১) অলংকাৰ কাক বোলে?
উওৰ: অলংকাৰ শব্দটো সংস্কৃত ‘অল্ম' শব্দৰ পৰা উৎপত্তি হৈছে। ‘অল্ম' শব্দটো দুটা অৰ্থত ব্যৱহৃত হৈছে। এটা অৰ্থ হৈছে পর্যাপ্ত বা যথেষ্ট ভাব আৰু আনটো অৰ্থ হ'ল ভূষণ। কাব্য বা সাহিত্য যিহৰ দ্বাৰা অল্ম বা ভূষিত হয়, অলংকাৰ কাক বোলে? অলংকাৰ শব্দটো সংস্কৃত ‘অল্ম' শব্দৰ পৰা উৎপত্তি হৈছে। ‘অল্ম' শব্দটো দুটা অৰ্থত ব্যৱহৃত হৈছে। এটা অৰ্থ হৈছে পর্যাপ্ত বা যথেষ্ট ভাব আৰু আনটো অৰ্থ হ'ল ভূষণ। কাব্য বা সাহিত্য যিহৰ দ্বাৰা অল্ম বা ভূষিত হয়, সিয়ে অলংকাৰ। কাব্যৰ আত্মা ৰসৰ বাহিৰেও কাব্যৰ সৌন্দর্য বঢ়োৱা আৰু এবিধ বস্তু আছে, তাক অলংকাৰ বোলে। আচাৰ্য দণ্ডীৰ মতে কাব্যৰ শোভা বর্ধন কৰা ধৰ্মই অলংকাৰ— “কাব্যশোভাকৰান ধৰ্ম্মানু অলংকাৰান প্ৰচক্ষতে।” (কাব্যদর্শ, ২/৯) ব্যাপক অৰ্থত অলংকাৰ শব্দৰ অৰ্থ সৌন্দৰ্য; আৰু সংকীৰ্ণ অৰ্থত অনুপ্রাস, উপমা, ৰূপক আদি সাহিত্যৰ বিশিষ্ট অলংকাৰসমূহ। কাব্যশাস্ত্ৰত বসতত্ত্বৰ পিছতেই অলংকাৰৰ স্থান।
২) অলংকাৰ কেইবিধ আৰু কি কি?
উত্তৰ: অলংকাৰৰ প্ৰধান বিভাগ দুটা আৰু সকলো আলংকাৰিকে এই দুটা বিভাগ স্বীকাৰ কৰিছে। অলংকাৰৰ প্ৰধান বিভাগ দুটা হ’ল— শব্দালংকাৰ আৰু অৰ্থালংকাৰ। ইয়াৰ উপৰি শব্দালংকাৰ আৰু অৰ্থালংকাৰ এই দুয়োটাৰে লক্ষণ থকা তৃতীয় এটা বিভাগ আছে, তাৰ নাম উয়ালংকাৰ।
৩) সাহিত্যত অলংকাৰৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ কাব্য উপাদেয় হয় অলংকাৰৰ পৰা আৰু সৌন্দৰ্যই হৈছে অলংকাৰ। সাহিত্যৰ ক্ষেত্ৰত অলংকাৰে এক বিশিষ্ট আসন দখল কৰি আছে। কাব্য বা সাহিত্যৰ সৌন্দর্য বা ৰমণীয়তা বৃদ্ধি কৰিছে অলংকাৰে। আলংকাৰিকসকলে অৱশ্যে অলংকাৰৰ ভূষণ অৰ্থটোক সাহিত্যৰ অস্থিৰ বা অনিত্য ধৰ্ম বুলিহে গ্ৰহণ কৰিছে। তেওঁলোকৰ মতে অলংকাৰ কাব্যৰ প্ৰাণস্বৰূপ নহয়; ই খাৰু, মণি-মুকুতাৰ দৰে বাহ্যিক বস্তুহে মাত্র। সুন্দৰী নাৰী এগৰাকীৰ শোভা অলংকাৰ পৰিধান নকৰিলেও প্রকাশ পাব। একেদৰে অন্তৰস্থিত গুণেৰে যদি কাব্য সমৃদ্ধ হয়, তেন্তে অলংকাৰৰ অনুপস্থিতিতো সি উপযুক্ত কাব্যই হ'ব।
বামনৰ মতে অলংকাৰৰ দ্বাৰাহে কাব্য উপাদেয় হয়— ‘কাব্যম গ্রাহাম্লংকাৰাৎ।' দণ্ডীয়ে কৈছে যে— অলংকাৰ কাব্য শৰীৰৰ লাৱণ্যহে। পৰৱৰ্তী আলংকাৰিখসকলৰ । দৃষ্টিত অলংকাৰৰ গুৰুত্ব হ্রাস পালেও বা ইয়াক অপৰিহাৰ্য উপাদান বুলি গণ্য কৰা নহ'লেও অলংকাৰৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।
ড° তীৰ্থনাথ শৰ্মাই ‘সাহিত্য বিদ্যা পৰিক্ৰমা' গ্ৰন্থত অলংকাৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কৈছে— অলংকাৰৰ প্ৰয়োজন প্রধানভাৱে তিনিটা। প্রথম প্রয়োজন হ’ল বাক্যক প্ৰভাৱশালী কৰা, দ্বিতীয় প্রয়োজন বর্ণনীয় বিষয়ৰ স্পষ্টীকৰণ আৰু তৃতীয় অথচ মুখ্য প্রয়োজন হ’ল ৰমণীয়তা সম্পাদন। তলত সাহিত্যত অলংকাৰৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা হ'ল।
১) বাক্যক প্ৰভাৱশালী কৰা : বর্ণনীয় বিষয়ক উজ্বল কৰি তোলাৰ ক্ষেত্ৰত কাব্য বা সাহিত্যত অলংকাৰৰ প্ৰয়োজন আছে)। উদাহৰণস্বৰূপে— ‘আলো মাই, কি কহব দুখ, পৰাণ নিগৰে না দেখিয়া চান্দ মুখ।' ইয়াত ‘পৰাণ নিগৰে' বুলি কওঁতে গোপীসকলৰ হৃদয়ৰ সমস্ত বিৰহ-বেদনা যেনেভাৱে উবুৰিয়াই দেখুৱাব পাৰিছে, হিয়া ঢাকুৰিয়াই কান্দিলেও সিমানখিনি নহ'লহেঁতেন।
শ্ৰোতা পাঠকৰ অন্তৰ স্পৰ্শ কৰিব পৰাকৈ বাক্য উপস্থাপন কৰিবলৈ হ'লে অলংকাৰৰ যথাযথ প্ৰয়োগৰ প্ৰয়োজনীয়তা আছে। অঁয়ে লব্ধং সে নেত্রনির্বানম'— দুৰ্ঘ্যন্তৰ এই বাক্যটোৱেই শকুন্তলাৰ দৈহিক ৰূপ-সৌন্দর্য সম্পূৰ্ণ ৰূপত প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে শকুন্তলাৰ প্ৰত্যেক অংগৰ শোভা বৰ্ণনা কৰি যোৱা হ'লে নিশ্চয় উল্লিখিত উক্তিটোৰ সমপৰ্যায়ৰ নহ'লহেঁতেন। ইয়েই অলংকাৰৰ প্ৰভাৱশালিতা।
৩) বর্ণনীয় বিষয়ৰ স্পষ্টীকৰণঃ বর্ণনীয় বিষয়ৰ চমৎকাৰিত্ব বৃদ্ধিৰ বাবে অলংকাৰৰ : প্রয়োজন। গাখীৰ পানীৰ দৰে জুলীয়া পদাৰ্থ— এই সাদৃশ্য সাধাৰণ সাদৃশ্য। এনে বৰ্ণনাই সহৃদয়জনৰ অন্তৰত কোনো আহ্লাদ নজন্মায়। কিন্তু 'পূৰ্ণিমাৰ জোন যেন তোমাৰ মুখ।' —এই বৰ্ণনাই চমৎকাৰ বৰ্ণনা। ই সহৃদয়জনৰ অন্তৰত সৌন্দর্য চেতনা জাগ্রত কৰিব পাৰে। এনে চমৎকাৰিত্ব বা ৰমণীয়তা সৃষ্টিৰ বাবেই অলংকাৰৰ প্রয়োজন।
৪) ৰমণীয়তা সম্পাদন ঃ অলংকাৰৰ তৃতীয় অথচ সর্বোপৰি প্ৰধান প্রয়োজন হ’ল ৰমণীয়তা সম্পাদন। কাব্যলংকাৰে বুদ্ধিৰ উপৰি কল্পনাক জাগ্রত কৰি ভাবত মাধুৰ্য্য সানে। যেনে— 'নীল পদুমৰ নিচিনা চকু।'— ইয়াত থকা সাদৃশ্য মনোৰম সাদৃশ্য। চকুৰ সৌন্দৰ্য্য ফুটাই তুলি ই মনত এটা মনোহাৰিনী অৱস্থিতিৰ উদ্ভৱ কৰিছে। সাহিত্যত ৰস সৃষ্টিৰ বাবেও অলংকাৰৰ প্ৰয়োজন আছে। অলংকাৰৰ জৰিয়তেই ব্যক্তিৰ হৃদয়ত ৰসৰ উদ্রেক ঘটে।
৪) অলংকাৰ কেইবিধ আৰু কি কি ? প্ৰতিবিধৰে সংজ্ঞা লিখি উদাহৰণ দিয়া।
উওৰ: অলংকাৰ প্ৰধানকৈ দুবিধ – শব্দালংকাৰ আৰু অৰ্থালংকাৰ। ইয়াৰ উপৰি আন এবিধ বিভাগ হ'ল— উভয় অলংকাৰ।
ক) শব্দালংকাৰঃ শব্দ (ধ্বনি)ক আশ্ৰয় কৰি সৃষ্টি হোৱা অলংকাৰেই শব্দালংকাৰ। যি অলংকাৰে তাৰ সাৰ্থকতাৰ কাৰণে সম্পূৰ্ণকৈ শব্দৰ প্ৰয়োগৰ ওপৰত নিৰ্ভৰ কৰে তাকে শব্দালংকাৰ বোলে ৷ ইয়াত এক বা একাধিক বর্ণ বা শব্দ দুবাৰ বা ততোধিকবাৰ পুনৰুক্তি হয় আৰু বাক্য শুনিবলৈ শুৱলা কৰে। উদাহৰণস্বৰূপে——
“ভ্ৰমি ভ্ৰমি ভ্ৰমৰা ভুঞ্জয়ে মধুৰস। দেখি ৰাঘবৰ বৰ মিলিলা সন্তোষ।।” (দুর্গাবৰ)
শব্দালংকাৰ মুঠতে ছবিধ অনুপ্রাস, যমক, পুনৰুক্তবদাভাস, শ্লেষ, বক্রোক্তি, আৰু চিত্ৰ ।
খ) অৰ্থালংকাৰ
অৰ্থালংকাৰত অলংকাৰৰ সাৰ্থকতা বা অস্তিত্ব নির্ভৰ কৰে অৰ্থৰ ওপৰত। যি বাক্যৰ অন্তর্নিহিত অর্থ আশ্ৰয়ত গঢ়ি উঠা অলংকাৰকে অৰ্থালংকাৰ বোলে। ইয়াত শব্দৰ স্থান গৌণ। কোনো শব্দৰ পৰিৱৰ্তে সমার্থক আন এটা শব্দ ব্যৱহাৰ কৰিলেও যদি অলংকাৰৰ অস্তিত্ব থাকে, তেন্তে সেয়াই অৰ্থালংকাৰ। যেনে— “তোমাৰ মুখখনি পূৰ্ণিমাৰ জোন'— এই অংশত ‘জোন'ৰ সমাৰ্থক ‘চন্দ্ৰ’ প্ৰয়োগ কৰিলেও মুখখনৰ সৌন্দর্য অনুধাৱনত ব্যাঘাত নজন্মে। অৰ্থালংকাৰ মুখ্যতঃ পাঁচ ভাগত ভগাব পাৰি:
ক) সাদৃশ্যমূলক
খ) বিৰোধমূলক
গ) শৃংখলামূলক
ঘ) ন্যায়মূলক
ঙ) গূঢ় প্রতীতিমূলক
শব্দালংকাৰ আৰু অৰ্থালংকাৰ উভয়ৰে সাদৃশ্য থকা আন এবিধ অলংকাৰ হৈছে। ‘উভয় অলংকাৰ’। কেতিয়াবা অলংকাৰ ঘটক কেইবাটাও শব্দৰ কোনো এটা সলাই সেই অৰ্থৰ আন শব্দ লগালে অলংকাৰ নাথাকে আৰু সেই অলংকাৰ ঘটক কোনোটো পদ উঠাই তাৰ বেলেগ শব্দ দিলেও অলংকাৰ থাকি যায়। এনেবোৰ স্থলত অলংকাৰৰ শব্দগতত্ব আৰু অৰ্থগতত্ব দুয়োটা গুণেই থাকে। এই ধৰণৰ অলংকাৰক মম্মাটাদি আচাৰ্যই উভয়ালংকাৰ বুলি কৈছে। পুনৰুক্তবদাভাস নামৰ অলংকাৰটো এই শ্ৰেণীত পৰে। উদাহৰণ স্বৰূপে—‘গজকুঞ্জৰকৃত্তিভ্ন্ মহেশঃ।
“নৱ ৰসত বাদেও সাহিত্যৰ জেউতি চৰোৱা আৰু এবিধ বস্তু আছে।” -এইবিধ বস্তু কি?ই কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ এইবিধ বস্তু হ’ল ‘অলংকাৰ'। ই প্রধানত দুই প্ৰকাৰৰ — শব্দালংকাৰ আৰু অৰ্থালংকাৰ।