ভষা কাক বোলে , অসমীয়া ব্যাকৰণ .অসমীয়া ব্যাকৰণ class 10


১) ভাষা কাক বোলে?

উওৰ: কোনো বিশিষ্ট জনসমষ্টিৰ মাজত পাৰস্পৰিক মনৰ ভাব আদান-প্ৰদানৰ অর্থে ব্যৱহাৰ হোৱা স্পষ্ট অর্থযুক্ত ধ্বনিসমষ্টিকে ভাষা বোলা হয়। ভাষাৰ কথিত আৰু লিখিত ৰূপ বেলেগ বেলেগ। পৃথিৱীৰ প্ৰত্যেক ভাষাতে কথিত আৰু লিখিত দুটা ৰূপ পোৱা যায়। ভাষাৰ আন এটা মন কৰিবলগীয়া কথা হ'ল— বৃহৎ অঞ্চল এটাত বিয়পি পৰা ভাষা এটাই অঞ্চলটোৰ খণ্ড বা অংশ বিশেষে সুকীয়া ৰূপ লোৱা দেখা যায়। ইয়াৰ ফলত মূলতঃ একোটা ভাষা হ'লেও খণ্ডই খণ্ডই লোৱা সুকীয়া ৰূপৰ বাবে খণ্ডই খণ্ডই ভাষাটোৰ ধ্বনি, ৰূপ, শব্দ, বাক্য গঠন, প্রকাশভংগী আদিত পার্থক্যই দেখা দিয়ে। এনেদৰে মূল ভাষাটোৰপৰা সামান্য ফালৰি কাটি গঢ় লোৱা খণ্ড বা অংশ একোটাৰ ভাষাকে মূল ভাষাটোৰ উপভাষা (Dialect) বোলে। উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ কামৰূপ অঞ্চলত প্ৰচলিত কামৰূপী উপভাষাৰ কথা ক'ব পাৰি। একেদৰে বৃহৎ অঞ্চলটোৰ খণ্ডই খণ্ডই গঢ় লৈ উঠা উপভাষাসমূহৰ মাজৰ যিটো ভাষাক অঞ্চলটোৰ সমূহীয়া কাম-কাজ চলাবলৈ নিৰ্ব্বাচন কৰি লোৱা হয়, সেই ভাষাটোকে মান্যভাষা (Standard Language) বোলে। উদাহৰণস্বৰূপে মান্য অসমীয়া ভাষাৰ কথা ক'ব পাৰি। অসমৰ উজনি, নামনি আৰু মধ্য অঞ্চলত প্রচলিত উপভাষাসমূহৰ মাজৰপৰাই অসমীয়া ভাষাৰ মান্যৰূপটো গ্ৰহণ কৰি উমৈহতীয়া কাম-কাজ চলোৱা হৈছে। ভাষাৰ এই মান্যৰূপটোৱে হ’ল উমৈহতীয়া লিখিত ৰূপ। এই ৰূপটোতে পুথি-পাঁজি লিখা হয় আৰু বিদ্যায়তনিক কাম-কাজ চলোৱা হয়।


২) অসমীয়া ভাষাৰ বিষয়ে। 

উওৰ: প্রাচীন ভাৰতীয় আর্যভাষা বুলিলে বৈদিক আৰু সংস্কৃত উভয়কে বুজায়। ইয়াৰপৰা বিভিন্ন প্ৰাকৃতৰ জন্ম হৈছিল। প্রধান তিনিটা প্রাকৃত হ’ল : মাগধী, মহাৰাষ্ট্ৰী আৰু শৌৰসেনী। পূব ভাৰতৰ প্রধান প্রাকৃত ভাষাটো আছিল মাগধী। তাৰপৰাই কালক্ৰমত অসমীয়া ভাষাৰ উৎপত্তি হয়। বাংলা আৰু উড়ীয়া ভাষাৰো উৎস একেটাই।

অসমীয়া ভাষাত আর্যভিন্ন আন ভাষা গোষ্ঠীৰো প্ৰভাৱ পৰিছে। ইংৰাজী আৰু অন্যান্য ইউৰোপীয় ভাষাৰপৰাও প্ৰচুৰ শব্দ অসমীয়া ভাষাত সোমাইছে।


৩। ধ্বনি আৰু বৰ্ণ কাক বোলে ?

উওৰ: ভাষাৰ মূল হ’ল ধ্বনি। ধ্বনি উচ্চাৰণ এটা জৈৱিক প্ৰক্ৰিয়া। ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰপৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মাজত মুখ-গহ্বৰত হোৱা সংঘৰ্ষৰ ফলত সংকেত বা মাতৰ উদ্ভৱ হয়। সেয়েই ধ্বনি।

মুখখন হ'ল ঘাই বাক্যন্ত্ৰ। ইয়াৰ আন আন অংগবোৰ হ'লঃ ওঁঠ, দাঁত, দাঁতৰ আলু, তালু, জিভা, ঘটিকা (কণ্ঠ) আৰু নাক ৷ এইবোৰৰ সহায়ত বায়ু প্ৰৱাহক ৰোধ অথবা নিয়ন্ত্ৰণ কৰি ধ্বনিৰ সৃষ্টি কৰা হয়। উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ধ্বনিৰ ভিন ভিন ৰুপ হয়।

ধ্বনিজ্ঞাপক চিনবোৰকে বর্ণ বোলা হয়। বর্ণ দুবিধ : স্বৰবৰ্ণ আৰু ব্যঞ্জনবর্ণ।

(ক) স্বৰবৰ্ণ কাক বোলে?

উওৰ: যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে বায়ুগুৱাহ বাধাপ্রাপ্ত নহয়, জিভাৰ সঞ্চালনৰ যোগেদি বায়ুৰ সোঁত নিয়ন্ত্ৰিত হৈ থাকে তাকে স্বৱধ্বনি বোলে। সেইবাবে স্বৰধ্বনি একেৰাহে দীঘলীয়াকৈ উচ্চাৰণ কৰিব পাৰি। এনে ধ্বনিসূচক চিনবোৰেই স্বৰবৰ্ণ। সংস্কৃত ভাষাৰ আৰ্হিতে অসমীয়া ভাষাৰ বর্ণমালা অথবা আখৰবোৰ গঢ় দিয়া হৈছে। প্রচলিত স্বৰবৰ্ণ এঘাৰটা। 

অসমীয়া স্বৱধ্বনি বিভাগ সন্মুখ, মধ্য আৰু পশ্চাত বা শেষৰ ফালে উচ্চাৰ্তি হয়। 

অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ,। সংস্কৃতৰ ৯৯ বৰ্ণৰ ব্যৱহাৰ অসমীয়াত নাই। সংস্কৃতত উচ্চাৰণৰ মাত্রাভেদে স্বৰবৰ্ণক হ্রস্ব আৰু দীর্ঘ দুটা ভাগত ভগোৱা হৈছে। অসমীয়া ভাষাত কওঁতে হ্রস্ব আৰু দীর্ঘ শব্দ ব্যৱহাৰ কৰিলেও আচল অর্থত এনে মাত্রাভেদ নাই। 

সংস্কৃত ব্যাকৰণৰ অনুৰুপত অ, ই, উ, ঋ আৰু আ, ঈ, উ, এ, ঐ, ও, ঔ, স্ব। ঐ আৰু ঔ ক দিম্বৰ বোলা হয়। কিয়নো, অ-ই-ঐ আৰু অ-উ-ঔ।

(খ) ব্যঞ্জনবর্ণ কাক বোলে?

উওৰ: যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্রয়োজন অনুসৰি বাক্ যন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক সম্পূর্ণ অথবা আংশিকভাবে বোধ কৰা হয়, তাকে ব্যঞ্জনধ্বনি বোলে। তেনে ধ্বনিসূচক চিনবোৰেই ব্যঞ্জনবর্ণ।

ব্যঞ্জনবর্ণবোৰ: ক খ গ ঘ ঙ চ ছ জ বা ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম বল শ ষ স হ । মুঠতে ব্যঞ্জনবর্ণ ৩৩ টা।

ক্ষ–ক আৰু য যুক্ত হৈ আছে। সেইদৰে ড় ঢ় য় ৎ - ক্রমে ড ঢ যতৰ পৃথক ৰূপছে; বেলেগ ব্য – (চন্দ্রবিন্দু) ও ঞ ণন ম-ৰ অনুনাসিক ৰূপ।

– (অনুস্বাৰ, বিসর্গ) : এই দুটা বৰ্ণ স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত যোগ নাই আৰু স্বতন্ত্র স্থানো নাই; অথচ ব্যৱহাৰ আছে। সেইবাবে ইহঁতক অযোগবাহবর্ণ বোলে। বাগযন্ত্ৰৰ উচ্চাৰণৰ স্থান অনুসৰি ব্যঞ্জনধ্বনিসমূহ তালিকাৰ সহায়ত দেখুৱাব পাৰি— 

স্পর্শবণ কৰপৰা মলৈ এই পঁচিশটা বৰ্ণ উচ্চাৰণ কৰোতে জিভাই মুখৰ একোটা একোটা অংশ স্পর্শ কৰে। গতিকে ইহঁতৰ নাম স্পৰ্শবৰ্ণ। স্পৰ্শবর্ণৰ পাঁচটা বর্ণ লগ লাগি একোটা বর্গ হয়।

ক খ গ ঘ ঙ-ক-বর্গ। চ ছ জ ঝ ঞ-চ-বর্গ। ট ঠ ড ঢ ণ- ট-বর্গ। ত থ দ ধন—ত-বর্গ। প ফ ব ভ ম – প-বর্গ।

(খ) শ ষ স হ – এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ বায়ু জোৰেৰে ওলাই উষ্ম বা হয়। গতিকে ইহঁতৰ নাম উষ্মবর্ণ।

(গ) য ব ল ৱ— এইকেইটা বৰ্ণ স্পৰ্শবৰ্ণ আৰু উষ্মবৰ্ণৰ মধ্যৱৰ্তী স্থানত থকা বাবে ইহঁতৰ নাম অন্তঃস্থবর্ণ। (ঘ) প্ৰতি বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল বাবে ইহঁতৰ নাম অল্পপ্রাণ বৰ্ণ।

ক গ ঙ, চ জ ও, ট ড ণ, তদন, প ব ম অল্পপ্রাণবর্ণ।

(ঙ) প্ৰতি বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কঠিন বারে ইহঁতক মহাপ্রাণ বর্ণ বোলে। খ ঘ, হক, ঠাঁট, থধ, ভ- মহাপ্রাণবর্ণ। (চ) প্ৰতি বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বর্ণ উচ্চাৰণ কৰোঁতে স্বতন্ত্রী কঁপি নুঠে। গতিকে ইহঁতৰ নাম অঘোষবর্ণ বা শ্বাসবর্ণ। কথ, চ ছ ট ঠ, তথ, প ফ – অঘোষবর্ণ।

(ছ) প্ৰতি বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বর্ণ উচ্চাৰণ কৰোঁতে স্বতন্ত্রী কঁপি উঠে। গতিকে ইহঁতক ঘোষ বা নাদবর্ণ বোলে। গ ঘ ঙ, জ ঝ ঞ, ড ঢ ণ, দধন, ব ভ ম ঘোষবর্ণ।

৪। উচ্চাৰণৰ স্থান অনুযায়ী বর্ণ ভাগ

(ক) অ আ ক খ গ ঘ ঙ হ– এইকেইটা বৰ্ণ কণ্ঠৰপৰা উচ্চাৰিত হয় কাৰণে ইহঁতক কণ্ঠ্যবর্ণ বোলে। (খ) ই ঈ এ ঐ চ ছ জ ঝ ঞ শ– এই কেইটা বৰ্ণ তালুৰপৰা উচ্চাৰিত হয় বাবে ইহঁতক তালব্যবর্ণ বোলে।

(গ) ঝ ট ঠ ড ঢ ণ ৰ ষ— মূর্ধা বা মূৰৰপৰা উচ্চাৰিত হয়। গতিকে ইহঁত মূৰ্দ্ধন্যবৰ্ণ।। (ঘ) ত থ দ ধনল ৱ স— দাঁতৰপৰা উচ্চাৰিত হয়। গতিকে ইহঁত দন্ত্যবর্ণ।

(ঙ) উ উ ও ঔপ ফ ব ভ ম – ওঁঠৰপৰা উচ্চাৰিত হয়। গতিকে ইহঁতক ঔষ্ঠ্যবর্ণ বোলে। (চ) ঙ ঞ ণ নম — ইহঁত কণ্ঠ্য, তালব্য, মূৰ্দ্ধণ্য, দন্ত্য আৰু ঔষ্ঠ্য বৰ্ণৰ অন্তৰ্গত হ'লেও অৱস্থা বিশেষ নাকৰপৰা উচ্চাৰিত হয়। গতিকে ইহঁতক অনুনাসিক বর্ণও বোলে। ওপৰৰ বৰ্ণবিভাগ সংস্কৃতৰ অনুৰুপ। অসমীয়া ভাষাত বিশুদ্ধ দন্ত্য, মূৰ্দ্ধন্য আৰু তালব্য ধ্বনি নাই। এইবোৰ ধ্বনি প্ৰকৃততে দন্ত্যমূলীয়া ধ্বনিত পৰিণত হৈছে। সেয়ে প্ৰকৃততে উচ্চাৰণৰ ফালৰপৰা চালে অসমীয়াত স্বৰধ্বনি ৮ টা আৰু ব্যঞ্জনধ্বনি ২৩ টা বুলিহে ভাষাবিত্সকলে কৈছে। ইয়াৰপৰা দেখা যায় যে সংস্কৃতৰ দৰে অসমীয়াত ধ্বনিৰ সমানে বৰ্ণ নাই; অর্থাৎ লিখিত আৰু উচ্চাৰিত ধ্বনিৰ মাজত পাৰ্থক্য আছে।

৫। ধ্বনি-পৰিৱৰ্তন

বাক্যন্ত্ৰৰপৰাই ধ্বনিৰ সৃষ্টি হয়। গতিকে ধ্বনি-পৰিৱৰ্তন আৰু বাক্যন্ত্ৰৰ মাজত ওতপ্রোত সম্বন্ধ। প্রতি ভাষাৰে স্বকীয় উচ্চাৰণ ৰীতি আছে। একোটা শব্দৰ নিজ নিজ ৰীতি অনুসৰি উচ্চাৰণ কৰোতে তাৰ নানা পৰিৱৰ্তন ঘটে। বিশেষকৈ উচ্চাৰণবোৰ জটিল কৰাৰ পৰিৱৰ্তে সদায় সহজ আৰু সৰল * কৰিবলৈহে মানুহে প্ৰয়াস কৰে। অসমীয়া ভাষা অতি সহজ আৰু সৰল ভাষা। এই ভাষাত প্ৰয়োগ হোৱা মূল সংস্কৃত ভাষাৰ আৰু অন্যান্য ভাষাৰ শব্দবোৰৰো নানাভাৱে পৰিৱৰ্তন ঘটিছে। তলত তাৰ কিছুমান উদাহৰণ দাঙি ধৰা হ'ল ১। স্ববভক্তি বা বিপ্রকর্ষ – (Anaptyxis f Vowel Insertion) : শব্দৰ উচ্চাৰণ সদায় সহজ আৰু সৰল হোৱাটো অসমীয়া ভাষাৰ বিশেষ বৈশিষ্ট্য। গতিকে শব্দৰ মাজৰ যুক্ত ব্যঞ্জনবৰ্ণবোৰ ভাঙি সহজ কৰি তাৰ মাজলৈ অন্য মৃদু স্বৰ-ধ্বনি অনা হয়। ধ্বনি পৰিৱৰ্তনৰ এই ৰীতিকে স্বভক্তি বা বিপ্ৰকষ বোলা হয়। যেনে: মাংস-মঙহ, বংশ-বঙহ, ৰত্নবৰ্তন যত্ন—যতন, অৰ্চ্চনা অৰিহণা, পদ্ম-পঙ্গুম, মাছ পিলাছ, বন্ধু-বাকচ, ভাব-দুৱাৰ, মূর্খ মূখ, সূর্যমূঞ্চয়, শ্রাদ্ধ শবাধ, মুক্তা মুকুতা, হয় হৰিষ, প্রীতি—পীৰিতি ইত্যাদি।

২। স্বৰাগম/ বর্ণাগম (Prothesis): উচ্চাৰণত জটিল কিছুমান শব্দ সহজকৈ উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দটোৰ আদিতে, মাজত বা শেষত স্বৰবৰ্ণ বা ব্যঞ্জনবর্ণ যুক্ত কৰা হয়। ইয়াকে স্বৰাগম বা বর্ণাগম বি বোলে। যেনেঃ স্কুল–> ইস্কুল, স্ত্রী ইস্তিৰী, স্কেল ইস্কেল, স্পিৰিট→ ইস্পিৰিট, বেঞ্চ বেঞ্চি, বানৰ বান্দৰ, পখীপংখী ইত্যাদি।

৩। অপনিহিতি (Epenthesis): কোনো শব্দৰ পিছৰ অক্ষৰত থকা ইবা উ স্বৰধ্বনি আগৰ অক্ষৰৰ সৈতে যুক্ত হৈ উচ্চাৰিত হোৱা ৰীতিকে অপনিহিতি বোলা হয়। এই ধ্বনি দুটাৰ আন নাম অপনিহিতি স্বৰ (Epenthetic vowel)। এই ৰীতি ব্যাপকভাৱে কামৰূপ জিলাত দেখা যায়। যেনেঃ হালোৱা হাউলা, খাৱৰীয়া→খাউইবা, কেৱলীয়া—> কেউইলা, কটীয়া—>কইট্যা ইত্যাদি। অসমৰ অন্যান্য অঞ্চলত সাধাৰণতে য (-1) -ৰ পৰিৱৰ্তে ই উচ্চাৰণ হয়। যেনেঃ কন্যা → কইনা, পুণ্য → পুইণ, ভাগ্য→ ভাইগ লক্ষ্য লইক্ষ, অজ্ঞান অইগান, ৰাজ্যৰাইজ, অন্য—→অইন ইত্যাদি।

৪। অভিশ্রুতি (Umlaut Vowel Mutation) : শব্দৰ মাজত থকা ই বা উ আদি পূৰ্বৰ স্বৰ ধ্বনিৰ সৈতে মিলি এ, ও আদিলৈ পৰিৱৰ্তন হোৱা ৰীতিকে অভিশ্রুতি বোলে। যেনে: ময়ূৰ মৈৰা⇒ ম'বা, বৌদ্ৰৰ’দ, চতুৰ্থ⇒চ'থা, মুকুল মৌল → ম'ল মৈল, ব সীমান্ত সেওঁতা, দীপালিকা→ দেবালী, গৌৰ গউৰ গৰা, কলীয়া → কইলাক’লা, চৈত্ৰ চইত, চ'ত ইত্যাদি।

৫। অপশ্রুতি (Ablaut বা Changes of Vowel): পদত থকা ধাতুৰ মূল স্বৰধ্বনিৰ যি বিকৃতি ঘটে, তাক অপশ্রুতি বোলে। গুণ, বৃদ্ধি আৰু সম্প্ৰসাৰণ প্ৰক্ৰিয়াৰে অন্য নাম অপশ্রুতি। যেনেঃ দেৱ-ঋষি-দেৱৰ্ষি, ভয়+ঋত=ভয়ার্ত, ভূগোল ভৌগোলিক, ইহঐহিক, বেদ → বৈদিক, ঋষি আর্য ইত্যাদি।

৬। স্বৰ সঙ্গতি (Vowel harmony) : শব্দৰ মাজত থকা পূর্ববর্তী স্বৰবৰ্ণৰ প্ৰভাৱত পিছৰ স্বৰবৰ্ণৰ বা পিছৰ স্বৰবৰ্ণৰ প্ৰভাৱত পূৰ্বৱৰ্তী স্বৰবৰ্ণৰ যি পৰিৱৰ্তন ঘটে, তাক স্বৰসঙ্গতি বোলে। যেনেঃ কুকিল→কুলি, স্তূপ →থুপি, প্ৰস্থি পূর্বী, গৃধিকা ওই, লোহিত লুইত, ধূলিধূলা, ধোবা ধুবুনী, চোৰচুৰুণী, নাগৰীনাগেৰী ইত্যাদি ৭। য়-শ্রুতি আৰু ৱ-শ্ৰুতি (Euphonic Glides): একে শব্দতে ওচৰা-ওচৰিকৈ দুটা স্বৰবৰ্ণ থাকিলে উচ্চাৰণৰ সুবিধাৰ কাৰণে বা শ্ৰুতিমধুৰতাৰ কাৰণে দুই স্বৰৰ মাজত য় বা ৱ ধ্বনিৰ আগম হয়। ইয়াকে য় শ্রুতি আৰুৱ-শ্রুতি বোলে। যেনেঃ বাবু অনীবাবুৰনী, সাধু এ→ সাধুৱে, গৰু এগৰুৱে, মই ও ইত্যাদি।

→ ময়ো, শুআগুৱা, ধো আধোৱা, ছাঁ আছায়া

৮। বৰ্ণ-সমীকৰণ বা সমীভবন (Assimilation) : ওচৰা-ওচৰিকৈ থকা দুটা ধ্বনি পৰস্পৰৰ প্ৰভাৱত পৰিৱৰ্তন ঘটি সমতা লাভ কৰে। তাকে সমীকৰণ বা সমীভৱন বোলে। যেনেঃ দুধ দুদ্নৈ, আধা তোলা → আদতোলা, আধা বাট→ আবাট, সাত দিনীয়া সাদিনীয়া, বুধ বাৰ—বুদ্বাৰ ইত্যাদি।

৯। অন্ত্য স্বৰাগম (Apothesis): উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দৰ শেষত স্বৰধ্বনি যুক্ত কৰা ৰীতিকে অন্ত্য স্বৰাগম বোলে। যেনেঃ বেঞ্চ বেঞ্চি, ইঞ্চ ইঞ্চি লিষ্ট লিষ্টি, ধোবা⇒ধুৰী ইত্যাদি।

১০। অসমীকৰণ বা বিষমীভবন (Dissimilation) : শব্দত থকা দুটা একেই ব্যঞ্জনধ্বনি কেতিয়াবা পৰিৱৰ্তন হয়। তাকে অসমীকৰণ বা বিষমীভৱন বোলে। যেনেঃ শৃংখল → শিকলি, স্কন্ধ→কান্ধ, ভ্ৰষ্টভাটা, মিষ্ট→ মিঠা, গোস্ফ→ গোঁফ, শৰীৰ শৰীল, স্তব্ধতা ইত্যাদি।

১১। বর্ণ-বিপর্যয় (Metathesis) : কোনো ধ্বনি উচ্চাৰণৰ বিপৰ্যয়ৰ কাৰণে মাজত থকা ধ্বনিৰ স্থান পৰিৱৰ্তনকে বণ-বিপর্যয় বোলে। যেনেঃ লসুন→বসুন নসৰু নহৰু,

সসৰ্প→সৰিসৱ→সৰিৱস → সৰিয়হ, বাৰানসী বেনাৰসী, দ্বাদশ →বাহৰ বাৰহ বাৰ, ৰিক্সা→বিচ্‌কা, ডেস্ক → ডেকচ ইত্যাদি। ১২। বর্ণলোপ (Haplology) : কোনো পদৰ আগত বা মাজত থকা, কোনো বর্ণ উচ্চাৰণৰ সুবিধাৰ কাৰণে লুপ্ত কৰা হয়। তাকে বর্ণলোপ বোলে। যেনেঃ মুখশুদ্ধি → মুহুদি, সাহস→সাহ, স্ফটিক স্ফটিক, আধা সেৰ আধেৰ, অমাৱাসীকা⇒অৱাৱাসীয়া—⇒ আঁউসী, ককাইটি→কাইটি, দদাইটি—→দাইটি, মজদুৰ মজুৰ, মজিদ → মজিদ ইত্যাদি ১৩। বৰ্ণাগমঃ উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দৰ আদিত, মাজত বা শেষত কোনো বর্ণ আগম হ'লে তাকে বর্ণাগম বোলে। যেনেঃ বয়ন বয়ান, বানৰ বান্দৰ, অম্ল-অম্বল, পক্ষীৰাজ — পংখীৰাজ ইত্যাদি।

১৪। মহাপ্ৰাণিতকৰণ বা পীনায়ন (Aspiration): উচ্চাৰণৰ সময়ত কোনো কোনো অল্পপ্রাণ ধ্বনিৰ সৈতে মহাপ্রাণধ্বনি যুক্ত হয়। তাকে মহাপ্রাণিত কৰ্ণ বা পীনায়ন বোলে। যেনেঃ বেশভেশ

চতুর্থ চৌথা, প্ৰগহ — পঘা, ভাপ → ভাফ ইত্যাদি। ১৫। অল্পপ্রাণিতকৰণ বা ক্ষীণায়ন (De-aspiration): মহাপ্রাণবর্ণক অল্পপ্রাণ হিচাপে উচ্চাৰণ কৰাকে অল্পপ্রাণিতকৰণ বা ক্ষীণায়ন বোলে। যেনে: শিৰস্থান → শিতান, পদস্থান পথান, মহার্ঘ মহড়া, হস্তক হেতা ইত্যাদি।

১৬। প্রশ্বৰ বা শ্বাসাঘাত (Accent): একোটা শব্দ উচ্চাৰণ কৰোঁতে তাত থকা ধ্বনিবোৰত সমানে। জোৰ নপৰে, একোটা ধ্বনিতহে জোৰ দিয়া হয়; তাকে প্রশ্বৰ অথবা শ্বাসাঘাত বোলে। ভাষাভেদে শ্বাসাঘাত পদ্ধতি বেলেগ। শ্বাসাঘাতৰ পৰিৱৰ্তনৰ ফলত একেটা শব্দৰে অৰ্থৰ সলনি ঘটিব পাৰে। ইংৰাজী ভাষাত এনে নিদর্শন পোৱা যায়। 

১৭। সাদৃশ্য (Analogy) : কোনো শব্দৰ সদৃশ কৰি ধ্বনি-পৰিৱৰ্তনৰ মাধ্যমেৰে অৰ্থযুক্ত কোনো নতুন শব্দ গঠন কৰা হয়; তাকে সাদৃশ্য বোলা হয়। যেনেঃ নাবালকৰ দৰে সাবালক, বিধৱাৰ দৰে সধৱা, বোদসীৰ দৰে ক্রন্দসী, জীয়াৰীৰ দৰে বোৱাৰী ইত্যাদি।

Previous Post Next Post