নগাঁও ইতিহাস, সংঘাতৰ ব্যৱচ্ছেদ : জুৰীয়াত ক্ষেত্র অধ্যয়ন। History of Nagaon

০.১: পাতনি:

ইংৰাজী conflict শব্দটোৰ আভিধানিক ব্যাখ্যা war or fight, a violent collison আদি বুলি দিয়া হয়। আনহাতে, war and conflict are not same বুলিও কোৱা হয়। শব্দটোৰ অসমীয়া প্রতিশব্দ সংঘাত আৰু/বা সংঘর্ষ কৰিব পাৰি; যুদ্ধ কৰিব নোৱাৰি। সংঘাত হ’ল দ্বন্দ্ব বা মতবিৰোধৰ তীব্ৰ ৰূপ— য'ত বৌদ্ধিক শক্তিৰ ঠাই অধিগ্ৰহণ কৰে শাৰীৰিক শক্তিয়ে। সংঘাতে তীব্ৰ ৰূপ ল'লে সি হৈ পৰে সংঘৰ্ষ। সংঘৰ্ষৰ ব্যাপক আৰু বিস্তীর্ণ ৰূপটোৱেই হ'ল যুদ্ধ। আজিৰ পৃথিৱীৰ দ্বন্দ্ব, মতবিৰোধ, সংঘাত, সংঘর্ষ, যুদ্ধ— এই সকলোবোৰেই সুলভ। মানৱ সমাজ-সভ্যতাক অস্থিৰ কৰি তুলিছে, মানব সংস্কৃতিক বিপন্ন কৰিছে এই পাঁচটা প্রপঞ্চই। শীতল যুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত বিশ্বত ইবোৰৰ প্রাবল্য কমাৰ আশা কৰা হৈছিল যদিও শুভ বুদ্ধিসম্পন্নসকলৰ এই আশা পূৰণ নহ'ল— ইবোৰৰ প্রাবল্য বাঢ়িলহে। সেয়াও সংঘটিত হ'ল চক্রবৃদ্ধি হাৰত!

সংঘাত আধুনিক নাগৰিক প্ৰপঞ্চ। প্রাচীন গ্ৰাম্য সমাজত সংঘাত শূন্য প্রায় আছিল। মানুহৰ স্বাৰ্থৰ সমসত্ততা (homogenity) আছিল ইয়াৰ কাৰণ। সম্পদৰ প্ৰাচুৰ্য আৰু প্ৰকৃতি বিৰোধী যুঁজখনৰ প্রাবল্যও ইয়াৰ আন দুটা কাৰণ। প্রকৃতিক জয় কৰি এখন আধুনিক নাগৰিক সমাজ (modern civil society) জন্ম দিয়াৰে পৰা সম্পদো কমিল আৰু স্বার্থও ভিন্ন (Heterogenous) হৈ পৰিল। গোষ্ঠীভিন্নতা, ধর্মভিন্নতা, দেশ ভিন্নতা, জাতিভিন্নতা আদি এই ভিন্নতাৰ ভিতৰুৱা। নক'লেও হয় যে সম্পদৰ ওপৰত কর্তৃত্ব স্থাপনাকাংক্ষাই এনে ভিন্নতাৰ কাৰণ। এনেদৰে আধুনিক নাগৰিক সমাজত সৃষ্টি হয় সংঘাত— যাক আমি বহলভাৱে গোষ্ঠীগত সংঘাত (ethnic conflict) আৰু সাম্প্ৰদায়িক সংঘাত (communal conflict) বুলি দুভাগত ভগাব পাৰো। এনেদৰে সংঘাত এক সামাজিক ৰাজনৈতিক প্রপঞ্চ (a socio political phenomenon)। অৱশ্যেই ইয়াৰ থাকে এটা অৰ্থনৈতিক ভেটিও। আধুনিক সমাজ বিজ্ঞানৰ অৱশ্যে সকলো সংঘাতকে গোষ্ঠী সংঘাত বোলা হয় – কাৰণ ‘ethnicity simply the larger set to which religion, race, language and sect belong as subsets in this definition, 23.1 ভাৰতৰ সামাজিক-ৰাজনৈতিক প্রেক্ষাপটত হিন্দু-মুছলমান সংঘাতেই সৰ্ববৃহৎ সংঘাত। ৰাজনৈতিক কাৰণতে এই সংঘাত হয়— যাক সংজ্ঞায়িত কৰা হয় সাম্প্রদায়িক। চৰকাৰী সূত্রমতে ১৯৫০-৯৫ চনৰ ভিতৰত এনে সংঘৰ্ষত ভাৰতত মৃত্যু হৈছে ৭১৭৩ জন লোকৰ1232 বিষয়টোৰ ব্যাখ্যাৰ সুযোগ ইয়াত নাই; মাথো এই কথাই ক’ব পাৰি যে, 'ethnic conflict...may be inherent in all pluralistic political systems, authoritarian or democratic. Compared to authoritarian systems, a democratic policy is simply more likely to witness modern expression of such conflicts."23.3

০.২: অসম প্ৰসংগ:

অসম ভাৰতৰ দ্বিতীয় সর্বাধিক মুছলমান বসতিপূৰ্ণ ৰাজ্য। ইয়াৰ স্থান দেশখনৰ সৰ্বাধিক উত্তেজনাপূৰ্ণ প্ৰদেশ জম্মু আৰু কাশ্মীৰৰ পিছতে। তথাপি ভাৰতৰ যি কেইখন ৰাজ্যত হিন্দু-মুছলমান সংঘাত একেবাৰে কমকৈ হয়, অসম তাৰে অন্যতম। এই সামাজিক-ৰাজনৈতিক পৰিঘটনাটো স্বৰাজোত্তৰ কালৰ ‘দান'। ৰাজ্যখনৰ সাম্প্রদায়িক সম্প্ৰীতি আধুনিক বহুবর্ণ সমাজৰ (modern pluralistic society) আদর্শ হ'ব পাৰে। ১৯৫০ চনত ৰাজ্যখনে এনে ঘটনা প্রথমবাৰৰ বাবে দৰ্শন কৰে৷234 ১৯৭৯-৮৩ চনৰ সময়ছোৱাত আৰু বিশেষকৈ ১৯৮৩ চনত ৰাজ্যখনৰ কেইবা ঠাইতো বিক্ষিপ্তভাৱে হিন্দু মুছলমান সংঘাতৰ ঘটনা ঘটিছিল। তেতিয়াৰ নগাঁও জিলাৰ নেলীৰ সংঘাতেই। আছিল সৰ্ববৃহৎ আৰু স্বাভাৱিক কাৰণতেই এই ঘটনাই সেই সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ গুৰুত্ব পাইছিল। নেলী এতিয়া সাম্প্রদায়িক সংঘাত অধ্যয়নৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টান্ত। ১৯৮৮ চনত কোকৰাঝাৰ জিলাত আন এলানি সংঘাত ঘটে— বড়ো আৰু আদিবাসীৰ মাজত। ১৯৯২ চনত নগাঁও জিলাত পুনৰ হিন্দু-মুছলমান সংঘাত হয় অযোধ্যাকাণ্ডৰ প্রতিক্রিয়া স্বৰূপে। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে নগাওঁ জিলা হ’ল ৰাজ্যখনৰ সৰ্বাধিক মুছলমান জনসংখ্যা বিশিষ্ট জিলা আৰু এই জিলাতেই সর্বাধিক হিন্দু-মুছলমান সংঘাত ঘটিছে।

দ্বাদশ শতিকাতেই অসমত ইছলামৰ প্ৰবেশ হৈছিল যদিও কুৰি শতিকালৈকে অসমত হিন্দু-মুছলমান সংঘাতৰ কোনো নিদৰ্শন নাই। কুৰি শতিকাৰ আৰম্ভণীৰে পৰা অসমলৈ তেতিয়াৰ পূববংগৰ পৰা ব্যাপক প্রব্রজন ঘটে। হিন্দু-মুছলমান উভয় ধৰ্মাৱলম্বী এই প্ৰব্ৰজনকাৰীসকলে অসমৰ গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁৱত বসতি আৰম্ভ কৰে। এই প্ৰব্ৰজনৰ স্বৰূপ আৰু ব্যাপকতাৰ লগতে সুদূৰ প্ৰসাৰী প্ৰভাৱৰ বিষয়ে অৱগত হ’ব পাৰি ১৯৩১ চনত অসমৰ লোকপিয়ল অধীক্ষক (Superindent, Census Operations, Assam 1931) চি এছ মুলানৰ মন্তব্য পঢ়িলে। এই বিষয়টো এই নিবন্ধৰ শেষৰ ফাললৈ আলোচনা কৰিবলৈ থৈ এতিয়া মাথো ইয়াকেই কৈ ক'ব পাৰি যে মুলানৰ বিশ্লেষণক একাষৰীয়া কৰি তেতিয়া অৱশ্যে অসমীয়াই হিন্দু বাঙালী সকলকহে শত্ৰুৰ আসনত থৈছিল। ইয়াৰ কাৰণ আছিল সাংস্কৃতিক আগ্রাসনৰ শংকা। নিজৰ ৰাজ্যত নিজৰ সংস্কৃতিক প্রতিপন্ন কৰাৰ যুঁজখনত অসমীয়াসকল বহুকাল ব্যস্ত থাকিল। শেষত এই যুঁজত জয়ী হৈ দেখিলে যে মুছলমান বাঙালীসকলো শংকাৰ কাৰণ হৈ উঠিছে। অৱশ্যে ইয়াৰ কাৰণ মুছলমানৰ সংখ্যা বৃদ্ধি নিজে নহয়— সমস্যাটো তৎজনিতহে ঃ মাটিৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱাৰ শংকা। সংস্কৃতি আৰু মাটিৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱাৰ শংকা অসমীয়াৰ মনত দ’লৈকে সোমাইছিল। ইয়াৰ প্ৰতিকাৰ বিচাৰিয়েই অসমীয়াই ৰাজ্যভাষা আন্দোলন, মাধ্যম আন্দোলন আৰু বিদেশী বহিষ্কাৰ আন্দোলন কৰিছিল। পিছে সমস্যাটোৰ কোনো সমাধান নোলাল। আজিৰ তাৰিখত অসমৰ সামাজিক-ৰাজনৈতিক জীৱন তোলপাৰ কৰি ৰখা সর্বব্যাপক সংঘাত হ'ল। বাংলাদেশীৰ (পূববংগীয়ৰ) অনুপ্রবেশজনিত মাটিৰ সমস্যা। প্রথাগত হিন্দু মুছলমান সংঘাতৰ সৈতে এই সংঘাতৰ কোনো মিল নাই : ৰক্তক্ষয় বা জনহানি এই সংঘাতত হোৱা নাই, অথচ বহল অৰ্থত ইও হিন্দু-মুছলমান সংঘাতেই। এই সংঘাতৰ আছে বিশেষ অর্থনৈতিক গুৰুত্ব। বিষয়টো অধ্যয়নৰ বাবে লোৱা হৈছে এইবোৰ বিশেষ কাৰণতেই।

১.১ঃ বিহংগম দৃষ্টিত নগাঁও জিলাৰ ইতিহাস

ৰাজ্যখনৰ থলুৱা মানুহে প্ৰব্ৰজনকাৰী অথলুৱাৰ হাতত মাটিৰ নিয়ন্ত্ৰণ হেৰুৱাই কেনেদৰে অস্তিত্বৰ শংকাত ভুগিছে তাৰ উৎকৃষ্ট উদাহৰণ নগাঁও জিলা। আমি জিলাখনৰ ইতিহাসত বিহংগাৱলোকন কৰিম।

নগাঁৱৰ নাম আহোম শাসনকালত প্রথম শুনা গৈছিল স্বৰ্গদেউ প্রতাপ সিংহৰ দিনতহে— যেতিয়া মোমাই তামুলী বৰবৰুৱাই তেওঁৰ গাঁও সংগঠন কাৰ্যসূচীৰ অধীনত খাগৰিজানৰ পাৰত নতুন গাঁও পাতিছিল আৰু কোটোহা গড় বন্ধাইছিল। আধুনিক প্রশাসনীয় দৃষ্টিত নগাঁও জিলা গঠিত হৈছিল ১৮৩২ চনত, নামনি খণ্ডৰ পৰা এছোৱা ফালি নিয়াৰ জৰিয়তে।

পুৰণিগুদাম আৰু ৰঙাগড়া আছিল নগাঁও জিলাৰ প্ৰথম দুখন সদৰ ঠাই— নগাঁও চহৰত সদৰ পতা হয় ১৮৩৫ চনত আৰু বৰ্তমানৰ উপায়ুক্তৰ কাৰ্যালয় থকা ঠাইত ঘৰ-দুৱাৰ বন্ধা হয় ১৮৩৯ চনত “To start with the administration the court building was established in te year 1839. It was then a thatched house with a Kutcha floor and a military officer was a district head23.5 | ১৮৭৯ চনত প্ৰকাশিত উইলিয়াম হাণ্টাৰৰ গ্ৰন্থ 'A Statistical Handbook of Assam'ৰ মতে

23.5 নগাঁও বাৰ লাইব্ৰেৰীৰ সংক্ষিপ্ত ইতিহাস প্ৰবন্ধত হেমকান্ত শৰ্মাৰ উদ্ধৃতি, শতবার্ষিকী স্মৃতিগ্ৰন্থ, শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰী, নগাঁও, ১৯৯৯। পৃষ্ঠা ৮৯। উপায়ুক্তজনৰ নাম লেফটেনেন্ট ৰাডাৰফোর্ড। নগাঁও জিলাৰ সেই সময়ৰ চাৰিসীমা আছিল এনেধৰণৰ উত্তৰত ব্ৰহ্মপুত্র নদ, পূবত দিহিং নদী আৰু কলিয়নী নৈ আৰু নগা পাহাৰ, দক্ষিণত জয়ন্তীয়া পাহাৰ আৰু টুলুংগী নদী আৰু পশ্চিমত আছিল ডিমৰুৱাৰ কলং নদী। মিকিৰ পাহাৰ জিলা (বৰ্তমানৰ কাবিং আংলং জিলা) আৰু মৰিগাঁও জিলা অংশ দুটা কাটি নিয়াৰ পিছত বৰ্তমানৰ নগাঁও জিলাৰ চাৰিসীমা এনেধৰণৰ— উত্তৰত ব্ৰহ্মপুত্ৰ নদ, দক্ষিণত উত্তৰ কাছাৰ পাহাৰ জিলা আৰু কাৰ্বি আংলং জিলা, পূবে যোৰহাট জিলা আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমত মৰিগাঁও জিলা আৰু কাৰ্বি আংলং জিলা। ১৮৩২, ১৯৮০ আৰু ২০০৯ চনত জিলাখনৰ মাটিকালি ক্রমে ৭৪২, ৫৪৯৯ আৰু ৩৯৭৩ বর্গ কিলোমিটাৰ।

১.২ : জুৰীয়াৰ গুৰুত্ব: 

ঊনৈশ শতিকাৰ তৃতীয় দশক পর্যন্ত জুৰীয়ালৈ ৰাজ্যখনৰ আন ঠাইৰ লোকৰ প্ৰব্ৰজন ঘটি আছিল। অসমত বৃটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত জুৰীয়ালৈ এনে আন্তঃপ্ৰব্ৰজন বন্ধ হ’ল। এই সুস্থিৰতা নটা দশক বৰ্তি থকাৰ পিছত, কুৰি শতিকাৰ দ্বিতীয় দশকত জুৰীয়ালৈ তেতিয়াৰ পূববংগৰ পৰা প্ৰব্ৰজনকাৰী আহিবলৈ লয়। অসম চৰকাৰেও বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত (যেনে Colonization Scheme, Development Scheme, Grow More food plan) জুৰীয়াৰ বিভিন্ন অঞ্চল প্ৰব্ৰজনকাৰীৰ বাবে মুকলি কৰি দিবলৈ ধৰিলে। এই বিষয়ে এইখিনি ক’লেই হয় যে পূৰ্ববংগীয় প্ৰব্ৰজনৰ লগে লগে জুৰীয়াত আৰম্ভ হ’ল মাটিৰ ওপৰত থলুৱাৰ নিয়ন্ত্ৰণ হেৰোৱাৰ প্ৰক্ৰিয়াটো। যোৱা প্ৰায় এটা শতিকা জুৰি এই প্ৰক্ৰিয়া চলি আছে। প্ৰব্ৰজনকাৰীৰ ওচৰত মাটি ভেটি এৰি থৈ জুৰীয়াৰ থলুৱাই কৰা প্ৰব্ৰজনৰ কাৰণ কেইটামান এই ধৰণে চিনাক্ত কৰিব পাৰি — (ক) ঊনৈশ শতিকাৰ শেষৰ ফালে অসমত ক'লাজ্বৰে মহামাৰীৰ ৰূপ লৈছিল। ইয়াৰ সমান্তৰালভাৱে প্ৰাদুৰ্ভাৱ হৈছিল হাইজা, মেলেৰীয়া আৰু বসন্ত ৰোগৰ। এই মহামাৰীত অকল নগাঁও জিলাতে এটা মাত্ৰ দশকত মৃত্যু হৈছিল ১,২০,০০০ লোকৰ। জুৰীয়াৰো বহুগাঁও এই মহামাৰীতে উছন প্রায় হৈ হৈ যোৱাত গাঁওবোৰৰ অৱশিষ্ট মুষ্টিমেয় লোকে বহিঃপ্রব্রজন কৰিছিল। (খ) বৃটিছে বলবৎ কৰা নতুন ভূমি নীতি মতে মাটিৰ পট্টা ল'লে প্রিমিয়াম আৰু খাজনা দিব লাগিছিল নগদ ধনেৰে। জুৰীয়াৰ অধিবাসীসকল ধনেৰে দুখীয়া আছিল বাবে প্রিমিয়াম আৰু খাজনা দিব নোৱাৰি মাটিকে এৰি থৈ প্ৰব্ৰজন কৰিছিল। (গ) জুৰীয়াৰ নতুন প্ৰব্ৰজনকাৰীসকল আছিল মুছলমান। 'বিধর্মী'ৰ ছাঁ গচকিলেও পৰাচিত হ'বলগীয়াৰ কঠোৰ সামাজিক ৰীতিৰ হেঁচাত পৰি প্ৰব্ৰজনকাৰীকে মাটি ভেটি গটাই নিজে বহুলোক আঁতৰি গৈছিল। (ঘ) সমাজত অপৰাধীকৰণ আৰম্ভ হৈছিল। দুষ্ট প্ৰকৃতিৰ একাংশ মুছলমান প্ৰব্ৰজনকাৰীয়ে গৰু মেলি থলুৱাৰ খেতি খুৱাইছিল, ছোৱালী জোকাইছিল আৰু কেতিয়াবা অপহৰণো কৰিছিল। সামাজিক শান্তি বিঘ্নিত হোৱাত পৰিয়ালৰ মৰ্যদাৰ স্বাৰ্থতে অনেকে জুৰীয়া এৰিছিল। (ঙ) নতুন প্ৰব্ৰজনকাৰীৰ হাতত নগদ ধনেই নাছিল, ৰাজনৈতিক পৃষ্ঠপোষকতাও আছিল। প্রতিদ্বন্দ্বিতাত থলুৱা মানুহ তিষ্ঠিব পৰা নাছিল আৰু সেইবাবেই তেওঁলোক জুৰীয়াৰ বাহিৰলৈ প্ৰব্ৰজন কৰিছিল। (চ) থলুৱা সকল কিছু পৰিমাণে এলেহুৱা আছিল। বহুতে পৰিশ্ৰমী নতুন প্ৰব্ৰজনকাৰীক খেতি-মাটি আধিলৈ দিছিল। একাংশ দুষ্ট প্রকৃতিৰ আধিয়াৰে এনে মাটি দখল কৰি গৃহস্থকে ভেটি এৰিবলৈ বাধ্য কৰিছিল। (ছ) নতুন প্ৰব্ৰজনকাৰীৰ একাংশ আছিল প্ৰচুৰ বিত্তশালী। এওঁলোকে প্রচলিত দৰৰ তিনিগুণ পর্যন্ত দাম দি থলুৱাৰ মাটি ক্রয় কৰিছিল আৰু একাংশ থলুৱাই এনে অকল্পনীয় মূল্য পাই নিজৰ পট্টা বিক্ৰী কৰি প্ৰব্ৰজন কৰিছিল আৰু আন একাংশই বাধ্য হৈ এই কাৰ্য কৰিছিল। প্রায় এটা শতিকাৰ আগতে এনে কেতবোৰ কাৰণতে থলুৱাই প্ৰায় বাধ্য হৈ জুৰীয়াৰ পৰা ৰাজ্যখনৰ আন আন ঠাইলৈ প্ৰব্ৰজন কৰা আৰম্ভ কৰিছিল। এই কাৰণবোৰ সম্পূৰ্ণ একে নাথাকিলেও ইবোৰ আজিও নাইকিয়া হৈ যোৱা নাই। সেইবাবেই জুৰীয়াত থলুৱাৰ বাধ্য হৈ কৰা আন্তঃপ্ৰব্ৰজন বন্ধ হোৱা নাই। অর্থাৎ, এশ বছৰৰ আগেয়ে আৰম্ভ হোৱা থলুৱাই মাটি হেৰুওৱা আৰু তাৰ ফলত সংঘাতৰ পৰিবেশ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়াটো জুৰীয়াত আজিও সক্রিয়। পিছে এই সংঘাত প্ৰথম দৃষ্টিত দৃষ্টিগোচৰ নহয়। ওপৰে ওপৰে চালে ইয়াত সকলো শ্ৰেণী সম্প্ৰদায়ৰ লোককে সমিল মিলেৰে থকা দেখা যাব— একে স্কুল-কলেজত ল'ৰা-ছোৱালী পঢ়িছে, একে

23.7 Line System Inquiry Committeeৰ মতে মাটি অনুসাৰে এই প্রিমিয়াম প্রতি বিঘাত আছিল ক্রমে ১০.৭ আৰু ৫ টকা আৰু তিনিটা কিস্তিত প্রিমিয়াম দিব লাগিব। গাড়ীৰে আহ-যাহ কৰিছে একেখন আসনতে গাতে গা লগাই বহি, বজাৰ সমাৰ কৰিছে একেই ঠাইতে, খেতি-বাতিও কৰিছে একেখন পথাৰত। বেছ গভীৰ পৰ্যবেক্ষণ আৰু আনুসংগিক প্ৰতিক্ৰিয়াৰ অধ্যয়নেৰেহে জুৰীয়াৰ সমাজ জীৱন অস্থিৰ কৰি ৰখা সংঘাত আৰু থলুৱাৰ নীৰৱ বাধ্যতামূলক আন্তঃপ্রব্রজনৰ স্বৰূপ চিনি উলিয়াব পাৰি। সংঘাতৰ ৰূপ আৰু পৰিসৰ অধ্যয়নৰ ক্ষেত্ৰ হিচাপে (for the field-study of anatomy of conflict) এইবোৰ কাৰণতে জুৰীয়াক বাচি লোৱা হৈছে।

২.১. জুৰীয়াঃ সামান্য ইতিহাস:

কোনো কোনো প্রাচীন বুৰঞ্জীত উল্লেখ থকা কোটোহা ৰাজ্যখনেই বৰ্তমানৰ জুৰীয়া। ষষ্ঠ শতিকাৰ পৰা ১৬ শতিকাৰ আৰম্ভণীলৈকে— এই এহেজাৰ বছৰ অঞ্চলটো ভূঞা আৰু কছাৰীসকলৰ শাসনাধীন আছিল। ওচৰৰ ধিং (বা টিং) আছিল ধিং কোচ (ঢিং কোচ) বুলি পৰিচিত ৰাজবংশী ঠাল এটাৰ ৰাজ্য। পুৰণি কোটোহা ৰাজ্যৰ শাসকসকলেই পিছত ভূঞাৰূপে পৰিচিত হয় আৰু মহাপুৰুষ শংকৰদেৱৰ পূৰ্বপুৰুষসকল আহি বৰদোৱাত বসতি কৰিবলৈ লৈ এই পুৰণি, থলুৱা ভূঞাসকলৰ মাজত জীন যায়। পদ্মনাথ গোহাঞিবৰুৱা আৰু নকুল চন্দ্ৰ ভূঞাৰ দুখন বুৰঞ্জীমতে কোটোহাৰ শাসক সমুদ্ৰৰ জীয়াৰী লক্ষ্মীদেৱীৰ (লক্ষ্মীদেৱীয়ে য’ত ৰাজধানী পাতিছিল সেই ঠাইৰ বৰ্তমান নাম লক্ষীমপুৰ>লখিমপুৰ) দুই পুত্র শান্তনু আৰু স্যমন্তৰ পুত্ৰসকলেই ক্ৰমে বৰ বাৰভূঞা আৰু সৰু বাৰভূঞা। এওঁলোকৰ কাৰো কাৰো নামেৰেই জুৰীয়া অঞ্চলৰ কোনো কোনো গাঁও নামাংকিত হোৱা বুলি বিশ্বাস প্রচলিত আছে তেওঁলোকে সেই সেই ঠাইত বাস কৰিছিল, এই ধাৰণাত। পৰ্মাই ভেটি (পমৰ নামেৰে), মুকুণ্ডআটি (মুকুণ্ডৰ নামেৰে), কদমতল (কদম্বৰ নামেৰে) আদি এনে কেইখনমান গাঁও। ভূঞাসকলে আলি-পদূলি বন্ধা গাঁওখনেই আজিৰ আলি টাঙনি বুলি বিশ্বাস আছে। এইবোৰ গাঁও প্রতিষ্ঠা হৈছিল শংকৰদেৱৰ জন্মৰো আগতে।

কোটোহা, কছাৰী আৰু ভূঞা ৰাজ্য থান-বান হৈ যোৱাৰ বহুকাল পিছত এই অঞ্চলত সসৈন্যে আত্মগোপন কৰিছিল গদাপাণিয়ে। প্রবাদ আছে, কামৰূপৰ পৰা গৈ কলিয়াবৰৰ কোঠ আক্রমণ কৰাৰ আগেয়ে সৈন্য-সামন্তৰে এই অঞ্চলৰ বিলৰ পাৰতে গদাপাণিয়ে জুৰ লৈছিল। ইয়াৰপৰাই বিলখনৰ নাম জুৰীয়া হ'ল। শিলপুখুৰী নামৰ পুখুৰীটোৱে আৰু নগাবন্ধা নামৰ গাঁওখনে ইয়াত গদাপাণিৰ অৱস্থিতিৰ স্মৃতি বহন কৰিছে। জুৰীয়াৰ পাৰত গঢ়ি উঠা গাঁৱৰ নাম ক্ৰমে দলনি জুৰীয়া আৰু মৰাণ গাঁও জুৰীয়া। বৃটিছে শাসনকালত মৌজা গঠন কৰোতে প্রসিদ্ধি অনুসাৰে জুৰীয়া বিলৰ অনুকৰণত মৌজাৰ নাম জুৰীয়া ৰখা হ’ল। এতিয়াৰ জুৰীয়া, দগাঁও আৰু আলি টাঙনি মৌজা এসময়ত একেখন জুৰীয়া মৌজা আছিল। ১৯৬৫ চনত জুৰীয়া উন্নয়ন খণ্ড গঠন কৰা হৈছিল আদিকালৰ জুৰীয়া মৌজা এলেকাক লৈ। সম্প্রতি এই উন্নয়ন খণ্ডটোত ২২খন গাঁও পঞ্চায়ত আছে, গাঁৱৰ সংখ্যা আনুমানিক ১০০খন।

২.২. জুৰীয়াত থলুৱাৰ বসতি সম্প্ৰসাৰণ:

কছাৰীৰে সংঘাতত পর্যুদস্ত হৈ শংকৰদেৱে বৰদোৱা এৰাৰ পিছত সেই ঠাইৰ অৱশিষ্ট লোকসকল জুৰীয়া অঞ্চললৈ আহিবলৈ আৰু পূৰ্বৰ ভেটিৰ চিন বিচাৰি আলি টাঙনি, ৰাধাআটি, দগাঁও, শালপৰা, কদমৰ তল, পৰ্মাই ভেটি, মুকুগুআটি আদি গাঁৱত বাস কৰিবলৈ লয়। এই গাঁওবোৰ কেতিয়াও খালী হৈ যোৱা নাছিল— দুই-চাৰিটা পৰিয়াল আছিলেই। আই কনকলতাই বৰদোৱা পুনৰুদ্ধাৰ কৰাৰ পিছত এনে গাঁও এৰি কিছু লোক উভতি গ’লেও একাংশ থাকি যায়। আনহাতে, দীর্ঘকাল ধৰি কছাৰী শাসন চলাৰ সুবাদত অঞ্চলটোৰ অ'ত ত’ত কিছুসংখ্যক জনজাতীয় গাঁও স্থাপিত হৈছিল। উল্লেখনীয় যে কছাৰী অভিধাই সেইকালত (আহোম আৰু ৰাজবংশীৰ বাহিৰে) সকলো জনজাতিকে সামৰি লৈছিল। মিকিৰৰ চুক (শোক?), লালুংগাঁও, কছাৰী গাঁও আদি এনে ধৰণৰ গাঁও। কছাৰীগাঁও আৰু লালুং গাঁও নামৰ একাধিক গাঁও ইয়াত আছিল।

জুৰীয়া অঞ্চলৰ আদি অধিবাসী অৱশ্যে জনজাতি সকলহে। ভূঞাসকলেই অঞ্চলটোত বসতি কৰা প্ৰথম অজনজাতি বা আর্য বংশোদ্ভৱ লোক। ইয়াৰ পিছত মূলতঃ বৰদোৱাৰ অধিবাসীয়ে দগাঁও আৰু উত্তৰ পাৰৰ চামধৰা গাঁৱৰ প্রব্রজিত অধিবাসীয়ে চামধৰা গাঁওখন প্রতিষ্ঠা কৰে। অঞ্চলটোলৈ থলুৱা প্ৰব্ৰজনকাৰীৰ প্ৰথম বৃহৎ সোঁতটো আহে মান ভগনৰ সময়ত। বর্তমানে জুৰীয়াত থকা চামধৰা, থিয় টাঙনি, ভকতচুক, তেলীয়া গাঁও, খৰঙী গাঁও, কৈৱতগাঁও মান ভগনীয়া লোকৰ গাঁও। নগাঁৱৰ প্ৰজা বিদ্ৰোহৰ সময়তো কিছু লোক আহিছিল আৰু এইবোৰ গাঁৱত সোমাই পৰিছিল। লাঙিয়া চুক (এৰাবাৰী), শালপৰা, কদমৰ তল, পলশৰ তল, ৰাধা আটি, শিমলুআটি আদি গাঁৱতো এই দুই ঘটনাত অহা কিছু লোক বহিছিল। এয়া আছিল আন্তঃপ্রব্রজন (immigration), প্রব্রজনকাৰীসকল আছিল মূলতঃ হিন্দু ধৰ্মৰ বৈষ্ণৱ পন্থাৰ অনুগামী। মান ভগনৰ সময়তে উজনিৰ পৰা প্ৰব্ৰজিত থলুৱা মুছলমানে প্রতিষ্ঠা কৰিছিল 'মুছলমান গাঁওখন— এই গাঁওখন এতিয়া নাই। ১৮২৬ চনৰ পিছত জুৰীয়ালৈ আন্তঃপ্ৰব্ৰজন ঘটা নাই। সেই সময়লৈ বৰ্তমানৰ জুৰীয়া উন্নয়ন খণ্ড এলেকাত (পুৰণি জুৰীয়া মৌজা) অন্ততঃ ২৫ খন থলুৱা মানুহৰ গাঁও আছিল, যাৰ ভিতৰত জনজাতি গাঁও আছিল কমেও পাঁচখন। যোৱা শতিকাৰ চতুৰ্থ দশকত লালুং গাঁও, নগাবন্ধা, তেলীয়াগাঁও, খৰঙী গাঁও, মুছলমান গাঁও, কৈৱৰ্ত গাঁও, বেবেজীয়া গাঁও (বামুণগাঁও), কছাৰী গাঁও, দগাঁও আৰু খেৰনি— এই আঠখন গাঁৱতহে থলুৱা লোক থকাৰ তথ্য পোৱা যায়। সেই সময়ছোৱাত দগাঁও, খেৰনি, লালুং গাঁও আৰু কছাৰী গাঁৱত প্ৰব্ৰজিত অথলুৱাৰ বসতি গঢ়ি উঠিছিল। ১৯৬৩-৬৮ চনৰ ভিতৰত কছাৰী গাঁওখন সম্পূৰ্ণ থলুৱা-শূন্য হৈ পৰে, মুছলমান গাঁওখনো প্রব্রজিত মুছলমানে গ্রাস কৰাত অৱশিষ্ট থলুৱা মুছলমান পৰিয়াল কেইটা মৰাণ গাঁৱত বহে। দগাঁৱত ৪৫টা, খেৰনিত ১২ টা আৰু লালুং গাঁৱত ২০টা পৰিয়ালেহে সম্প্ৰতিলৈকে থলুৱাৰ অস্তিত্ব বৰ্তাই ৰাখিছে।

২.৩. অলপ তথ্য:

এতিয়া আমি চৰকাৰী নথিৰ সহায়ত জুৰীয়া অঞ্চলৰ জনসাংখ্যিক পৰিবৰ্তনৰ চিত্ৰ এখন অংকন কৰিবলৈ চেষ্টা কৰিম।

নগাঁও জিলালৈ কুৰি শতিকাৰ প্ৰথমৰে পৰা তেতিয়াৰ কাছাৰ, চিলেট (শ্রীহট্ট) আৰু মৈমনসিংহ জিলাৰ পৰা প্ৰব্ৰজন ঘটে। জিলাখনৰ দক্ষিণাঞ্চল তুলনামূলকভাৱে ওখ, এই অঞ্চললৈকে প্ৰব্ৰজনকাৰীসকল প্রথমে আহে। প্ৰব্ৰজনকাৰীসকলৰ প্ৰথম সুঁতিটোত কাছাৰ আৰু চিলেটৰ হিন্দু ধৰ্মাৱলম্বীৰ সংখ্যা বেছি আছিল। ঘাইকৈ এতিয়াৰ লামডিং, হোজাই আৰু কিছু পৰিমাণে ডবকা অঞ্চলৰ অধিবাসীসকল এনেদৰেই অহা। দ্বিতীয় পৰ্যায়ত চিলেট আৰু 

বিশেষকৈ মৈমনসিংহ জিলাৰ ইছলামধৰ্মীৰ প্ৰব্ৰজন হয় আৰু এওঁলোকে ডবকা, যমুনামুখ, ৰূপহীহাট আদি অঞ্চলত বসতি কৰিবলৈ লয়। এইবোৰ অঞ্চলৰ পতিত মাটিবোৰৰ দখল সম্পূৰ্ণ হোৱাৰ পিছত ইছলামধর্মী প্ৰব্ৰজনকাৰীৰ সোঁতটো মৈৰাবাৰী, ধিং আৰু জুৰীয়াৰ ফালে ববলৈ লয়। অসম চৰকাৰে ‘নিবেশ স্থাপন আঁচনি'ৰ (colonization scheme) জৰিয়তে ১৯২৩-২৫ চন মানৰ পৰা প্ৰণালীবদ্ধভাৱেই চিলেট আৰু মৈমনসিংহৰ মুছলমান আনি পৰিয়ালে প্রতি ২০/৩০ বিঘা মাটি আৰণ্টন দি এই অঞ্চলবোৰত বহুৱাবলৈ লয়। জিলাখনৰ উত্তৰাঞ্চলটো ব্ৰহ্মপুত্ৰপৰীয়া আৰু দ হোৱা বাবে জলাহ হৈ পৰি আছিল। এনে ঠাই মৰাপাট খেতিৰ বাবে উপযোগী। তেতিয়াৰ বংগদেশৰ হুগলী জিলাত স্থাপিত বৃটিছ মালিকাধীন মৰাপাট কলবিলাকক কেঁচামাল যোগানৰ বাবে মৰাপাটৰ অতিৰিক্ত উৎপাদন দৰকাৰ হৈ পৰিছিল। মৰাপাট উৎপাদনৰ নতুন ক্ষেত্ৰৰ সন্ধান কৰোতেই অসমৰ ব্ৰহ্মপুত্ৰপৰীয়া জলাতক ঠাইবোৰ বৃটিছৰ চকুত পৰিছিল। ধিং আৰু জুৰীয়াও এনে দুখন বৃটিছ নির্বাচিত ঠাই। গতিকেই নিবেশ স্থাপন আঁচনি বলবৎ আৰু মৈমনছিঙীয়া আনয়ন। এই আঁচনিখন বলবৎ কৰাৰ পিছৰে পৰা জুৰীয়াৰ জনসাংখ্যিক চিত্রখন সম্পূর্ণ বদলি যায়। ১৯১১-২১ চনৰ দশকটোত জুৰীয়া মৌজাৰ জনসংখ্যা বাঢ়ে 527.42 শতাংশ। জুৰীয়াৰ গাতে লাগি থকা ধিং মৌজাৰ জনসংখ্যা এইটো দশকত বাঢ়ে ১১৪.১ শতাংশ। প্ৰব্ৰজনৰ বাদে কোনো কাৰককেই এই ব্যাপক জনবৃদ্ধিৰ বাবে দায়ী কৰিব নোৱাৰি। জুৰীয়ালৈ প্ৰব্ৰজন কৰিছিল ঘাইকৈ মৈমনছিঙীয়া মুছলমানেই। শালপৰাত কাচেম চৰকাৰ আৰু আলি টাঙনিত ওচমান আলি চৰকাৰ (সদাগৰ) এইখিনি সময়তেই বহিছিলহি আৰু বিপুল ভূ-সম্পত্তি ক্ৰয়ৰ যোগেদি সদাগৰ হৈ পৰিছিল। (ৰূপহীৰ আমিৰুদ্দিন আহমেদৰ নামো একে শাৰীতে লৈ থ’ব পাৰি।) ইয়াৰে ওচমান আলি চৰকাৰ (আৰু আমিৰুদ্দিন আহমেদ) ১৯৩৭ চনত নিৰ্বাচনত জিকি অসম বিধান সভাৰ সদস্যও হৈছিল। ১৯১১-২১ চনৰ দশকটোৰ জুৰীয়াৰ জনসংখ্যিক পৰিবৰ্তনৰ কিছু তথ্য তালিকা – ১৩ দিয়া হ’ল। তুলনাৰ বাবে ধিং মৌজাৰ সদৃশ তথ্যও সন্নিৱিষ্ট কৰা হ'ল।


আমি আগতে উল্লেখ কৰিছো যে ১৯২৫ চনমানলৈ জুৰীয়া মৌজাত ২৫খন মানহে গাঁও আছিল। অর্থাৎ ৭৩-২৫-৪৮ খন গাঁৱেই প্ৰব্ৰজনকাৰীৰ। এতেকে মৌজাখনৰ এই জনবৃদ্ধি প্ৰব্ৰজনজনিত বুলি কোৱাত অসুবিধা নাই।

১৮৯১-১৯০১ দশকটোত নগাঁও জিলাৰ জনসংখ্যা বিভিন্ন মহামাৰীৰ কবলত পৰি হ্ৰাস হোৱাৰ কথা কৈ অহা হৈছে। ১৯০১ চনৰ পিছত প্ৰব্ৰজনজনিত কাৰণত জিলাখনৰ জনসংখ্যা দ্রুতগতিত বাঢ়িবলৈ লয়; ১৯২১ ৩১ দশকটোত এই বৃদ্ধিৰ হাৰ হয়গৈ ৪১.৩৫ শতাংশ। একেই হেঁচা জুৰীয়ায়ো সহ্য কৰিবলগীয়া হয়। জনঘনত্বৰ দিশেৰেও জুৰীয়াৰ জনবৃদ্ধি প্ৰমাণ কৰিব পাৰি। ১৯০১ চনত জুৰীয়া মৌজাৰ জনঘনত্ব আছিল প্রতি বর্গকিলোমিটাৰত ৮জন। ৰা-সুঁতি, সোণাই, কলং আৰু ব্ৰহ্মপুত্ৰৰ বানে অঞ্চলটো বুৰাই ৰাখিছিল। বাবে বসতিৰ উপযোগী ঠাই বৰ কমেই আছিল— মাথো জুৰীয়া বিলৰ আশ পাশৰ ওখ ঠাইবোৰত বহা গাঁওবোৰত থলুৱা মানুহৰ পাতলীয়া বসতি আছিল। জনঘনত্ব তেনেই কম হোৱা ঘটনাই ইয়াকেই কয়। ১৯১১, ১৯২১ আৰু ১৯৩১ চনত মৌজাখনৰ জনঘনত্ব পোৱা গ'ল প্ৰতি বৰ্গকিলোমিটাৰত ক্ৰমে ১৯, ৩৯ আৰু ১৫৪জন। চৰকাৰে জুৰীয়াক ১৯২৩ চনতহে আনুষ্ঠানিকভাবে নিবেশ স্থাপন আঁচনিৰ অধীন কৰে যদিও মৌজাখনত ইয়াৰ এদশকৰ আগৰ পৰাই প্ৰব্ৰজনকাৰী মুছলমানৰ বসতি গঢ়ি উঠিছিল। ঐতিহাসিক সত্যটো হ’ল লাইন প্ৰথাৰ (Line System) উদ্ভাৱন হৈছিল (১৯১৬) জুৰীয়া আৰু ধিঙৰ থলুৱাসকলে প্ৰব্ৰজনকাৰীৰ হাতত মাটি-ভেটি হেৰুওৱা ঘটনা প্রত্যক্ষ কৰাৰ পিছত এনে থলুৱাক সুৰক্ষা দিবলৈকে। এই ঘটনায়ো জুৰীয়াত প্ৰব্ৰজন ১৯১৬ চনৰ আগতেই ভয়াৱহ হৈ উঠাৰ ইংগিত দিয়ে। লাইন প্রথা তদন্ত সমিতিৰ আগত (Line System Enquiry Committee) জুৰীয়া আৰু ধিঙৰ নিবেশ বিষয়াই (Colonization Officer) দিয়া সাক্ষ্যয়ো ইয়াৰ প্ৰমাণ দাঙি ধৰে। আমোদজনকভাবে নিবেশ বিষয়া হিচাপে অঞ্চলটোত কেৱল ইছলামধর্মী লোককহে নিযুক্তি দিয়াৰ এটা অঘোষিত নীতি তৎকালীন অসম চৰকাৰে পালন কৰিছিল। 'থলুৱাৰ প্ৰতি পক্ষপাতিত্বৰ অভিযোগত' ধিং ৰাজহ চক্ৰৰ বিষয়া বেদানন্দ ভৰালীয়ে ১৯৩৩ চনত বাধ্যতামূলক ভাবে আগতীয়া অৱসৰ ল'বলগীয়াৰ ঘটনাও নিশ্চয় ঐতিহাসিকেই। জুৰীয়াত তিনিটা সম্প্ৰদায়ৰ থলুৱা লোকৰ বসতি আছিল– জনজাতি, অজনজাতি আৰু মুছলমান। বিগত এটা শতিকা জুৰি তিনিওটা সম্প্ৰদায়ৰ লোকেই জুৰীয়া এৰিছে– তাৰ ঠাই লৈছে প্ৰব্ৰজনকাৰীয়ে আৰু প্ৰব্ৰজনকাৰীমূলক লোকে। থলুৱাই স্থাৱৰ-অস্থাৱৰ

তালিকা-২


সম্পত্তিৰ লগতে সাংস্কৃতিক সম্পদবোৰো এৰিবলগীয়া হৈছে। লালুং গাঁৱৰ কাহিনী পিছলৈ বহলাই কোৱা হ'ব। এইখন গাঁৱৰ নামঘৰটোৰ বৰ্তমানৰ দুৰৱস্থাই জুৰীয়াত থলুৱাৰ সংস্কৃতিৰ দুৰৱস্থাৰ স্বৰূপ উদঙাই দিয়ে। গাঁওখনৰ নামঘৰটোৰ নামত থকা দুকঠা মাটিত গঢ়ি উঠিছে প্ৰব্ৰজনকাৰীমূলৰ লোকৰ বাসগৃহ ঃ নামঘৰৰৰ নামত তাত এতিয়া আছে মাত্র ১২×১৬ বৰ্গফুট জোখৰ ঘৰ এটাহে। অৱশ্যে লোকপিয়লৰ তথ্যৰে এই প্ৰব্ৰজন প্রমাণ কৰা সম্ভৱ নহয়, কাৰণ লোকপিয়লত ধৰ্মৰ বিভাজন কৰা নহয়। একে কাৰণতে জনজাতীয়ৰ প্ৰকৃত সংখ্যাটোও নিৰূপণ কৰা সম্ভৱ নহয়। তালিকা-২-এ এই কথাৰ প্ৰমাণ দাঙি ধৰিব— য’ত জুৰীয়াৰ চাৰিখন নিৰ্বাচিত গাঁৱৰ জনসাংখ্যিক তথা (১৯৫১-২০০১) দাঙি ধৰা হৈছে।

অর্থনৈতিক দিশৰ পৰা জুৰীয়াত এতিয়া দুটা স্তৰৰ থলুৱা লোক আছে। ইয়াৰে অৱস্থাপন্ন স্তৰৰ লোকসকলে জুৰীয়াত বসবাস কৰি আছে যদিও নগাঁও চহৰ, কলিয়াবৰ বা গুৱাহাটীত মাটি ক্রয় কৰি থৈছে যাতে জুৰীয়া এৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’লেই তাত আশ্রয় ল'ব পাৰি। আর্থিকভাবে দুর্বলখিনিয়ে অদৃষ্টক ধিয়াই জুৰীয়াকে খামুচি আছে – শেষ খোপনিটোলৈ যুঁজাৰ মনেৰে। অন্যথা হ’লৈ নগাঁও চহৰলৈ এই মানুহখিনিও প্ৰব্ৰজন কৰিব। উল্লেখনীয় যে, এটা সময়লৈ জুৰীয়াৰ জনজাতিসকল ভেটি হাৰা হ'লে কাকী বা উত্তৰ লখিমপুৰলৈ গুচি গৈছিল। এই অৱস্থা এতিয়া নাই বাবে এওঁলোকৰ শেষ ঠিকনা হ’ব নগাঁও চহৰৰ কোনোবা এটা গলি আৰু অতি সাধাৰণ জীৱিকা। ১৯৩১-৭১ চনৰ তিনিটা দশকত লখিমপুৰৰ জনজাতি সংখ্যা বৃদ্ধিৰ হাৰ ১০০ শতাংশ হোৱাৰ এটা কাৰণ জুৰীয়াৰ জনজাতিৰ সেই ঠাইলৈ প্ৰব্ৰজন। অৱশ্যে একাংশ অজনজাতীয় লোকো জুৰীয়া এৰি লখিমপুৰলৈ গৈছিল। ‘নিবেদন স্বজন চিন্তা' নামৰ আলোচনীখনৰ মে'-জুন ২০০৭ সংখ্যাত প্রকাশিত উত্তৰ লখিমপুৰৰৰ কুসুম হাজৰিকাৰ চিঠিখন ইয়াৰ নিদৰ্শন। চিঠিখনত তেওঁ লিখিছিল— “১৯৫৯ চনৰ কথা। এইটো এটা মর্মস্তুদ ঘটনা। নগাঁৱৰ ৰূপহীৰ সিপাৰৰ পৰা লাওখোৱালৈকে ঘন মুছলমান গাঁওসমূহ। মোৰ এজন দাদা আছিল। ...ৰূপহী হাইস্কুলত ক্লাচ VII-ত পঢ়িছিল। এজন মুছলমান যুৱকে মাজে মাজে অংক চাই দিছিল। ...এদিন সেই যুৱকজনে দাদাক লৈ নিৰুদ্দেশ হৈ গ'ল। ... তেতিয়া আছিল ১৯৬০চন। আন এটা ঘটনা প্রত্যক্ষ কৰিছিলো। আমাৰ ঘৰৰ সীমাৰে পৰা এখন কছাৰী গাঁও আছিল। ...হঠাৎ এদিন কছাৰী গাঁওখনত হুৱা-দুৱা লাগিল। ... মায়ে ক'লে- ‘কছাৰী ছোৱালী এজনী মুছলমানে ধৰি লৈ গ'ল'। ...এই ঘটনাৰ পাছত দেউতাই... ১৯৬২ চনত আমাক লখিমপুৰলৈ লৈ আহিল। এতিয়াও নগাৱঁৰ সেই ঘৰৰ সন্মুখত থকা সোণাৰু কাঠনি ডৰাৰ হালধীয়া ফুলবোৰে যেন ৰিঙিয়াই মাতে। বুকুৰ কোনোবাখিনিত বেদনা অনুভৱ হয়।...

৩.১. সংঘাতৰ প্ৰকৃতি:

ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ সংঘাতেই অসমৰ সমাজ জীৱনৰ উপৰি ৰাজনীতিকো আচ্ছন্ন কৰি ৰখা ঘাই সংঘাত। এই কথাটো নগাঁও জিলাত আৰু জিলাখনৰ জুৰীয়া উন্নয়ন খণ্ডতো সমানেই সত্য। সমাজ-জীৱন স্বাস্থ্যকৰ হ'বলৈ হ'লে সংস্কৃতিৰ সমন্বয় হোৱাটো জৰুৰী। এই কামটে; কৰাৰ স্বেচ্ছা প্রণোদিত দায়িত্ব ল'ব লাগে ধর্মীয় তথা সামাজিক সম্প্রদায়বোৰৰ উচ্চ শ্ৰেণীটোৱে৷ প্ৰশাসনৰো ইয়াত থাকে গুৰুত্বপূৰ্ণ ভূমিকা। ঘটনাক্রমে জুৰীয়াত এই কামৰ দায়িত্ব কোনেও কেতিয়াও নল'লেঃ থলুৱাসকলে প্ৰব্ৰজনকাৰীক সাংস্কৃতিকভাবে আদৰি নল’লে, প্ৰব্ৰজনকাৰীও আগবাঢ়ি নগ'ল। এই পটভূমিত জুৰীয়াত সম্প্ৰতি বিৰাজমান নীৰৱ সংঘাতক প্রকৃতিগতভাবে তিনি ভাগত ভগাব পাৰি— (ক) সাংস্কৃতিক, (খ) ৰাজনৈতিক আৰু (গ) অর্থনৈতিক।

৩.১. (ক)সাংস্কৃতিক সংঘাত:

জুৰীয়াৰ আমাৰ অধ্যয়ন ক্ষেত্ৰৰ দহ-পোন্ধৰ কিলোমিটাৰমান নিলগতে শংকৰদেৱৰ জন্মস্থান বৰদোৱা। এই ঠাইৰ ভালেসংখ্যক লোকে জুৰীয়া অঞ্চলত গাঁও পাতি বহাৰ কথা আগতে কোৱা হৈছে। এইখিনিৰ লগতে উজনি আৰু নগাঁৱৰো আন আন অঞ্চলৰ পৰা জুৰীয়ালৈ অহা মানুহখিনি হিন্দুধৰ্মৰ বৈষ্ণৱ পন্থাৰ অনুগামী আছিল। স্বাভাৱিকতেই জুৰীয়াৰ সাংস্কৃতিক বাতাবৰণ আছিল মহাপুৰুষ শংকৰদেৱে দি যোৱা বাটেদি অহা। এইটো পন্থাৰেই নামঘৰ-নাটঘৰো গঢ়ি উঠিছিল । বিশাল চামধৰা গাঁৱতে চাৰিটাকৈ নামঘৰ (বৰ নামঘৰ, সাতঘৰীয়া নামঘৰ, নঘৰীয়া নামঘৰ আৰু ন-নামঘৰ) গঢ়ি উঠিছিল। এই সংস্কৃতিৰ পৰিপূৰক হৈছিল ১৮৯৫-৯৯ চনত গঠিত বঙলা যাত্রা-পার্টী সংস্কৃতি— যাৰ উদ্যোক্তা আছিল জুৰীয়ালৈ আধুনিক সংস্কৃতিৰ বাট কটোৱা ৰত্নেশ্বৰ শৰ্মাকটকী। কুৰি শতিকাৰ দশকত প্ৰথম জুৰীয়া সোমোৱা চৈতন্য পন্থী সংকীৰ্তন পদ্ধতিও পুৰাতন পদ্ধতিৰে পৰিপূৰক আছিল। ১৯৯৬ চনত জুৰীয়াত আধুনিক মঞ্চ স্থাপিত হোৱা কাৰ্যও আছিল পুৰাতন সংস্কৃতিৰে ধাৰাবাহিকতা। কিন্তু জুৰীয়াত বহি খুব সোনকালেই বিপুল সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা প্ৰব্ৰজনকাৰীসকল ইছলাম ধৰ্মী হোৱাত পুৰাতন সংস্কৃতিৰ সুঁতিটোত ভেটা পৰিল। ওচমান আলি সদাগৰ বা কাচেম চৰকাৰ সাম্প্ৰদায়িক মনোভাবাপন্ন ব্যক্তি নাছিল, আনকি প্ৰব্ৰজনকাৰী মূলৰ বসতি প্রধান অঞ্চলৰ পৰা বঙলা বিৰোধিতা আৰম্ভ কৰি অসমীয়া ভাষাক প্রথম আদৰণী জনাইছিল জুৰীয়াৰ ওচমান সদাগৰেই। তথাপি, এই নবাগতসকলে থলুৱা সংস্কৃতি গ্ৰহণৰ বা তাৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শনৰ কোনো উদ্যোগ নল'লে— ভাষিক সমসত্ততাৰ পিনে আগবাঢ়িলেও সাংস্কৃতিক সমসত্ততা সৃষ্টিৰ পৰিবেশ জুৰীয়ালৈ নাহিল। তাৰ প্ৰমাণ— সমগ্ৰ নগাঁও জিলা উত্তাল হৈ থাকিলে ও কংগ্রেছ পৰিচালিত স্বাধীনতা আন্দোলনৰ কোনো প্ৰভাৱ জুৰীয়াত নাছিল। প্ৰব্ৰজনকাৰীৰ মূলৰ আনটো বসতি অঞ্চল লামডিং-হোজাইত কিন্তু পৰিবেশটো পৃথক আছিল। থলুৱা আৰু প্ৰব্ৰজনকাৰীৰ এই দূৰত্ব কোনো কালেই নকমিল; বৰং বাঢ়িলহে। সম্প্ৰতি পৰিবেশ এনেকুৱা যে সাংস্কৃতিক বিচ্ছিন্নতাত ভোগা থলুৱাই গুৰসকলৰ তিথিত ভাওনা এখন কৰাটো বাদেই, একৈশ শতিকাত ভৰি দিয়া দিন ধৰি এখন আধুনিক নাটকো মঞ্চস্থ কৰিব পৰা নাই। ধর্মকান্ত শইকীয়া, লীলাধৰ কটকীৰ দৰে শৈল-ব্যক্তিত্বৰ (Towering Personality) মৃত্যুৰ পিছত জুৰীয়াৰ থলুৱাই সাংস্কৃতিক নেতৃত্বৰ অভাৱত ভুগিছে। এইখিনিতে এটা বিশেষ সাংস্কৃতিক তথ্য উল্লেখ কৰি থওঁ। জুৰীয়াৰে সন্তান ধৰ্মকান্ত শ‍ইকীয়াই প্রযোজনা কৰিছিল পাঁচখনকৈ অসমীয়া চলচ্চিত্র। কিন্তু জুৰীয়াৰ নৱ-প্ৰজন্মৰ বেছিভাগেই এই কথা নাজানে।

৩.১. (খ) ৰাজনৈতিক সংঘাত:

কংগ্ৰেছ পৰিচালিত স্বাধীনতা আন্দোলনৰ প্ৰভাৱ জুৰীয়াত পৰা নাছিল। কিন্তু জুৰীয়াৰ আলি টাঙনিত অসম প্রাদেশিক মুছলিম লীগৰ অধিবেশন সুকলমে অনুষ্ঠিত হৈছিল (১৯৩৮)। ইয়াৰ আগলৈ মুছলিম লীগৰ কাৰ্যকলাপ সুৰৰ্মা উপত্যকাত সীমাবদ্ধ থকা কথাটো এই প্ৰসংগতে স্মৰণযোগ্য। উল্লেখ থাকে যে, ইয়াৰ আগে আগে অনুষ্ঠিত নিৰ্বাচনত মুছলিম লীগৰ সমর্থিত প্রার্থী হিচাপে অসম বিধান সভালৈ (১৯৩৭)নির্বাচিত হৈছিল জুৰীয়াৰ ওচমান আলি সদাগৰ আৰু তেওঁৰ হাতত পৰাজিত হৈছিল কংগ্ৰেছ প্রার্থী, স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা, ‘খান বাহাদুৰ' উপাধি পৰিত্যাগ কৰা অসমৰ দ্বিতীয়জন মুছলমান নুৰুদ্দিন আহমেদ। (নগাঁও জিলাৰ আনটো মুছলিম সংৰক্ষিত সমষ্টিত প্ৰব্ৰজনকাৰী মুছলমান আমিৰুদ্দিন আহমেদৰ বিজয়ো এই প্ৰসংগতে স্মৰণযোগ্য। তেওঁ অসম বিধান সভাৰ উপাধ্যক্ষও হৈছিল।) এনেদৰেই কুৰি শতিকাৰ চতুর্থ দশকতে জুৰীয়াৰ থলুৱাই ৰাজনৈতিক আধিপত্য আৰু নিয়ন্ত্ৰণ হেৰুৱাইছিল। স্বাধীনতা লাভৰ পিছত, পৰিবৰ্তিত পৰিস্থিতিত প্ৰব্ৰজনকাৰীমূলৰ লোকে কংগ্ৰেছক সমর্থন দিয়ে যদিও ৰাজনৈতিক নেতৃত্ব থলুৱাৰ হাতলৈ নাহিল। ১৯৭৮ চনৰ জনতা ঢৌতো জুৰীয়াক সামৰি লোৱা ৰূপহীহাট সমষ্টিত নির্বাচিত হৈছিল কংগ্ৰেছৰ ইদ্রিছ আলী। স্থানীয়ভাবে ইদ্রিছ মিনিষ্টাৰ বুলি পৰিচিত আৰু আধুনিক জুৰীয়া নিৰ্মাণত অসামান্য বৰঙণি আগবঢ়োৱা এইজন ব্যক্তিৰ ককাক চিলেটৰ পৰা অহা। ২০০১ চনত তেওঁৰ জীয়ৰী শ্বৰীফা বেগম কংগ্ৰেছ প্রার্থী হিচাপে বিজয়ী হয়। ১৯৮৫, ১৯৯১ আৰু ১৯৯৬ চনত বিজয়ী হোৱা ৰচিদুল হকৰো ককাক মৈমনসিংহৰ পৰা অহা। অগপৰ বিধায়ক আব্দুল আজিজো একেই প্ৰব্ৰজনকাৰীমূলৰ। জুৰীয়া উন্নয়ন খণ্ডৰ ২২ খন গাঁও পঞ্চায়তৰ কেৱল তেলীয়া বেবেজীয়াতহে থলুৱা ভোটাৰ নিৰ্ণায়ক শক্তি। ইয়াৰপৰা সমষ্টিটোত বিৰাজমান ৰাজনৈতিক সংঘাতৰ স্বৰূপ চিনি উলিয়াব পাৰি।

৩.১. গ) অর্থনৈতিক সংঘাত:

জুৰীয়ালৈ অর্থনৈতিক সমৃদ্ধি আহিছিল মৰাপাট খেতিক নিৰ্ভৰ কৰি। ঘটনাক্রমে মৰাপাট খেতি থলুৱাই নকৰিছিল, এই খেতিৰ বাবে উপযোগী মাটি থকা জুৰীয়ালৈ পূববংগীয় প্ৰব্ৰজনকাৰীক এই কাৰণতেই আমন্ত্ৰণ জনাই অনা হৈছিল। মৰাপাট ৰপ্তানিত সহায়ক হোৱাকৈয়ে ধিঙত জাহাজঘাট, বজাৰ আৰু শেনচোৱা-মৈৰাবাৰী ৰেলপথ বহুওৱা হৈছিল। আনকি নগাঁও-ধিং পথ আৰু নগাঁও-জুৰীয়া-চাইদৰীয়া পথো নিৰ্মাণ কৰা হৈছিল মৰাপাট খেতি আৰু খেতিয়কৰ সুবিধাৰ বাবে। এটা শতিকা ধৰি জুৰীয়াৰ সমৃদ্ধিৰ লক্ষ্য প্ৰব্ৰজনকাৰী আৰু প্ৰব্ৰজনকাৰীমূলৰ লোকেই হৈ আহিছে। থলুৱাৰ উপকাৰ ইয়াৰ উদ্দেশ্য নহয়। অর্থাৎ থলুৱাই জুৰীয়াত কেৱল মাটিৰ নিয়ন্ত্ৰণ হেৰুওৱা নাই, সমৃদ্ধিৰ নিয়ন্ত্রণো হেৰুৱাইছে। আমাৰ অধ্যয়নকালত দেখা গৈছিল যে দগাঁও, সুতিৰপাৰ, জুৰীয়া আৰু শিঙিয়া — অঞ্চলটোৰ এই চাৰিওখন বজাৰতে ক্রেতা সকলহে থলুৱা, বিক্রেতাসকল প্ৰব্ৰজনকাৰীমূলৰ। পিছত ক'বলৈ থোৱা লালুং গাঁৱৰ প্ৰয়াত গেবা কছাৰীৰ পুত্ৰসকলে মাছ বিক্ৰী কৰিছিল ব্যৱসায়ৰ কাৰণে নহয়, ৰাতিৰ ভাত সাজ গোটাবলৈ উপায়ান্তৰ হৈ।

৪. থলুৱাৰ পৰিণতি:

নিউটনৰ তৃতীয় গতিসূত্ৰটো মতেই জুৰীয়ালৈ ঘটা প্ৰব্ৰজনৰ প্ৰতিক্ৰিয়া স্বৰূপে থলুৱা আঁতৰিবলগীয়া হ'ল। প্ৰব্ৰজনকাৰীয়ে জুৰীয়াৰ কেৱল পতিত মাটিকেই দখল কৰা নাছিল, থলুৱাৰ দখলত থকা মাটিও বিভিন্ন উপায়েৰে নিজৰ দখললৈ নিছিল। এনে কৰাৰ সাধাৰণ কৌশলটোৰ আভাস দিবলৈ লৈছো। এয়া কুৰি শতিকাৰ তৃতীয়-চতুর্থ দশকৰ চিত্র।

৪.১. মাটি দখলৰ কৌশল:

প্ৰব্ৰজনকাৰীয়ে প্ৰথমে থলুৱাৰ মাটি ক্ৰয় কৰি তাত খেতি কৰিবলৈ লয়। ইয়াৰ পিছতে সেই মাটিত বাসগৃহ নিৰ্মাণ কৰে আৰু গৰু আৰু কুকুৰা পোহে। গৰুক থলুৱাৰ খেতি লগ পোৱাকৈ এৰাল দিয়ে আৰু কুকুৰা মুকলি কৰি দিয়ে। তাহানি কালত কুকুৰাক থলুৱাই বিশেষকৈ হিন্দু ধর্মাৱলম্বীসকলে অপবিত্ৰ জ্ঞান কৰিছিল। কুকুৰা সোমোৱা ঘৰ, মুখ দিয়া বস্তু অপবিত্ৰ বুলি ভাবিছিল। এই দুই কাৰ্যৰ পৰা নিজকে আঁতৰাই ৰখাৰ চেষ্টাতেই নিজৰে ভূ সম্পত্তি প্ৰব্ৰজনকাৰীক গটাই দিছিল। পথাৰৰ সীমা ঠেলা আৰু তাৰ বাবেই মাৰপিট কৰাও প্ৰব্ৰজনকাৰীৰ এটা সাধাৰণ কৌশল আছিল। থলুৱাৰ গাভৰু ছোৱালী অপহৰণ কৰা, পুখুৰীৰ পাৰত গৰুৰ হাড়-মূৰ পেলোৱা, থলুৱাই চোতালত মেলা উখোৱা ধানত ছাঁ পেলোৱা আদিও আছিল থলুৱাক উত্যক্ত কৰাৰ প্ৰব্ৰজনকাৰীৰ কৌশল। এনে ধৰণৰ ভালেমানে অভিযোগ নগাঁও জিলাৰ প্রশাসনে সেই সময়ত পাইছিল। জুৰীয়াত এখন আৰক্ষী থানা প্রশাসনে এই কাৰণতে স্থাপন কৰিছিল। সমাজৰ অপৰাধীকৰণ হৈ পৰাত শান্তিপ্ৰিয় থলুৱাই মাটি-ভেটি এৰাকে শ্ৰেয় বিচেনা কৰিছিল। ইতিমধ্যে আমি উত্তৰ লখিমপুৰৰ কুসুম হাজৰিকাৰ চিঠি এখন উদ্ধৃত কৰিছো। সেই সময়ৰ পৰিস্থিতি অনুধাৱন কৰিবলৈ এইবাৰ আমি উদ্ধৃত কৰিম সেই সময়ৰ অসমৰ সর্বোচ্চ আৰক্ষী বিষয়া আৰক্ষী মহা নির্দেশক (Inspector General of Police) W.C.M Dundas-ৰ আৰু এটা মন্তব্য। অসম বিধান সভাৰ সদস্য মহাদেৱ শৰ্মাৰ এটা প্রশ্নৰ উত্তৰত বিষয়াজনে ১৯২৭ চনৰ ১৭ আগষ্টত জনাইছিল এই বুলি "...the immigration has brought with it a cultural following of thieves, burglars and forgers of currency notes who are introducing with great rapidity crimes of a nature and violence hitherto unknown in the valley and with whom murder is little more than an unfortunate incident.” মাটি সংক্রান্তত ঘটা কুৰি শতিকাৰ আৰম্ভণী কালৰে দুটা উদাহৰণ লোৱা হওঁক।

উদাহৰণ-১ঃ শালপৰাৰ সুৰ্থ চিকাৰীঃ জুৰীয়াৰ এখন উল্লেখনীয় থলুৱা বসতিভৰা গাঁও শালপৰাৰ শেষ পৰিয়ালটোৱে ১৯৩৬-৩৭ চনত গাঁও এৰে। এই পৰিয়ালটোৰে মুৰব্বী সুৰ্থ চিকাৰী। বেবেজীয়া গাঁৱৰ (বামুণ গাঁও) ৰত্নেশ্বৰ শৰ্মাক এদিন সুৰৰ্থ চিকাৰীয়ে ক'লে, “... গাঁওখনৰ এঘৰ-দুঘৰকৈ মোৰ আৰু দুঘৰমানৰ বাহিৰে সকলোবিলাক বৰধূলি, নলতলী, কলিয়াবৰ আদি ঠাইলৈ উঠি গ'ল। আমিও কলিয়াবৰৰ ফালে উঠি যোৱাৰ ব্যৱস্থা কৰিছো।' তেওঁ আকৌ ক'লে, 'নিজৰ ঠাইখন এৰি যাবলৈ সত নাযায়। আটাই কেইঘৰ মানুহ এক হৈ থকাহেঁতেন থাকিব পৰা গ'লহেঁতেন। কিন্তু মাটি বেচি ঢেৰ ঢেৰ টকা পোৱাত... প্ৰায়বিলাক মানুহ গুচি গ'ল।' কোৱা বাহুল্য, ‘মানুহবিলাকে’ কল্পনা কৰাতকৈ বেছি দাম পাই প্ৰব্ৰজনকাৰীক মাটি বেচিছিল। ১৯৩০ চনৰ এখন নথি মতে সেই সময়ত অঞ্চলটোত খেতি মাটিৰ দাম বিঘাত ৫০ টকা আছিল। কিন্তু প্ৰব্ৰজনকাৰীয়ে সেই মাটিতেই বিঘাত ১৫০ টকা পর্যন্ত দাম দিছিল। 

তালিকা - ৩.

লালুংগাঁৱৰ পৰিয়াল সংখ্যা সলনিৰ চিত্ৰ (জমাবন্দীৰ তথ্য)


উদাহৰণ-২ঃ লালুংগাঁৱৰ ভলুকা ডেকাঃ লালুং গাঁওখন তিৱা জনজাতিৰ বসতিস্থল। এই গাঁৱৰে মুখিয়াল মানুহ ভলুকা ডেকা (লালুং)। তেওঁ হালৰ গৰু আৰু কঠীয়া দি কিছু মাটি নতুনকৈ অহা ‘মিঞা’ পৰিয়াল এটাক আধি দিছিল। ফচল চপাবৰ পৰত ‘মিঞা’ই বিশ্বাসঘাটকতা কৰাই নহয়, বাওকাৰে কোবাই ভলুকা ডেকাৰ মূৰ ফালি দিলে। খঙত ভলুকা ডেকাই যাঠীৰে খুচি ‘মিঞা’জনক মাৰি পেলালে। গোচৰত অৱশ্যে ভলুকা ডেকাই শাস্তি অবিহনেই খালাচ পালে। তেওঁ জীয়াই থকালৈকে লালুং গাঁৱৰ মাটিত ‘মিঞা'ই চকু দিবলৈ সাহস কৰা নাছিল। পিছে চহৰত দুশ্ৰেণী পঢ়ি ‘ফুল বাবু’ হোৱা ভলুকা ডেকাৰ পুত্ৰ ৰাতি লালুঙে ‘মিঞা’ক মাটি বিক্ৰী কৰাকে জীৱিকা হিচাপে গ্ৰহণ কৰিলে। নগাঁও জিলা মহাফেজখানাত সংৰক্ষিত জবানবন্দীত ৰাতিৰাম দাস /ৰাতিবৰ দাস/ৰাতি লালুং আদি নামত ভলুকাৰ পুত্ৰ ৰাতিৰ বিশাল মাটি-সম্পত্তি থকাৰ প্ৰমাণ পোৱা যায়। ১৯৪৩ চনৰ ২৩ ছেপ্টেম্বৰত নগাঁও ৰাজহ চক্ৰ বিষয়া স্বাক্ষৰিত এখন নথিয়ে ৰাতিৰ পৰিয়ালে একেদিনাই অথলুৱাৰ হাতত ২৩ বিঘা মাটি বিক্ৰী কৰাৰ সাক্ষ্য দিয়ে। একেখন গাঁৱৰে আন এজন মাটিগিৰী মহাজন আছিল নদি/নদী লালুং। মহাফেজখানাৰ নথিয়ে এই নদি/নদীয়ে দ্রুত গতিত আৰু ব্যাপক পৰিমাণত প্ৰব্ৰজনকাৰীক মাটি বিক্ৰী কৰাৰ সাক্ষ্য দাঙি ধৰে। আমাৰ অধ্যয়ন কালত ৰাতি আৰু নদি লালুঙৰ বংশধৰ লালুং গাঁৱত নাছিল। অৱশ্যে গাঁওখনৰ আন এজন মাটিগিৰী মহাজন গেবা কছাৰীৰ পুত্ৰসকল এতিয়াও লালুং গাঁৱতে আছে। পিছে তেওঁলোকে এতিয়া কপর্দক শূন্যঃ বিশাল পৈতৃক ভূ-সম্পত্তি বিক্ৰী সূত্ৰে প্ৰব্ৰজনকাৰী মূলৰ লোকৰ দখলত, পুখুৰীৰ মাছ আবেলি জুৰীয়া বজাৰত বেচিলেহে ৰাতিৰ সাজৰ ভাত-লোণ যোগাৰ হোৱাৰ অৱস্থা।

১৯৭৯ চনত অসমত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনে সমগ্র ৰাজ্যখনৰে সমাজ-জীৱনক জোকাৰি পেলাইছিল। জুৰীয়াও এই প্ৰভাৱৰ পৰা স্বাভাৱিকতেই আঁতৰত থাকিব পৰা নাছিল। ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত জুৰীয়া বজাৰৰ বাংলাভাষী হিন্দুসকল আক্রান্ত হ'ল। প্ৰশাসনৰ তৎপৰতাত এনে ঘটনা বিস্তাৰিত নহ'ল যদিও পাৰস্পৰিক সন্দেহে গোঁজ পুতি ল'লে। ১৯৯২ চনৰ অযোধ্যা কাণ্ডৰ প্ৰতিক্ৰিয়াত নগাঁৱত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হওতেহে জানিব পৰা গ'ল যে তিৰাশীৰ গোঁজডাল এতিয়া গছ হ'ল। এই দুই ঘটনাই জুৰীয়াৰ 'সংখ্যালঘু' থলুৱাৰ নিৰাপত্তাহীনতাবোধ সম্পূর্ণ শতাংশ কৰিলে। ফলত প্ৰব্ৰজনকাৰীমূলৰ গাঁৱৰ নিকটৱৰ্তী থলুৱা গাঁৱৰ বাসিন্দাই ভেটি এৰা প্ৰক্ৰিয়া দ্রুত কৰিলে। এটা সাম্প্ৰতিক উদাহৰণ দিব পাৰি।

উদাহৰণ-৩ : দগাঁও সত্ৰৰ কথাঃ চামধৰাৰ পৰা ডেৰ-দুই কিলোমিটাৰমান নিলগত দগাঁও। কুৰি শতিকাৰ আৰম্ভণীত প্রায় তিনিশ পৰিয়ালেৰে এইখন থলুৱাৰ এখন বৃহৎ গাঁও আছিল। ওঠৰ শতিকাৰ শেষৰফালে ইয়াত এলেঙী আৰু শ্ৰৱণী সত্ৰৰ শাখা প্রতিষ্ঠিত হয়। সম্প্রতি ইয়াত এলেঙী শত্ৰৰ শাখাটোহে আছে, স্থানীয় লোকে যাক দগাঁও সত্ৰ বোলে। কুৰি শতিকাৰ মাজভাগতে দগাঁও প্ৰব্ৰজনকাৰীৰ গ্ৰাসত পৰে, এনে আগ্রাসনত শ্রৰণী শাখা সত্ৰখনেই বিলুপ্ত হোৱাৰ উপক্রম হয়। এলেঙী সত্ৰৰো শাখাটোৰ সত্ৰাধিকাৰ পৰিয়ালৰ ধৰ্ম মহন্ত আৰু কেশৱ মহন্তই তেতিয়াই দগাঁও এৰিলে, সত্ৰত এতিয়া আছে। তৰুণ গোস্বামীৰ পৰিয়ালটোহে! দগাঁৱত বর্তমানে থকা থলুৱা পৰিয়ালৰ সংখ্যা ৪৫ টামানহে হ'ব।

উদাহৰণ-৪ : কেইটামান বিছিন্ন উদাহৰণঃ শিমলু আটি গাঁৱৰ 'গোঁসাই পুখুৰী'য়ে সেই গাঁৱৰ পূৰ্ণকান্ত মহন্ত আৰু আন থলুৱা পৰিয়ালৰ স্মৃতিহে বহন কৰে, গাঁওখনত এতিয়া এটাও থলুৱা পৰিয়াল নাই। প্ৰব্ৰজনকাৰীৰ হেঁচাত শালপৰা গাঁও এৰি কলিচিং শইকীয়াই ওচৰৰে খৰঙী গাঁৱত ১৯৬০ চনত বসতি পাতে। তেওঁৰ পুত্ৰ গুণাৰাম শ‍ইকীয়াই খৰঙী এৰে ১৯৯৭ চনত আৰু নগাঁৱৰ স্থায়ী হয়। খৰঙীৰ মহেশ্বৰ বৰা ১৯৭৫ চন মানত উত্তৰ লখিমপুৰলৈ গৈছিল। একেখন গাঁৱৰ জিতেন নাথ গৈছে নগাঁৱলৈ। জুৰীয়াৰ এসময়ত সুবৃহৎ জনজাতি গাঁও কছাৰী গাঁও লাইন প্রথা অনুসাৰে ১৯২৫ চনলৈ 'অসমীয়া লাইন'ত আছিল, সেই বছৰতে গাঁওখন ‘মিশ্র লাইন'ত দিয়া হৈছিল। ১৯৬৩-৬৮ চনৰ ভিতৰত এই গাঁওখন সম্পূৰ্ণৰূপে থলুৱা শূন্য হৈ পৰে! জুৰীয়াৰ পৰা থলুৱাৰ বাধ্যতামূলক প্ৰব্ৰজনৰ উজ্জ্বল উদাহৰণ (Study Case) হ'ব পাৰে কছাৰীগাঁও, লালুং গাঁও আৰু শালপৰা।

সামৰণি আৰু সিদ্ধান্ত : সমগ্ৰ কুৰি শতিকাটো জুৰি চলি থকা প্ৰব্ৰজনে অসমক লাভবান কৰা নাই বুলিব নোৱাৰি। সামগ্ৰিকভাৱে প্ৰব্ৰজনে ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিকভাবে অসমৰ চিত্ৰখন সলাই পেলাইছে। এই প্ৰভাৱ যুগান্তৰকাৰী, সুদূৰ প্ৰসাৰীও। প্ৰব্ৰজনে অসমক আগো বঢ়াইছে, পিছো পেলাইছে। সামগ্রিক লাভ-ক্ষতিৰ পৰিমাণ নির্ণয় কৰা অৱশ্যে কঠিন কাম। অসমলৈ প্ৰব্ৰজন কেৱল পূববংগৰ পৰাই ঘটা নাছিল, ভাৰতৰ প্ৰায় প্ৰতিটো অঞ্চলৰ পৰাই ঘটিছিল। কুৰি শতিকাৰ আৰম্ভণিকালৰ পৰা অসমলৈ ঘটা প্ৰব্ৰজনক তিনিটা সুঁতিত ভাগ কৰিব পাৰি। সেই সুঁতি তিনিটা হ'ল— (ক) বিহাৰ, উৰিষ্যা, মধ্য প্রদেশ, উত্তৰ প্ৰদেশ আৰু মাদ্ৰাজ প্ৰদেশৰ পৰা হোৱা, (খ) বংগদেশ, বিশেষকৈ পূববংগৰ মৈমনসিংহ জিলাৰ পৰা হোৱা

তালিকা-৪ : প্ৰব্ৰজনৰ শ্ৰী চেহেৰা:


আৰু (গ)নেপালৰ পৰা হোৱা। অৱশ্যে প্ৰব্ৰজনকাৰীৰ চতুৰ্থ সুঁতি এটাও বিচাৰি উলিয়াব পাৰি, সংখ্যাৰ দিশৰ পৰা নধৰ্তব্য এই সুঁতিটো গঠন কৰিছে ৰাজস্থান, পাঞ্জাব, চীনদেশ আৰু ব্ৰহ্মদেশৰ লোকে। তালিকা-৪ত ১৯২১ আৰু ১৯৩১ চনত অসমলৈ ভাৰতৰ (সেই সময়ত নামানুসাৰে) বিভিন্ন প্ৰদেশৰ পৰা কৰা প্ৰব্ৰজনকাৰীৰ পৰিসংখ্যা দিয়া হ'ল। এই তালিকাইশতিকাটোৰ আদি কালৰ প্ৰব্ৰজনৰ শ্ৰী-চেহেৰাৰ পৰিচয় দিব। আমাৰ অধ্যয়ন ক্ষেত্র যদিও জুৰীয়াহে, আমি এই কথাখিনি ক’লো কাৰণ প্ৰব্ৰজনৰ প্ৰভাৱ জুৰীয়াতে সীমাবদ্ধ নহয়, এতিয়াৰ নগাঁও, দৰং আৰু বৰপেটা জিলাত ইয়াৰ প্ৰভাৱ দকৈ পৰিছে। দৰাচলতে সমগ্ৰ ৰাজ্যখনেই এই প্ৰভাৱ বহন কৰিছে। ৫.১. মুলানৰ মন্তব্যঃ

প্ৰব্ৰজনে যে অসমৰ সমাজ জীৱনত আঘাত হানিছে, সেই মন্তব্য দাঙি ধৰিছিল, চি এছ মুলান নামৰ ইংৰাজ বিষয়াজনে— এই কথা আগতে উল্লেখ কৰা হৈছে। অসমৰ জন গাঁথনিৰ গভীৰ অধ্যয়ন কৰি মুলানে কৰিছিল এই মন্তব্য— 'Probably the most important event in the province during the last twenty five years....which seems likely to alter permanently the whole furture of Assam...has been the invasion of a vast horde of land hungry Bengali immigrants, mostly muslims from the district of Eastern Bengal and in particular from Mymensingh.' পূববংগৰ বিভিন্ন অঞ্চল, বিশেষকৈ মৈমনসিংহ জিলাৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা লোকৰ তালিকা এখনো মুলানে তেওঁৰ প্ৰতিবেদনত গাঁঠি দিছিল। এই তালিকাখন তালিকা-৫ত দিয়া হ'ল। এই তথ্যৰ আধাৰত মুলানে অসমৰ বৌদ্ধিক মহলৰ মাজত বহু চৰ্চিত আৰু বহু বিতর্কিত সিদ্ধান্তটো ঘোষণা কৰিছিল। তেওঁ কৈছিল— “Invasion began sometime before 1911... were merely the advance gaurd-or rather the scouts-of a huge army following closely at their heels...the second army corps...has consolidated their position in that district and has also completed the conquest at Nowgong. The Barpeta Sub Division of Kamrup has also fallen to their attack and Darrang

তালিকা-৫ঃ বঙ্গদেশত জন্ম লৈ অসমত বসতি আৰম্ভ কৰা লোকৰ তথ্য। বন্ধনীৰ ভিতৰত ৰখা সংখ্যাটো মৈমনসিঙীয়া লোকৰ আৰু হাজাৰত। ১৯৩১ চনৰ লোকপিয়ল প্রতিবেদনৰ তথ্য 


is invaded.” ভালেমান তথ্য বিশ্লেষণ কৰি অৱশেষত মুলান উপনীত হ’ল এক ঐতিহাসিক সিদ্ধান্ততঃ in another thirty years Sibsagar district will be only part of Assam in which an Assamese will find himself at home'...মুলানৰ এই মন্তব্যৰ বহু ব্যাখ্যা ইতিমধ্যে দিছে বিভিন্নজনে। ইয়াত সেইবোৰৰ উল্লেখৰ বা ব্যাখ্যাৰ অৱকাশ নাই। ইয়াত মাত্র এইখিনিকে ক’লেও হয় যে ভাষা বা language গ্ৰহণৰ দিশটো উপেক্ষা কৰিলে মুলানাৰ মন্তব্যত অসত্যতা বা অতিৰঞ্জন আজিও বিচাৰি পোৱা নাযায়। বিষয়টোৰ ব্যাখ্যা স্থানান্তৰৰ কৰা হৈছে।


৫.২. জুৰীয়াত প্ৰভাৱ


এই প্ৰসংগটো আমি বাৰম্বাৰ আলোচনা কৰিছো। এই আলোচনাকে অধিক বাস্তৱিক কৰি তুলিবলৈ এইবাৰ আমি উদ্ধৃত কৰিম জুৰীয়াৰ এজন বিশিষ্ট ব্যক্তি গুণাৰাম শ‍ইকীয়াৰ এটা মন্তব্য। এখন স্মৃতিগ্ৰন্থৰ সম্পাদকৰ আসনৰ পৰা শ‍ইকীয়াই কৈছিল— ‘উৰন্ত চিলাৰ বেঁকা ৰছীডালৰ দৰে বৈ থকা সোণাই নৈখন এতিয়াও আছে।... বুকুত মেঠনি মাৰি কান্ধত জাকৈ লৈ সোণাইৰ নেগুৰিয়াত মাছ মাৰি... দিবলৈ আমাৰ বা-ভনীহঁত, বুকুৰ কুটুম লালুং সমাজৰ জীয়ৰী-বোৱাৰীহঁত এতিয়া আৰু নাহে। নাই।... কাষত কলহ লৈ ৰঙতে কিৰিলি পাৰি সোণাইৰ বুকুত খলকনি তুলি, সোণাই নৈৰ ফটিক বগা পানীত প্রতিবিম্ব চাই চাই মতলীয়া হোৱা গাভৰুহঁত এতিয়া আৰু নাহে। বিৰিণাৰ জোপাৰ মাজত তামোল হেৰাই পাই খাবলৈ আজি আৰু সেই ডেকাহঁতো নাই। জুৰীয়াৰ মাজেদি কাঁড় মাৰিলে কাঁড় সৰকি যোৱা ব্ৰহ্মপুত্ৰই এৰি থৈ যোৱা— এৰাসুঁতি, ৰাঁ-সুঁতি হৈ এতিয়াও আছে। কিন্তু বাঁ সুঁতিৰ পানীত সাঁতুৰি-নাদুৰি চকু ৰঙা কৰি অহা গাভৰুহঁত এতিয়া আৰু নাই। বাৰিষা দোপাল-পিটা বৰষুণৰ ৰাতি উজান উঠা মাছ ধৰিবলৈ শালপৰা গাঁৱৰ ডেকাহঁতো নাই।... আমাৰ উপৰি পুৰুষসকলৰ সুখ-দুখ, হৰ্ষ-বিষাদৰ চিৰলগৰীয়া ৰাঁ-সুঁতিখনৰ দুৰ্দশা কিয় হ’ল?... বুঢ়া লুইতৰ কাষৰিৰ কাষৰি গাওঁখন এতিয়াও আছে। কিন্তু তাত মাঘৰ বিহুত যুঁজাবলৈ মাহনিত ম'হ চৰাবলৈ যোৱা মহগোৱাল ডেকাহঁতৰ নামৰ সুৰ আৰু প্ৰতিধ্বনিত নহয়। গামোচাত চাউল বান্ধি, কান্ধত জাকৈ লৈ কান্ধুলি মাৰি, চিতল মাৰি, গদাই মাৰি বিলত মাছ মাৰিবলৈ উজাই যোৱা মেখেলা পিন্ধা মানুহবোৰ হেৰাই গৈছে।... শালপৰাত.... দুপৰীয়া-গধূলি দবাৰ কোবত ৰজনজনাই থোৱা নামঘৰৰ ভেটিটোহে আছে। সিটো কাৰোবাৰ নামত।.... ভূঞা ৰজাই আলি বান্ধি দিয়া আলি টাঙনিৰ আলিয়ে আলিয়ে গা ঘেলাই ফুৰা আগৰ ডেকা-গাভৰুবোৰ... নাইকিয়া হল।'

৫.৪. প্ৰব্ৰজনকাৰীক খেদি পঠিয়াব নোৱাৰি:

ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰাটো আছিল জুৰীয়া অঞ্চলত অথলুৱাৰ বসতি বিস্তাৰৰ প্ৰথম প্ৰধান কাৰণ। ইয়াৰ লগত যোগ হৈছিল তেওঁলোকৰ তুলনামূলক সবল অর্থনীতি। নগদ ধনেৰে মাটিৰ প্রিমিয়াম আৰু খাজনা দিয়াৰ সামৰ্থ কুৰি শতিকাৰ আৰম্ভণিকালত জুৰীয়াৰ বেচিসংখ্যক থলুৱা লোকৰে নাছিল। এখন সমসত্ত সমাজত (homegenous society) বাস কৰাত অভ্যস্ত অসমীয়া মানুহে নতুন কৃষ্টি তথা ধর্ম লৈ অহা অথলুৱাসকলৰ হাতত মাটি ভেটিকে গটাই নিজে অনিশ্চিত জীৱন একোটা আদৰি লৈছিল। আৰম্ভণিৰ আকস্মিকতা শাম কটাৰ পাছতে জুৰীয়াৰ অৱশিষ্ট থলুৱাসকল মুখামুখি হ’ল প্ৰতিযোগিতাৰ। এই প্রতিযোগিতাত পশ্চাদপদ কৃষি ব্যৱস্থাকে সাৱটি থকা থলুৱাসকলে হাৰ মানিলে। অপৰাধমূলক কাম-কাজৰ সহজ অনুশীলনৰ পদ্ধতিকো থলুৱাই মানি ল'ব নোৱাৰিলে, শিকিবতো নোৱাৰিলেই। জুৰীয়াৰ পৰা থলুৱাৰ প্ৰব্ৰজনৰ ইও এটা কাৰণ। এশ বছৰৰ আগেয়ে আৰম্ভ হোৱা প্ৰক্ৰিয়া এটাৰে আহি জুৰীয়া অঞ্চলত বসতি কৰাহি অথলুৱাসকল আজি আৰু অথলুৱা হৈ থকা নাই। পূৰ্বপুৰুষৰ ভেটিলৈ উভতি যোৱাৰ কোনো পথ তেওঁলোকৰ ওচৰত আজি আৰু খোলা নাই। সংস্কৃতি আৰু ধৰ্ম গ্ৰহণ নকৰিলেও ভাষা গ্রহণ কৰি তেওঁলোকে থলুৱা সমাজত জাহ গৈছে।

এইখিনিতে উল্লেখ কৰি থওঁ দুটি ঐতিহাসিক তথ্যঃ এই প্রতিবেদনত বহুবাৰ উল্লিখিত নাম ওচমান আলি সদাগৰে ১৯১৭ চনতে অসম সাহিত্য সভালৈ দিছিল ১০ টকাৰ বৰঙণি, অভিবাসী বসতি অঞ্চলৰ প্ৰথমখন অসমীয়া বিদ্যালয়ো পাতিছিল তেঁৱেই— আলি টাঙনিত, ১৯২১ চনত। গতিকেই এই সম্প্রদায়টোক বৰ্তমানৰ স্থানত ৰাখিয়েই থলুৱাৰ সুৰক্ষাৰ দিশটো ভাবিব লাগিব। থলুৱা বা খিলঞ্জীয়াসকলক যথোপযুক্ত সুৰক্ষা দিলেহে জুৰীয়া অঞ্চলত চলি থকা নীৰৱ সংঘাতৰ অৱসান ঘটাব পৰা যাব।

৫.৫. অকণ বৰদলৈৰ মন্তব্য 

খিলঞ্জীয়াৰ ৰক্ষা কবচ বিচাৰি আমি ওচৰ চাপো অকণ বৰদলৈৰ। লাওখোৱা অভয়াৰণ্যৰ এখন বনগাঁও (forest village) সুঁতিৰ পাৰ-বনগাঁৱৰ নেতৃস্থানীয় লোক অকণ বৰদলৈ। প্ৰায় ৫০ বছৰ ধৰি তেওঁ এই গাঁৱত বাস কৰি আছে। জুৰীয়াৰে মাহগুৰি নামৰ গাঁওখনৰ পৰা প্ৰায় ৫০ বছৰ আগেয়ে তেওঁ ইয়ালৈ প্ৰব্ৰজন কৰিছিল। ইয়াত সম্প্ৰদায়ৰ বসতি থকা গাঁওখনৰ পৰিয়াল সংখ্যা ৩৩। প্ৰতিটো পৰিয়ালৰ কৃষিমাটিৰ পৰিমাণ ৩০-৩৫ বিঘাকৈ। অথলুৱা প্ৰব্ৰজনকাৰীৰ সবল হেঁচাতো গাঁওখনৰ জনজাতিসকলে মাটিৰ নিয়ন্ত্ৰণ ৰক্ষা কৰিব পৰাৰ একমাত্ৰ কাৰণ— বনগাঁৱৰ ভূ-সম্পত্তি হস্তান্তৰযোগ্য নহয়— কোনো বনগঞাকে মাটিৰ পঢ়া দিয়া নহয়। কেন্দ্ৰীয় চৰকাৰে ২০০৬ চনৰ বন আইন মতে (Scheduled Tribe and Traditional Residents of Forests (Right to forest) Act 2006) এনে বনগঞাক মাটিৰ পট্টা দিবলৈ সিদ্ধান্ত ল'বৰ পৰত বৰদলৈয়ে ইয়াৰ বিৰোধিতা কৰে। কাৰণ, বৰদলৈৰ মতে, মাটিৰ পট্টা পোৱাৰ লগে লগে সুঁতিৰপাৰ অঞ্চলৰ বেচিভাগ বনগঞাই মাটিবোৰ ওচৰৰ অভিবাসী মুছলমানক বিক্ৰী কৰি দিব। সুঁতিৰপাৰ অঞ্চলত বনগাঁৱৰ সংখ্যা ৯। থলুৱাৰ প্ৰতিষ্ঠাপন আৰু পশ্চাদ অপসৰণ আৰু অথলুৱাৰ বসতি স্থাপনৰ পৰিঘটনাৰ অধ্যয়নৰ এখন আদৰ্শ ক্ষেত্ৰ হ'ব পাৰে সুঁতিৰপৰা অঞ্চলটো। একে সময়তে থলুৱাৰ প্ৰতিৰোধ শক্তিৰ উদাহৰণ হ'ব পাৰে সুঁতিৰপাৰৰ নেতৃস্থানীয় ব্যক্তি মহেন্দ্ৰ শৰ্মা।

৫.৫.এটা পৰামৰ্শ:

সমস্যাটো হৈছে থলুৱাক সুৰক্ষা দিয়াৰ। অথলুৱা অৰ্থাৎ অভিবাসীসকলক বিতাৰিত নকৰাকৈ থলুৱাক সুৰক্ষা দিবলৈ হ'লে কেতবোৰ বিধায়িনী ব্যৱস্থাৰ দৰকাৰ হ'ব। ইয়াৰ বাবে আমি নতুন কিবা ব্যৱস্থা উদ্ভাৱনৰ কথা ভবা নাই, দেশখনত বলবৎ হৈ থকা আইন এখনলৈকে আঙুলিয়াব বিচাৰিছো। জুৰীয়াতে নহয়, সদৃশ সমস্যাত ভোগা ৰাজ্যখনৰ অন্যান্য প্রান্ততো প্রয়োগ কৰিব পৰা এই আইনখন হ’ল ‘অন্ধপ্রদেশ অনুসূচিত অঞ্চল ভূমি হস্তান্তৰ নিয়ামক আইন ১৯৫৯' ( A.P. Scheduled Areas land Transfer Regulation Act 1959) আইনখনৰ বিস্তৃত আলোচনাৰ সুযোগ ইয়াত নাই, সেইবাবে ইয়াৰ মূল দফা কেইটাৰ ভাৱাৰ্থ উদ্ধৃত কৰা হ'ল—

1. the transfer of immovable property situated in the Agency tracts is absolutely null and void unless made in favour of a member of Scheduled Tribe or a registered society composed solely by members of Scheduled Tribes. 2. The transfer of land to non-tribal is valid if previous consent of State Government or Agent or prescribed officer is obtained. 3. Where a transfer of immovable property is made in violation of this regulation, the Agent or the Agency Divisional Officer on application by any interested person or sou-moto restore the property to the transferor or to his heirs. 4. No immovable property situated in Agency tracts owned by a member of a Scheduled Tribe shall be liable to be attached and sold in execution of money decree except the extent and mover prescribed. 5. Suits against a member of scheduled tribes are to be instituted only in Agency courts. Ordinery civil courts have no jurisdiction over the cases


arising of this regulation. এই আইনখন ১৯৭০ চনত এবাৰ সংশোধন কৰা হৈছিল। সংশোধিত আইনখনৰো কেইটামান দফা কামত আহিব। 6. Transfer of land in the scheduled areas is absolutly prohibited to non-tribals whether it is from a tribal or non-tribal except in case of partition or succession. 7. A statutory presumption is made that untill contrary proved any immovable property situated in the Agency tracts and in possession of non-tribal is pressumed to have be acquired by such person or his predecessor through a transfer made by member of scheduled tribe. 8. If any person whither tribal or non-tribal intends to sell his land he has to sell it to tribals only. In case no member of scheduled tribe in willing to purchase the land on the terms offered by such person, Government takes over the land after paying compensation as per rules and then asign the same land to members of scheduled tribe.

অসমৰ পটভূমিলৈ আনোতে এই আইনখনৰ Agency tracts, scheduled tribe, Agency courts, tribal, non-tribal scheduled area, scheduled area people, scheduled area courts, indigenous non indigenous কৰি ল'ব পৰা হ'ব।

সম্ভৱতঃ আমি এটা দিক নির্দেশনা পাবলৈ সক্ষম হৈছো।

(এই প্রতিবেদন যুগুত কৰা হৈছিল পান’ছ ছাউথ এছিয়াৰ এটা ফেলোশ্বিপৰ অধীনত, ২০০৯ চনত। প্রতিবেদনখন সেইভাগেই এই গ্রন্থত অন্তর্ভুক্ত কৰা হৈছে।)


Previous Post Next Post