্টাব্দত গণেশচন্দ্ৰ হাজৰিকাই 'বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র' নামেৰে পুস্তিকা এখন ছপাই তাত বিহুকেইটিৰ সৰল বর্ণনা দাঙি ধৰিছিল। বিহু সম্পৰ্কত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱায়ো বিভিন্ন মন্তব্য আগবঢ়াইছিল। বিহু নাচত যোগ দি বতৰৰ আনন্দ প্রকাশ কৰাৰ কাৰ্যত যি হেঙাৰ তালৈ বেজবৰুৱাই আঙুলিয়াই লিখিছে যে বিহুনাচ নচাৰ এইটোৱেই বিপদ যে বিহুনাচৰ থেকেৰা ফুল কেনেবাকৈ এৱাঁ গাখীৰত পৰিব লাগিলে সি ততালিকে কুৰুচি ফাটিব আৰু ফাটিলেই সর্বনাশ। ফাটিলেই ধুম আৱাজ। তথাপিও বছৰেকৰ বিহুটো বজা হ’বলৈ দিলে যিহেতু ভাল নহ'ব গতিকে কৃষ্ণক চিত্তি এইবাৰলৈ নানাচি বিহুৰ আন ৰং-ধেমালিকে কৰি মনটোক শাত পেলোৱা যাওক। এনে ধৰণৰ মন্তব্যৰে বেজবৰুৱাই বিহু নৃত্যৰ মাজত কোনো কোনোৱে দেখা পোৱা অশ্লীলতাই এবাঁ গাখীৰ যেন বগা সম্ভ্ৰমত আঘাত হানিব বুলি ব্যক্ত কৰিছে। ১৯১৭ খৃষ্টাব্দৰ বাঁহীত তেওঁ আকৌ লিখিছিল যে বিহুরে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে। সেই দেখি বিহুক লোকে হাঁহে, বেয়া পায়। এনে ধৰণৰ মন্তব্যৰে তেওঁ বিহুৰ সপক্ষে মন্তব্য দি বিহুৰ ওকালতিও কৰিছিল। 

৩) ‘বিহু এক ধর্মীয় অনুষ্ঠান'— বিহুক ধর্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

উত্তৰ : বিহু অসমীয়া ধৰ্মৰ লগত জড়িত এক আনুষ্ঠানিক উৎসৱ। ধৰ্ম সমাজৰ সম্পদ। ধৰ্মৰ সহায়তে সমাজ এখনত শৃংখলাবদ্ধতা স্থাপন হয়। ধৰ্মই সমাজক একতাৰ এনাজৰীৰে বান্ধে; ধৰ্মৰ প্ৰধান উদ্দেশ্যই হৈছে সমাজত মংগল আৰু শান্তি স্থাপন কৰা। বিহু উৎসৱৰ বিভিন্ন প্ৰকাৰ্যই সমাজত একতাৰে মংগল আৰু শাস্তি স্থাপন কৰিবলৈ প্ৰয়াস কৰে। বৰ্তমান সময়ত আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰোঁ— ঘৰবাৰী শুচি কৰা, নিকা বা ন কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, দেৱতা বা গোঁসাইক পূজা-পাতল দিয়া। নৃত্য আৰু গীত—— এই আর্য আৰু অনার্য আচাৰৰ উদ্দেশ্য একেই। আটাইবিলাকৰ উদ্দেশ্য হ'ল ৰাইজ, জীৱ-জন্তু আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা। এইবোৰ দিশৰ পৰা চাবলৈ গ'লে বিহু এক ধর্মীয় অনুষ্ঠান। বিহুৱে জীৱ- জন্তুৰ পৰা মানুহলৈ সকলোৰে কল্যাণ কামনা কৰে; দেৱতালৈও পূজা আগবঢ়ায়। 

৪) অসমত বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান উ ভাৰতৰ আন আন ঠাইত দেখা যায় নে, আলোচনা কৰা।

উত্তৰ : বিষুৱ সংক্রান্তিৰ সময়ত পালন কৰা এনে মংগলদায়ক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ-পূব চুকৰ অসমতে ৰৈছে, এনে নহয়, ভাৰতৰ আন আন অঞ্চলতো সি লোপ পোৱা নাই। দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ ব বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো ‘বিষু’ উৎসৱ (মেলা) আছে। মধ্যপ্ৰদেশৰ ওৰাওঁসকলে গ্রীষ্মকালত ‘বিষু চিকাৰ'ৰ ব্যৱস্থা কৰে— আমি যেনেকৈ মাঘ বিহুৰ সময়ত সমূহীয়াকৈ মাছমৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰোঁ। কিছুমান অঞ্চলত ‘বিষু’ নুবুলি ‘বৈশাখী’ বোলা হয়।


➢ অতিৰিক্ত প্রশ্নাৱলী।

ক) ‘বহাগ বিহুৰ পৰম্পৰা' পাঠটিৰ লেখক কোন? 

উত্তৰ : ড° প্রফুল্ল দত্ত গোস্বামী।

খ) বিহু শব্দৰ উৎপত্তি সংস্কৃত কি শব্দৰ পৰা ?

উত্তৰ : বিষুৱণ।

গ) ‘বিষুৱণ’ কি ভাষাৰ শব্দ?

উত্তৰ : সংস্কৃত ভাষাৰ।

ঘ) অথর্ববেদ আৰু ঐতৰেয় ব্রাহ্মণ মতে বিষুৱণ মানে কি?

উত্তৰ : যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। 

ঙ) বিষুৱণে কি কৰাত সহায় কৰে?

উত্তৰ : সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে।

চ) সূর্য তুলা ৰাশিলৈ গ'লে কি বিহু হয়? 

উত্তৰ : কাতি বিহু।

ছ) বিষ্ণু পুৰাণ মতে বিষুব কেতিয়া হয়?

উত্তৰ: বিষ্ণুপুৰাণ মতে শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত সূর্য তুলা অথবা মেষ ৰাশিলৈ গ'লে বিষুব্ধ হয়। 

জ) ‘বিষুৱ’ দিনৰ আয়োজন কিহৰ কাৰণে কৰা হয়?

উত্তৰ : খেতি বাতিৰ সুব্যৱস্থাৰ কাৰণেই বিষুৱ দিনৰ আয়োজন। 

ঝ) দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে?

উত্তৰ: ‘বিষ্ণু'।

ঞ) অসমীয়া ভঠেলিয়ে প্রাচীন কি পূজাৰ সোঁৱৰণ ৰাখিছে?

উত্তৰ : ইন্দ্ৰধ্বজ পূজাৰ। 

ট) লাইহাৰাওবা নৃত্য কোন ঠাইত প্রচলিত?

উত্তৰ : মণিপুৰত।

ঠ) অসমীয়া কোনগৰাকী ঔপন্যাসিকৰ উপন্যাসত প্রথমে বিহুৰ নাচ আৰু সম্পর্কে আলোচনা কৰা হৈছিল?

উত্তৰ : ৰজনীকান্ত বৰদলৈৰ ‘মিৰিজীয়ৰীত। 

ড) ‘মিৰি জীয়ৰী’ উপন্যাসখন কিমান চনত ছপা হয়?

উত্তৰ : ১৮৯৫ চনত।

ঢ) ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র' নামৰ পুস্তিকাখনৰ ৰচক কোন?

উত্তৰ : গণেশচন্দ্ৰ হাজৰিকা।

ণ) মিৰি জীয়ৰী' উপন্যাসখনত কোন জনজাতিৰ বৰ্ণনা আছে।

উত্তৰ : মিৰি আৰু মিচিং

ত) ‘বাহী’ আলোচনীখনৰ সম্পাদক কোন আছিল? 

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

থ) ‘বাহী' আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰ : ১৯০৯ চনত।

২) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

ক) “বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেইদেখি বিহুক লোকে হাঁহে, বেয়া পায়।”

উত্তৰ : প্ৰশ্নত উল্লিখিত গদ্যফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া উচ্চতৰ সাহিত্য সংকলন 'ৰ অন্তর্গত ড° প্রফুল্ল দত্ত গোস্বামীৰ 'বহাগ বিহুৰ পৰম্পৰা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

গ) বিষ্ণু পুৰাণ।

উত্তৰ : পুৰাণ ভাৰতীয় সাহিত্যৰ এটি অন্যতম শাখা। ওঠৰখন মহাপুৰাণৰ এখন হৈছে বিষ্ণু পুৰাণ। বিষ্ণুৰ বিভিন্ন মাহাত্ম্য প্রকাশক পুৰাণ- “বিষ্ণু পুৰাণ'। ই বৈষ্ণৱ সম্প্ৰদায়ৰ এখন প্ৰধান গ্রন্থ। পুৰাণখনিৰ বিষয়বস্তুৰ ধাৰাবাহিকতাই প্রমাণ কৰে যে ই এখন প্রাচীন পুৰাণ আৰু ইয়াৰ মূল ৰূপটি আজিলৈ অপৰিৱৰ্তিত। পুৰাণৰ পঞ্চলক্ষণ ইয়াত বিদ্যমান। বৈষ্ণৱসকলৰ প্ৰামাণ্য গ্রন্থ হ'লেও ইয়াত বিষ্ণুৰ উদ্দেশ্যে কোনো যোগ-যজ্ঞানুষ্ঠানৰ কথা লিপিবদ্ধ হোৱা নাই।

ঘ) ইন্দ্ৰধ্বজ পূজা।

উত্তৰ : ইন্দ্ৰধ্বজ পূজাৰ ইতিহাস অতি প্রাচীন। এই পূজা ৰজাসকলে প্ৰধানকৈ কৰিছিল। এই পূজাৰ উদ্দেশ্য বৰষুণ অনায়ন। ভাদ মাহৰ প্ৰথম পক্ষত পুৰণি কালত ৰজাসকলে বৰষুণৰ বাবে ইন্দ্ৰধ্বজ পূজা কৰিছিল। 'কালিকা পুৰাণ'কে আদি কৰি প্ৰাচীন গ্ৰন্থত এই উৎসৱৰ সবিশেষ পোৱা যায়। জনশ্রুতিমতে, ইন্দ্ৰধ্বজ পূজা কৰা ৰজাসকলৰ ৰাজ্যত ৰোগ নাশ হয়। শস্যৰ সমৃদ্ধি সাধন হয়। অসমীয়া ভঠেলি উৎসৱৰ লগত এই ইন্দ্ৰধ্বজ পূজাৰ মিল দেখা পোৱা যায়।

ঙ) হলিৰাম ঢেকিয়াল ফুকন।

উত্তৰ : হলিৰাম ঢেকিয়াল ফুকনৰ ১৮০২ খ্ৰীঃত জন্ম হয়। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সতে তেওঁ হাদিৱাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে। ১৮২৫ খ্রীষ্টাব্দত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰী চিৰস্তাদাৰ নিযুক্ত হোৱাৰ পিছত হোৱাইট চাহাবৰ সৈতে মতানৈক্য হোৱাত তেওঁ সেই পদ এৰি দিয়ে আৰু ১৮৩২ চনত গুৱাহাটীত এছিষ্টেণ্ট মেজিষ্ট্রেট নিযুক্ত হয়। ১৮২৯ চনত তেওঁ বঙলা ভাষাত ‘আসাম বুৰঞ্জী' ৰচনা কৰে। ১৮৩২ চনত 'তীর্থ যাত্রা পদ্ধতি' নামেৰে সংস্কৃতত লিখা পুথি এখনো প্রকাশ পায়। বঙলা ‘সমাচাৰ চন্দ্ৰিকা', 'সমাচাৰ দৰ্পণ' প্রভৃতিত তেওঁৰ কেইবাটাও প্ৰবন্ধ প্ৰকাশ পোৱাটো উল্লেখযোগ্য। ১৮৩২ খ্রীঃ এইজনা ব্যক্তিৰ মৃত্যু হয়। 

চ) বলী নাৰায়ণ বৰা ।

উত্তৰ : ১৮৫২ চনত জন্ম লাভ কৰা বলী নাৰায়ণ বৰাৰ ঘৰ আছিল উত্তৰ গুৱাহাটীত। এওঁৰ পিতৃৰ নাম আছিল দত্ত নাৰায়ণ বৰা। বৃত্তিত অভিযন্তা বৰাদেৱে ১৮৮৬  চনৰ ডিচেম্বৰ মাহত ‘মৌ’ নামেৰে কাকত এখন উলিয়াইছিল। চাৰিটা সংখ্যা উলিয়ায়ে বেজবৰুৱা প্ৰমুখ্যে এচাম কলিকতা প্রবাসী ছাত্ৰৰ বিৰোধিতাৰ বাবে কাকতখন বন্ধ কৰিবলৈ বাধ্য হয়। ইংৰাজীত কবিতা ৰচনা কৰা বৰাৰ ৰচিত গ্ৰন্থৰ ভিতৰত ‘A Geography of India', 'ভাৰতবৰ্ষ বুৰঞ্জী’, ‘অসমীয়া প্ৰবচন’ প্রভৃতি প্রধান।

ছ) ৰজনীকান্ত বৰদলৈ।

উত্তৰ : ১৮৬৯ চনত জন্ম লাভ কৰা ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যত ‘উপন্যাস সম্রাট’ আৰু ‘অসম স্কট' ৰূপে পৰিচিত। ৰজনীকান্ত বৰদলৈৰ উপন্যাস সাহিত্যই অসমীয়া সাহিত্যক বিশেষ মাত্ৰা প্ৰদান কৰাত সহায় কৰিছে। বৰদলৈ ৰচিত উপন্যাসসমূহ হ'ল– ৰহদৈ লিগিৰী, মিৰিজীয়ৰী, মনোমতী, দন্দুৱাদ্রোহ, নির্মলভকত, তাম্ৰেশ্বৰী মন্দিৰ, বাধা-ৰুক্মিনীৰ ৰণ’ আদি। বৰদলৈৰ ছদ্মনাম ‘ভোলাই শৰ্মা’। ভোলাই শৰ্মা ছদ্মনামেৰে ‘বাঁহী' আৰু ‘আলোচনী’ কাকতত এলানি হাস্যৰসাত্মক সাহিত্য ৰচনা কৰিছিল। বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসখন প্রথম অসমীয়া সামাজিক উপন্যাস। বাকীকেইখন বুৰঞ্জীমূলক উপন্যাস। ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ অষ্টম অধিৱেশনৰ সভাপতি আছিল। 

৪) শব্দ অর্থ লিখা :

  • পৰম্পৰা : ধাৰা, অনুক্রম, চলি অহা ৰীতি-নীতি বিশ্বাস
  • বিষুবন : দিন-ৰাতি সমান হোৱা সময়, যজ্ঞ সম্পাদন কৰা এটা দিনৰ নাম।
  • নত্তৰোজ্য : নৱবৰ্ষ, নতুন বছৰ।
  • হুঁচৰি: বহাগৰ বিহুত ঢোল-পেঁপা বজাই দল বান্ধি নৃত্য-গীত কৰি গৃহস্থক আশীর্বাদ দিয়া অসমীয়া পৰম্পৰা বিশেষ।
  • উৰুকা: বিহুৰ আগদিনা।
  • পৰিপোষণঃ লালন-পালন, পোহপাল, পৰিপালন।
  • সমন্বয়: মিলন।
  • উর্বৰা: সাৰুৱা, উৎপাদনক্ষম।
  • শ্বান : মূলতঃ চীন দেশৰ লোক
  • অপৰিহাৰ্যঃ যাক পৰিহাৰ কৰিব নোৱাৰি।

৫) উত্তৰ দিয়া :

ক) বিহুক জাতীয় উৎসৱৰূপে কোনে স্বীকৃতি দিছিল?

উত্তৰ : আহোম ৰজাসকলে বিংক জাতীয় উৎসৱৰূপে স্বীকৃতি দিছিল। 

খ) বলী নাৰায়ণ বৰাই বিহুক জাতীয় উৎসৱৰূপে কোনখন আলোচনীত অভিহিত কৰিছিল ?

উত্তৰ : বলী নাৰায়ণ বৰাই বিহুক জাতীয় উৎসৱৰূপে 'আসাম বন্ধু' নামৰ আলোচনীখনত অভিহিত কৰিছিল। 

গ) কোন চনত গুৱাহাটীত প্ৰথমবাৰৰ বাবে মঞ্চত বিহু উদযাপিত হয়?

উত্তৰ : ১৯৩১ চনত গুৱাহাটীত প্ৰথমবাৰৰ বাবে মঞ্চত বিহু উদ্যাপিত হয়। 

ঘ) কোনে বিহুৰ নৃত্য-গীতক অশোভন বুলি মন্তব্য কৰিছিল?

উত্তৰ : আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃ হলিৰাম ঢেকিয়াল ফুকনে। 

ঙ) বিহুৰ এজন সমর্থকৰ নাম উল্লেখ কৰি তেওঁৰ এটি মন্তব্য উল্লেখ কৰা। 

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই 'বাঁহী'ৰ জৰিয়তে বিহুৰ সপক্ষে একাধিকবাৰ ওকালতি কৰিছিল চোকা আৰু ব্যংগ সুৰত। 'বাঁহী' আলোচনীত সাহিত্যৰথী জনাই লিখিছিল এনেদৰে— “বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেই দেখি বিহুক লোকে হাঁহে, বেয়া পায়।”

Previous Post Next Post