১) পদ্মনাথ গোহাঞি বৰুৱাৰ উপন্যাস সাহিত্যৰ আভাস দিয়া।
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱা (১৮৭১-১৯৪৭) অসমীয়া সাহিত্য জগতৰ এটি অবিস্মৰণীয় নাম। তেওঁৰ প্ৰতিভা বহুমুখী। তেওঁ একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, প্ৰহসন বচক, দার্শনিক, বুৰঞ্জী প্রণেতা, জীৱনীকাৰ, আত্মজীবনী লেখক, নিষ্ঠাৱান লেখক ইত্যাদি।
গোহাঞি বৰুৱা প্ৰথম অসমীয়া উপন্যাস ৰচক। তেওঁৰ উপন্যাস দুখন :
ক) ভানুমতী, আৰু খ) লাহৰী
ভানুমতী
১৮৯১ চনত গোহাঞি বৰুৱা সম্পাদক হৈ থাকোতে কলিকতাৰ পৰা ওলোৱা ‘বিজুলী' কাকতত ছোৱা ছোৱাকৈ ভানুমতী উপন্যাসখন প্ৰকাশ হৈছিল। লেখকে মাত্র ১৯ বছৰ বয়সতে উপন্যাসখন লিখিছিল। ভানুমতীৰ কাহিনী নিৰ্মাণ কৰা হৈছে মৰাণ গোহাঞিবৰুৱাৰ ছোৱালী ভানুমতী আৰু সেই ঘৰতে সৰুৰে পৰা ডাঙৰ দীঘল হোৱা চাৰু গোহাঞিৰ প্ৰণয়ক লৈ। ভানুমতী উপন্যাসখন প্রথম পুরুষ বর্ণনাকাৰী উপন্যাস আৰু ইয়াৰ পৰিণতি দুখাত্মক। ভানুমতী এখন সমাজ ঐতিহাসিক উপন্যাস। পদ্মনাথ গোহাঞি বৰুৱায়ে ঘৰুৱা বিয়া এখনৰ লগত ৰজাঘৰীয়া প্ৰস্তাৱটো সাঙুৰি দি কাহিনীটো ঐতিহাসিক পটভূমিত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে।
লাহৰী
গোহাঞি বৰুৱাৰ দ্বিতীয় আৰু শেষ উপন্যাসখন হ'ল ‘লাহৰী'। ই এখন মিলনাত্মক উপন্যাস। এইখন ১৮৯২ খ্রীষ্টাব্দত কলিকতাৰ পৰা প্ৰকাশ পায়। ‘লাহৰী’ প্ৰকৃততে এখন সামাজিক উপন্যাস। গোহাঞি বৰুৱাই এইখনকো ‘ঘৰুৱা উপন্যাস’ আখ্যা দিছে। উপন্যাসৰ কাহিনী গঢ় লৈ উঠিছে কীৰ্তিনাথ বুঢ়াগোহাঞিৰ ছোৱালী লাহৰী আৰু শাস্তিৰাম মৰাণ গোহাঞিৰ ল'ৰা কমলৰ প্ৰণয়ক কেন্দ্ৰ কৰি। উপন্যাসখন তৃতীয় পুৰুষ বর্ণনাকাৰী উপন্যাস।
পদ্মনাথ গোহাঞি বৰুৱাৰ উপন্যাস সাহিত্যৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য এনে ধৰণৰঃ
ক) গোহাঞিবৰুৱাৰ দুয়োখন উপন্যাসেই অসম বুৰঞ্জীৰ দুটা প্ৰসিদ্ধ ঘটনাৰ পটভূমিত ৰচিত।
খ) গোহাঞিবৰুৱাৰ উপন্যাসত কাহিনী সৃষ্টি বা পৰিবেশ চিত্ৰণতকৈ চৰিত্ৰ অংকনত অধিক গুৰুত্ব দিয়া দেখা যায়।
গ) তেওঁৰ দুয়োখন উপন্যাসেই নায়িকা প্রধান; নামকৰণো নায়িকাক কেন্দ্ৰ কৰি ।
ঘ) গোহাঞিবৰুৱাৰ উপন্যাস দুখনৰ এখন সুখাত্মক আৰু এখন দুখাত্মক।
ঙ) গোহাঞিবৰুৱাৰ বৰ্ণনাৰীতি, কলা-কৌশল, সংলাপ প্রয়োগ মনকৰিবলগীয়া।
২) ঔপন্যাসিক হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি মূল্যায়ন আগবঢ়োৱা।
উত্তৰঃ অসমীয়া সাহিত্য জগতৰ এজন মহীৰূহ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪ (১৯৩৮) এটি চিৰস্মৰণীয় নাম। তেখেতৰ সাগৰসদৃশ ৰচনাৰাজিৰ ভিতৰত প্ৰথম তথা একমাত্র উপন্যাস হৈছে ‘পদুম কুঁৱৰী' (১৯০৫)। এই উপন্যাসখন পোনতে ‘জোনাকী'ৰ তৃতীয় বছৰ প্ৰথম সংখ্যাত ‘পদ্মকুঁৱৰী' নামেৰে ছোৱা-ছোৱাকৈ প্ৰকাশ হৈ ওলায়। আহোম বুৰঞ্জীৰ এক উল্লেখযোগ্য ঘটনা কমলেশ্বৰ সিংহৰ দিনত ঘটা দন্দুৱাদ্ৰোহৰ কাহিনীৰ অৱলম্বনত উপন্যাসখন ৰচনা কৰা হৈছিল। উপন্যাসখনৰ কাহিনীভাগত অষ্টাদশ শতিকাৰ শেষছোৱা সময়ত ঘটা ঐতিহাসিক ঘটনা আৰু প্ৰেমমূলক ঘটনাৰ মিশ্রন ঘটিছে। উত্তৰ কামৰূপৰ প্ৰবল পৰাক্ৰমী ভাতৃদ্বয় হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহৰ লগত সূৰ্য-পদুমৰ প্ৰণয়ে এক শোকাবহ পৰিণতিলৈ আগবাঢ়িছে। বেজবৰুৱাৰ উপন্যাস সাহিত্যৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য এনেধৰণৰ।
ক) বেজবৰুৱাৰ উপন্যাসখনত কাল্পনিক ঘটনা, পৰিবেশ আৰু চৰিত্ৰ চিত্ৰণৰ জৰিয়তে বাস্তৱ ৰহণ সানিছে।
খ) 'পদুম কুঁৱৰী' উপন্যাসত বেজবৰুৱাদেৱে অসমীয়া মানুহৰ সাধাৰণ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, সাজপাৰ, ধৰ্মৰ প্ৰভাৱ আদিৰ চিত্ৰ সুন্দৰভাৱে চিত্ৰিত কৰিছে।
গ) উপন্যাসখনৰ ভাষা সাৱলীল, ঠাই বিশেষে কাব্যিক উপমাযুক্ত, আবেগিক আৰু জটুৱা ঠাঁচ, প্রবচন, পটন্তৰ আদিৰে নিৰ্ভাঁজ অসমীয়া।
ঘ) বেজবৰুৱাৰ উপন্যাসখনৰ এক ঐতিহাসিক মূল্য বক্ষিত। এইখন ‘ভানুমতী' উপন্যাসৰ পিচতে ৰচিত।
ঙ) উপন্যাসখনিৰ পোনতে চকুত পৰা এটি কৌশল হ'ল প্ৰতিটো অধ্যায়ৰ আৰম্ভণিতে কথাবস্তুৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি ইংৰাজী উদ্ধৃতি আৰু অধ্যায়সমূহক একো একোটা সুকীয়া নামকৰণেৰে যথাৰ্থ ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিছে।
৩) অসমীয়া সাহিত্যত ‘উপন্যাস সম্রাট’ বুলিলে কাক বুজা যায়? তেওঁৰ উপন্যাসকেইখনৰ বিষয়ে এটি পৰিচয়মূলক আলচ দাঙি ধৰা।
অথবা
ৰজনীকান্ত বৰদলৈৰ ঐতিহাসিক উপন্যাসকেইখনৰ চমু আভাস দিয়া।
উওৰ: অসমীয়া সাহিত্যত ‘উপন্যাস সম্রাট’ বুলি ৰজনীকান্ত বৰদলৈক বুজা যায়। অসমীয়া ভাষাত বুৰঞ্জীৰ আলমত উপন্যাস ৰচোতা ন-পুৰণি ঔপন্যাসিকসকলৰ মাজত এওঁকেই সর্বশ্রেষ্ঠ ঔপন্যাসিক আখ্যা দিয়া হয়। অসমীয়া বহু সমালোচকে তেওঁক ‘অসমৰ স্কট 'ৰূপে অভিহিত কৰে। ৰজনীকান্ত বৰদলৈৰ উপন্যাস ন খন; তাৰে আঠখন বুৰঞ্জীমূলক আৰু এখন সামাজিক উপন্যাস। উপন্যাসকেইখনৰ নাম হ'ল— মিৰি জীয়ৰী (১৮৯৩), মনোমতী (১৯০১), ৰঙিলী (১৯২৫), নির্মল ভকত (১৯২৫), ৰাধা ৰুক্মিণী ৰণ (১৯২৫), দন্দুৱা দ্ৰোহ (১৯০৯), তাম্ৰেশ্বৰী মন্দিৰ (১৯২৫), ৰহদৈ লিগিৰী (১৯৩০), খাম্বাথুইবী (১৯৩২) আদি। তলত বৰদলৈৰ উপন্যাসসমূহৰ চমু পৰিচয় দাঙি ধৰা হ'লঃ—
ক) মনোমতী ঃ- মনোমতী (১৯০১) উপন্যাসখন মানৰ তৃতীয় আক্ৰমণৰ পটভূমিত ৰচিত। এইখন উপন্যাসতো এহাল ডেকা-গাভৰুৰ প্ৰেমকে সাৰথি কৰি এই প্ৰেম কাহিনীৰে বৰ্ণনা কৰা হৈছে।
খ) দন্দুৱাদ্ৰোহঃ-বৰদলৈৰ তৃতীয় উপন্যাস, আহোম বুৰঞ্জীৰ পটভূমিত ৰচিত উপন্যাসখন প্রকাশ পায় ১৯০৯ চনত। লোকসমাজৰ মুখ নিঃসৰিত কথাবোৰকে সম্বল কৰি লৈ লগতে বুৰঞ্জীৰ কথাবোৰ অলপো লৰচৰ নকৰি কিঞ্চিত কল্পনাৰ সহায়ত উপন্যাসখন ৰচনা কৰা হৈছে।
গ) ৰঙ্গিলী :- বৰদলৈৰ চতুৰ্থ উপন্যাস। আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ ৰাজত্ব কালৰ পটভূমিত সত্ৰাম আৰু ৰঙ্গিলীৰ প্ৰেমৰ কাহিনী এটিৰ বৰ্ণনা উপন্যাসখনৰ উপজীব্য বিষয়।
ঘ) ৰাধা ৰুক্মিণীৰ ৰণ :- মোৱামৰীয়াৰ আহোম ৰজাৰ বিপক্ষে বিৰুদ্ধাচৰণ আৰু তেওঁলোকৰ আমোলৰ অসমৰ সামাজিক আৰু ৰাজনৈতিক বাতাবৰণৰ তথ্যপাতিৰে এই উপন্যাসখন ৰচনা কৰিছিল।
ঙ) নির্মল ভকত :- এইখন উপন্যাসৰ ৰচনাৰ প্ৰেৰণাৰ উৎস আছিল প্রখ্যাত সাহিত্যিক টেনিচনৰ ‘এনক আৰ্ডেন'ৰ কাহিনী। উপন্যাসখন মানৰ অসম আক্ৰমণৰ পটভূমিত ৰচিত।
চ) তাম্ৰেশ্বৰীৰ মন্দিৰ :- এইখনত বুৰঞ্জীৰ প্ৰত্যক্ষ প্রভাব নাই যদিও মানৰ তৃতীয় আক্ৰমণত জুৰুলা হোৱা অসমীয়া সমাজখনক ইয়াত ৰূপায়িত কৰা হৈছে।
ছ) ৰহদৈ লিগিৰী :- ইয়াৰ কাহিনীটো মানৰ প্ৰথম আক্ৰমণৰ সময়ৰ অসমৰ তথা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ ৰাজপাটত বহ নময়ৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ ওপৰত।
জ) থাম্বা-থোইৰীৰ সাধু ঃ- মণিপুৰত প্ৰচলিত এটি লোককথাই ইয়াৰ কাহিনীৰ আধাৰ। উপন্যাসখন ১৯৩২ চনত প্ৰকাশিত।
ণ) মিৰি জীয়ৰী :- এইখন প্রথম অসমীয়া সামাজিক উপন্যাস। ই এখন মিৰি অৰ্থাৎ মিচিং জনজাতিক কেন্দ্ৰ কৰি লিখা উপন্যাস। জংকি আৰু পানেই নামৰ এহাল ডেকা গাভৰুৰ প্ৰণয়াত্মক কৰুণ কাহিনী হৈছে ইয়াৰ উপজীব্য।
৪) দণ্ডিনাথ কলিতাৰ উপন্যাস সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ বিংশ শতিকাৰ আগভাগৰ অসমীয়া সাহিত্যৰ এগৰাকী জনপ্রিয় লেখক দণ্ডিনাথ কলিতা (১৮৯০-১৯৫০)। দণ্ডিনাথ নাথ কলিতাৰ উপন্যাসসমূহ হ'ল- ফুল (১৯০৮), সাধনা (১৯২৮), হত্যাকাৰী কোন (১৯৪৭), গণবিপ্লৱ (১৯৪৮), অদৃষ্ট (১৯৪৯), পৰিচয় (১৯৫০) আৰু আৱিস্কাৰ (১৯৫১)।
‘ফুল' উপন্যাসখন মানৰ আক্ৰমণত কেনেকুৱাভাৱে অসমতঅৰাজকতা আৰু অস্থিৰ অৱস্থা নামি আহিছিল তাৰ পটভূমিত ইয়াৰ কহিনীভাগ লিখিছিল। এই অত্যাচাৰৰ পৰা অসমক বচাবলৈ সেই সময়ৰ ৰজা চন্দ্ৰকান্ত সিংহ আৰু তেওঁৰ সেনাবাহিনীৰ লগত এচাম অসমীয়া ডেকাই ৰজাক কেনেকৈ সহায় কৰিছিল তাৰো আভাস আছে। কলিতাৰ 'সাধনা' উপন্যাসখনে অসম সাহিত্য সভাই পতা উপন্যাস প্রতিযোগিতাত পাঁচখন উপন্যাসৰ ভিতৰত শ্রেষ্ঠ সামাজিক উপন্যাস হিচাপে স্বীকৃতি পাইছিল। ময়ামৰীয়া যুদ্ধৰ আলমত ‘গণ বিপ্লৱ’ নামৰ উপন্যাসখন ৰচনা কৰে। ইয়াত বিশেষকৈ বৈষ্ণৱ ধৰ্ম আৰু শাক্ত ধৰ্মৰ সংঘৰ্ষ দেখুৱাইছে। কলিতাই ১৯৪৯ চনত সামাজিক উপন্যাস 'অদৃষ্ট' প্ৰকাশ কৰি উলিয়ায়। উপন্যাসখনত ঔপন্যাসিকে ঘটনাৰ জৰিয়তে সমাজত এক শুদ্ধ আদৰ্শৰ বাট দেখুৱাবলৈ যত্ন কৰিছে। 'আবিস্কাৰ' নামৰ উপন্যাসখনৰ কাহিনীভাগ সংস্কাৰকামী নায়ক মাধৱক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। উপন্যাসখনত ‘সাধনা’ৰ নিচিনা সমাজৰ দুৰ্নীতি গুচাই সুস্থ সমাজ গঢ়াৰ চেষ্টা কৰা দেখা যায়। কলিতাৰ 'পৰিচয়' আন এখন উল্লেখযোগ্য সামাজিক উপন্যাস।
দৈবচন্দ্ৰ তালুকদাৰৰ উপন্যাস সম্পর্কে আলোচনা কৰা। উত্তৰঃ অসমীয়া উপন্যাস সাহিত্যৰ এজন স্বনামধন্য ব্যক্তি হ’ল দৈৱচন্দ্ৰ তালুকদাৰ (১৯০১ ১৯৬৮) এওঁৰ উপন্যাসসমূহ ভাৰতীয় জাতীয় জীৱনৰ আধাৰত বিবৃত। দৈৱচন্দ্ৰ তালুকদাৰৰ দ্বাৰা ৰচিত উপন্যাসসমূহহ'ল—'ধুৱলী কুৱলী' (১৯২২), ‘আগ্নেয়গিৰি'
(১৯২৪), 'বিদ্রোহী' (১৯৪৮), 'অপূর্ণ' (১৯৩১), 'আদৰ্শৰ্পীঠ আৰু দুনীয়া’। তালুকদাৰদেৱৰ প্ৰথম উপন্যাস ‘ধুৱলী-কুৱলী’ ছাত্ৰাৱস্থাতে ৰচনা কৰা এখনি সামাজিক উপন্যাস। উপন্যাসখনত সংস্কাৰবাদী মনোভাব আৰুনীতি-আদর্শ সুন্দৰভাৱে প্ৰকাশিত হৈছে। দৈৱচন্দ্র তালুকদাৰৰ ‘আগ্নেয়গিৰি’ কাহিনীবস্তু নির্মিত হৈছে ঘাত-মাওৰা কনকৰ কৰুণতম জীৱন গাঁথাৰ ওপৰত ভিত্তি কৰি। ইয়াত স্বামীহাৰা বিধৱা জীৱনৰ বর্ণনাতীত সমস্যাসমূহ মর্মান্তিক ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। তালুকদাৰৰ ‘বিদ্রোহী' উপন্যাস আগ্নেয়গিৰি দ্বিতীয় খণ্ড বুলি ক'ব পাৰি। 'বিদ্ৰোহীৰ কাহিনী আৰু চৰিত্ৰ, পৰিবেশ আৰু পৰিস্থিতি আদি সকলো দিশতে আগ্নেয়গিৰিৰ নামান্তৰ বুলিব পাৰি।
ঔপন্যাসিক তালুকদাৰৰ আটাইকেইখন উপন্যাসৰ ভিতৰত ‘অপূৰ্ণ' ব্যতিক্রমধর্মী উপন্যাস। স্বৰাজ আন্দোলনৰ পটভূমিত ৰচিত এখনি সামাজিক উপন্যাস। 'আদর্শপীঠ’ আৰু ‘দুনীয়া' উপন্যাস দুখনিও গতানুগতিক ৰচনাৰীতি আৰু চিন্তাধাৰাৰে সিক্ত। দুইখনি উপন্যাসেই আদর্শবাদৰ ওপৰত প্ৰতিষ্ঠিত। অসমীয়া উপন্যাসৰ গতিধাৰাত প্ৰথম অৱস্থাৰ এই উপন্যাসকেইখনিৰে দৈৱচন্দ্ৰ তালুকদাৰে অসমীয়া উপন্যাস জগতলৈ যি বৰঙণি আগবঢ়ালে সেয়া অনস্বীকার্য।
৬। জোনাকী যুগৰ অসমীয়া উপন্যাস সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ১৮৮৯ চনত কলিকতাৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত 'জোনাকী' কাকত প্রকাশ হয়। জোনাকী কাকতৰ আৰম্ভৰ পৰাই আৱাহন (১৯১৯) আলোচনী প্ৰকাশৰ আগলৈ এই ৪০ বছৰ সময়ক অসমীয়া সাহিত্যত ‘জোনাকী’ যুগ হিচাপে অভিহিত কৰা হয়।
জোনাকী যুগৰ পূৰ্বতে মিছনাৰীসকলৰ উপন্যাসধর্মী 'এলোকেশী বেশ্যাৰ কথা', ‘কামিনীকান্তৰ চৰিত্ৰ'ইত্যাদি প্রকাশ পাইছিল। ১৮৯১ চনত পদ্মনাথ গোহাঞিবৰুৱাই 'ভানুমতী' উপন্যাসৰ যোগেদি অসমীয়া উপন্যাস সাহিত্যৰ শুভাৰম্ভ ঘটায়। জোনাকী যুগৰ উপন্যাসসমূহ হ'ল—
ক) পদ্মনাথ গোহাঞিবৰুৱাৰ – ভানুমতী, লাহৰী
খ) লক্ষ্মীনাথ বেজবৰুৱাৰ - পদুম কুঁৱৰী
গ) ৰজনীকান্ত বৰদলৈৰ— মিৰি জীয়ৰী, মনোমতী, নির্মল ভকত, ৰঙিলী, ৰাধা ৰুক্মিণীৰ ৰণ, দন্দুবাদ্ৰোহ, তাম্ৰেশ্বৰীৰ মন্দিৰ ইত্যাদি।
ঘ) দণ্ডিনাথ কলিতাৰ — ফুল, সাধনা, হত্যাকাৰী কোন, আৱিস্কাৰ ইত্যাদি।
ঙ) দৈৱচন্দ্ৰ তালুকদাৰৰ— আগ্নেয়গিৰি, অপূৰ্ণ, দুনীয়া, বিদ্রোহী, ইত্যাদি। ইয়াৰ উপৰি হিতেশ্বৰ বৰবৰুৱাৰ ‘মালিতা', শৰৎ চন্দ্ৰ গোস্বামীৰ ‘পাণিপথ’, হৰিনাৰায়ণ দত্ত বৰুৱাৰ 'চিত্ৰ দৰ্শন' আদি এই সময়ৰ উল্লেখনীয় উপন্যাস। ইয়াৰ পিছতে আমি ভৱদেৱ ভাগৱতীৰ 'লীলা', কমলেশ্বৰ চলিহাৰ ‘প্রিয়া’, চিন্তাহৰণ পাটগিৰিৰ ‘সংসাৰ চিত্ৰ', দণ্ডিধৰ ফাটোৱালীৰ ‘চপলা’ আদি উপন্যাসৰ নাম ল'ব লাগিব। জোনাকী যুগৰ উপন্যাসসমূহ মুলতঃ বুৰঞ্জীমূলক আৰু সামাজিক উপন্যাস। উপস্থাপনসমূহ সুখাত্মক আৰু দুখাত্মক উভয়গত। উপন্যাসসমূহৰ বৰ্ণনাৰীতি, সামাজিক চিত্র, মৌলিকর্তা, ভাষা, কলা-কৌশল মনকৰিবলগীয়া।
৭) চুটিগল্পকাৰ হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি মূল্যায়ন আগবঢ়োৱা।
উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া সাহিত্যৰ প্ৰায় আটাইকেইটা দিশতে অৱদান আছে। সাহিত্যৰথী বেজবৰুৱাৰ গল্পপুথি চাৰিখন – সুৰভী, জোনবিৰি, সাধুকথাৰ কুকি আৰু কেহোকলি। বেজবৰুৱাৰ কেইটামান উল্লেখযোগ্য চুটিগল্প হ'ল— ভদৰী, মুক্তি, পাতমুগী, কন্যা, ৰতন মুণ্ডা, নকওঁ, কাশীবাসী ইত্যাদি।
বেজবৰুৱাৰ গল্প সাহিত্যৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-
ক) বেজবৰুৱাৰ গল্পৰ মাজেদি বাস্তৱবাদী সাহিত্যৰ ধাৰা প্ৰৱৰ্তন হৈছিল। তেওঁৰ গল্পত নৰ-নাৰীৰ প্ৰেম আৰু মানৱতাবাদে গুৰুত্বপূৰ্ণ স্থান পাইছিল।
খ) বেজবৰুৱাৰ গল্পত নাৰীক আধ্যাত্মিক দৃষ্টিৰে চাইছিল বাবেই বেজবৰুৱাৰ বহু গল্পত নাৰীৰ মহিমা প্ৰদৰ্শিত হোৱা দেখা যায়।
গ) বেজবৰুৱাৰ গল্পৰ বিষয়বস্তু আৰু ভাববস্তু বহুবর্ণময় নহয়; সমকালীন সমাজ চেতনাৰ পৰাই বেজবৰুৱাই গল্পৰ বিষয়বস্তু গ্ৰহণ কৰা দেখা যায়।
ঘ) বেজবৰুৱাৰ গল্পসমূহত সাধুকথাৰ কথন ৰীতিৰ প্রভাব আছে, ভাষাও সহজ-সৰল। ব্যাংগাত্মক ৰীতিৰ পয়োভৰ অধিক।
ঙ) বেজবৰুৱাৰ কলা-কৌশলো মনকৰিবলগীয়া।
৮) শৰৎ চন্দ্ৰ গোস্বামীৰ চুটিগল্পৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখা।
উত্তৰঃ শৰৎচন্দ্ৰ গোস্বামী (১৯৮৭১৯৪৫) বেজবৰুৱাৰ চুটিগল্প সাহিত্যৰ উত্তৰাধিকাৰী। শৰৎ চন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল। গোস্বামীৰ সাহিত্যিক প্ৰতিভা চুটিগল্পৰ যোগেদি সুন্দৰভাৱে প্ৰকাশিত হৈছিল। শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পপুথিকেইখন হ'ল।
ক) ময়না,
খ) বাজীকৰ,
গ) গল্পাঞ্জলী আৰু
ঘ) পৰিদৰ্শন।
গোস্বামীদেৱৰ কেইটামান উল্লেখযোগ্য গল্প হ'ল— দেখা দেখি, ঘুনুচা, নদৰাম, পিয়াহৰ পানী, ৰক্তবীজ ইত্যাদি। তেওঁৰ গল্পৰ কেইটামান সাধাৰণ বৈশিষ্ট্য এনেধৰণৰ
ক) গোস্বামীৰ গল্পত গ্ৰাম্য আৰু নগৰীয়া উভয় জীৱনৰ পটভূমি দেখা পোৱা যায়, গল্পসমূহ বাস্তবধর্মী।
খ) ভাৱ বস্তুৰ দিশত শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পত ৰোমাণ্টিক কোমল অনুভূতিৰ শিহৰণ অনুভৱ কৰা যায়।
গ) এওঁৰ গল্পত মানৱীয় দৃষ্টিভংগী এটা থকাৰ বাবেই গল্পত সমাজৰ অসহায়, দুর্বল শ্ৰেণী মানুহৰ জীৱন চিত্ৰণত গভীৰ কাৰুণ্যবোধ দেখা যায়।
ঘ) গোস্বামীৰ গল্পৰ আকর্ষণীয় দিশ এটি হ’ল ৰূপবস্তুৰ বৈশিষ্ট্য। গোস্বামীৰ বান্ধোন আর্টিল, ভাষা অনাড়ম্বৰ, আৰু বাকচাতুৰ্যৰে সমৃদ্ধ।
৯ ) নকুল চন্দ্ৰ ভূঞাৰ গল্প শিল্পৰ পৰিচয় দাঙি ধৰা।
উত্তৰঃ অসমীয়া চুটিগল্পৰ আদি যুগ বা জোনাকী যুগৰ এগৰাকী পৰিচিত গল্পকাৰ হ’ল নকুল চন্দ্ৰ ভূঞা (১৮৯৫-১৯৬৮)। বাঁহী, চেতনা আদি আলোচনীৰ পাতত গল্পকাৰ ৰূপে আত্মপ্রকাশ কৰা ভূঞাৰ গল্পপুথিকেইখন হ'ল—) চোৰাংচোৱাৰ চ'ৰা (১৯৬০), ) গল্পৰ শৰাই (১৯৬২),) জোনোৱালী (১৯৬৬)। ভূঞাৰ কেইটামান উল্লেখযোগ্য গল্প হ’ল— মেক্ফেৰি, ছোৱালীৰ গা-ধন, কবিতাব্যৰ্থ, অভিনেতাৰ কথা ইত্যাদি।
ভূঞাৰ গল্পৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য এনেধৰণৰ—
ক) ভূঞাৰ গল্পৰ বিষয়বস্তু দাৰিদ্ৰ আৰু প্ৰেম। নৰ-নাৰীৰ প্ৰেমৰ গল্পবোৰ পোনপটীয়া।
খ) বর্ণনাৰ সংযম এওঁৰ গল্পৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। কথনভংগীত সৰল। অসমৰ জাতীয় জীৱনৰ চৰিত্ৰ স্বৰূপ উদঙাই দেখুওঁৱা‘মেকফেৰি' গল্পটোক ভাৰতীয় স্বাধীনতা আন্দোলনে প্ৰভাৱিত কৰিছে।
গ) ভূঞাৰ চৰিত্ৰসমূহো স্থিৰ আৰু প্ৰত্যক্ষধৰ্মী।
১০) নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প প্রতিভা সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ আৱাহন যুগৰ এজন অন্যতম বিশিষ্ট গল্পকাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৱাহন কাকতৰ পৃষ্ঠপোষকো। চৌধুৰীৰ গল্পৰ প্ৰতিভা অসামান্য। নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ কেইটামান বিখ্যাত গল্প হ’ল— ধন ভঁৰাল, ভাগ-বটোৱাৰা, ৰসায়ন, পোহৰী, মুক্তি, টুনী, লাভ ইত্যাদি। চৌধুৰীৰ গল্পসমূহ একত্রে সাহিত্য সভাই 'নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প সমগ্র' নাম দি প্ৰকাশ কৰি উলিয়ায়। চৌধুৰীৰ গল্পৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য এনেধৰণৰ-
ক) চৌধুৰীৰ গল্পৰ বিষয়বস্তু সমকালীন গোৱালপাৰা জিলাৰ উৱলি যাব ধৰা জমিদাৰী সমাজ, জনজাতীয় সহজ-সৰল জীৱন, পচা সমাজ ব্যৱস্থা আৰু কুসংস্কাৰৰ বলী হোৱা নাৰীৰ জীৱন আৰু নৰ-নাৰীৰ প্রেম।
খ) এওঁৰ গল্পৰ আকৰ্ষণীয় দিশ হ’ল চৰিত্ৰাংকন। চৌধুৰীৰ গল্প যিহেতু বহুল আয়তন বিশিষ্ট, গতিকে এওঁৰ গল্পত চৰিত্ৰই ক্রিয়াশীল ভূমিকা ল'বৰ বাবে বহল পৰিসৰ এটা পায়।
গ) চৌধুৰীৰ গল্পত ধনৰ পৰিৱৰ্তে মানুহৰ স্থান যে ওপৰত সেই কথাক প্রতিষ্ঠা কৰা হৈছে।
ঘ) চৌধুৰীৰ গল্পৰ বৰ্ণনাভংগীৰো বিশেষত্ব লক্ষ্য কৰা যায়। সংগঠনৰ দিশত গল্পবোৰ আটিল নহয় যদিও বৰ্ণনাৰ সাৱলীলতা আৰু পৰিণতিমুখী উৎকণ্ঠাৰ বাবে চৌধুৰীৰ গল্প প্রায় সুখপাঠ্য।
১১) লক্ষ্মীনাথ ফুকনৰ গল্প প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ লক্ষ্মীনাথ ফুকন ‘আৱাহন' যুগৰ এগৰাকী বিশিষ্ট গল্পকাৰ। ফুকনৰ গল্পপুথিকেইখন হ’ল— মালা, মৰমৰ মাধুৰী আৰু ওফাইদাং। ফুকনৰ কেইটামান বিখ্যাত গল্প হ'ল— মেধি, ডাক্তৰ, টাইপিষ্টৰ জীৱন, ইত্যাদি। লক্ষ্মীনাথ ফুকনৰ গল্পৰ কেইটামান প্রধান বৈশিষ্ট্য এনেধৰণৰ-
১) লক্ষ্মীনাথ ফুকনৰ গল্পৰ বান্ধোন সাধাৰণতে শিথিল। গল্পৰ সুসংগত গাঁথনিৰ দিশত ফুকনৰ গল্পৰ শিল্প মূল্য দেখা নাযায়। অথচ ফুকনৰ গল্প সুখপাঠ্য।
২) ফুকনৰ ভাষাৰ কোমলতা আৰু খাচ সমীয়া ভাষাৰ প্ৰয়োগ এওঁৰ গল্পৰ আন এটি বৈশিষ্ট্য।
৩) নিৰ্ভাঁজ গ্ৰাম্য ভাষাৰ প্ৰয়োগৰ উপৰি উপমাধর্মী ভাষাৰ প্ৰয়োগৰ বাবে লক্ষ্মীনাথ ফুকনৰ গল্প উপাদেয় হৈ পৰে।
৪) ফুকনৰ গল্পত সমাজৰ প্ৰতি এক বিশেষ দৃষ্টিভংগী পৰিলক্ষিত হয়। সমাজৰ অশুভ শক্তি অথবা অন্তঃসাৰশূণ্য মানসিকতাৰ শ্ৰেণীৰ প্ৰতি ফুকনৰ ব্যংগ দৃষ্টি অতি প্ৰখৰ।
১২) মহীচন্দ্ৰ বৰাৰ গল্প সম্পর্কে আলোচনা কৰা।
উত্তৰঃ আধুনিক অসমীয়া সাহিত্যত বেজবৰুৱাই প্ৰতিষ্ঠা কৰি যোৱা হাস্য আৰু ব্যংগ ৰসৰ ধাৰাটো অসমীয়া গল্পত অব্যাহত কৰি ৰাখিছিল লক্ষ্মীনাথ ফুকনে। হাস্য আৰু ব্যংগ সাহিত্যৰ দিশত বেজবৰুৱাৰ পিছত মহীচন্দ্ৰ বৰাই এক বলিষ্ঠ ভূকিা গ্ৰহণ কৰিছিল। বৰাৰ কেইটামান উল্লেখযোগ্য গল্প হ'ল— কেৰাণীৰ কপাল, অব্যয়, চৰ্দাৰ বিল, চাকনৈয়া ইত্যাদি।
মহীচন্দ্ৰ বৰাৰ গল্পৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ'ল-
ক) বৰাৰ গল্পৰীতিৰ আটাইতকৈ মোহনীয় দিশটো হ'ল জীৱন্ত আৰু বাস্তব চিত্র অংকনত দক্ষতা।
খ) সমকালীন সমাজৰ চিত্ৰ দুটা দিশেৰে অংকিত হয়—
- ব্যক্তি আৰু সমাজ জীৱনৰ প্ৰতি সূক্ষ্ম দৃষ্টিভংগী, আৰু
- নিৰ্ভাঁজ কথিত ভাষাৰ যাদুকৰি শক্তি।
গ) বৰাৰ গল্পত যিদৰে বহু চৰিত্ৰৰ সমাৱেশ ঘটে, সেইদৰে প্ৰতিটো চৰিত্ৰই বিপৰীতধর্মী অথচ স্বকীয় বৈশিষ্ট্যক উদঙাই দেখুৱায়।
ঘ) মহীচন্দ্ৰ বৰাৰ গল্পত উদাৰনৈতিক মানৱতা যিদৰে ঘোষিত হৈছে সেইদৰে বৰাৰ গল্পত সমাজ সচেতনতা আৰু সামাজিক দায়বদ্ধতাও অতি গভীৰভাৱে প্ৰকাশ পাইছে।
১৩) লক্ষ্মীধৰ শৰ্মাৰ গল্প প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰ: আৱাহন যুগৰ গল্পকাৰ লক্ষ্মীধৰ শৰ্মাৰ কমসংখ্যক চুটি গল্প হ'লেও, প্ৰতিটো চুটিগল্পই বলিষ্ঠ। ভাবৰ স্বচ্ছতা, বক্তব্যৰ স্পষ্টতা আৰু গল্প কোৱাৰ কৌশলৰ বাবে শৰ্মাৰ গল্পসমূহ আমাৰ সম্পদ। শৰ্মাৰ গল্পপুথি — ব্যৰ্থতাৰ দান। ইয়াৰ উপৰি বিখ্যাত চুটিগল্প কেইটামান হ’ল — ছিৰাজ, পৰাজয়, ব্যৰ্থতাৰ দান, বিদ্ৰোহিনী, ঊষা, নীনা ইত্যাদি। শৰ্মাৰ গল্পৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ'ল—
ক) শৰ্মাৰ গল্পতে পোনপ্ৰথমবাৰৰ কাৰণে নতুন নাৰীৰ বিপ্লৱী কণ্ঠ অতি সাহসিকতাৰে প্রতিধ্বনিত হোৱা দেখা যায়। নাৰী চৰিত্ৰই দুটা ধাৰাইদি বিপ্লৱী চেতনা প্ৰকাশ কৰিছে। প্ৰথমটো হ'ল— হৃদয়বৃত্তিৰ মুক্তি আৰু দ্বিতীয়টো— সামাজিক বান্ধোনৰ পৰা মুক্তি।
খ) শৰ্মাৰ গল্পত পৰিস্থিতি যিমান গভীৰ সিমান বাস্তবৰূপত চিত্রিত কৰা হৈছে। সেইবাবে এওঁৰ গল্পৰ পৰিস্থিতিবোৰ চৰিত্ৰৰ মানসিক দ্বন্দ্ব প্ৰকাশৰ বাবে অতি উপযোগী।
গ) শৰ্মাৰ গল্পত বক্তব্যৰ স্পষ্টতা আছে। কিন্তু বক্তব্যৰ এই স্পষ্টতাই চৰিত্ৰবোৰক ভাৰাক্ৰান্ত কৰি তোলা নাই।
ঘ) শৰ্মাৰ গল্পৰ গঠন-কৌশল, চৰিত্ৰৰ অভ্যন্তৰ জীৱনৰ প্ৰতিফলন আৰু কৰণ ৰসানুভূতি সংপৃক্ত গভীৰ জীৱনবোধ উল্লেখযোগ্য বৈশিষ্ট্য।
১৪। হলীৰাম ডেকাৰ গল্প প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰ: বিংশ শতিকাৰ প্ৰথম বছৰতে অর্থাৎ ১৯০১ চনত জন্মগ্রহণ কৰা হলীৰাম ডেকা আৱাহন যুগৰ এগৰাকী বিশিষ্ট লেখক। হলীৰাম ডেকাৰ কেইটামান বিখ্যাত গল্প হ'ল–ৰে বড়ে ভাই, ভ্ৰষ্টলিপি, দ্বিতীয় পক্ষ ইত্যাদি।
হলীৰাম ডেকাৰ গল্পৰ সাধাৰণ বৈশিষ্ট্য কেইটামান এনেধৰণৰ—
ক) আৱাহন যুগৰ গল্পকাৰসকলৰ ভিতৰত বিষয়বস্তু, ভাববস্তু আৰু কাৰিকৰী কৌশলৰ ভিতৰত অভিনৱত্ব সৃষ্টি কৰাৰ দিশত হলীৰাম ডেকা এগৰাকী বিশিষ্ট লেখক।
খ) কথনভংগীৰ ক্ষেত্ৰতো ডেকাৰ গল্প অনুপম। ডেকাৰ কথনভংগী সংযত আৰু বুদ্ধিদীপ্ত। সেইবাবে ভাবব্যঞ্জক সংলাপৰ মাজেদি ডেকাৰ গল্পৰ চৰিত্ৰবোৰ আত্মপ্রকাশ কৰা দেখা যায়।
গ) ডেকাৰ ‘ভ্ৰষ্টলিপি' গল্পটো প্ৰথম অসমীয়া ‘চেতনা স্রোত’ ভাৱধাৰাৰ গল্প।
ঘ) ফ্রয়েডীয় যৌন মনস্তত্ব, নাৰী মনস্তত্ব এওঁৰ গল্পত সুন্দৰভাৱে বিশ্লেষিত।
১৫। ত্রৈলোক্যনাথ গোস্বামীৰ গল্প প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰ: আৱাহন যুগৰ এগৰাকী শক্তিশালী লেখক ত্রৈলোক্যনাথ গোস্বামী। একেধাৰে সমালোচক আৰু চুটিগল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা গোস্বামীৰ গল্পৰ সংখ্যা যথেষ্ট। গোস্বামীৰ গল্প পুথিকেইখন হ'ল— অৰুণা, মৰীচিকা আৰু শিল্পীৰ জন্ম। গোস্বামীৰ কেইটামান বিখ্যাত গল্প হ’ল— এটা গৰম কোট, পতিত আৰু পতিতা, দুটকীয়া নোট, পৰাজয় ইত্যাদি।
ত্ৰৈলোক্যনাথ গোস্বামীৰ গল্পৰ কেইটামান সাধাৰণ বৈশিষ্ট্য এনেধৰণৰ—
ক) সমাজৰ দুখ দৈন্য, অনাচাৰ অবিচাৰৰ, নিষ্পেষিত স্ত্ৰী-পুৰুষৰ চৰিত্ৰ গোস্বামীৰ গল্পত আছে।
খ) গোস্বামীৰ গল্পত কলা-কৌশল বিশেষ পোৱা নাযায়। সবলভাৱে কাহিনী কথনত গুৰুত্ব দিয়াৰ বাবেই হয়তো এওঁৰ গল্পত কাৰিকৰী কৌশল গৌণ হৈ ৰ'ল।
গ) গোস্বামীৰ গল্পত— ভাববস্তুৰ একমুখিতা সুন্দৰভাৱে পৰিলক্ষিত হয়।
ঘ) ভাষাৰ সৰলতা, জটিল প্রকাশভংগী, কাহিনীকথনত গুৰুত্ব আৰু গতানুগতিক ভাববস্তুৰ বাবেই গোস্বামীৰ গল্প সহজবোধ্য।
১৬) অসমীয়া চুটিগল্পৰ বিকাশত 'আৱাহন' কাকতৰ বৰঙণিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৯২৯ চনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পৃষ্ঠপোষকতাত আৰু দীননাথ শৰ্মাৰ সম্পাদনাত ‘আৱাহন' কাকত প্রকাশিত হয়। 'আবাহন' আলোচনীৰ বিভিন্ন অৱদানৰ ভিতৰত উল্লেখযোগ্য অৱদান হ’ল—অসমীয়া চুটিগল্পৰ বিকাশ। আবাহন কাকতৰ চুটিগল্পই ‘জোনাকী’ কাকতৰ চুটিগল্পতকৈ ভালেমান দিশত ফালৰি কাটি আহি নতুনত্বৰ পৰিচয় দিলে। আৱাহন কাকতৰ চুটিগল্প বিভিন্ন সামাজিক, ৰাজনৈতিক পটভূমিত আছে। আৱাহন কাকতৰ কেইজনমান বিখ্যাত চুটিগল্পকাৰ হ'ল—নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, মহীন্দ্ৰ বৰা, হলীৰাম ডেকা, লক্ষ্মীনাথ ফুকন, ত্রৈলোক্য নাথ গোস্বামী, বীণা বৰুৱা, ৰমা দাস, কৃষ্ণ ভূঞা, দীননাথ শৰ্মা ইত্যাদি।
আৱাহন কাকতৰ কেইটামান বিখ্যাত চুটিগল্প হ'ল— ভাগ বটোৱাৰা, অব্যয়, ভ্ৰষ্টলিপি, টাইপিষ্টৰ জীৱন, পৰাজয়, এটা গৰম কোট, আঘোণী বাই, বর্ষা যেতিয়া নামে, বিদ্ৰোহিনী, ব্যৰ্থতাৰ দান ইত্যাদি। আৱাহন কাকতৰ চুটিগল্প সাহিত্যলৈ বিশেষ কেইটামান বৰঙণি হ'ল—
ক) আৱাহন কাকতৰ চুটিগল্পই বিষয়বস্তু, ভাববস্তু, আংগিক কলা-কৌশল সকলোতে স্বকীয়তা দেখুৱালে।
খ) আৱাহনৰ গল্পত প্রগতিশীল চিন্তাৰ উন্মেষ ঘটিল।
গ) ফ্রয়েডীয় যৌন মনস্তত্ব, চেতনাস্রোত পদ্ধতি, মার্ক্সৰ চিন্তাই অসমীয়া সাহিত্যক বিশেষমণ্ডিত কৰিলে আৱাহন কাকতৰ অৱদানৰ পৰাই।
ঘ) নাৰীৰ সামাজিক অৱস্থাৰ প্ৰতি বিশেষ দৃষ্টিভংগী, উদাৰনৈতিক মানৱতাবাদ, ৰোমাণ্টিক ভাবাদৰ্শৰ বিস্তাৰ ঘটিল আবাহনৰ চুটিগল্পত।
ঙ) সামাজিক কুসংস্কাৰৰ বিভিন্ন দিশ উন্মোচিত হ’ল আৱাহনৰ চুটিগল্প সাহিত্যত।
- অতি চমু উত্তৰ দিয়াঃ
১) ‘জোনাকী' কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা
২) কিমান চনত ‘জোনাকী' কাকত প্রকাশিত হৈছিল?
উত্তৰঃ ১৮৮৯ চনত।
৩) ‘জোনাকী’ কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল?
উত্তৰঃ কলিকতাৰ পৰা।
৪) অঃ ডাঃ উঃ সাঃৰ সম্পূর্ণ নাম কি?
উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা।
৫) অঃ ভাঃ উঃ সাঃ কিমান চনত গঠন কৰা হৈছিল?
উত্তৰঃ ১৮৮৮ চনত।
৬) জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী।
৭) প্রথম অসমীয়া উপন্যাসখনৰ নাম কি ?
উত্তৰঃ ভানুমতী।
৮) প্রথম অসমীয়া উপন্যাস কোনে ৰচনা কৰে?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই।
৯) ‘লাহৰী' উপন্যাসৰ ৰচক কোন?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা।
১০) প্রথম অসমীয়া সামাজিক উপন্যাসখনৰ নাম কি?
উত্তৰঃ মিৰি জীয়ৰী
১১) ‘মিৰি জীয়ৰী’ উপন্যাসৰ ৰচক কোন?
উত্তৰ: ৰজনীকান্ত বৰদলৈ।
১২।) ‘মিৰি জীয়ৰী’ উপন্যাসত কোন জনজাতিৰ বৰ্ণনা আছে।
উত্তৰঃ মিৰি বা মিচিং।
১৩) ' নির্মল ভকত' উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ ৰজনীকান্ত বৰদলৈ।
১৪) ‘মনোমতী' উপন্যাসৰ ৰচক কোন?
উত্তৰঃ ৰজনীকান্ত বৰদলৈ।
১৫) অসমীয়া সাহিত্যত ‘ঔপন্যাসিক সম্রাট’ বুলি কাক কোৱা হয়?
উত্তৰঃ ৰজনীকান্ত বৰদলৈক।
১৬) ‘তালেশ্বৰীৰ মন্দিৰ’ উপন্যাসৰ ৰচক কোন?
উত্তৰঃ ৰজনীকান্ত বৰদলৈ।
১৭) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰঃ পদুম কুঁৱৰী।
১৮) দণ্ডিনাথ কলিতাৰ এখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ ফুল।
১৯) 'সাধনা' উপন্যাসৰ লেখক কোন?
উত্তৰঃ দণ্ডিনাথ কলিতা।
২০) ‘হত্যাকাৰী কোন’আৰু ‘গণ বিপ্লব' উপন্যাসৰ ৰচক কোন?
উত্তৰঃ দণ্ডিনাথ কলিতা।
২১) ‘আৱিস্কাৰ' কাৰ ৰচনা ?
উত্তৰঃ দণ্ডিনাথ কলিতাৰ।
২২) 'অপূর্ণ' উপন্যাসৰ লেখক কোন?
উত্তৰঃ দৈবচন্দ্ৰ তালুকদাৰ।
২৩) দৈৱচন্দ্ৰ তালুকদাৰৰ এখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ আগ্নেয়গিৰি।
২৪) ‘বিদ্রোহী' উপন্যাসৰ ৰচক কোন?
উত্তৰঃ দৈবচন্দ্ৰ তালুকদাৰ।
২৫) ‘দুনীয়া’ উপন্যাসৰ ৰচক কোন?
উত্তৰঃ দৈবচন্দ্ৰ তালুকদাৰ।
২৬) ‘মালিতা' উপন্যাসৰ ৰচক কোন?
উত্তৰঃ হিতেশ্বৰ বৰ বৰুৱা।
২৭) শৰৎ চন্দ্ৰ গোস্বামীৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰঃ পাণিপথ।
২৮) “চিত্র দর্শন’ উপন্যাসখন কাৰ ৰচনা ?
উত্তৰঃ হৰিনাৰায়ণ দত্ত বৰুৱাৰ।
২৯) ‘আৱাহন' কাকতৰ সম্পাদক কোন আছিল?
উত্তৰঃ দীননাথ শৰ্মা।
৩০) ‘আৱাহন' কাকত কিমান চনত প্ৰকাশিত হৈছিল?
উত্তৰঃ ১৯২৯ চনত ।
৩১) ‘আৱাহন' কাকতৰ পৃষ্ঠপোষকজনৰ নাম কি?
উত্তৰঃ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী।
৩২) লক্ষ্মীনাথ বেজবৰুৱাৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰঃ সুৰভী (এইখন প্রথম)।
৩৩) অসমীয়া চুটিগল্পৰ জনক কোন?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।
৩৪) বেজবৰুৱাৰ প্ৰথম গল্পটোৰ নাম কি?
উওৰ: সেউজ
৩৫) ‘সাধুকথাৰ কুকি' গল্পপুথিখন কাৰ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ।
৩৬) ‘জোনবিৰি’ কাৰ ৰচনা?
উত্তৰঃ বেজবৰুৱাৰ।
৩৭) শহৎচন্দ্ৰ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰঃ ময়না।
৩৮) ‘বাজীকৰ’ গল্প পুথিখনৰ ৰচক কোন?
উত্তৰঃ শৰৎ চন্দ্ৰ গোস্বামীৰ।।
৩৯) ‘গল্পাঞ্জলী' গল্পপুথিখনৰ ৰচক কোন?
উত্তৰঃ শৰৎ চন্দ্ৰ গোস্বামী।
৪০) ‘পঞ্চমী' গল্প সংকলনৰ ৰচোতা কোন?
উত্তৰঃ সূৰ্য কুমাৰ ভূঞা।
৪১) নকুল চন্দ্ৰ ভূঞাৰ এখন গল্প পুথিৰ নাম লিখা।
উত্তৰঃ চোৰাংচোৱাৰ চ'ৰা।
৪২) ‘গল্পৰ শৰাই’ গল্পপুথিখন কাৰ?
উত্তৰঃ নকুল চন্দ্ৰ ভূঞাৰ।
৪৩) ‘সাতসৰী’ গল্প পুথিখন কাৰ ৰচনা?
উত্তৰঃ দণ্ডিনাথ কলিতাৰ।
৪৪) নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্পৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ চৌধুৰীৰ গল্পত নৰ-নাৰীৰ প্ৰেমৰ প্ৰতি গুৰুত্ব আৰোপ কৰা দেখা যায়।
৪৫) লক্ষ্মীনাথ ফুকনৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰঃ মালা।
৪৬) ‘মৰমৰ মাধুৰী' গল্পপুথিৰ ৰচক কোন?
উত্তৰঃ লক্ষ্মীনাথ ফুকন।
৪৭) ‘ব্যৰ্থতাৰ দান’ গল্পপুথিৰ ৰচক কোন?
উত্তৰঃ লক্ষীধৰ শৰ্মা।
৪৮) ৰমা দাসৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰঃ বর্ষা যেতিয়া নামে।
৪৯) ‘জাহ্নৱী’ গল্পপুথিৰ ৰচক কোন?
উত্তৰঃ ৰমা দাস।
৫০) বীণা বৰুৱাৰ এখন গল্প পুথিৰ নাম লিখা।
উত্তৰঃ আঘোণী বাই।
৫১) ত্ৰৈলোক্যনাথ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰঃ অৰুণা।