সমাজ বিজ্ঞানী শ্ৰীমন্ত শঙ্কৰদেৱ। social scientist Sankaradeva,



Art By - Nirju. 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ বিজ্ঞানসম্মত ‘ভাগৱত মুখী সংস্কাৰী ধৰ্মভাগৰ মূল আনুষ্ঠানিক মার্গীয় মঞ্চ হৈছে—নামঘৰকেন্দ্ৰিক সত্ৰ। নামঘৰ অৰ্থাৎ ধৰ্মৰ চাৰিখুঁটিবে (সত্য-শৌচ-দয়া-ক্ষমা) নামঘৰ (হবিগৃহ) প্রতিষ্ঠা নহ'লে, সত্ৰ প্ৰতিষ্ঠা নহয় আৰু ঈশ্বৰৰ বাংময়ী মূর্তি ভাগৱত শাস্ত্র আৰু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন আৰু চৰ্চাৰ একমাত্র স্থল সত্ৰ-প্রতিষ্ঠান।

নামঘৰ আৰু সত্ৰ বুলি ক'লে প্রথমেই আমাৰ হৃদয়ত প্ৰৱেশ কৰে অন্বিতীয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেৰাৰ পাছতেই প্রৱেশ কৰে শ্ৰীশ্ৰীদামোদৰদেৱ, ক্রমে শ্রীশ্রীমাধৱদেৱ, শ্রীশ্রীহবিদেৰ, শ্রীশ্রীগোপাল আতা, শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ আৰু শ্রীশ্রীবদলা পদ্মআতা আদি। আকৌ, সত্র বুলি ক'লে আমি সুহৃদয়তাৰে বুজি পাওঁ—য’ত সৎ-সন্ত, বৈষ্ণৱ-ভকতৰ মাজত ভাগৱত শাস্ত্ৰৰ পাঠ আৰু শ্ৰীকৃষ্ণৰ (গোবিন্দ) গুণানুকীর্তন হয় সেই থান বা স্থানেই সত্ৰ আৰু আধ্যাত্মিক, সামাজিক সুউচ্চস্তৰীয় বর্ণবৈষম্যহীন মহাসাগৰ সদৃশ সমতাৰ সত্ৰ প্রতিষ্ঠান। ভাগৱত মহাপুৰাণ শাস্ত্ৰভাগৰ প্ৰথম স্কন্ধত পোৱা যায়

“আঠাইস সহস্র ঋষি বেদত প্রধান। বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহা পুণ্য স্থান।। মধ্যকৰি সুতক পাতিলা সত্ৰ তথা। শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা।। শৌনক বদতি সুত শুনা নিষ্ঠবাণী। পৰম পাতকী কলি পাইলে হেন জানি।। আৰম্ভিলোঁ যজ্ঞ আমি সহস্র বৎসৰ। হোম-ধূমে ধুম্র বর্ণ ভৈল কলেৱৰ।। যিতো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস। আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ।। আমাৰ সম্পতি তুমি চিন্তিয়োক হিত। কৰায়োক পান কৃষ্ণ চৰিত্ৰ অমৃত।।” চৰিত পুথি মতে—“শ্ৰীমন্ত শংকৰদেৱে দামোদৰক ক'লে—'দামোদৰ, তোমাক কৃষ্ণে চাউল দিছে, আমিও আজ্ঞা দি আচার্য পাতিছোঁ, তোমাৰ জগত জুৰি দামোদৰময় হ'ব যশে।' সিদিনাৰ পৰা দামোদৰদেৱে গুৰুজনাৰ আজ্ঞাপৰ ধৰ্মপ্ৰচাৰক হ'ল।" আকৌ চৰিত পুথিত এনেদৰে পোৱা যায়— “ভকতি ভাণ্ডাৰ স্থান পাটবাউসী


সমস্তৰে বন্দ্য স্থান।

শঙ্কৰ মাধৱ ৰাম দামোদৰ তাৰা তেজে নির্মাণ।।" —ৰোম ৰাম দ্বিজ উক্তি, গুৰুলীলা)

“শঙ্কৰ শুদ্ধমত আমি আছোঁ ধৰি। শঙ্কৰেসে বন্ধু মোৰ জানা নিষ্ঠ কৰি।।” —(নীলকণ্ঠ দাস, দামোদৰ চৰিত)

গতিকে, আমি অনুভৱ কৰোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী শ্রীশ্রীদামোদৰদেৱ শ্রীশ্রীমাধবদেৰ আৰু প্ৰপন্ন শিষ্য দুজনা সনাতন ভাগৱতমুখী ধৰ্মৰ প্ৰপন্ন আচার্য আছিল।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কথাৰে– “শংকৰদেৱে যি সময়ত যি ৰজাৰ তলত বাস কৰি, পৰাক্ৰমী স্বেচ্ছাচাৰী ৰজা আৰু অসূয়াপৰবশ পৰাক্ৰমী পণ্ডিত ব্ৰাহ্মণৰ বিৰুদ্ধাবাদী হৈ তেওঁৰ ধৰ্মমত নিৰ্ভয়ে প্ৰচাৰ কৰি আঁচলৰ গাঠিত তেওঁৰ জীৱনটো বান্ধি লৈ ফুৰাইছিল, সেইটো সম্পূর্ণ অনুভৱ কৰিব পাৰিলেহে স্বার্থত্যাগ, নির্ভীকতা, ধর্মপ্রাণতা আৰু ঈশ্বৰবিশ্বাসত অটল নিষ্ঠা আৰু তেওঁৰ প্ৰাণৰ আৰাধ্য দেৱতাত অচলা ভক্তিৰ সম্পূৰ্ণ মহত্ত্ব হৃদয়ংগম কৰিব পাৰিবা, নতুবা নোৱাৰা।” (শ্রীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মুখ্য কৰি আৰু তেৰাৰ প্ৰপন্ন শিষ্য আৰু আজ্ঞাপৰ আচার্যসৱে বহু কষ্ট ত্যাগ কৰি, ওৰেটো জীবন ভাগৱত জ্ঞান প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ সনাতন ধৰ্মৰ মূল সমতাৰ চিন্তাৰে অসমখনৰ প্রায়সংখ্যক লোকক সংস্কৃতমুখী কৰি বৃহত্তৰ অসমৰ সহজ-সৰল, হালোৱা-হজোৱা, দুখীয়া-নিছলা, উচ্চ-নীচ, ধনী-দুখীয়া লোকসকলৰ মাজত একতাৰ এনাজৰীৰে বান্ধ খুৱাই গৈছে। আমি বর্তমান সেই অমৃত ফলৰ 'ৰস ভোগ কৰি আছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া জাতি গঠন কৰি সমতাৰ এনাজৰীৰে বাদ্ধ খুৱাই যোৱা এনাজৰীডালত এচামে ব্রাহ্মণ্যবাদী চিন্তাৰে কেনেকৈ বিষবাষ্প সুমুৱাই সমতাৰ এনাজৰীডাল ছিঙিব পাৰি, সেই চিন্তাত নিমগ্ন থকাটো আমাৰ আৰু সমাজৰ বাবে বৰ বেদনাদায়ক। লগতে, বিজ্ঞানৰ বিশ্বায়নৰ দিনত সমাজলৈ আমিসৱে সংস্কাৰমুখী সত্য শুদ্ধ নতুনত্ব কিবা আগবঢ়াব পৰা হৈছেনে নাই সেইটো অতিকৈ চিন্তনীয়! পিছে, অৱজ্ঞাৰ আসুৰিক দৃষ্টি আৰু শক্তিৰে নিয়ম ভাঙিবলৈ সহজ, কিন্তু সংস্কাৰমুখী সমাজ গঢ়িবলৈ বহু কঠিন!

মাধৱ গুৰুজনাই ঘোষাত লিখিছে— “আদি সত্য যুগে শুদ্ধ ধর্ম আছিলেক মাত্ৰ হৰি নাম দেৱসবে গুপ্ত কৰিলে কৰি কপট।

হেন হৰি-নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ভাৰিলা শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সবাৰো পট।” ৬৬৯

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰি যোৱা নামঘৰকেন্দ্ৰিক সত্ৰ-প্ৰতিষ্ঠানৰ দ্বাৰা, ভক্ত-বৈষ্ণবসৱৰ মানসিক আৰু শাৰীৰিক উৎকর্ষ সাধনৰ বাবে বিজ্ঞানসম্মত গীত-নৃত্য । বাদ্য আৰু নাট্যাভ্যাস, চাৰিহাটী স্থাপন, ভকত-বৈষ্ণৱৰ মাজত স্বাৱলম্বিতাৰে নিজৰ । জীবন নির্বাহ কৰা কাৰ্যৰ উপৰিও বিচাৰালয়, । পঞ্চায়তীৰাজ আদি সেই সময়তেই সর্বপ্রথম নামঘৰকেন্দ্ৰিক সত্ৰ-প্রতিষ্ঠানত সমতাৰ দুৱাৰ খুলি অতুলনীয় মার্গীয় সত্ৰ-প্রতিষ্ঠান গণতান্ত্রিকভাৱে ৰাইজলৈ অৱদান আগবঢ়াই গৈছে।

“জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়। সেহি থানে নিজ গুৰু ভৈলন্ত উদয়।। চাৰিফালে চাৰিহাটী মহাভক্তগণ ।

চৈধ্যয় প্ৰসংগ কৰে নামৰ কীৰ্ত্তন।।”

(পুৰুষোত্তম ঠাকুৰ)

উল্লেখযোগ্য বর্তমান কৰনা যে ভাইৰাছৰ বিভীষিকাময় পৰিৱেশৰ পৰা উদ্ধাৰৰ সাৱধানতাৰ বাবে বিজ্ঞানে বিশ্ববাসীক পালন কৰিবলৈ দিয়া যি নিয়মাবলী প্রায় ৫৫২ বছৰ আগতেই সমাজ বিজ্ঞানী শ্রীমন্ত শংকৰদেৱে অসমত বৃহত্তৰ অসমীয়া সমাজলৈ আগবঢ়াই গৈছে।

এতিয়া আহোঁ, ‘ব্রাহ্মণ' আৰু ‘ব্রাহ্মণ্যবাদী’ প্ৰসংগলৈ। ব্রাহ্মণ মানেই ব্রাহ্মণ্যবাদী নহয় আৰু ব্ৰাহ্মণ্যবাদী মানেই ব্রাহ্মণ নহয়। এই বিষয়ত অধ্যাপক ড° দেৱব্ৰত শৰ্মাৰ এটি ব্যাখ্যা আগবঢ়োৱা হৈছে—“ব্রাহ্মণ একোজন ব্যক্তি আৰু ব্রাহ্মণ্যবাদ এটা মতাদর্শ। ভাৰতত যোৱা প্ৰায় ডেৰ হাজাৰ বছৰ ধৰি চলি অহা জাতি-বর্ণ, অস্পৃশ্যতাৰ ব্যৱস্থা এই মতাদৰ্শৰে সাংগঠনিক ৰূপ। হাজাৰতকৈ বেছি জাত-পাতত মানুহক তৰপে তৰপে বিভক্ত আৰু ঔৰবিন্যাস কৰি ৰাখে এই ব্রাহ্মণ্যবাদে। মানুহৰ লগত মানুহৰ খোৱা-বোৱা, তামোল এখনৰ আদান-প্রদান আনকি জীৱনদায়িনী পানী এচলুৰ দিয়া খোৱা, বিয়া-বাৰু, বৃত্তিগত জ্ঞানৰ বিনিময় সকলো নিষিদ্ধ কৰি ঘৃণা আৰু বিদ্বেষৰ জয় জয়কাৰ গায় এই ব্রাহ্মণ্যবাদে, কিন্তু ব্রাহ্মণ মানেই ব্রাহ্মণ্যবাদ নহয়।” আকৌ 'ব্রাহ্মণ' কাক বোলা হয়, এই বিষয়ত মহাভাৰতৰ বনপৰ্বত পাণ্ডৱৰ লগত হোৱা এটি উপদেশমূলক আৰু তাৎপর্যপূর্ণ


উপাখ্যান পোৱা যায়। উপাখ্যান মতে–“পাণ্ডৱৰ বনবাস কালত মহাশক্তিধৰ ভীমসেনে এদিন অকলে অকলে আহাৰ বিচাৰি বনত ভ্রমণ কৰিছিল। এঠাইত এটা প্ৰকাণ্ড অজগৰ সৰ্পই ভীমক মেৰিয়াই ধৰিলে। আৰু অশেষ চেষ্টা কবিও অজগৰৰ মেৰপাকৰ পৰা ভীমে মুক্তি পাব নোৱাৰিলে। তেতিয়া অজগৰে মানুহৰ মাতেৰে ক'লে যে তেওঁৰ নাম নষ আৰু পাণ্ডৱসকলৰে উপৰিপুৰুষ। তেওঁ সুকৃতিৰ ফলত ইন্দ্ৰৰ সৈতে স্বর্গত সমানে আসন লাভ কৰিছিল, কিন্তু অহংকাৰত মত্ত হৈ কেইজনমান ঋষিক তেওঁ অসৎ ব্যৱহাৰ কৰাৰ ফলত স্বৰ্গভ্রষ্ট হৈ অজগৰৰ ৰূপ ল'ব লগা হ'ল। ঋষিসকলৰ ওচৰত অনুনয়-বিনয় কৰাত কেইটামান প্ৰশ্নৰ যথার্থ উত্তৰ পালেহে তেওঁ শাপমুক্ত হ'ব বুলি ঋষিসকলে বিধান দিলে। সেই কাৰণে সেই প্রশ্নকেইটাৰ উত্তৰ দিবলৈ ভীষ্মক অজগৰে অনুৰোধ কৰিলে, নতুবা ভীমক অজগৰে উদৰস্থ কৰিব। এনে কথোপকথন হৈ থাকোতেই ভীমক বিচাৰি যুধিষ্ঠিৰ সেই ঠাইত ওলালহি আৰু ভীমক মুক্তি দিবলৈ অজগৰক যুধিষ্ঠিৰে প্ৰাৰ্থনা জনালে। তেতিয়া অজগৰে ধৰ্মৰাজক আদ্যোপান্ত কথাবিলাক ক'লে আৰু যুধিষ্ঠিৰেও অজগৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হ'ল।

সর্প- ব্রাহ্মণঃ কো ভবেম্রাজন বেদ্যং কিংচ যুধিষ্ঠিৰ।

অর্থ-ব্রাহ্মণ কাক বোলা হয় আৰু তেওঁৰ জ্ঞাতব্য বা জানিবলগীয়া তত্ত্ব কি? যুধিষ্ঠিৰ— সত্যং

দানক্ষমাশীলমানৃশংস্যন্তপোঘৃণা। দৃশ্যন্তে যত্র নাগেন্দ্র স ব্রাহ্মণ ইতিস্মৃতঃ।।

অর্থ-সত্য, দান, ক্ষমা, সুশীলতা, জুৰতাৰ অভাৱ, তপস্যা আৰু দয়া এই সৎগুণবিলাক যিজনত দেখা যায় তবেই ব্রাহ্মণ।

—বেদং সৰ্প পৰব্ৰহ্ম নিদুঃখমসুখং চ যৎ। যন্ত্রগত্বা নশোচস্তি ভবতঃ কিংৱিৱক্ষিতম্।। অর্থ ব্ৰাহ্মণৰ কাৰণে জানিবলগীয়া তত্ত্ব পৰম ব্ৰহ্ম; যি দুখ-সুখৰ অতীত, যাক জানিলে মানুহ শোকাতীত হয়, সেই পৰম ব্ৰহ্মই ব্ৰাহ্মণৰ জানিবলগীয়া তত্ত্ব। হে সৰ্প, তোমাৰ আৰু কি ক'ব লগা আছে? সর্প—চাতুবৃণ্যং প্রমাণং চ সত্যৎ চ ব্রহ্মা

চৈব হি শুদ্রস্বপি চ সত্যং ট দানমক্রোধ এব চ।।

আনুশংসামহিংসা চ ঘৃণাচৈব যুধিষ্ঠিৰ।। অর্থ–সত্য আৰু প্ৰমাণভূত ব্ৰহ্ম চাৰিও বৰ্ণৰ কাৰণেই হিতকাৰী। সত্য, দান, অক্রোধ, জুৰতাৰ অভাৱ, অহিংসা আৰু দয়া আদি সং গুণবিলাক শুদ্র লোকৰো থাকিব পাৰে, তেতিয়া শূদ্র আৰু ব্ৰাহ্মণৰ পাৰ্থক্য থাকিল ক'ত যুধিষ্ঠিৰ–শূদ্রেতু यम् ভবেল্লা

Previous Post Next Post